অসমৰ দিগাৰু ৰে’ল ষ্টেচনত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ পাঁচটা ডবা লাইনচ্যুত; সকলো যাত্ৰী সুৰক্ষিত

Story by  atv | Posted by  Munni Begum • 7 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
অসমৰ দিগাৰু ৰে'ল ষ্টেচনত বুধবাৰে পুৱা কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ ইঞ্জিনসহ পাঁচটা ডবা লাইনচ্যুত হয়। ষ্টেচনত প্ৰৱেশ কৰাৰ সময়ত নিৰ্ধাৰিত সীমাতকৈ অধিক গতিবেগত চলাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
 
ৰে’ল বিভাগে জনোৱা অনুসৰি, পুৱা প্ৰায় ৬ বাজি ৫৪ মিনিটত এই ঘটনা সংঘটিত হয়। কলকাতাৰ পৰা ছাইৰাঙলৈ যাত্ৰা কৰা ১৩১২৫ নম্বৰৰ ৰে’লখনক আন এখন ৰে’লৰ চলাচলৰ বাবে পথ মুকলি কৰি দিবলৈ দিগাৰু ষ্টেচনত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।
ৰে’ল বিভাগে এক বিবৃতিত উল্লেখ কৰা অনুসৰি, ৰে’লখনৰ চালকে সময়মতে গতিবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হয়। ফলত ৰে’লখনৰ ইঞ্জিনৰ লগতে পাঁচটা যাত্ৰীবাহী ডবা লাইনচ্যুত হয়।
 
অৱশ্যে, স্বস্তিৰ কথা যে, এই ঘটনাত ৰে’লখনৰ সকলো যাত্ৰী সুৰক্ষিত আছে। কোনো যাত্ৰী আহত হোৱা নাই বুলি ৰে’ল বিভাগে নিশ্চিত কৰিছে।
 
ইতিমধ্যে যাত্ৰীসকলক তেওঁলোকৰ গন্তব্যস্থানলৈ পঠিয়াবলৈ বিকল্প ৰে’লৰ ব্যৱস্থা কৰা হৈছে। দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ কৰা হয়।
 
ইফালে, সংশ্লিষ্ট ৰে’লৱে মণ্ডলৰ মহাপ্ৰবন্ধকৰ লগতে উচ্চপদস্থ বিষয়াসকলেও পৰিস্থিতিৰ বুজ ল’বলৈ আৰু উদ্ধাৰ অভিযান তদাৰক কৰিবলৈ ঘটনাস্থলীলৈ ৰাওনা হৈছে। এই ঘটনাৰ ফলত দিগাৰু ষ্টেচনত ৰে’ল চলাচলত সাময়িক ব্যাঘাত জন্মিছে।