গুৱাহাটী
ভাৰত চৰকাৰৰ যুটীয়া সচিব হিচাপে নিযুক্তিৰ বাবে পেনেলভুক্ত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে পৰিগণিত হৈছে ড° বৰ্ণালী ডেকা। যোৱা বছৰৰ আগষ্ট মাহত ডেপুটেশ্যনত কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে ড° ডেকাই অসমৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
অসমত নিজৰ কৰ্মজীৱনৰ সময়ছোৱাত ড° ডেকাই পাঁচখন জিলা ক্ৰমে- বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰীত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। তেওঁ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা উন্নয়ন মিছন আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক, আৰু লগতে সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালকৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছে।
তেওঁ স্বাস্থ্য বিভাগৰ সচিব, নগৰ উন্নয়ন বিভাগৰ সচিব, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ সচিব, আৰু দক্ষতা, সৱলীকৰণ আৰু উদ্যোগশীলতা উন্নয়ন বিভাগৰ সচিব হিচাপেও সেৱা আগবঢ়াইছে। ইয়াৰ উপৰিও তেওঁ অসম আৰু বড়োলেণ্ড প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
অসামৰিক সেৱাত যোগদান কৰাৰ আগতে ড° ডেকাই কৰ্পৰেট খণ্ডত টাটা কন্সালটেন্সি চাৰ্ভিচেছৰ গ্ল'বেল কন্সালটিং প্ৰেকটিচ আৰু এ.এন.জেড বেংকত বিজনেছ এনালাইষ্ট আৰু অভিযন্তা হিচাপে কাম কৰিছিল।
তেওঁ ইউ.পি.এছ.চি. পৰীক্ষাত ৮২ সংখ্যক স্থান লাভ কৰি আই.পি.এছ.ৰ বাবে নিৰ্বাচিত হৈছিল আৰু পৰৱৰ্তী সময়ত ১৬ সংখ্যক স্থান লাভ কৰি আই.এ.এছ.ৰ বাবে নিৰ্বাচিত হয়।
ড° ডেকাৰ কম্পিউটাৰ চাইন্সত বি.টেক., বিত্তীয় বিষয়ৰ মাইনৰ সৈতে চিষ্টেমছ আৰু অপাৰেচনছত এম.বি.এ., এল.এল.বি. আৰু বাণিজ্য শাখাত পি.এইচ.ডি. ডিগ্ৰী আছে। তেওঁ নতুন দিল্লীৰ আৰ.কে. পুৰমৰ দিল্লী পাব্লিক স্কুল, গুৱাহাটীৰ চেইণ্ট মেৰিজ স্কুল, বেংগালুৰুৰ আৰ.ভি. কলেজ অৱ ইঞ্জিনিয়াৰিং, আৰু আই.আই.টি. বোম্বেৰ প্ৰাক্তন ছাত্ৰী।
তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল আৰু তেওঁ এগৰাকী এন.টি.এছ.ই স্কলাৰ আছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী বিশাৰদ।
জনপ্ৰশাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ড° ডেকাই কেইবাটাও স্বীকৃতি লাভ কৰিছে, যাৰ ভিতৰত এখন আকাংক্ষিত জিলাত উদ্ভাৱনমূলক কামৰ বাবে লাভ কৰা 'প্ৰাইম মিনিষ্টাৰ্ছ এৱাৰ্ড ফৰ এক্সেলেন্স ইন পাব্লিক চাৰ্ভিচ' আৰু দুবাৰকৈ লাভ কৰা 'ৰাষ্ট্ৰীয় ই-গভৰ্নেন্স বঁটা' অন্যতম।
পানী ব্যৱস্থাপনাৰ ক্ষেত্ৰত উদ্ভাৱনমূলক কামৰ বাবে তেওঁ দুবাৰকৈ 'ৰাষ্ট্ৰীয় জল বঁটা', নিৰ্বাচন পৰিচালনাত উদ্ভাৱনীমূলক প্ৰয়াসৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ পৰা 'শ্ৰেষ্ঠ ডি.ই.অ.' বঁটা আৰু মুখ্যমন্ত্ৰীৰ 'কৰ্মশ্ৰী' বঁটাও লাভ কৰিছে।
তেওঁৰ পদক্ষেপসমূহ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী, নিটি আয়োগ আৰু প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে স্বীকৃতি প্ৰদান কৰিছে আৰু লগতে এইবোৰক অনুকৰণযোগ্য শ্ৰেষ্ঠ আদৰ্শ হিচাপেও অনুমোদন জনোৱা হৈছে।
কোকৰাঝাৰত 'এক জিলা এক সামগ্ৰী'ৰ অধীনত তেওঁ লোৱা পদক্ষেপক কেপাচিটি বিল্ডিং কমিশ্যনে তেওঁলোকৰ জনপ্ৰশাসনৰ উদ্ভাৱন কাৰ্যসূচীৰ অধীনত প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা মানৱ সম্পদ পৰিষদত দাখিল কৰাৰ বাবে নিৰ্বাচিত কৰিছিল।
কোকৰাঝাৰৰ পোষণত 'জন ভাগীদাৰী' সন্দৰ্ভত তেওঁ কৰা কামক অমৃত জ্ঞান কোষ / আইগট কৰ্মযোগী প্লেটফৰ্মত এটা কেছ ষ্টাডী হিচাপেও প্ৰস্তুত কৰা হৈছে।
মুচৌৰীৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমীত ২০০৯ বৰ্ষৰ বেট্চৰ বাবে ড° ডেকাই শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী বিষয়াৰ (উত্তৰ-পূব) এল.ভি. ৰেড্ডী সোঁৱৰণী বঁটাও লাভ কৰিছিল।