গুৱাহাটী
১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত অনলাইন কেব সেৱা অচল হ'ব। গুৱাহাটী অনলাইন কেব চালক সমাজে অলনাইন কেব সেৱা সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অ'লা, উবেৰ, ৰেপিড' তিনিওটা প্ৰতিষ্ঠানে চালকৰ বাবে ভাৰা বৃদ্ধি কৰা, প্ৰতি কিলোমিটাৰ চৰকাৰী নিয়ম অনুসৰি নিৰ্ধাণ কৰা, এই দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে এপ ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰি চালক সমাজৰ এজন সদস্যই কয়, "গুৱাহাটীত প্ৰায় ২০ হাজাৰ কেব চালক আছে। যোৱা ৭-৮ বছৰ ধৰি পেট্ৰ'ল, ডিজেল আৰু নিত্য সামগ্ৰীৰ মূল্য অত্যাধিক বৃদ্ধি হোৱাৰ স্বত্বেও অনলাইন কেব প্ৰতিষ্ঠানসমূহৰ চালকসকলৰ প্ৰাপ্য ভাৰা বা উপার্জন বৃদ্ধি কৰা হোৱা নাই। বৰঞ্চ অর্থহীন প্ৰতিযোগিতাৰ বাবে ভাড়া কমাই চালকসকলক প্ৰতাৰণা কৰা হৈছে।"
তেওঁ লগতে কয়, "চৰকাৰ আৰু প্ৰশাসনক বাৰম্বাৰ অৱগত কৰাৰ পাছতো কোনো সুফল নোপোৱাত, গুৱাহাটীৰ সকলো দুই-চকীয়া, তিনি-চকীয়া আৰু চাৰি-চকীয়া বাহনৰ চালকসকলে ঐক্যবদ্ধ হৈ অহা ১ ছেপ্টেম্বৰ পৰা গুৱাহাটী মহানগৰীত অ'লা, উবেৰ আৰু ৰেপিড'ৰ সেৱা সম্পূর্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।"
আন এগৰাকী চালকে কয়, "আমি বিগত ৮ বছৰ ধৰি যুঁজি আছোঁ। ২-৩ বছৰ ধৰি চৰকাৰী পক্ষই এই সমস্যা সমাধানৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিল যদিও কোনো ফল নাপালোঁ। তাৰ বাবে সৰ্বসাধাৰণ কেব চালকসকল ক্ষোভিত হৈছে। পূৰ্বতে ভাৰা প্ৰতিকিলোমিটাৰ ২৫-২৮ টকা আছিল যদিও ২০২৬ বৰ্ষত ভাৰা ৯-১০ টকা প্ৰতি কিলোমিটাৰলৈ হ্ৰাস কৰিছে। প্ৰতি দিনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে ৷ কিন্তু আমাৰ ভাৰা কমি গৈছে। ইয়াৰ বাবে প্ৰতিষ্ঠান আৰু চৰকাৰী দুয়োপক্ষ দায়ী।"