গুৱাহাটী
অসমৰ বিশিষ্ট সাহিত্যিক ছৈয়দ আব্দুল মালিকৰ দ্বিতীয় কন্যা ছৈয়েদা ফাৰজিনা জাহানৰ যোৱা নিশা গুৱাহাটীৰ এখন হাস্পতালত হৃদৰোগত আক্রান্ত হৈ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৮ বছৰ।
মৃত্যুৰ সময়ত ফাৰজিনা জাহানে স্বামী আৰু দুই জীয়ৰীক ইহসংসাৰত এৰি থৈ গৈছে। আজি বিয়লি ৫ বজাত গুৱাহাটীৰ ইছলামপুস্থিত কবৰস্থানত জানাজা সমাপন কৰি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
উল্লেখযোগ্য যে, ফাৰজিনা জাহানৰ মৃত্যুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱী আৰু সাহিত্য জগতৰ লোকসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অসমৰ অন্যতম প্ৰখ্যাত সাহিত্যিকগৰাকীৰ জীয়ৰী হিচাপে তেওঁক সোঁৱৰণ কৰে।