নতুন দিল্লী
গ্ৰামোন্নয়ন আৰু মহিলা সবলীকৰণৰ ক্ষেত্ৰত পাঁচ দশকতকৈও অধিক সময় ধৰি কাম কৰি অহা বিশিষ্ট সমাজকৰ্মী তথা বেয়াৰফুট কলেজৰ প্ৰতিষ্ঠাপক সঞ্জিত বাংকাৰ ৰয়ৰ দেহাৱসান ঘটিছে। মঙলবাৰে পুৱা ৰাজস্থানৰ আজমেৰ জিলাৰ তিলোনিয়াস্থিত নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সমাজকৰ্মীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ।
পৰিয়ালৰ ঘনিষ্ঠ লোকসকলে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, মঙলবাৰে পুৱা প্ৰায় ৬ বাজি ১৫ মিনিটত বাংকাৰ ৰয়ে শান্তিপূৰ্ণভাৱে শেষ নিশ্বাস ত্যাগ কৰে। সেই সময়ত তেওঁৰ কাষত আছিল পত্নী তথা বিশিষ্ট সমাজকৰ্মী অৰুণা ৰয়ৰ লগতে কেইবাগৰাকীও ঘনিষ্ঠ ব্যক্তি।
বিবৃতিটোত উল্লেখ কৰা অনুসৰি, বাংকাৰ ৰয়ে নিজৰ ইচ্ছা অনুসৰিয়েই তিলোনিয়াৰ নিজা বাসগৃহত আপোনজনৰ উপস্থিতিত শেষ নিশ্বাস ত্যাগ কৰে। জীৱনজুৰি তেওঁক ভালপোৱা আৰু যত্ন লোৱা বহু লোক সেই সময়ত তেওঁৰ কাষত উপস্থিত আছিল। সমাজকৰ্মী নিখিল দেই জনোৱা মতে, মঙলবাৰে বিয়লি ৪ বজাত তিলোনিয়াতে বাংকাৰ ৰয়ৰ শেষকৃত্য সম্পন্ন কৰা হ’ব।
উল্লেখযোগ্য যে, ১৯৭২ চনত ৰাজস্থানৰ তিলোনিয়া গাঁৱত বাংকাৰ ৰয়ে স্থাপন কৰিছিল ছ'চিয়েল ৱৰ্ক এণ্ড ৰিচাৰ্চ চেণ্টাৰ, যিটো পৰৱৰ্তী সময়ত ‘বেয়াৰফুট কলেজ’ নামেৰে পৰিচিত হৈ পৰে। ৰাজস্থানৰ এখন সৰু গাঁৱৰ পৰা আৰম্ভ হোৱা এই প্ৰতিষ্ঠানটোৱে সময়ৰ লগে লগে গ্ৰামোন্নয়নৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ স্বীকৃতি লাভ কৰে।
বাংকাৰ ৰয়ৰ কৰ্মজীৱনৰ মূল বিশ্বাস আছিল যে, আনুষ্ঠানিক শিক্ষাৰ সুযোগ নোপোৱা গাঁৱৰ সাধাৰণ লোকসকলেও উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে কাৰিকৰী দক্ষতা আহৰণ কৰিব পাৰে। সেই দক্ষতাৰ সহায়ত তেওঁলোকে নিজৰ সমাজ আৰু অঞ্চলৰ বিভিন্ন সমস্যা নিজেই সমাধান কৰিবলৈ সক্ষম হ’ব পাৰে।
এই চিন্তাধাৰাৰ ভিত্তিত বেয়াৰফুট কলেজে গ্ৰামাঞ্চলৰ লোকসকলক সৌৰশক্তি, জল সংৰক্ষণ, শিক্ষা, স্বাস্থ্যসেৱা আৰু জীৱিকাৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। বিশেষকৈ গ্ৰামোন্নয়নৰ কামত মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাত প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছিল।
