VIDEO
এই সন্দৰ্ভত 'আৱাজ - দ্য ভইচ' ৰ সৈতে হোৱা এক বিশেষ বাৰ্তালাপত উদ্যোগী যুৱক বিকি হুছেইনে কয়, "আজিকালি বজাৰত বিশুদ্ধ আৰু প্ৰাকৃতিক মৌৰস সহজে উপলব্ধ নহয়। গ্ৰাহকে প্ৰাকৃতিক মৌ বিচাৰে যদিও সৰহভাগ ক্ষেত্ৰতে ৰাসায়নিক দ্ৰব্য মিহলি মৌহে ক্ৰয় কৰিবলগীয়া হয়, যিয়ে মানৱ দেহত নানা ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ৰাইজৰ এই সমস্যা দূৰ কৰি স্বাস্থ্যসন্মত বিশুদ্ধ মৌ যোগান ধৰাৰ উদ্দেশ্যেই মই মৌ পালনৰ ব্যৱসায়ত আৰম্ভ কৰাৰ কথা ভাবিলো।"
মাত্ৰ ২,২০০ টকা মূলধনেৰে এটা মৌ পালনৰ বাকচ ক্ৰয় কৰি বিকিয়ে এই যাত্ৰাৰ পাতনি মেলিছিল। আৰম্ভণিতে তেওঁ বহুতো ঘাত-প্ৰতিঘাতৰ সন্মুখীন হ’বলগীয়া হৈছিল। কেতিয়াবা মৌমাখি উৰি গৈছিল, আকৌ কেতিয়াবা মৌচাক নষ্ট হৈ গৈছিল। তথাপি তেওঁ নিৰাশ হোৱা নাছিল। সেই সময়ৰ স্মৃতি ৰোমন্থন কৰি বিকিয়ে কয়, “প্ৰথম অৱস্থাত বহু মৌমাখি উৰি গুচি গৈছিল। সেই ঘটনাবোৰে মোক যথেষ্ট দুখ দিছিল যদিও মই ভাবিছিলো যে যদি ধৈৰ্য আৰু একাগ্ৰতাৰে কাম কৰি যাওঁ, তেন্তে এদিন নিশ্চয় সফলতাৰ মুখ দেখিম।"
বিকি হুছেইনে মৌ-মাখিৰ বাকচবোৰ পৰীক্ষা কৰাৰ এক দৃশ্য
অৱশেষত তেওঁৰ ধৈৰ্যৰ ফল মিলিল। বৰ্তমান বিকি হুছেইনৰ তত্ত্বাৱধানত প্ৰায় ৭৫টা মৌ পালনৰ বাকচ আছে আৰু খৰালি কালত এই সংখ্যা ১৫০ৰ পৰা ২০০ লৈকে বৃদ্ধি পায়। এটা বাকচত সাধাৰণতে ৮খনকৈ মৌচাক থাকে। সেই চাকৰ পৰা নতুন কলনী তৈয়াৰ কৰি তেওঁ পৰ্যায়ক্ৰমে নিজৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰি আহিছে। তেওঁ মূলতঃ "এপিছ চেৰেনা ইণ্ডিকা” নামৰ থলুৱা প্ৰজাতিৰ মৌমাখিৰে মৌৰস উৎপাদন কৰে। ইয়াৰ উপৰি, খৰালি বতৰত অধিক উৎপাদনৰ বাবে পশ্চিমবংগ আৰু বিহাৰৰ পৰা "এপিছ মেলিফেৰা লিগুষ্টিকা" নামৰ ইটালীয়ান প্ৰজাতিৰ মৌমাখিও ক্ৰয় কৰি আনে।
দুয়োবিধ প্ৰজাতিৰ পাৰ্থক্য ফঁহিয়াই দেখুৱাই বিকিয়ে কয়, "থলুৱা প্ৰজাতিৰ মৌমাখিয়ে এটা বাকচত ৮ৰ পৰা ১০ কিলোগ্ৰামলৈ মৌৰস উৎপাদন কৰে, আনহাতে, ইটালীয়ান প্ৰজাতিৰ পৰা ৩০ৰ পৰা ৪০ কিলোগ্ৰামলৈকে উৎপাদন পোৱা যায়। অৱশ্যে অসমৰ বাৰিষাৰ সেমেকা বতৰত ইটালীয়ান প্ৰজাতিৰ মৌমাখি বেছি দিন জীয়াই নাথাকে, কিন্তু থলুৱা মৌমাখিবোৰ আমাৰ প্ৰাকৃতিক পৰিৱেশৰ লগত সুন্দৰকৈ খাপ খাই পৰে। ইটালীয়ান প্ৰজাতিৰ পৰা উৎপাদন বেছি হ'লেও, বাৰিষাৰ সময়ত প্ৰাকৃতিক খাদ্যৰ অভাৱত বহু মাখিৰ মৃত্যু হয়। সেয়েহে আমি প্ৰতিবছৰে নতুনকৈ ইটালীয়ান প্ৰজাতিৰ মৌমাখি ক্ৰয় কৰি আনিব লগা হয়।”
