ছিকিমকে ধৰি ৬খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Story by  atv | Posted by  Munni Begum • 2 h ago
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
 
নতুন দিল্লী
 
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমবাৰে কেৰালাম, তামিলনাডু, ওড়িশা, কৰ্ণাটক, উত্তৰাখণ্ড, ছিকিমকে ধৰি ৬খন ৰাজ্যত নতুন ৰাজ্যপাল নিযুক্তি দিয়ে। 
 
ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেৰালামৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে৷ কেৰালামৰ নতুন ৰাজ্যপাল হ’ব ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ ৷ দুষ্যন্ত গৌতমক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ 
 
ঝাৰখণ্ড বিজেপিৰ জ্যেষ্ঠ নেতা ব্ৰজ মোহন ৰামক ওড়িশাৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ সুধা যাদৱক কৰ্ণাটকৰ ৰাজ্যপাল আৰু ধল সিং বিসেনক উত্তৰাখণ্ডৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ এই নিযুক্তিসমূহ ৰাজ্যপালসকলে নিজৰ নিজৰ পদৰ দায়িত্ব লোৱাৰ তাৰিখৰ পৰা কাৰ্যকৰী হ’ব৷
 
এই নিযুক্তিসমূহক আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংগঠনিক, জাতি আৰু আঞ্চলিক সংহতিৰ সমাধানৰ উপায় হিচাপে দেখা গৈছে৷ বিশেষকৈ ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ৰাজ্য তামিলনাডু আৰু কেৰালামত অভিজ্ঞ বিজেপি নেতাক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷  
 
ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ পূৰ্ণকালীন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে৷ কেৰালামৰ বাসিন্দা আৰ্লেকাৰে বিগত কেইবামাহো ধৰি তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্ব চম্ভালি আহিছিল৷ মাৰ্চ মাহত আৰ এন ৰবিক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ পিছৰে পৰা অতিৰিক্তভাৱে তামিলনাডুৰ দায়িত্ব গ্ৰহণ কৰিছিল৷ আৰ্লেকাৰ ৰাজনৈতিক আৰু প্ৰশাসনিক অভিজ্ঞতাৰে পুষ্ট৷ তেওঁ গোৱা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ৷ ইয়াৰ পূৰ্বে তেওঁ হিমাচল প্ৰদেশ আৰু বিহাৰৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে৷ 
 
ওম প্ৰকাশ মাথুৰ এজন প্ৰবীণ আৰু অভিজ্ঞ বিজেপি নেতা আৰু ৰাজস্থানৰ ৰাজ্যসভাৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে৷ ২০২৪ চনৰ জুলাই মাহত তেওঁক ছিকিমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল৷
 
ব্ৰজ মোহন ৰাম পালামুৰ প্ৰাক্তন লোকসভা সাংসদ। তেওঁ হৰি বাবু কাম্ভমপতিৰ ঠাইত ওড়িশাত কাৰ্যভাৰ গ্ৰহণ কৰিব। হেন্দ্ৰগড়ৰ বিজেপিৰ প্ৰাক্তন সাংসদ সুধা যাদৱ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণী আয়োগৰো প্ৰাক্তন সদস্য। থাৱাৰচন্দ গেহলটৰ ঠাইত কৰ্ণাটকত তেওঁক নিযুক্তি দিয়া হৈছে।
 
দুষ্যন্ত গৌতম ৰাজ্যসভাৰ প্ৰাক্তন সদস্য। তেওঁ ছিকিমত ওম প্ৰকাশ মাথুৰক স্থলাভিষিক্ত কৰিছে। মাথুৰক কেৰালামলৈ বদলি কৰা হৈছে। ধল সিং বিসেনে মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।