শিক্ষকতাৰ মোহ: আকৰ্ষনীয় ওকালতিৰ পেছা এৰি শ্ৰেণীকোঠাৰ পৃথিৱী বাছি লোৱা শ্বেহনাজ ৰহমান

Story by  Munni Begum | Posted by  Munni Begum • 52 m ago
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান
 
মুন্নী বেগম / গুৱাহাটী
 
শিক্ষকতাৰ মোহ এনেকুৱাও হ'ব পাৰে যে, এগৰাকী প্ৰতিষ্ঠিত আইনজীৱীয়ে আদালতৰ ব্যস্ততা তথা ওকালতিৰ দৰে আকৰ্ষনীয় পেছা এৰি, বাছি লৈছিল শ্ৰেণীকোঠাৰ পৃথিৱী। পেছাগত সফলতা, পৰিচিতি আৰু প্ৰতিষ্ঠা লাভ কৰাৰ পিছতো মনটোৱে তেওঁক সেই পেছাটোৰ প্ৰতি আকৰ্ষিত কৰি আহিছিল, যিটোৰ সপোন  তেওঁ শৈশৱৰ পৰাই হৃদয়ৰ নিভৃত কোণত কঢ়িয়াই লৈ ফুৰিছিল। আদালতৰ মজিয়াত আইনৰ যুঁজ চলোৱাৰ সমান্তৰালকৈ শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক জ্ঞান বিলাই অহা গুৱাহাটীৰ জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমানৰ বাবে অৱশেষত শিক্ষকতাই হৈ পৰিল জীৱনৰ আটাইতকৈ প্ৰিয় অধ্যায়। আইনী পেছাই তেওঁক পৰিচয় দিছিল, কিন্তু শিক্ষকতাতে তেওঁ বিচাৰি পাইছিল তেওঁৰ জীৱনৰ উদ্দেশ্য।   
 
গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা, আইনী মধ্যস্থতাকাৰী শ্বেহনাজ ৰহমানৰ বাবে শিক্ষকতা কেৱল মাত্ৰ এটি চাকৰি নহয় বৰং ই হৈছে তেওঁৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। জীৱনে তেওঁক আদালতৰ মজিয়ালৈ লৈ গৈছিল আৰু যদিও হাতত তুলি দিছিল আইনৰ কিতাপ; তথাপিও অৱশেষত তেওঁ উভতি আহিছিল সেই ঠাইলৈ, য’ত তেওঁৰ মনটো সৰুৰে পৰাই ৰৈ গৈছিল, সেইয়া হৈছে শিক্ষকতা। কাৰণ শিক্ষকতা তেওঁৰ বাবে কেৱল কৰ্মজীৱনৰ এটা অধ্যায় নহয়, ই হৈছে তেওঁৰ হৃদয়ৰ টান। 
 
এক অনুষ্ঠানত বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান
 
শৈশৱৰ পৰাই শ্বেহনাজ ৰহমানে সদায় এগৰাকী শিক্ষক হ’ব বিচাৰিছিল। সেই উদ্দেশ্যৰেই তেওঁ ৰাজনীতি বিজ্ঞান বিষয় লৈ পঢ়া-শুনা কৰিছিল। তেওঁ কটন বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি ডক্টৰেট ডিগ্ৰীও সম্পূৰ্ণ কৰিছিল। ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰাৰ মূল উদ্দেশ্য আছিল ভৱিষ্যতে যাতে তেওঁ শিক্ষকতাক পেছা হিচাপে গ্ৰহণ কৰিব পাৰে। সেই সময়তে শ্বেহনাজে আইনৰ ডিগ্ৰীও লাভ কৰিছিল।     
 
কিন্তু জীৱনৰ গতিপথ সদায় পৰিকল্পনামতে নচলে। ডক্টৰেট সম্পূৰ্ণ কৰি থকা সময়তে তেওঁৰ কৰ্মজীৱনৰ ক্ষেত্ৰতো কিছু পৰিৱৰ্তন আহিছিল। ডক্টৰেট সম্পূৰ্ণ কৰাৰ সময়ত শিক্ষকতাৰ সুযোগ সহজে নোপোৱাত তেওঁ জ্যেষ্ঠ ভগ্নীৰ পৰামৰ্শত আদালতত ওকালতি আৰম্ভ কৰিছিল। লাহে লাহে আইনী পেছাতো নিজৰ পৰিচয় গঢ়ি তুলিছিল শ্বেহনাজে। কিন্তু আদালতৰ ব্যস্ততাৰ মাজতো তেওঁৰ মনৰ ভিতৰত জীয়াই আছিল শিক্ষক হোৱাৰ সেই পুৰণি সপোনটো।  
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত শ্বেহনাজ ৰহমানে কয়, "মই ১৯৮৮ চনত বি বৰুৱা কলেজত অংশকালীন অধ্যাপক হিচাপে কাম কৰাৰ সুযোগ লাভ কৰিছিলো। কিছুদিন পিছতে সেই সময়ত পানবজাৰত থকা চৰকাৰী আইন মহাবিদ্যালয়ৰ তদানীন্তন অধ্যক্ষ হৰেন কলিতা ছাৰে মোক অতিথি অধ্যাপক হিচাপে পাঠদান কৰোৱাবলৈ আমন্ত্ৰণ জনাইছিল। মই এই সুযোগটো পোৱাৰ লগে লগে দ্বিতীয়বাৰ একো চিন্তা নকৰাকৈ তেওঁৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিলো। সেইদৰেই আৰম্ভ হয় মোৰ এক নতুন যাত্ৰা। অতিথি অধ্যাপকৰ পৰা অংশকালীন অধ্যাপক, আৰু অৱশেষত ১৯৯৫ চনত চৰকাৰী আইন মহাবিদ্যালয়ত পূৰ্ণকালীনভাৱে অতিথি অধ্যাপক হিচাপে যোগদান কৰিছিলো।"  
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান
 
দিনৰ ভাগত আদালতত আইনী পেছা আৰু সন্ধিয়াৰ সময়ত শ্ৰেণীকোঠাৰ পাঠদান, এই দুয়োটা দায়িত্ব একেলগে পালন কৰি শ্বেহনাজে উপলব্ধি কৰিছিল যে, আইন তেওঁৰ বাবে পেছা হ’ব পাৰে, কিন্তু শিক্ষকতা তেওঁৰ হৃদয়ৰ বাবে প্ৰয়োজন। তেওঁ কয়, "মই দুয়োটা ক্ষেত্ৰতে কাম কৰি তুলনা কৰি চাইছিলোঁ। আইনী পেছাৰ নিজৰ এটা আকৰ্ষণ আছে, কিন্তু শিক্ষকতাৰ পৰা যি সন্তুষ্টি পাওঁ, সেইটো সম্পূৰ্ণ পৃথক। লাহে লাহে মই বুজি উঠিছিলোঁ যে, শিক্ষকতা মই কেতিয়াও এৰিব নোৱাৰোঁ।"  
 
শিক্ষকতা আৰু আইনী পেছাৰ এই যুগল অভিজ্ঞতাই শ্বেহনাজ ৰহমানক এগৰাকী অনন্য শিক্ষয়িত্ৰী হিচাপে গঢ়ি তুলিছে। আইন কেৱল কিতাপৰ বিষয় নহয়; ইয়াৰ সৈতে জড়িত হৈ আছে বাস্তৱ জীৱন, আদালত, মানুহ আৰু সমাজ। আদালতত কাম কৰাৰ অভিজ্ঞতাৰে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ বাহিৰৰ পৃথিৱীখনো চিনাকি কৰাই দিব পাৰিছে। আদালত ভ্ৰমণ, আইন-সজাগতা শিবিৰ, ব্যৱহাৰিক শিক্ষা অথবা গোচৰ পৰিচালনাৰ বাস্তৱ অভিজ্ঞতা আদি সকলোবোৰ বিষয় ছাত্ৰ-ছাত্ৰীসকলক নিজৰ অভিজ্ঞতাৰ পৰাই তেওঁ সহজেই বুজাই দিব পাৰিছিল। তেওঁ কয়, "ছাত্ৰ-ছাত্ৰীসকলে কিতাপত পঢ়াতকৈ বাস্তৱ পৰিস্থিতিৰ সৈতে জড়িত হৈ শিকিলে বিষয়টো অধিক গভীৰভাৱে বুজি পায়।"  
 
কিন্তু শিক্ষকতাৰ সৈতে শ্বেহনাজ ৰহমানৰ সম্পৰ্কৰ আটাইতকৈ আবেগিক অধ্যায়টো লুকাই আছে তেওঁৰ ব্যক্তিগত জীৱনৰ এক অতি কঠিন সময়ত। শ্বেহনাজে মেঘালয় চৰকাৰৰ চৰকাৰী অধিবক্তা হিচাপে দায়িত্ব পালন কৰি থকা সময়তে তেওঁৰ স্বামীৰ আকস্মিকভাৱে হৃদ্‌যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছিল। মাত্ৰ এঘণ্টাৰ ভিতৰতে শ্বেহনাজৰ জীৱনটো যেন সম্পূৰ্ণ সলনি হৈ গৈছিল। তেওঁ গভীৰভাৱে মানসিক আঘাতত ভাঙি পৰিছিল। আইনী পেছাৰ বাবে যি একাগ্ৰতা, সময় আৰু মানসিক শক্তিৰ প্ৰয়োজন হয়, সেই সময়ত সেইবোৰৰ মাজত ভাৰাম্য বজাই ৰখাটো তেওঁৰ বাবে কঠিন হৈ পৰিছিল। তেনে সময়তে শিক্ষকতাই যেন তেওঁক পুনৰ জীৱনলৈ উভতাই লৈ আহিছিল। কিয়নো শ্ৰেণীকোঠালৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কথা পতা, তেওঁলোকৰ প্ৰশ্ন শুনা, তেওঁলোকক পঢ়োৱা আদিবোৰেই লাহে লাহে তেওঁৰ মনৰ দুখ, অশান্তি পাতল কৰাত সহায় কৰিছিল। তেওঁ অনুভৱ কৰিছিল, শিক্ষকতা যেন তেওঁৰ বাবে এক মানসিক শক্তি। 
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান
 
শ্বেহনাজে কয়, "মোৰ স্বামীৰ মৃত্যুৰ পিছত মই মানসিকভাৱে যথেষ্ট ভাঙি পৰিছিলোঁ। কিন্তু শিক্ষকতাৰ কামটোৱে মোক এগৰাকী মাতৃ, এগৰাকী চিকিৎসক, এগৰাকী বন্ধু তথা এগৰাকী পৰিয়ালৰ সদস্যৰ দৰে জীয়াই থকাৰ সাহস দিয়াৰ লগতে সহায় কৰিছিল। ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ গ’লে মই মোৰ দুখ কিছু সময়ৰ বাবে পাহৰি যাব পাৰিছিলোঁ। যিয়ে মোক জীয়াই থকাৰ বাবে নতুন প্ৰেৰণা আৰু উৎসাহ দিছিল। জীৱনৰ সৈতে যুজিবলৈ নতুন শক্তি প্ৰদান কৰিছিল। সেইবাবেই মই শিক্ষকতাক মোৰ জীৱনৰ বাবে একধৰণৰ থেৰাপী বুলিও মই কওঁ।”  
 
আজি শ্বেহনাজ ৰহমানৰ বহু শিক্ষাৰ্থী আইনজীৱী, ন্যায়িক বিষয়া আৰু বিভিন্ন ক্ষেত্ৰৰ পেছাজীৱী হৈ আছে। তেওঁ কয় যে, "আদালতত কোনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে মোক দেখি যেতিয়া মোৰ ওচৰলৈ আহি 'মেম, মই আপোনাৰ ছাত্ৰ আছিলোঁ' বুলি কয়, সেই সময়ত মই যি গৌৰৱ আৰু সন্তুষ্টি অনুভৱ কৰো, সেয়া মই কোনো পেছাগত সফলতাৰে তুলনা কৰিব নোৱাৰো।"  
 
শ্বেহনাজ ৰহমানে বিশ্বাস কৰে যে, এজন শিক্ষকৰ প্ৰকৃত সফলতা তেওঁৰ নিজৰ পদবী বা ব্যক্তিগত সাফল্যত নহয়; ছাত্ৰ-ছাত্ৰীৰ সফলতাতহে সেই সফলতাৰ প্ৰতিফলন দেখা পোৱা যায়। 
 
বিষ্ণুৰাম মেধি চৰকাৰী আইন মহবিদ্যালয়ৰ এক অনুষ্ঠানত প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমানে বন্তি প্ৰজ্বলন কৰাৰ এক মূহুৰ্ত
 
নতুন প্ৰজন্মৰ আইন শিক্ষাৰ্থীসকলৰ বাবে তেওঁৰ পৰামৰ্শ সৰল , যদিও গভীৰ। তেওঁ কয় যে, "মই সদায়ে নতুন প্ৰজন্মৰ আইন শিক্ষাৰ্থীসকলক সততা, নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰাৰ পৰামৰ্শ আগবঢ়াও। পঢ়া-শুনাত যেনেকৈ আন্তৰিকতা লাগে, আইনী পেছাতো তেনেকৈয়ে আন্তৰিকতাৰ খুবেই প্ৰয়োজন হয়। কেৱল এগৰাকী ভাল আইনজীৱী হোৱাই নহয়, এজন সৎ আৰু বিশ্বাসযোগ্য আইনজীৱী হোৱাটো অধিক গুৰুত্বপূৰ্ণ।"  
 
বৰ্তমান প্ৰযুক্তিৰ যুগত শিক্ষাৰ পদ্ধতি সলনি হৈছে। অনলাইন সমলৰ প্ৰচুৰতাও বৃদ্ধি হৈছে। তথাপিও মৌলিক কিতাপ, আইন, গৱেষণা আৰু বিশ্লেষণৰ কোনো বিকল্প নাই বুলি তেওঁ দৃঢ়ভাৱে উল্লেখ কৰিছে। সেয়েহে শিক্ষক আৰু শিক্ষাৰ্থী উভয়ে সময়ৰ সৈতে নিজকে নতুন জ্ঞানৰে সমৃদ্ধ কৰি ৰাখিব লাগিব। প্ৰযুক্তিৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱাটো তেওঁ সমৰ্থন নকৰে। কিয়নো নিজে পঢ়া, চিন্তা কৰা আৰু কাম কৰাৰ অভ্যাস কেতিয়াও এৰি দিব নালাগে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কিতাপ, গৱেষণামূলক আলোচনী আৰু মূল আইন পঢ়িবলৈ, গৱেষণা কৰিবলৈ, নিজে লিখিবলৈ আৰু আইনী নথি প্ৰস্তুত কৰাৰ দক্ষতা উন্নত কৰিবলৈ উৎসাহিত কৰে। তেওঁৰ মতে, আমি নতুন প্ৰযুক্তি গ্ৰহণ কৰিব লাগিব, কিন্তু মৌলিক জ্ঞান, পঢ়া আৰু বিশ্লেষণৰ বিকল্প কেতিয়াও প্ৰযুক্তি হ’ব নোৱাৰে।   
 
ভৱিষ্যতৰ লক্ষ্যৰ ক্ষেত্ৰতো শ্বেহনাজ ৰহমানৰ সিদ্ধান্ত অটল। শাৰীৰিকভাৱে কেতিয়াবা দুৰ্বল হৈ পৰিলেও তেওঁ শিক্ষকতা এৰি নিদিয়ে। হয়তো পিছলৈ তেওঁ ডাঙৰ শ্ৰেণীকোঠাত পঢ়াব নোৱাৰিব পাৰে। তথাপিও তেওঁ কণ কণ শিক্ষাৰ্থীক হ’লেও পঢ়ুৱাব। কাৰণ তেওঁৰ বাবে শিক্ষকতা চাকৰি নহয়, ই হৈছে জীৱনৰ অংশ। তেওঁ কয়, "মোৰ বাবে শিক্ষকতা কৰিম নে নকৰিম? এইটো কোনো প্ৰশ্ন নহয়। কাৰণ মই ইতিমধ্যে সিদ্ধান্ত লৈছোঁৱে। এতিয়া প্ৰশ্নটো হ’ল, ক’ত আৰু কেনেকৈ শিক্ষকতা অব্যাহত ৰাখিম। কাইলৈ যদি মই এই মহাবিদ্যালয়ত কাম কৰি যাব নোৱাৰোঁ, তথাপিও মই শিক্ষকতা এৰি নিদিওঁ। মই প্ৰশিক্ষণ কেন্দ্ৰ, ব্যক্তিগত বিশ্ববিদ্যালয়, আইন বিশ্ববিদ্যালয় অথবা আন কোনো মাধ্যমেৰে শিক্ষাদান অব্যাহত ৰাখিম। যি ধৰণে পাৰোঁ, য’তেই পাৰোঁ, ছাত্ৰ-ছাত্ৰীক পঢ়ুৱাই যাম।"  
 
ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰবক্তা তথা জ্যেষ্ঠ আধিবক্তা শ্বেহনাজ ৰহমান 
 
আইনী পেছাই শ্বেহনাজ ৰহমানক অভিজ্ঞতা, পৰিচয় আৰু পেছাগত সাফল্য দিছে। কিন্তু শিক্ষকতাই তেওঁক দিছে তাতোকৈ অধিক মূল্যৱান 'জীৱনৰ উদ্দেশ্য'। জীৱনে যেতিয়া তেওঁক গভীৰভাৱে ভাঙি পেলাইছিল, শিক্ষকতাই তেওঁক পুনৰ থিয় হ’বলৈ সহায় কৰিছিল। আৰু যেতিয়া জীৱনটোক আগুৱাই নিয়াৰ শক্তি কমি আহিছিল, ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ পৰাই লাভ কৰিছিল তেওঁ জীয়াই থকাৰ এক নতুন শক্তি। সেইবাবেই শ্বেহনাজ ৰহমানৰ জীৱনক হয়তো এষাৰ কথাৰে সামৰিব পাৰি যে, আদালতে তেওঁক আইন শিকাইছিল, কিন্তু শ্ৰেণীকোঠাই তেওঁক জীৱন শিকাইছিল।  
 
এই শিক্ষক দিৱসৰ প্ৰাক্‌মূহুৰ্তত তেওঁৰ কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে, আমি আনৰ জীৱন আলোকিত কৰিবলৈ যি পোহৰ বিলাই দিওঁ, কেতিয়াবা সেই একেটা পোহৰেই আমাৰ নিজৰ জীৱনৰ অন্ধকাৰ সময়তো পথ দেখুৱায়।