গুৱাহাটী
নেপাল-তিব্বত সীমান্তত সংঘটিত হোৱা এক ভয়ংকৰ আকস্মিক বানত সন্ধানহীন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপিকা দীপালী সৰকাৰ। এই প্ৰাকৃতিক দুৰ্যোগত তেওঁৰ স্বামী তথা ৬৫ বছৰীয়া অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মানস কুমাৰ ঘোষো সন্ধানহীন হৈ থকাৰ খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, কৈলাস-মানসৰোবৰ দৰ্শনৰ উদ্দেশ্যে যোৱা ২১ আগষ্টত হাওৰা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল দম্পতীহালে। কলকাতাস্থিত ‘চলো জাই ট্ৰেভেল’ নামৰ ভ্ৰমণ সংস্থাই আয়োজন কৰা ১২ দিনীয়া এক পেকেজ টুৰৰ অধীনত তেওঁলোক নেপাললৈ গৈছিল। ৩০ জন পৰ্যটক আৰু দুজন টুৰ মেনেজাৰেৰে গঠিত দলটোৱে প্ৰথমে নিৰাপদে কাঠমাণ্ডুত উপস্থিত হৈছিল আৰু তাৰ পিছত ৰছুৱাগঢ়ী সীমান্তৰ দিশে আগবাঢ়িছিল। কিন্তু বুধবাৰে পুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় ৮:৩৫ বজাত ৰছুৱাগঢ়ী অঞ্চলত হঠাৎ অহা আকস্মিক বানত এখন দলং উটি যোৱাৰ লগতে অঞ্চলটোত ব্যাপক ধ্বংসযজ্ঞৰ সৃষ্টি হয়।
এই ধ্বংসলীলাৰ পিছত বুধবাৰে পুৱা প্ৰায় ১০:৩০ বজাৰ পৰা পৰ্যটকৰ দলটোৰ সৈতে সকলো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তেতিয়াৰে পৰা আজিলৈকে দলটোৰ কোনো এজন সদস্যৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই।
দীপালী সৰকাৰ আৰু তেওঁৰ স্বামী নিৰুদ্দেশ হোৱাৰ খবৰে পৰিয়াল আৰু আত্মীয়-স্বজনৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে। গুৱাহাটীস্থিত তেওঁলোকৰ ফ্লেটটো বৰ্তমান তলা মৰা অৱস্থাত আছে। আনহাতে, নতুন দিল্লীৰ এইমছত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা তেওঁলোকৰ কন্যা আদ্ৰিজাই এতিয়া পিতৃ-মাতৃৰ খবৰৰ বাবে তীব্ৰ উৎকণ্ঠাৰে অপেক্ষা কৰিবলগীয়া হৈছে।
দুৰ্যোগস্থলীত বৰ্তমান উদ্ধাৰকাৰী দলসমূহে উদ্ধাৰ আৰু সন্ধান অভিযান অব্যাহত ৰাখিছে। সন্ধানহীন পৰ্যটকসকলৰ পৰিয়ালসমূহে গভীৰ উদ্বেগৰ মাজেৰে আপোনজনৰ সুৰক্ষিত খবৰৰ বাবে প্ৰাৰ্থনা জনাইছে। বৰ্তমান সকলোৰে দৃষ্টি উদ্ধাৰকাৰী দলৰ পৰৱৰ্তী খবৰৰ ওপৰত নিৱদ্ধ হৈ আছে।
নেপালৰ ভয়ংকৰ বানত ভাৰতৰ লগতে অসমৰো বহু লোক সন্ধানহীন হৈছে। শুকুৰবাৰলৈ সন্ধানহীন হৈ থকা লোকসকল হৈছে- ঋতুপৰ্ণ ব্ৰহ্ম (কাৰ্বি আংলং), মন্ত্ৰী বসুমতাৰী (কাৰ্বি আংলং), সোণেশ্বৰ নাৰ্জাৰী (কাৰ্বি আংলং), ৰাহুল দৈমাৰী (গোলাঘাট), শতদল নাথ (হোজাই), পংকজ নেওগ (গুৱাহাটী), পংকজ বৰ্মন (নলবাৰী), অৰুণ মহন্ত(নলবাৰী), চমৰ বেজবৰুৱা (নলবাৰী), ডঃ দ্বীপালী সৰকাৰ (গুৱাহাটী), মানস কুমাৰ ঘোষ (গুৱাহাটী), ডঃ তীৰ্থ চলিহা (নলবাৰী)।