মৌমাখি, মৌ পালনৰ বাকচ চুবুৰীয়া ৰাজ্যসমূহত যোগান ধৰাৰ এক দৃশ্য
কেৱল 'নৰ্থ ইষ্ট হানী' নামৰ নিজা ব্ৰেণ্ডেৰে বজাৰত মৌৰস বিক্ৰী কৰাতেই বিকি হুছেইন সীমাবদ্ধ হৈ থকা নাই। তেওঁ মৌমাখি, মৌ পালনৰ বাকচ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে বিভিন্ন প্ৰকাৰৰ মছলা চৰকাৰী বিভাগ, NGO আৰু কৃষক উৎপাদক FPOলৈ যোগান ধৰি আহিছে। সম্প্ৰতি বিকিৰ ওচৰত মাল্টি ফ্ল’ৰা, মাষ্টাৰ্ড, লিচু, জামু আৰু আছাম লেমন আদিৰ দৰে বিভিন্ন সোৱাদ আৰু বিভিন্ন প্ৰকাৰৰ মৌৰস উপলব্ধ। ইয়াৰ উপৰি তেওঁ অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়ৰ দৰে চুবুৰীয়া ৰাজ্যসমূহতো মৌ পালনৰ সামগ্ৰী যোগান ধৰি আহিছে। সমান্তৰালভাৱে, তেওঁ বহু আগ্ৰহী লোকক মৌ পালনৰ প্ৰশিক্ষণ প্ৰদান কৰি তেওঁলোকৰ বাবেও আত্মনিৰ্ভৰশীলতাৰ পথ মুকলি কৰিছে।
চৰকাৰী সাহায্যৰ প্ৰসংগত বিকিয়ে জনায় যে তেওঁ খাদী বোৰ্ডৰ পৰা ১০টা আৰু কৃষি বিভাগৰ পৰা ১টা বাকচ অনুদান হিচাপে লাভ কৰিছিল। মৌমাখিৰ বংশবৃদ্ধিৰ বিষয়ে তেওঁ কয় যে এটা বাকচত থকা ৮খন মৌচাকৰ পৰা কিছু অংশ পৃথক কৰি নতুন বাকচত স্থাপন কৰিলে তাত নতুন কলনী গঠন হয়। আটাইতকৈ আচৰিত কথাটো হ'ল, এই নতুন কলনীত মৌমাখিয়ে নিজেই নিজৰ বাবে এজনী 'ৰাণী মৌমাখি' সৃষ্টি কৰি লয়। এই প্ৰাকৃতিক প্ৰক্ৰিয়াৰে কলনীৰ সংখ্যা বৃদ্ধি কৰি বিকিয়ে আজি ইমান বৃহৎ পৰিসৰত মৌৰস উৎপাদন কৰিবলৈ সক্ষম হৈছে।
প্ৰতিনিধিত্বমূলক ছবি
বাৰিষাৰ প্ৰতিকূল বতৰত প্ৰাকৃতিক খাদ্যৰ অভাৱ হ'লে মৌমাখিক জীয়াই ৰাখিবলৈ চেনিৰ ৰস খাবলৈ দিয়া হয় যদিও সেই সময়ত কোনো মৌৰস উৎপাদন কৰা নহয়। তেওঁ স্পষ্টকৈ জানিবলৈ দিয়ে যে প্ৰকৃত মৌৰস কেৱল ফুলৰ ৰসৰ পৰাহে তৈয়াৰ হয়, কোনো কৃত্ৰিম খাদ্যৰ পৰা নহয়। সেয়েহে বিশুদ্ধ মৌ উৎপাদনৰ বাবে অনুকূল প্ৰাকৃতিক পৰিৱেশ আৰু পৰ্যাপ্ত ফুলৰ উপস্থিতি অতি জৰুৰী। বিশেষকৈ ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে প্ৰকৃতি ফুলময় হৈ পৰা বাবে এই সময়ছোৱাতেই মৌৰসৰ উৎপাদন সৰ্বাধিক হয়।
