বাছিত জাৰগাৰ / শ্ৰীনগৰ
এসময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে চৰ্চাত থকা কাশ্মীৰৰ ঐতিহাসিক লাল চক এইবাৰ উজলি উঠিল হাজাৰ হাজাৰ বন্তিৰ পোহৰেৰে। দীপাৱলী উপলক্ষে শ্ৰীনগৰৰ প্ৰাণকেন্দ্ৰস্বৰূপ লাল চকত ১০ হাজাৰৰো অধিক বন্তি প্ৰজ্বলন কৰি উদযাপন কৰা হয় পোহৰৰ উৎসৱ। উৎসৱৰ এই আয়োজনে অঞ্চলটোত শান্তি, সম্প্ৰীতি আৰু ঐক্যৰ এক সুন্দৰ বাৰ্তা কঢ়িয়াই আনে।
এসময়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অশান্ত পৰিস্থিতিৰ বাবে পৰিচিত লাল চকত এইবাৰ দেখা গ'ল এক সম্পূৰ্ণ পৃথক পৰিৱেশ। বন্তিৰ পোহৰ, ৰং-বিৰঙৰ আলোকসজ্জা আৰু উৎসৱমুখৰ পৰিৱেশে নতুন ৰূপ দিলে শ্ৰীনগৰৰ এই ঐতিহাসিক স্থানক। স্থানীয় বাসিন্দাৰ লগতে দেশ-বিদেশৰ পৰ্যটক আৰু আয়োজকসকলেও এই উদযাপনত অংশগ্ৰহণ কৰে।
লাল চকৰ ঐতিহ্যমণ্ডিত ঘণ্টাঘৰক পটভূমি হিচাপে লৈ স্বেচ্ছাসেৱকসকলে আকৰ্ষণীয় ৰংগোলী অংকন কৰাৰ লগতে শাৰী শাৰীকৈ বন্তি প্ৰজ্বলন কৰে। অন্ধকাৰৰ ওপৰত পোহৰৰ, অশুভৰ ওপৰত শুভৰ আৰু অজ্ঞানতাৰ ওপৰত জ্ঞানৰ বিজয়ৰ প্ৰতীক হিচাপে এই বন্তিসমূহ প্ৰজ্বলন কৰা হয়।
উৎসৱ উপলক্ষে পুৰোহিতসকলৰ নেতৃত্বত বিশেষ পূজা-অৰ্চনাৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত বহু লোকে অংশগ্ৰহণ কৰি শান্তি আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়।
ইফালে, দীপাৱলীৰ আলোকসজ্জাৰে সজাই তোলা লাল চকত সন্ধিয়া নামি অহাৰ লগে লগে উৎসৱৰ উছাহ অধিক বৃদ্ধি পায়। ৰং-বিৰঙৰ বিজুলী বাতি আৰু বন্তিৰ পোহৰেৰে উজলি উঠা ঘণ্টাঘৰৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ বহু লোকৰ সমাগম ঘটে। পৰিয়ালৰ সদস্য, যুৱক-যুৱতী আৰু পৰ্যটকসকলে ঐতিহাসিক ঘণ্টাঘৰৰ সন্মুখত আলোকচিত্ৰ গ্ৰহণ কৰাৰ লগতে উৎসৱৰ আনন্দ উপভোগ কৰে।
উল্লেখযোগ্য যে দীপাৱলী সমগ্ৰ দেশতে অতি উলহ-মালহেৰে পালন কৰা হয়। পোহৰৰ এই উৎসৱত ঘৰে ঘৰে বন্তি প্ৰজ্বলন, আলোকসজ্জা, পূজা-অৰ্চনা আৰু মিঠাই বিতৰণৰ মাজেৰে আনন্দৰ পৰিৱেশ সৃষ্টি হয়। পৰিয়াল আৰু আপোনজনৰ সৈতে মিলিত হৈ উৎসৱ উদযাপন কৰাটোও দীপাৱলীৰ অন্যতম পৰম্পৰা।
শ্ৰীনগৰৰ লাল চকত এইবাৰৰ দীপাৱলী উদযাপনে বিশেষ তাৎপৰ্য বহন কৰিছে। কাশ্মীৰৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক আৰু ৰাজহুৱা সমাগমস্থলী হিচাপে পৰিচিত লাল চকত এনেদৰে বৃহৎ পৰিসৰত উৎসৱ পালন কৰাটোৱে স্থানীয় লোকসকলৰ মাজত আনন্দ আৰু উৎসাহৰ সৃষ্টি কৰে।
উৎসৱৰ প্ৰভাৱ পৰিলক্ষিত হয় লাল চকৰ আশে-পাশে থকা বজাৰসমূহতো। দীপাৱলী উপলক্ষে দোকান-পোহাৰসমূহ ৰং-বিৰঙৰ আলোকসজ্জাৰে সজাই তোলাৰ লগতে বজাৰসমূহত ক্ৰেতাৰ ভিৰ বৃদ্ধি পায়। উৎসৱৰ শেষ মুহূৰ্তৰ বজাৰ-সমাৰ আৰু প্ৰস্তুতিক লৈ সমগ্ৰ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে।
বিশেষকৈ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ অংশগ্ৰহণে এই উদযাপনক অধিক আকৰ্ষণীয় কৰি তোলে। কাশ্মীৰৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰা আৰু পাৰস্পৰিক সম্প্ৰীতিৰ এক সুন্দৰ ছবি প্ৰতিফলিত হয় এই অনুষ্ঠানত।
এসময়ত অশান্ত পৰিস্থিতিৰ বাবে সংবাদ শিৰোনাম দখল কৰা লাল চকত হাজাৰ হাজাৰ বন্তি প্ৰজ্বলন কৰি দীপাৱলী উদযাপন কৰা দৃশ্যই এক নতুন আশাৰ সঞ্চাৰ কৰিছে। ঐক্য, শান্তি আৰু ভাতৃত্ববোধৰ মাজেৰে উৎসৱ উদযাপনৰ এই প্ৰয়াসে অঞ্চলটোৰ সামাজিক সম্প্ৰীতিৰ বাৰ্তাক অধিক শক্তিশালী কৰি তুলিছে।
১০ হাজাৰৰো অধিক বন্তিৰ পোহৰেৰে আলোকিত হোৱা শ্ৰীনগৰৰ ঐতিহাসিক ঘণ্টাঘৰ আৰু লাল চক এইদৰে পুনৰ এবাৰ জনসাধাৰণৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। পোহৰৰ উৎসৱ দীপাৱলীয়ে কাশ্মীৰৰ বুকুত কঢ়িয়াই আনে আনন্দ, আশা আৰু একতাৰ এক মনোমোহা পৰিৱেশ।