মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহ ৰোধৰ বাবে ভাৰত-আমেৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক

Story by  atv | Posted by  Munni Begum • 7 h ago
মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহ ৰোধৰ বাবে ভাৰত-আমেৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক
মাদক দ্ৰব্যৰ চোৰাং সৰবৰাহ ৰোধৰ বাবে ভাৰত-আমেৰিকাৰ গুৰুত্বপূৰ্ণ বৈঠক
 
নতুন দিল্লী
 
নতুন দিল্লীত অনুষ্ঠিত হ’ল ভাৰত আৰু আমেৰিকাৰ মাজত মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতি সম্পৰ্কীয় দ্বিতীয়খন উচ্চপৰ্যায়ৰ কাৰ্যকৰী গোটৰ বৈঠক। ২ আৰু ৩ নৱেম্বৰত অনুষ্ঠিত এই বৈঠকত অবৈধ মাদক দ্ৰব্যৰ সৰবৰাহ ৰোধ, আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে যৌথ অভিযান আৰু দুয়োখন দেশৰ মাজত চোৰাংচোৱা তথ্যৰ আদান-প্ৰদান অধিক শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।
 
ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনস্থ নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’ (NCB)ৰ উদ্যোগত নতুন দিল্লীত এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত ভাৰত আৰু আমেৰিকাৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতি প্ৰস্তুতকাৰী, আইন বলৱৎকাৰী সংস্থাৰ বিষয়া আৰু এই ক্ষেত্ৰত কাম কৰি থকা কেইবাগৰাকীও উচ্চপদস্থ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
 
প্ৰকাশিত এক চৰকাৰী সংবাদ বিজ্ঞপ্তি অনুসৰি, ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্ব দিয়ে নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ সঞ্চালকপ্ৰধান অনুৰাগ গাৰ্গে। আনহাতে, আমেৰিকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল হোৱাইট হাউছৰ কাৰ্যালয় অৱ নেচনেল ড্ৰাগ কণ্ট্ৰ’ল পলিচী (ONDCP)ৰ কাৰ্যবাহী উপ-সঞ্চালক ডেবি ছেগুইন।
 
আমেৰিকা-ভাৰত মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতিৰ সহযোগিতামূলক কাঠামোৰ অধীনত অনুষ্ঠিত এই বৈঠকত দুয়োখন দেশৰ মাজত চলি থকা সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। বিশেষকৈ অবৈধ মাদক দ্ৰব্যৰ সৰবৰাহ ৰোধৰ বাবে চোৰাংচোৱা তথ্য বিনিময়, সমন্বিত আইন বলৱৎকাৰী অভিযান, মাদক দ্ৰব্য প্ৰস্তুতিত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ নিয়ন্ত্ৰণ, ঔষধৰ যোগান ব্যৱস্থাৰ সুৰক্ষা আৰু মাদক দ্ৰব্যৰ চাহিদা হ্ৰাস কৰাৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ বিষয়ে আলোচনা কৰা হয়।
 
বৈঠকৰ আৰম্ভণিতে নাৰ্কটিক্স কণ্ট্ৰ’ল ব্যুৰ’ৰ সঞ্চালকপ্ৰধান অনুৰাগ গাৰ্গে ভাৰতৰ ‘ভিজন ৰোডমেপ ২০২৬–২০২৯’ৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিক্‌নিৰ্দেশনা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বত প্ৰস্তুত কৰা এই পৰিকল্পনাৰ লক্ষ্য হৈছে দেশত অবৈধ মাদক দ্ৰব্যৰ ব্যৱসায় আৰু সৰবৰাহৰ বিৰুদ্ধে অধিক সুসংগঠিত ব্যৱস্থা গ্ৰহণ কৰা।
 
এই পৰিকল্পনাত মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ সমগ্ৰ নেটৱৰ্কৰ তদন্ত, ৰাসায়নিক পদাৰ্থৰ নিয়ন্ত্ৰণ, বিত্তীয় লেনদেনৰ অনুসন্ধান, মাদকাসক্তি প্ৰতিৰোধ আৰু পুনৰ্বাসন ব্যৱস্থাক বিশেষ গুৰুত্ব দিয়া হৈছে।
 
অনুৰাগ গাৰ্গে উল্লেখ কৰে যে, কেৱল মাদক দ্ৰব্য সৰবৰাহ কৰা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰাই যথেষ্ট নহয়। এনে অবৈধ কাৰ্যকলাপৰ সৈতে জড়িত ধন যোগানধৰোঁতা, মাদক দ্ৰব্যৰ যোগানকাৰী, সহযোগী ব্যক্তি আৰু পৰিবহণ ব্যৱস্থাৰ সৈতে জড়িত সমগ্ৰ চক্ৰটোক চিনাক্ত কৰি ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এই উদ্দেশ্যে ভাৰতে সমগ্ৰ নেটৱৰ্কক লক্ষ্য কৰি তদন্ত চলোৱাৰ পদ্ধতি গ্ৰহণ কৰিছে।
 
ইফালে, আমেৰিকাৰ নেচনেল ড্ৰাগ কণ্ট্ৰ’ল পলিচীৰ সঞ্চালক ছাৰা কাৰ্টাৰে ভাৰত আৰু আমেৰিকাৰ মাজত চলি থকা সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁৰ মতে, আন্তঃৰাষ্ট্ৰীয় মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰৰ কাৰ্যকলাপ ৰোধ কৰাৰ লগতে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা মাদক দ্ৰব্য আৰু সেইবোৰ তৈয়াৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ অবৈধ সৰবৰাহ বন্ধ কৰিবলৈ দুয়োখন দেশৰ যৌথ প্ৰচেষ্টা অতি গুৰুত্বপূৰ্ণ।
 