অৱশ্যে, এই ব্যৱসায়ত যে প্ৰত্যাহ্বান নাই তেনে নহয়। মৌ পালনত সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে বিকিয়ে কয়, "'স্মল বেটেল হাইভ' নামৰ এবিধ ক্ষতিকাৰক পোকে মৌচাকত কণী পাৰে আৰু নিশাটোৰ ভিতৰতে তাৰ পৰা জন্ম হোৱা পোৱালিবোৰে সমগ্ৰ মৌচাকখন নষ্ট কৰি পেলায়। ইয়াৰ উপৰি পৰুৱা, মৌপিয়া চৰাই, জেঠী আৰু কৰদৈ বৰলৰ আক্ৰমণ মৌ পালকসকলৰ বাবে এক সাধাৰণ সমস্যা। সেয়েহে মৌমাখিৰ সুৰক্ষা আৰু বাকচসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ চকু ৰাখিব লগা হয়। প্ৰতি দুদিনৰ মূৰে মূৰে মৌচাকবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিব লাগে।
বিকি হুছেইন তেওঁৰ সহযোগীৰ সৈতে আৰু মৌ পালনৰ বাবে প্ৰস্তুত কৰা বাকচবোৰ
সকলো প্ৰত্যাহ্বান নেওচি বিকিয়ে বৰ্তমান মৌ পালনৰ জৰিয়তে বছৰি প্ৰায় ২ৰ পৰা ৩ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰি আহিছে। তেওঁৰ এই ব্যৱসায়িক যাত্ৰাত আন দুজন সহযোগীয়েও সংস্থাপন লাভ কৰিছে। উল্লেখ্য যে, ব্যৱসায়ৰ সমান্তৰালভাৱে বিকিয়ে নিজৰ MBA অধ্যয়নো অব্যাহত ৰাখিছে।
অসমত মৌ পালকৰ সংখ্যা এতিয়াও আশানুৰূপভাৱে বৃদ্ধি পোৱা নাই বুলি প্ৰকাশ কৰি তেওঁ কয়, "মৌ পালনৰ ক্ষেত্ৰখনত অসমত অপৰিসীম সম্ভাৱনা লুকাই আছে। যদি কোনোৱে সঠিক পৰিকল্পনা আৰু প্ৰশিক্ষণৰে এই কামত হাত দিয়ে, তেন্তে তেওঁ নিশ্চিতভাৱে স্বাৱলম্বী হ’ব পাৰিব। ইয়াত কেৱল মৌৰস বিক্ৰী কৰিয়েই নহয়, নতুন কলনী, মৌচাক আৰু বাকচ বিক্ৰীৰ জৰিয়তেও সুন্দৰ উপাৰ্জন কৰিব পাৰি।"
মৌ পালনৰ প্ৰশিক্ষণ দিয়া এটি গোটৰ সৈতে বিকি হুছেইন
ভৱিষ্যতে নিজৰ এই ব্যৱসায়ৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা পুহি ৰাখিছে বিকি হুছেইনে। বৰ্তমান তেওঁৰ প্ৰতি কিলোগ্ৰাম মৌৰসৰ বজাৰ মূল্য ৬০০ টকা। মাত্ৰ এটা বাকচৰে আৰম্ভ হোৱা যাত্ৰাই আজি তেওঁক স্বাৱলম্বিতাৰ এক সফল উদাহৰণ হিচাপে প্ৰতিষ্ঠা কৰিছে।
ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাস থাকিলে যে এক ক্ষুদ্ৰ প্ৰয়াসৰ জৰিয়তেও সফলতাৰ শিখৰত আৰোহণ কৰিব পাৰি, তাকেই প্ৰমাণ কৰি দেখুৱালে এইগৰাকী নৱপ্ৰজন্মৰ উদ্যোগীয়ে। বিকি হুছেইনৰ এই সাফল্যৰ কাহিনীয়ে নিঃসন্দেহে অসমৰ বহু নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বিতাৰ এক নতুন দিশ প্ৰদৰ্শন কৰিব।