সুৰৰ যাদুকৰলৈ বংগৰ অপূৰ্ব উপহাৰঃ 'লাভ ইউ জুবিন দা'

Story by  Nikunja Nath | Posted by  Nikunja Nath • 12 h ago
সুৰৰ যাদুকৰলৈ বংগৰ অপূৰ্ব উপহাৰঃ 'লাভ ইউ জুবিন দা'
সুৰৰ যাদুকৰলৈ বংগৰ অপূৰ্ব উপহাৰঃ 'লাভ ইউ জুবিন দা'
 
নিকুঞ্জ নাথ / গুৱাহাটী
 
সংগীত হৈছে এক সাৰ্বজনীন ভাষা, যাৰ কোনো নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা নাথাকে। এগৰাকী প্ৰকৃত যুগান্তকাৰী শিল্পীৰ সৃষ্টিৰাজীয়ে মানুহৰ হৃদয়ত চিৰকালৰ বাবে এক সুকীয়া আসন দখল কৰি ৰাখে। অসমীয়া সংগীত জগতৰ মুকুটহীন সম্ৰাট, লাখ লাখ শ্ৰোতাৰ আৱেগ আৰু স্পন্দনস্বৰূপ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতি এক গভীৰ শ্ৰদ্ধাঞ্জলি তথা সন্মান জনাই অতি শীঘ্ৰেই ৰূপালী পৰ্দালৈ আহিবলৈ ওলাইছে এখন ব্যতিক্ৰমী আৰু আৱেগিক কথাছবি- 'লাভ ইউ জুবিন দা' (Love You Zubeen Da)। পশ্চিমবংগৰ চলচ্চিত্ৰ উদ্যোগৰ উদ্যোগত নিৰ্মাণ হ'বলগীয়া এই সংগীতমধুৰ বোলছবিখনৰ নিৰ্মাণ কাৰ্য ইতিমধ্যে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। নিজৰ শ্ৰুতিমধুৰ গায়কী, অনন্য সৃষ্টিশীলতা আৰু সন্মোহনী কণ্ঠৰে অসমৰ দৰেই চুবুৰীয়া পশ্চিমবংগবাসীৰো অতিশয় আপোন আৰু নয়নৰ মণি হৈ পৰিছিল জনপ্ৰিয় গায়ক জুবিন গাৰ্গ। বংগৰ বুকুত থকা তেওঁৰ সেই বিশাল জনপ্ৰিয়তাকে এই ছবিয়ে পুনৰবাৰ প্ৰতিষ্ঠা কৰিব।
 
'লাভ ইউ জুবিন দা' ছবিখনৰ পোষ্টাৰ
 
টলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক প্ৰীতমৰ কুশলী পৰিচালনাত নিৰ্মাণ হ'বলগীয়া এই ছবিখনৰ কাহিনীভাগ গঢ়ি উঠিছে এগৰাকী নৱাগত যুৱ গায়কৰ আৱেগিক জীৱন পৰিক্ৰমাক কেন্দ্ৰ কৰি। জুবিন গাৰ্গৰ এজন অন্ধ অনুৰাগী হিচাপে এই যুৱকজনৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোন, আৰাধনা আৰু একমাত্ৰ লক্ষ্যটোৱেই আছিল- নিজৰ আদৰ্শ শিল্পী জুবিন গাৰ্গক জীৱনত এবাৰ হ’লেও অতি কাষৰ পৰা লগ পোৱা আৰু তেওঁৰ আশীৰ্বাদ লৈ সংগীতৰ পথত আগবাঢ়ি যোৱা। এগৰাকী একনিষ্ঠ অনুৰাগীৰ জীৱনৰ এই আৱেগিক সংগ্ৰাম, ত্যাগ আৰু জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ মৰম-ভক্তিকে ছবিখনত উপস্থাপন কৰা হ’ব।
 
বিভিন্ন ভাষা, সংস্কৃতি আৰু প্ৰজন্মৰ মাজত এই কিংবদন্তি গায়কগৰাকীৰ যি অপৰিসীম প্ৰভাৱ আৰু আকাশলংঘী জনপ্ৰিয়তা আছিল, তাক মৰ্যাদা সহকাৰে উদযাপন কৰাৰ উদ্দেশ্যে চলচ্চিত্ৰখনে এক বৃহৎ পৰিসৰ লৈছে। ছবিখন কেৱল বঙালী ভাষাতে আৱদ্ধ নাৰাখি তিনিটা সুকীয়া ভাষা- বঙালী, অসমীয়া আৰু হিন্দীত সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি দিয়া হ’ব। ইয়াৰ ফলত সমগ্ৰ দেশৰে জুবিন অনুৰাগীসকলে ছবিখন উপভোগ কৰিবলৈ সক্ষম হ’ব। এই বৃহৎ আৰু অভিলাসী প্ৰকল্পটো 'গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকচন প্ৰাইভেট লিমিটেড' আৰু 'বৰ্ষা মুভিজ'ৰ যুটীয়া প্ৰযোজনা তথা সহযোগত নিৰ্মাণ কৰা হৈছে।
 
