মুম্বাইত মহৰম শোভাযাত্ৰাক লক্ষ্য কৰি অঘটন সংঘটিত কৰাৰ অভিযোগত বিষাক্ত কেপচুলসহ এজন আটক
মুম্বাই
মুম্বাই আৰক্ষীয়ে মহৰমৰ শোভাযাত্ৰাক লক্ষ্য কৰি এক বৃহৎ অঘটন সংঘটিত কৰাৰ ষড়যন্ত্ৰ বিফল কৰাৰ দাবী কৰিছে। আৰক্ষীয়ে এজন সন্দেহ জনক ব্যক্তিক আটক কৰাৰ লগতে তেওঁৰ পৰা বিষাক্ত পদাৰ্থৰে ভৰ্তি বুলি অভিযোগ উত্থাপন কৰা ১৪,৯০০টা কেপচুল জব্দ কৰিছে।
আৰক্ষীৰ অভিযোগ অনুসৰি, অভিযুক্তজনে মহৰমৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ মাজত বিষ মিহলি কৰা কেপচুল বিতৰণ কৰি এক বৃহৎ দুৰ্ঘটনা সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে সময়মতে অভিযান চলাই অভিযুক্তজনক আটক কৰে আৰু কেপচুলসমূহ জব্দ কৰিবলৈ সক্ষম হয়।
আটকাধীন ব্যক্তিজনৰ নাম ফৈয়াজ প্ৰেমজি। তেওঁ পুনেৰ বিমান নগৰ অঞ্চলৰ বাসিন্দা আৰু তাতেই এখন পেইণ্টৰ ব্যৱসায় চলায়। আৰক্ষীৰ তথ্য অনুসৰি, তেওঁ মুম্বাইৰ ডংগ্ৰী অঞ্চলৰ এখন গেষ্ট হাউছ আৰু ডৰ্মিটৰীত আছিল। তেওঁ লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপিত হোৱা মহৰম শোভাযাত্ৰা জে জে আৰু বাইকুল্লা অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছিল।
তদন্তত পোহৰলৈ আহিছে যে, অভিযুক্তজনে প্ৰায় ৫০ কিলোগ্ৰাম জিংক ফছফাইড (এবিধ নিগনি মাৰা বিষ) সংগ্ৰহ কৰি কেইবাদিন ধৰি নিজ স্থানত সেই বিষ কেপচুলত ভৰোৱাৰ কাম কৰিছিল। তদন্তকাৰীৰ মতে, প্ৰতিটো কেপচুলত প্ৰায় এক গ্ৰামকৈ জিংক ফছফাইড আছিল।
মুম্বাই আৰক্ষীৰ দাবী অনুসৰি, অভিযুক্তজনে মহৰম শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলৰ মাজত এই বিষাক্ত কেপচুল বিতৰণ কৰি থকা সময়তে সন্দেহৰ আওতালৈ আহে। পুৱা প্ৰায় ৪ বজাত এজন ব্যক্তিয়ে বমি আৰু পেটৰ বিষৰ অভিযোগ কৰাৰ পাছত আৰক্ষীয়ে তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰি অভিযুক্তজনক আটক কৰে। জেৰাৰ সময়ত তেওঁ শোভাযাত্ৰাক লক্ষ্য কৰি এই কাৰ্য সংঘটিত কৰাৰ উদ্দেশ্য স্বীকাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।
এই ঘটনাৰ সৈতে জড়িত অভিযোগত আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা (BNS)-ৰ ধাৰা ১০৯, ১১০ আৰু ১২৩ৰ অধীনত গোচৰ ৰুজু কৰিছে। গোচৰটোত বিষ প্ৰয়োগ আৰু হত্যাৰ চেষ্টা সম্পৰ্কীয় ধাৰাও অন্তৰ্ভুক্ত কৰা হৈছে।
আৰক্ষীৰ মতে, অভিযুক্তজনে মুঠ প্ৰায় ৩০,০০০টা কেপচুল প্ৰস্তুত কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু সময়মতে অভিযান চলাই ১৪,৯০০টা কেপচুল জব্দ কৰাৰ ফলত এক সম্ভাৱ্য বৃহৎ অঘটন প্ৰতিৰোধ কৰা সম্ভৱ হৈছে।
তদন্তত এই কথাও পোহৰলৈ আহিছে যে, ২০১৯ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ফৈয়াজ প্ৰেমজিয়ে একাধিকবাৰ ইৰাণ আৰু ইৰাক ভ্ৰমণ কৰিছিল। আৰক্ষীৰ তথ্য অনুসৰি, কেৱল বিগত এবছৰতেই তেওঁ ১৯বাৰ এই দুয়োখন দেশলৈ গৈছিল। এই ভ্ৰমণসমূহৰ উদ্দেশ্য কি আছিল আৰু ইয়াৰ সৈতে কোনো বৃহত্তৰ নেটৱৰ্কৰ সম্পৰ্ক আছে নেকি, সেই বিষয়েও তদন্ত চলি আছে।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনৰ ভনীয়েকে ইৰাণত ফিজিঅ'থেৰাপিষ্ট হিচাপে কৰ্মৰত আৰু তেওঁৰ মাতৃও বৰ্তমান ইৰাণত আছে। তেওঁ বিবাহ বিচ্ছেদ হোৱা ব্যক্তি আৰু পত্নীৰ সৈতে একেলগে নাথাকে। আৰক্ষীয়ে এই কথাও জনাইছে যে, ফৈয়াজ প্ৰেমজি নিজে এজন ছিয়া খোজা মুছলমান।
তদন্তকাৰীয়ে বৰ্তমান অভিযুক্তজনৰ মোবাইল ফোন, ডিজিটেল তথ্য, আৰ্থিক লেনদেন আৰু যোগাযোগৰ তথ্যসমূহ পৰীক্ষা কৰি আছে। তেওঁ অকলে এই পৰিকল্পনা কৰিছিল নে কোনো ব্যক্তি বা সংগঠনৰ প্ৰভাৱত এই কাম কৰিছিল, সেই দিশসমূহো তদন্তৰ আওঁতাত আছে।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাটোৰ সকলো দিশ গভীৰভাৱে তদন্ত কৰি চোৱা হৈছে। বৰ্তমানলৈকে পোৱা তথ্যৰ ভিত্তিত আৰক্ষীৰ বিশ্বাস, সময়মতে কৰা এই অভিযানৰ ফলত এক সম্ভাৱ্য বৃহৎ অঘটন প্ৰতিৰোধ কৰা সম্ভৱ হৈছে।