অসম কেবিনেটত UCC খচৰাত অনুমোদন; চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ

Story by  atv | Posted by  Nikunja Nath • 1 h ago
অসম কেবিনেটত UCC খচৰাত অনুমোদন; চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ
অসম কেবিনেটত UCC খচৰাত অনুমোদন; চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণ নিষিদ্ধ

 

আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী

নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশেৰে এক গুৰুত্বপূৰ্ণ খোজ পেলাইছে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতেই ৰাজ্যত 'সমান নাগৰিক বিধি' বা ইউনিফৰ্ম চিভিল কোড (UCC) খচৰা প্ৰৱৰ্তনত অনুমোদন জনাইছে। অৱশ্যে ৰাজ্যখনৰ জনজাতীয় লোকসকলক ইয়াৰ পৰিসৰৰ পৰা আঁতৰত ৰখা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। আগন্তুক ২৬ মে'ত বিধানসভাত এই বিধেয়কখন উত্থাপন কৰা হ'ব।

চৰকাৰৰ মুৰব্বী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকত পৌৰোহিত্য কৰাৰ পাছত ইয়াত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে ২১-২২ মে' আৰু ২৫-২৬ মে'ত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰে৷ তেওঁ কয় যে অহা ২৬ মে' তাৰিখে নতুন বিধানসভাত এই UCC বিধেয়কখন উত্থাপন কৰা হ'ব। এই অধিৱেশনতে নৱনিৰ্বাচিত বিধায়কসকলে শপত গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। 
 
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ সংবাদমেল
 
তেওঁ কয়, "প্ৰথমখন কেবিনেট বৈঠকত গ্ৰহণ কৰা এইটো এটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু ই নিৰ্বাচনৰ সময়ত আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ।"
 
শৰ্মাই লগতে উল্লেখ কৰে যে উত্তৰাখণ্ড, গোৱা আৰু গুজৰাটত ইতিমধ্যে UCC কাৰ্যকৰী কৰা হৈছে, কিন্তু তেওঁৰ চৰকাৰে অসমৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে।
 
"আমি জনজাতীয় লোকসকলক UCC-ৰ পৰিসৰৰ পৰা সম্পূৰ্ণৰূপে ৰেহাই দিছোঁ। অসমৰ জনসাধাৰণে পালন কৰা সকলো ধৰণৰ পূজা-পাতল, পৰম্পৰা আৰু ৰীতি-নীতিক ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হৈছে," মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত কয়।
 
UCC-এ মূলতঃ উত্তৰাধিকাৰ (সম্পত্তিৰ অধিকাৰ), বিবাহ, লিভ-ইন ৰিলেচনশ্বিপ (বিয়া নকৰোৱাকৈ একেলগে বাস কৰা) আৰু বিবাহ তথা বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়নৰ বিষয়সমূহ সামৰি ল'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠক
 
আনহাতে, পশ্চিম এছিয়াত চলি থকা বৰ্তমানৰ সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইন্ধন সংৰক্ষণৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম কেবিনেটে কেইবাটাও ব্যয় সংকোচনৰ পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে।
 
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "বৈদেশিক মুদ্ৰা ৰাহি কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে জনোৱা আহ্বানৰ ওপৰত অসম কেবিনেটে বিতংভাৱে আলোচনা কৰে আৰু কিছুমান পৰামৰ্শ আগবঢ়ায়।"
 
ব্যয় সংকোচনৰ এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ৰাজ্যপাল, মুখ্যমন্ত্ৰী, মন্ত্ৰীসকল আৰু অন্যান্য বিষয়াসকলৰ কনভয় হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
 
তেওঁ লগতে জনায় যে, চিকিৎসা সম্পৰ্কীয় জৰুৰী অৱস্থাৰ বাহিৰে আগন্তুক ছমাহৰ বাবে কোনো চৰকাৰী বিষয়াই চৰকাৰী বা ব্যক্তিগত ভ্ৰমণৰ বাবে বিদেশলৈ যাব নোৱাৰিব বুলিও সিদ্ধান্ত লোৱা হৈছে।
 
 
শৰ্মাই লগতে কয়, "আমি অহা ছমাহৰ বাবে কোনো নতুন চৰকাৰী বাহন ক্ৰয় নকৰাৰ সিদ্ধান্ত লৈছোঁ আৰু পুৰণি বাহনসমূহ বাতিল কৰাৰ প্ৰক্ৰিয়াক ব্যাপকভাৱে উৎসাহিত কৰিম।" ৰাজ্য চৰকাৰে যোৱা বিত্তীয় বৰ্ষৰ তুলনাত ইন্ধনৰ ব্যয় ২০ শতাংশ হ্ৰাস কৰিব বুলিও তেওঁ সদৰী কৰে।
 
শৰ্মাই লগতে কয় যে ছেমিনাৰ আৰু শাৰীৰিকভাৱে উপস্থিত থাকিব লগা অন্যান্য সভাসমূহ অনুষ্ঠিত কৰাতো নিৰুৎসাহিত কৰা হ'ব, তাৰ পৰিৱৰ্তে অনলাইন সন্মিলন আৰু ভাৰ্ছুৱেল সভাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হ'ব।
 
উল্লেখ্য যে, পশ্চিম এছিয়াত চলি থকা সামৰিক সংঘাতে "বিশ্বজুৰি হোৱা ক'ভিড মহামাৰীতকৈয়ো ডাঙৰ" এক সংকটৰ সৃষ্টি কৰিব পাৰে বুলি সতৰ্ক কৰি দি শেহতীয়াকৈ মোদীয়ে ব্যয় সংকোচন আৰু ইন্ধন ৰাহি কৰাৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছিল।
 
আজি নৱনির্বাচিত অসম চৰকাৰৰ মন্ত্রীসভাৰ ঐতিহাসিক প্রথমখনি বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাক নৱনিৰ্বাচিত কেবিনেট মন্ত্ৰী অজন্তা নেওগ, ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়োৰ লগতে মুখ্য সচিব ৰবি কোটাই সম্ভাষণ জনায়।