মুন্নী বেগম / গুৱাহাটী
আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ৷ কিয়নো ইয়াতে সদস্যসমাপ্ত নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ-য়ে অভূতপূৰ্ব জয়লাভ কৰাৰ পাছতে একেৰাহে দ্বিতীয়বাৰৰ বাবে আজি অসমৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শর্মাই৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু লগতে ২২ খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী, দেশৰ বিশিষ্ট উদ্যোগপতি, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গ’ৰে।
খানাপাৰাত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে আন চাৰিগৰাকী মন্ত্ৰীয়েও শপত গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা এই চাৰি বিধায়ক হৈছে ক্ৰমে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো৷ ৰামেশ্বৰ তেলীক বাদ দি আন তিনিগৰাকী মন্ত্ৰীয়ে পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটতো স্থান লাভ কৰিছিল৷ আনহাতে, দীৰ্ঘদিনে কেন্দ্ৰীয় মন্ত্ৰীসভাত থকা তেলীয়ে ৰাজ্যৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন ঘটাইছে৷
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য মন্ত্ৰীসকলে মাতৃভাষাতে শপত লয় ৷ অৱশ্যে চৰণ বড়োৱে নিজ মাতৃভাষা অৰ্থাৎ বড়ো ভাষাত শপতগ্ৰহণ কৰিছে ৷ এই অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰে বিজেপি নেতা, কৰ্মী আৰু সমৰ্থকসকলো উপস্থিত থাকে ৷ প্ৰায় ১ লাখ লোকৰ উপস্থিতিত এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
উল্লেখ্য যে, এই শপত গ্ৰহণ অনুষ্ঠানক স্মৰণীয় আৰু ব্যতিক্ৰমী ৰূপ দিয়াৰ লক্ষ্যৰে বিশিষ্ট ভাস্কৰ্যশিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদে খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰি উলিয়াইছিল এক বিশেষ আৰ্হিৰ আটকধুনীয়া মঞ্চ। অসমৰ সমৃদ্ধ সংস্কৃতি, উৎসৱ আৰু জীৱনশৈলীৰ একেলগে প্ৰতিফলন ঘটোৱা হৈছিল এই মঞ্চখনত।
পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ তত্বাৱধান আৰু নীৰিক্ষণত ৰাজ আৰু দীপে অতি কম সময়ৰ ভিতৰত এই বৃহৎ দায়িত্ব সম্পন্ন কৰি উলিয়াবলৈ সক্ষম হৈছিল। অতি কম সময়ৰ ভিতৰত বৃহৎ পৰিসৰৰ এই মঞ্চ নিৰ্মাণ কৰাটো শিল্পীদ্বয়ৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল যদিও তেওঁলোকে সম্পূৰ্ণ নিষ্ঠা আৰু সৃজনশীলতাৰে কাম নিৰ্ধাৰিত সময়ত সম্পন্ন কৰি উলিয়াইছে।
বিশিষ্ট ভাস্কৰ্যশিল্পী পদ্মশ্ৰী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ দুই পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদ
যিহেতু মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ বিভিন্ন ৰাজ্যৰ বহু বিশিষ্ট নেতা, মন্ত্ৰী আৰু আমন্ত্ৰিত অতিথি উপস্থিত আছিল। সেয়েহে শিল্পীদ্বয়ে মঞ্চৰ প্ৰতিটো অংশত অসমৰ পৰিচয় স্পষ্টভাৱে প্ৰতিফলিত কৰাৰ এক চেষ্টা কৰিছিল। তেওঁলোকে মঞ্চখনৰ সাজ-সজ্জাত অসমীয়া সমাজ-জীৱনৰ বিভিন্ন উপাদানৰ উপস্থাপন কৰিছে।