তেওঁ লগতে কয় যে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ ২০২৬ চনৰ ৰাষ্ট্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ কৌশলত আন্তঃৰাষ্ট্ৰীয় অপৰাধী চক্ৰসমূহৰ কাৰ্যকলাপক বিশেষ গুৰুত্ব দিয়া হৈছে। বৰ্তমান বহু অপৰাধী সংগঠন আৰু বিদেশী সন্ত্ৰাসবাদী গোটে বৃহৎ বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ দৰে পৰিকল্পিতভাৱে নিজৰ অবৈধ কাৰ্যকলাপ চলাই আছে। সেয়েহে এই চক্ৰসমূহৰ বিৰুদ্ধে সফলতা লাভ কৰিবলৈ দেশসমূহৰ মাজত সমন্বয় বৃদ্ধি আৰু বাণিজ্যিক যোগান ব্যৱস্থাৰ সুৰক্ষা নিশ্চিত কৰাটো প্ৰয়োজনীয়।
 
আনহাতে, ভাৰতত নিযুক্ত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গৰে কয় যে, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ ৰোধৰ বাবে ভাৰত আৰু আমেৰিকাই কেৱল আলোচনাতে সীমাবদ্ধ নাথাকি বাস্তৱ ক্ষেত্ৰতো যৌথভাৱে কাম কৰি আছে। বিশেষকৈ মাদক দ্ৰব্য তৈয়াৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ অবৈধ যোগান বন্ধ কৰা, বাণিজ্যিক যোগান ব্যৱস্থাক সুৰক্ষিত কৰা আৰু সংগঠিত মাদক দ্ৰব্য সৰবৰাহকাৰী চক্ৰসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত দুয়োখন দেশৰ সহযোগিতাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
 
তেওঁ লগতে উল্লেখ কৰে যে, দুয়োখন দেশৰ আইন বলৱৎকাৰী সংস্থাসমূহে পাৰস্পৰিক বিশ্বাস আৰু দ্ৰুত সমন্বয়ৰ ভিত্তিত কাম কৰিলে ভাৰত আৰু আমেৰিকা উভয় দেশৰ নাগৰিকসকলক মাদক দ্ৰব্যৰ বিপদৰ পৰা সুৰক্ষিত ৰখাত সহায়ক হ’ব।
 
উল্লেখযোগ্য যে, ২০২৬ চনৰ জানুৱাৰী মাহত আমেৰিকাৰ ৱাশ্বিংটন ডি চিত ভাৰত-আমেৰিকাৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতি সম্পৰ্কীয় প্ৰথমখন কাৰ্যকৰী গোটৰ বৈঠক অনুষ্ঠিত হৈছিল। সেই বৈঠকত গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতিৰ ওপৰতো নতুন দিল্লীৰ দ্বিতীয়খন বৈঠকত আলোচনা কৰা হয়।
 
দুয়োখন দেশৰ প্ৰতিনিধিসকলে বৰ্তমানৰ মাদক দ্ৰব্য সৰবৰাহৰ ধাৰা আৰু নতুনকৈ সৃষ্টি হোৱা ভাবুকিসমূহৰ বিষয়ে মত বিনিময় কৰে। লগতে ‘অপাৰেচন মেডমেক্স’ (Operation MedMax), ‘অপাৰেচন ৱাইপ’ (Operation WIPE) আৰু কৃত্ৰিম মাদক দ্ৰব্য তৈয়াৰত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ অপব্যৱহাৰ ৰোধৰ বাবে ভাৰতে গ্ৰহণ কৰা স্বেচ্ছামূলক আচৰণবিধিৰ দৰে পদক্ষেপসমূহক আদৰণি জনায়।
 
বৈঠকত মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজখন অধিক ফলপ্ৰসূ কৰি তুলিবলৈ দুয়োখন দেশৰ সংশ্লিষ্ট সংস্থাসমূহৰ মাজত নিয়মীয়া যোগাযোগ, সময়মতে তথ্য বিনিময় আৰু সমন্বিত অভিযান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ উপৰি আইন বলৱৎ কৰাৰ বিভিন্ন ক্ষেত্ৰত সফল পদ্ধতি আৰু অভিজ্ঞতা পৰস্পৰে বিনিময় কৰিবলৈ দুয়োপক্ষই সহমত প্ৰকাশ কৰে।
 
এই বৈঠকে অবৈধ মাদক দ্ৰব্যৰ সৰবৰাহ নিয়ন্ত্ৰণ, মাদকাসক্তি প্ৰতিৰোধ আৰু দুয়োখন দেশৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ সহযোগিতা অধিক শক্তিশালী কৰাৰ যৌথ প্ৰতিশ্ৰুতিকে পুনৰ স্পষ্ট কৰে।
 
উল্লেখযোগ্য যে, আমেৰিকাৰ হোৱাইট হাউছৰ অধীনস্থ অফিচ অৱ নেচনেল ড্ৰাগ কণ্ট্ৰ’ল পলিচীয়ে দেশখনৰ মাদক দ্ৰব্য নিয়ন্ত্ৰণ নীতিৰ সমন্বয় আৰু ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় মাদক দ্ৰব্য নিয়ন্ত্ৰণ কৌশল প্ৰস্তুত তথা ৰূপায়ণৰ দায়িত্ব পালন কৰে। ইয়াৰ লগতে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে মাদকমুক্ত সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰতো সংস্থাটোৱে কাম কৰি আহিছে।


শেহতীয়া খবৰ