গুৱাহাটী
অসমৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত এক নতুন পদক্ষেপ। ৰাজ্যত ৫০১ কোটি টকা বিনিয়োগেৰে স্থাপন কৰা হ’ব এটা কষ্টিক ছ’ডা উৎপাদন প্ৰকল্প। এই কথা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰস্তাৱিত এই প্ৰকল্পই নুমলীগড় শোধনাগাৰৰ বাহিৰৰ ৰাজ্যৰ পৰা কষ্টিক ছ’ডা সংগ্ৰহ কৰাৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। তেওঁ জনোৱা মতে, নুমলীগড় শোধনাগাৰ লিমিটেডৰ (NRL) শোধন প্ৰক্ৰিয়াত কষ্টিক ছ’ডা এক অতি প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ। শোধনাগাৰটোৱে প্ৰতি বছৰে হাজাৰ হাজাৰ মেট্ৰিক টন কষ্টিক ছ’ডা অসমৰ বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয়।
কিন্তু ৰাজ্যত নতুনকৈ এই উৎপাদন প্ৰকল্প স্থাপন হ’লে সেই নিৰ্ভৰশীলতা যথেষ্ট পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এখন গ্ৰাফিকত উল্লেখ কৰিছে, ‘এই পৰিস্থিতি এতিয়া অতীত হ’ব।’
প্ৰায় ৫০১ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ উদ্যোগসমূহে অধিক সহজে কষ্টিক ছ’ডা লাভ কৰিব পাৰিব। ইয়াৰ ফলত বাহিৰৰ পৰা ৰাসায়নিক পদাৰ্থ কঢ়িয়াই অনাৰ পৰিবহণ ব্যয় হ্ৰাস পোৱাৰ লগতে ৰাজ্যখনত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
ইয়াৰ উপৰি প্ৰস্তাৱিত প্ৰকল্পটোৱে ৰাজ্য চৰকাৰৰ ৰাজহ বৃদ্ধিত সহায় কৰাৰ লগতে নতুন উদ্যোগ স্থাপনৰ বাবেও অনুকূল পৰিৱেশ গঢ়ি তুলিব বুলি আশা কৰা হৈছে।
অসমৰ ঔদ্যোগিক ক্ষেত্ৰখন অধিক শক্তিশালী কৰাৰ দিশত এই প্ৰকল্পক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মতে, এনে উদ্যোগ স্থাপনৰ ফলত ৰাজ্যত নতুন ব্যৱসায়িক সম্ভাৱনাৰ সৃষ্টি হোৱাৰ লগতে ঔদ্যোগিক কাৰ্যকলাপো বৃদ্ধি পাব।
অৱশ্যে প্ৰস্তাৱিত কষ্টিক ছ’ডা উৎপাদন প্ৰকল্পটো অসমৰ কোন স্থানত স্থাপন কৰা হ’ব, কেতিয়াৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হ’ব, ইয়াৰ উৎপাদন ক্ষমতা কিমান হ’ব অথবা কোন সংস্থাই প্ৰকল্পটো ৰূপায়ণ কৰিব, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই।