আৰিফুল ইছলাম/গুৱাহাটী
অসম এখন কৃষিপ্ৰধান ৰাজ্য। অতীজৰে পৰা ৰাজ্যৰ অধিকাংশ জনসাধাৰনে কম-বেছি পৰিমানে পথাৰত সোনগুটি সিঁচি আহিছে। সময়ৰ লগে লগে ৰাজ্যখনৰ কৃষিত নতুন নতুন দিশ সংযোজিত হৈ আহিছে। অসমৰ কৃষিখণ্ডই এতিয়া এক ঐতিহাসিক পৰিৱৰ্তনৰ মাজেৰে গতি কৰিছে। পৰম্পৰাগত ধান আৰু চাহ খেতিৰ পথাৰত এতিয়া কেৱল ট্ৰেক্টৰৰ শব্দই নহয়, ড্ৰোনৰ গুণগুণনি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ চমৎকাৰো দেখিবলৈ পোৱা গৈছে। প্ৰতি বছৰে বানপানী আৰু বতৰৰ প্ৰতিকূলতাৰ দৰে চিৰাচৰিত সমস্যাবোৰ অতিক্ৰম কৰিবলৈ ৰাজ্যৰ কৃষকে এতিয়া নৱপ্ৰজন্মৰ 'এগ্ৰিটেক' ষ্টাৰ্টআপসমূহৰ ওপৰত ভৰসা কৰিছে, যিয়ে কৃষিক্ষেত্ৰলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।
শেহতীয়া তথ্য অনুসৰি, ১২০ টাতকৈও অধিক স্বীকৃতিপ্ৰাপ্ত কৃষি ষ্টাৰ্টআপৰ সৈতে অসমে সমগ্ৰ ভাৰতৰ ভিতৰত ১৭ সংখ্যক স্থান লাভ কৰিছে। এই যাত্ৰাক অধিক খৰতকীয়া কৰাৰ লক্ষ্যৰে যোৱা ২৪ আগষ্টত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।
AI ৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিনিধিত্বমূলক ছবি
যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ নীটহাব আৰু অসম উদ্ভাৱন আৰু ষ্টাৰ্টআপ ফাউণ্ডেচনৰ মাজত এক ঐতিহাসিক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ জৰিয়তে নীটহাবে এতিয়া গুৱাহাটীৰ আমবাৰীস্থিত 'অসম ষ্টাৰ্টআপ- দ্য নেষ্ট'ৰ পৰা নিজৰ কাম-কাজ পৰিচালনা কৰিব। ইয়াৰ ফলত ৰাজ্যৰ গৱেষক আৰু কৃষকৰ সৈতে বিনিয়োগকাৰী তথা বজাৰ বিশেষজ্ঞসকলৰ পোনপটীয়া সংযোগ স্থাপন হোৱাৰ পথ প্ৰশস্ত হৈছে।
অসমৰ পথাৰৰ পৰিচালনাত এতিয়া অত্যাধুনিক প্ৰযুক্তিৰ প্ৰৱেশ ঘটিছে।আই আই টি গুৱাহাটী আৰু 'বায়'নেষ্ট'ৰ সহযোগত ইউ পি ই এছ বিশ্ববিদ্যালয়ে ১৮ মহীয়া এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে উদ্ভাৱকসকলে স্থানীয় কৃষি সমস্যা আৰু স্বচ্ছ শক্তিৰ ক্ষেত্ৰত AI চালিত প্ৰযুক্তি উদ্ভাৱন কৰিব।
'কিষাণ ড্ৰোন'ৰ জৰিয়তে মাত্ৰ কেইটামান মিনিটতে কেইবা একৰ কৃষিভূমিত সাৰ আৰু কীটনাশক নিখুঁতভাৱে ছটিয়াব পাৰি। ই শ্ৰমিকৰ নাটনি দূৰ কৰাৰ লগতে সময় আৰু ব্যয়ো বহুল পৰিমাণে হ্ৰাস কৰিছে। লগতে, কৃষকক নিজ হাতে বিষাক্ত ৰাসায়নিক পদাৰ্থ ছটিওৱাৰ স্বাস্থ্যজনিত বিপদৰ পৰা ৰক্ষা কৰিছে। মাল্টিস্পেক্ট্ৰেল কেমেৰাযুক্ত আধুনিক ড্ৰোনৰ সহায়ত মাটিৰ গুণাগুণ পৰীক্ষা, শস্যৰ স্বাস্থ্য নিৰীক্ষণ আৰু ৰোগৰ আগতীয়া চিনাক্তকৰণ সম্ভৱ হৈ উঠিছে।
তাৰোপৰি অসমৰ দৰে বানপানীপ্ৰৱণ ৰাজ্যত বানৰ পিছত শস্যৰ ক্ষয়-ক্ষতিৰ দ্ৰুত আৰু সঠিক মূল্যায়ন কৰাত এই ড্ৰোনসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ লগতে ড্ৰোন পাইলটৰ প্ৰশিক্ষণ প্ৰদান কৰি গ্ৰামাঞ্চলৰ নিবনুৱা যুৱক-যুৱতীসকলক নতুন কৃষি-উদ্যোগী হিচাপে গঢ়ি তোলাৰ সম্ভাৱনা মুকলি হৈছে।
AI ৰ দ্বাৰা প্ৰস্তুত কৰা প্ৰতিনিধিত্বমূলক ছবি
এই প্ৰযুক্তিগত নৱজাগৰণত বিশেষ ভূমিকা পালন কৰিছে ৰাজ্যৰ কেইটামান বিশেষ ষ্টাৰ্টআপে। তাৰে ভিতৰত অন্যতম এগ্ৰিথিংক ছাৰ্ভিচেছ। এই ষ্টাৰ্টআপটোৱে বতৰৰ পৰিৱৰ্তনৰ লগত খাপ খোৱাকৈ এক স্মাৰ্ট মাইক্ৰ'ক্লাইমেট নিয়ন্ত্ৰণ ব্যৱস্থা উদ্ভাৱন কৰিছে। ইয়াৰ জৰিয়তে গ্ৰীণহাউছ আৰু কাঠফুলা খেতিৰ উষ্ণতা আৰু আৰ্দ্ৰতা ম'বাইল ফোনৰ জৰিয়তেই নিয়ন্ত্ৰণ কৰিব পাৰি। দ্বিতীয়তে চমুৱা ইঞ্জিনীয়াৰিং। অসমৰ মাটি আৰু পৰিৱেশৰ উপযোগী হোৱাকৈ কম খৰচী তথা বেটাৰিচালিত কৃষি সঁজুলি নিৰ্মাণ কৰি এই প্ৰতিষ্ঠানটোৱে বিশেষ চমক প্ৰদান কৰিছে।
কেৱল শস্যৰ পথাৰতে নহয়, আধুনিক প্ৰযুক্তিৰ সহায়ত পশুধনৰ মানদণ্ড বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সমানে গুৰুত্ব আৰোপ কৰা হৈছে।
উল্লেখযোগ্য যে, গ্ৰামাঞ্চলত ডিজিটেল সাক্ষৰতাৰ অভাৱ আৰু বাৰিষাৰ প্ৰলয়ংকাৰী বানপানীৰ দৰে প্ৰত্যাহ্বান আজিও বিদ্যমান। তথাপিও, নৱপ্ৰজন্মৰ প্ৰযুক্তিগত জ্ঞানে অসমৰ কৃষিক্ষেত্ৰলৈ যি যোগাত্মক পৰিৱৰ্তন আনিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়। পৰম্পৰাগত খেতিৰ পৰা এক বৃহৎ জাঁপ মাৰি, অসম এতিয়া সমগ্ৰ উত্তৰ-পূব ভাৰতৰ এক অগ্ৰণী কৃষি-প্ৰযুক্তি কেন্দ্ৰ হিচাপে জিলিকি উঠিবলৈ সম্পূৰ্ণৰূপে সাজু।