বেয়াৰফুট কলেজৰ অন্যতম উল্লেখযোগ্য পদক্ষেপ আছিল গ্ৰামাঞ্চলৰ মহিলাসকলক সৌৰশক্তি ব্যৱস্থাৰ প্ৰশিক্ষণ প্ৰদান কৰা। আনকি জীৱনত কেতিয়াও বিদ্যালয়লৈ নোযোৱা মহিলাসকলকো সৌৰচালিত পোহৰৰ ব্যৱস্থা স্থাপন আৰু মেৰামতি কৰাৰ প্ৰশিক্ষণ দিয়া হৈছিল।
এই প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত মহিলাসকলে নিজৰ নিজৰ গাঁৱলৈ উভতি গৈ বিদ্যুতৰ সুবিধা নথকা দূৰৱৰ্তী অঞ্চলৰ পৰিয়ালসমূহলৈ সৌৰশক্তিৰ জৰিয়তে পোহৰৰ সুবিধা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত এই কাৰ্যসূচী ভাৰতৰ বাহিৰলৈও সম্প্ৰসাৰিত হয়। বিভিন্ন দেশৰ মহিলাসকলে ৰাজস্থানৰ তিলোনিয়ালৈ আহি এনে কাৰিকৰী প্ৰশিক্ষণ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰে।
ইয়াৰ উপৰি বৰষুণৰ পানী সংৰক্ষণ, গ্ৰাম্য শিক্ষা, স্বাস্থ্যসেৱা আৰু পৰম্পৰাগত হস্তশিল্পৰ বিকাশৰ ক্ষেত্ৰতো বেয়াৰফুট কলেজে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।
বিশেষকৈ দিনৰ ভাগত কাম কৰিবলগীয়া হোৱা অথবা পৰিয়ালক সহায় কৰাৰ বাবে নিয়মীয়া বিদ্যালয়লৈ যাব নোৱাৰা শিশুসকলৰ বাবে নৈশ বিদ্যালয়ৰ ব্যৱস্থাও আৰম্ভ কৰিছিল প্ৰতিষ্ঠানটোৱে। ইয়াৰ জৰিয়তে বহু শিশুৱে শিক্ষাৰ সুযোগ লাভ কৰিছিল।
মহাত্মা গান্ধীৰ গ্ৰাম্য স্বাৱলম্বিতাৰ আদৰ্শৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত আছিল বাংকাৰ ৰয়। তেওঁৰ বিশ্বাস আছিল যে গাঁৱৰ সাধাৰণ লোকসকলে নিজৰ প্ৰয়োজনীয় মৌলিক সেৱাসমূহৰ বাবে সদায় বাহিৰৰ বিশেষজ্ঞৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নালাগে। উপযুক্ত জ্ঞান আৰু দক্ষতা লাভ কৰিলে গ্ৰাম্য সমাজ নিজেই স্বাৱলম্বী হৈ উঠিব পাৰে।
এই আদৰ্শক সাৰোগত কৰিয়েই বাংকাৰ ৰয়ে জীৱনৰ পাঁচ দশকতকৈও অধিক সময় গ্ৰামাঞ্চলৰ উন্নয়ন, শিক্ষা আৰু মহিলা সবলীকৰণৰ বাবে উৎসৰ্গা কৰিছিল।
বিশিষ্ট সমাজকৰ্মীগৰাকীৰ বিয়োগে দেশৰ গ্ৰামোন্নয়ন আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰখনত এক গভীৰ শূন্যতাৰ সৃষ্টি কৰিলে। গ্ৰাম্য সমাজক স্বাৱলম্বী কৰি তোলাৰ বাবে তেওঁ আগবঢ়োৱা অৱদান আৰু বেয়াৰফুট কলেজৰ জৰিয়তে আৰম্ভ কৰা বিভিন্ন পদক্ষেপ সমাজৰ বাবে এক মূল্যৱান আদৰ্শ হৈ থাকিব।