ভাস্কৰ্যশিল্পী দীপ আহমেদে কয়, "আমি শনিবাৰৰ পৰা মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানৰ মূল মঞ্চখন নিৰ্মান কৰাৰ কামৰ দায়িত্ব পাইছিলো। ইমান কম সময়ৰ ভিতৰত ইমান ডাঙৰ কাম সম্পন্ন কৰাটো আমাৰ বাবেও এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু যিহেতু এই অনুষ্ঠানটো অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেইবাবে আমি আমাৰ সৰ্বশক্তিৰে কাম কৰিছিলো।"
তেওঁ লগতে কয়, "আমাৰ লক্ষ্য আছিল মঞ্চখনত অসমৰ এটা বিশেষ আভাস দিয়া। আমি মঞ্চখনত অসমৰ জীৱনশৈলী, উৎসৱ-পাৰ্বণ, সাংস্কৃতিক ঐতিহ্য আৰু ধৰ্মীয় পৰম্পৰাৰ প্ৰতিফলন ঘটাবলৈ চেষ্টা কৰিছিলো। মূল মঞ্চখনত সংসদৰ আৰ্হিৰ সৈতে অসমৰ সাংস্কৃতিক উপাদান সংযোজন কৰিছো। আনহাতে ওচৰৰ আন মঞ্চসমূহত সত্ৰ সংস্কৃতিৰ আভাস দিয়াৰ এক চেষ্টা কৰিছো।"
দীপ আহমেদে লগতে কয়, "দেউতাই সদায় আমাৰ কামৰ ওপৰত নজৰ ৰাখি বিভিন্ন দিশত পৰামৰ্শ আগবঢ়াই আহিছে। তেওঁৰ অভিজ্ঞতা আৰু পৰামৰ্শ আমাৰ বাবে অতি মূল্যৱান। আজিও দেউতাই আমাৰ কামবোৰ সদায় চোৱা-চিতা কৰাৰ দৰে নিৰীক্ষণ কৰি আছে, আৰু যদি কৰোবাত কিবা ভূল থাকি গৈছে, সেইবোৰ আমাৰ দৃষ্টিগোচাৰ কৰি আহিছে।"
মঞ্চ নিৰ্মাণত কাঠ, ফাইবাৰ, ভাস্কৰ্যশৈলী আৰু আধুনিক আলোকসজ্জাৰ সংমিশ্ৰণ ব্যৱহাৰ কৰা হৈছে। মঞ্চৰ বিভিন্ন অংশত অসমীয়া লোক-সংস্কৃতিৰ প্ৰতীকী ৰূপ, পৰম্পৰাগত নক্সা আৰু স্থাপত্যশৈলীৰ আভাস ফুটাই তোলা হৈছে। বিশেষকৈ সত্ৰ সংস্কৃতি, নামঘৰীয়া পৰিৱেশ আৰু অসমৰ পৰম্পৰাগত শিল্পৰ বিভিন্ন উপাদান মঞ্চৰ অলংকৰণত অন্তৰ্ভুক্ত কৰা হৈছে।
এই মঞ্চখন কেৱল ৰাজনৈতিক অনুষ্ঠানৰ বাবে সাজি উঠা এখন মঞ্চ নহয়, বৰং অসমৰ সংস্কৃতি আৰু ঐতিহ্যক দেশৰ আগত উপস্থাপন কৰাৰ এক বিশেষ মাধ্যম। অনুষ্ঠানত উপস্থিত অতিথিসকলে যাতে অসমৰ ঐতিহ্য আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক অনুভৱ লাভ কৰিব পাৰে, তাৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হৈছে।
সততে বিজেপি চৰকাৰখনক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰোধী চৰকাৰ বুলি কোৱা হয়, যদিও আজি সেই চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ মূল মঞ্চ নিৰ্মাণৰ দ্বায়িত্ব অৰ্পন কৰা হৈছিল সংখ্যালঘু সম্প্ৰদায়ৰ দুজনকৈ বিশিষ্ট ব্যক্তিক।
খানাপাৰাত নিৰ্মাণ কৰা এই বিশেষ মঞ্চখনে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে অসমৰ গৌৰৱোজ্জ্বল ঐতিহ্যকো দেশজুৰি নতুনকৈ উজলাই তুলিছে। মঞ্চ নিৰ্মাণৰ এই উদ্যোগে পুনৰ এবাৰ প্ৰমাণ কৰিছে যে, অসমীয়া শিল্প আৰু সংস্কৃতিৰ শিপা কিমান গভীৰ আৰু সমৃদ্ধ। আধুনিকতাৰ মাজতো যে নিজৰ পৰম্পৰা আৰু সংস্কৃতিক সজীৱভাৱে দাঙি ধৰাৰ এই প্ৰয়াসক সকলোৱে প্ৰশংসা কৰিছে।
