গুৱাহাটী
দেওবাৰে বিশ্ব পৰ্যটন দিৱসৰ দিনাই অসমৰ ভিন্ন পৰ্যাটনস্থলী দৰ্শনৰ ক্ষেত্ৰত যাতে পৰ্যটকৰ সুবিধা হয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে অনলাইন সেৱা আৰম্ভ কৰে৷ পৰ্যটকে যাতে হোমষ্টে, ৰিজৰ্ট, হোটেল আদি পঞ্জীয়নৰ ব্যৱস্থা সম্পূৰ্ণভাৱে অনলাইন কৰা হৈছে। ফলত পৰ্যটনৰ কাগজ-পত্ৰৰ কাম এতিয়া অধিক সহজ আৰু দ্ৰুত হ'ব ৷
অসম চৰকাৰৰ সেৱা সেতু (Sewa Setu) প’ৰ্টেলৰ জৰিয়তে এতিয়াৰে পৰা পৰ্যটক হোমষ্টে', ৰিজৰ্ট, হোটেল আদি পঞ্জীয়ন আৰু নৱীকৰণ সম্পূৰ্ণ অনলাইন কৰা হৈছে। ইয়াৰদ্বাৰা পৰ্যটন-সম্পৰ্কীয় সেৱা অধিক সহজলভ্য হ’ব।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে কয়, "পৰ্যটনৰ কাগজ-পত্ৰৰ কাম এতিয়া অধিক সহজ আৰু দ্ৰুত হ'ব। সেৱা সেতু আৰু অসম পৰ্যটন বিভাগৰ মিলিত প্ৰচেষ্টাৰ জৰিয়তে পৰ্যটক আৱাসৰ পঞ্জীয়ন আৰু নৱীকৰণ এতিয়াৰে পৰা হ'ব সম্পূৰ্ণ অনলাইন। ইয়াৰ ফলত নাগৰিকৰ সময় আৰু পৰিশ্ৰম ৰাহি হোৱাৰ লগতে পৰ্যটন-সম্পৰ্কীয় সেৱা অধিক সহজলভ্য হ’ব।"
উল্লেখ্য যে, এই ব্যৱস্থাটো Assam Tourism Accommodation (Development & Registration) Rules, 2026-ৰ অধীনত কাৰ্যকৰী কৰা হৈছিল৷
পৰ্যটকসকলে হোটেল, ৰিজৰ্ট, গেষ্ট হাউচ, হোমষ্টে, ছাৰ্ভিচ এপাৰ্টমেণ্ট আৰু ঐতিহাসিক স্থানসমূহ দৰ্শনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া এতিয়া অতি সৰল হ’ব। একাধিক চৰকাৰী বিভাগৰ পৰা অনুমতি লোৱাৰ জটিলতা এতিয়া নাথাকিব। নতুন নিয়ম অনুসৰি প্ৰতি ৩ বছৰৰ মূৰে মূৰে পঞ্জীয়নসমূহ স্বয়ংক্ৰিয়ভাৱে নৱীকৰণ (Auto-renew) হ’ব।
ইয়াৰ ফলত ব্যৱসায়ীসকলে বাৰে বাৰে চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নাই৷ এই ডিজিটেল পদক্ষেপে কাগজ-পত্ৰৰ কাম ক্ষিপ্ৰ কৰাৰ লগতে পৰ্যটন খণ্ডত ব্যক্তিগত বিনিয়োগকাৰীসকলক অধিক আকৰ্ষিত কৰিব।