জ্যোতি চিত্ৰবনত ছবিখনৰ পোষ্টাৰ মুকলি অনুষ্ঠানৰ এটি মুহূৰ্ত
 
এই ছবিখনৰ আটাইতকৈ আকৰ্ষণীয়, গুৰুত্বপূৰ্ণ আৰু আৱেগিক দিশটো হৈছে- ইয়াত জুবিন গাৰ্গে পূৰ্বে বাণীবদ্ধ কৰি থৈ যোৱা, কিন্তু এতিয়ালৈকে কোনো মাধ্যমতে প্ৰকাশ নোহোৱা দুটাকৈ বিশেষ গীত সন্নিৱিষ্ট কৰা হ'ব। জুবিন গাৰ্গৰ সহধৰ্মিনী তথা বিশিষ্ট ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ সন্মতি আৰু অনুমতি সাপেক্ষে এই অপ্ৰকাশিত অমূল্য গীত দুটা ছবিখনত ব্যৱহাৰ কৰা হ’ব। ৰূপালী পৰ্দাত প্ৰথমবাৰৰ বাবে অনুৰাগীসকলে প্ৰিয় শিল্পীজনৰ এই নতুন গীত দুটা শুনিবলৈ আৰু তাৰ সোৱাদ ল’বলৈ সক্ষম হ'ব, যিটো ছবিখনৰ অন্যতম মূল আকৰ্ষণ হিচাপে বিবেচিত হৈছে।
 
শনিবাৰে গুৱাহাটীৰ ঐতিহ্যবাহী জ্যোতি চিত্ৰবনৰ কলাগুৰু প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ তথা মৰ্যাদাপূৰ্ণ পৰিৱেশত ছবিখনৰ প্ৰথমখন ফাচৰ্ষ্ট লুক পোষ্টাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। পোষ্টাৰ মুকলি কৰি আৱেগিক হৈ পৰা শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কয়ঃ "মোৰ স্বামী জুবিনৰ নামত তেওঁলোকে এখন ছবি কৰিবলৈ লৈছে। জুবিনৰ প্ৰতি তেওঁলোকৰ মৰম-আদৰ কেনেকৈ বেংগললৈকে শিপাই আছে এয়া তাৰেই এক ডাঙৰ দৃষ্টান্ত।"
 
ছবিখন বংগৰ প্ৰযোজনা গোষ্ঠীৰ উদ্যোগত নিৰ্মাণ হ’ব যদিও তেওঁলোকে অসমলৈকে আহি অসমৰ থলুৱা কলা-কুশলীসকলক সাঙুৰি ছবিখন নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যত তেওঁ অত্যন্ত আপ্লুত হয় আৰু ইয়াৰ বাবে 'গ্ৰীবছ মিডিয়া এণ্ড প্ৰডাকচন প্ৰাইভেট লিমিটেড' আৰু 'বৰ্ষা মুভিজ'ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
 
জ্যোতি চিত্ৰবনত ছবিখনৰ পোষ্টাৰ মুকলি অনুষ্ঠানৰ এটি মুহূৰ্ত
 
অনুষ্ঠানত চলচ্চিত্ৰখনৰ পৰিচালকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি, ছবিখনৰ চিত্ৰনাট্যৰ আৱশ্যকতাৰ খাতিৰত তথা দৃশ্যসমূহ বাস্তৱসন্মত আৰু দৃষ্টিনন্দন কৰি তুলিবলৈ অসম আৰু পশ্চিমবংগৰ বিভিন্ন নান্দনিক তথা গুৰুত্বপূৰ্ণ স্থানত দৃশ্যগ্ৰহণ সম্পন্ন কৰা হ’ব। দুই ৰাজ্যৰ সাংস্কৃতিক সংমিশ্ৰণ এই ছবিত স্পষ্ট হৈ পৰিব। সকলো পৰিকল্পনা আৰু প্ৰস্তুতি অনুসৰি সঠিকভাৱে আগবাঢ়িলে, চলিত বৰ্ষৰ শেষৰফালে ছবিখনে ছবিগৃহত মুক্তি লাভ কৰিব আৰু দৰ্শকে লাভ কৰিব এক অনন্য উপহাৰ।
 
'লাভ ইউ জুবিন দা' ছবিখনৰ এই আনুষ্ঠানিক ঘোষণাই স্বাভাৱিকতে অসম আৰু পশ্চিমবংগ দুয়োখন ৰাজ্যৰে জুবিন অনুৰাগীসকলৰ মাজত এক অভূতপূৰ্ব উল্লাস, উছাহ আৰু ব্যাপক আৱেগৰ জোৱাৰ তুলিছে। ৰূপালী পৰ্দাত পুনৰ এবাৰ নতুনকৈ ভাহি আহিব জুবিন গাৰ্গৰ সেই পৰিচিত, যাদুভৰা, নিভাঁজ আৰু হৃদয়স্পৰ্শী কণ্ঠস্বৰ, যিয়ে লাখ লাখ অনুৰাগীৰ বুকুত তেওঁৰ সংগীতৰ অমৰ গাঁথাক নতুন ৰূপত চিৰকাললৈ জীয়াই ৰাখিব।  প্ৰিয় শিল্পীজন আজি আমাৰ মাজত নাথাকিলেও, তেওঁৰ কালজয়ী সৃষ্টি আৰু অনুৰাগীৰ বুকুত অহৰহ বাজি থকা 'লাভ ইউ জুবিন দা' ধ্বনিৰ মাজেৰেই তেওঁ সদায় অমৰ আৰু অক্ষয় হৈ ৰ’ব।