উল্লেখ্য যে, পদ্মশ্ৰী নুৰুদ্দিন আহমেদে ১৯৭৫ চনৰ পৰা হিন্দু ধৰ্মাৱলম্বী দেৱ-দেৱীৰ মূৰ্তি নিৰ্মাণ আৰু চিত্ৰাংকন কৰি অহিছে। ইছলামত যিহেতু মূৰ্তি উপাসনা নিষিদ্ধ, সেয়েহে আৰম্ভণিতে তেওঁ বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু বৰ্তমান হিন্দু আৰু মুছলমান উভয়েই তেওঁৰ কামক আকোঁৱালি লৈছে আৰু প্ৰশংসা কৰি আহিছে। আৰু এতিয়া তেওঁৰ সেই পদাংক অনুসৰণ কৰিছে তেওঁৰ দুই পুত্ৰ দীপ আহমেদ আৰু ৰাজ আহমেদে। নুৰুদ্দিন আহমেদে নিজৰ কৰ্ম, নিষ্ঠা আৰু দীৰ্ঘদিনীয়া সাধনাৰে সমাজলৈ যি মূল্যবান অৱদান আগবঢ়াই আহিছে, তাৰ বাবেই শেহতীয়াকৈ তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানীত কৰা হৈছে।
নলবাৰী জিলাৰ হাতিকুঁছিত জন্মলাভ কৰা কলাসুলভ ব্যক্তি পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ ঐকাত্মিক সাধনা, আশাসুধীয়া প্ৰচেষ্টা আৰু শ্ৰমৰ ফলত অনন্য ৰূপত প্ৰতিভাত হৈ আহিছে অলেখ কীৰ্তি। তেওঁৰ হাতৰ পৰশত বিগত সময়ছোৱাত প্ৰাণ পাই উঠিছে ঐতিহাসিক স্মাৰক, বহু কালজয়ী দৃশ্য, ধ্ৰুপদী শিল্প, বিশিষ্ট ব্যক্তিৰ পূৰ্ণাংগ মূৰ্তি আদি।
শৈশৱৰে পৰাই কলা-শিল্পৰ প্ৰতি দুৰ্বাৰ আৰ্কষণ অনুভৱ কৰা নুৰুদ্দিন আহমেদ সৃষ্ট বিভিন্ন বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তি, অসমৰ ভিন্ন সংস্কৃতিৰ প্ৰতীকী ৰূপ, ঐতিহ্য বিজড়িত অনেক সম্পদৰ চানেকি আদিয়ে তেওঁৰ কলাত্মক সৃষ্টিৰ অনন্য নিদৰ্শন দাঙি ধৰি আহিছে। অসম বাসীয়ে অকালতে হেৰুওৱা সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিকী ৰূপ দিয়া তথা বিগত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা সৰুসজাইৰ 'ঝুমইৰ বিনন্দিনী'ৰ মূল তোৰণ। অনুষ্ঠানৰ মূল মঞ্চ সজোৱাৰ পৰা আদি কৰি 'এড্ভাণ্টেজ আছাম ২.০'ৰ বাবে বৰঝাৰৰ পৰা খানাপাৰালৈ মুঠ ২০খনকৈ আদৰণি তোৰণ দৃষ্টিনন্দন ৰূপত সজাই-পৰাই তোলাৰ গধূৰ দায়িত্বও তেওঁৰ হাততেই ন্যস্ত আছিল।
দুৰ্গা পূজাত বাঁহেৰে ১০১ ফুট উচ্চ মূৰ্তি নিৰ্মাণ কৰি ২০১৭ চনত 'গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ'ৰ বাবে সাজু হৈছিল, যদিও দুৰ্ভাগ্যৱশত এজাক ধুমুহা-বৰষুণে সেই মূৰুতিৰ অনিষ্ট সাধন কৰাত সেই বিশ্ব অভিলেখ গঢ়িব নোৱাৰিলে। কিন্তু সেই ধুমুহায়ো যেন নুৰুদ্দিন আহমেদৰ মনোবল ভাঙিব নোৱাৰিলে; বৰং বঢ়ালেহে। ২০১৭ চনৰেই দুৰ্গা পূজালৈ মাত্ৰ ছদিন বাকী থাকোতে দিন-ৰাতি একাকাৰ কৰি মূৰ্তিটো পুনৰ্নিমাণত ব্যস্ত হোৱাৰোপৰি সেই কাম এসপ্তাহলৈ এদিন বাকী থাকোতেই সম্পূৰ্ণ কৰাৰ পিছত সেই মূৰ্তিটো 'লিমকা বুক অফ ৰেকৰ্ডছ'ত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হয়।
২০২৫ চনৰ আৰম্ভণিতে অনুষ্ঠিত অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰো বিজ্ঞান মেলা প্ৰাণ পাই উঠিছিল নুৰুদ্দিন আহমেদৰ হাতৰ পৰশতে। মহাভাৰতৰ পাণ্ডৱ ৰাজ্যৰ ৰাজধানী ইন্দ্ৰপ্ৰস্থ, দ্য গ্ৰেট ৱাল অফ চাইনা, ৰোমৰ কল'চিয়ামকে ধৰি বিভিন্ন চমকপ্ৰদ কলাসুলভ কৰ্মৰে খ্যাতি অৰ্জন কৰা নুৰুদ্দিন আহমেদ নিজেই এগৰাকী সফল শিল্পী হোৱাৰ সমানে তেওঁৰ প্ৰচেষ্টাত জন্ম পোৱা কাহিলীপাৰাস্থিত ৰাজদ্বীপ ষ্টুডিঅ'ই বহু কলাশিল্পী আৰু ভাস্কৰ্যশিল্পীৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক জীৱন আৰু জীৱিকাৰ পথো প্ৰদৰ্শন কৰিছে।