তামিলনাডুৰ ৰাজনীতিত নতুন সমীকৰণ; জনপ্ৰিয়ভাৱে থালাপেথী নামেৰে পৰিচিত বিজয় কোন?

Story by  atv | Posted by  Munni Begum • 1 h ago
বিজয় থালাপেথী
বিজয় থালাপেথী
 
নতুন দিল্লী
 
দক্ষিণ ভাৰতীয় চিনেমাৰ 'থালাপেথী' হিচাপে কোটি কোটি অনুৰাগীৰ হৃদয় জয় কৰা ছুপাৰষ্টাৰ বিজয়ে এতিয়া ৰাজনৈতিক মঞ্চতো এক নতুন অধ্যায় ৰচনা কৰিবলৈ সাজু হৈছে। ৰূপালী পৰ্দাৰ জনপ্ৰিয়তাৰ পৰা জনতাৰ ৰাজনীতিলৈ তেওঁৰ এই যাত্ৰাই তামিলনাডুৰ ৰাজনৈতিক পৰিৱেশত এক নতুন উত্তেজনা সৃষ্টি কৰি তামিলনাডু বিধানসভা নিৰ্বাচনত এক নিৰ্ণায়ক ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।
 
তেওঁৰ দলে তামিলনাডু ভেট্ৰি কাঝাগাম (টিভিকে) ১০০ খনতকৈও অধিক আসনত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। তেওঁৰ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজনৈতিক উচ্চতাক ৰাজ্যখনৰ সমসাময়িক ৰাজনীতিৰ অন্যতম নাটকীয় পৰিৱৰ্তন হিচাপে বিবেচিত হৈছে। 
৫১ বছৰ বয়সত বিজয়ে হয়তো শেহতীয়া কেইটামান দশকৰ ভিতৰত সচেতনভাৱে নিজৰ সফল চলচ্চিত্ৰ কেৰিয়াৰ পৰিত্যাগ কৰি ৰাজনীতিত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰা প্ৰথমগৰাকী প্ৰধান তামিল চলচ্চিত্ৰ তাৰকা। যদিও তামিলনাডুত অভিনেতাৰ ৰাজনীতিত প্ৰৱেশ কৰাৰ এক দীঘলীয়া পৰম্পৰা আছে,তথাপিও চলচ্চিত্ৰ কেৰিয়াৰৰ শিখৰত থকাৰ সময়তে ইমান স্পষ্ট আৰু ঘোষিত ৰাজনৈতিক সংকল্পৰে তেনে কৰা লোক খুব কমেই দেখিবলৈ পোৱা যায়।
 
জোচেফ বিজয় চন্দ্ৰশেখৰ নামেৰে জন্মগ্ৰহণ কৰা বিজয়ে চলচ্চিত্ৰ নিৰ্মাতা এছ এ চন্দ্ৰশেখৰ আৰু গায়িকা তথা লেখিকা শোভা চন্দ্ৰশেখৰৰ পুত্ৰ। সামাজিকভাৱে সচেতন ছবিৰ বাবে পৰিচিত তেওঁৰ পিতৃক প্ৰায়ে বাওঁপন্থী মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত বুলি গণ্য কৰা হয়। বিশেষজ্ঞসকলৰ মতে, এই প্ৰভাৱে হয়তো বিজয়ৰ আৰম্ভণিৰ চিন্তাধাৰাক গঢ় দিছিল। 
 
যদি বিজয়ে নিজৰ বৰ্তমানৰ নিৰ্বাচনী গতিবেগক জয়লৈ ৰূপান্তৰিত কৰাত সফল হয়, তেন্তে তেওঁ তামিলনাডুত এক সুপ্ৰতিষ্ঠিত পৰম্পৰা অনুসৰণ কৰিব, য’ত চলচ্চিত্ৰ ব্যক্তিত্ব বিশিষ্ট ৰাজহুৱা নেতালৈ পৰিৱৰ্তিত হয়। যিটো উত্তৰাধিকাৰৰ এম জি ৰামচন্দ্ৰন আৰু জে জয়ললিতা দৰে ব্যক্তিৰ সৈতে সামঞ্জস্য আছে। কিন্তু সমসাময়িক কিছুমান ব্যক্তি যেনে কমল হাছানৰ দৰে নহয়। যিগৰাকীৰ ৰাজনৈতিক যাত্ৰাই এতিয়ালৈকে সীমিত নিৰ্বাচনী সফলতা লাভ কৰিছে। সকলোবোৰ প্ৰত্যক্ষ কৰি এনেকুৱা অনুভৱ হৈছে যে, বিজয়ে ৰাজনীতিত প্ৰৱেশ কৰাৰ পৰিকল্পনা অতি সযতনে আৰু নিখুঁতভাৱে কৰিছে।   
 
বিজয় থালাপেথী তেওঁৰ পৰিয়ালৰ সৈতে
 
বিজয়ে ২০২৪ চনত আনুষ্ঠানিকভাৱে তামিলনাডু ভেট্ৰি কাঝাগাম দল গঠন কৰিছিল আৰু ইয়াক মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ নেতৃত্বত শাসকীয় দ্ৰাবিড় মুন্নেত্ৰ কাঝাগাম (ডি এম কে)ৰ মতাদৰ্শগত প্ৰত্যাহ্বানকাৰী হিচাপে স্থান দিছিল। নিৰ্বাচনী মিত্ৰতাৰ ওপৰত নিৰ্ভৰশীল এনে বহু নতুন মুখ আছে, কিন্তু বিজয় তেনে নহয়, তেওঁ অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল আৰু দীৰ্ঘদিন ধৰি দ্ৰাবিড় দলৰ আধিপত্য থকা ৰাজ্যখনত তেওঁ টিভিকেক এক সতেজ আৰু নতুন বিকল্প হিচাপে উপস্থাপন কৰিছিল।  
 
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে বিজয়ে মিত্ৰতা কৰিব পাৰে বুলি সময়ে সময়ে জল্পনা-কল্পনা চলি আহিছে, যদিও বিজয়ে এতিয়ালৈকে নিজৰ ৰাজনৈতিক কৌশল ৰক্ষা কৰি আহিছে আৰু কোনো ধৰণৰ স্পষ্ট প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত আছে। 
 
বিজয়ৰ ৰাজনৈতিক উত্থানৰ ভেটি হৈছে তেওঁৰ বিখ্যাত চলচ্চিত্ৰ কেৰিয়াৰ, যি তিনি দশকৰো অধিক সময় ধৰি চলিছে। ৬৯খন ছবিত মুখ্য অভিনেতা হিচাপে অভিনয় কৰি তেওঁ ভাৰতৰ সৰ্বাধিক উপাৰ্জন কৰা তাৰকাৰ ভিতৰত অন্যতম। বক্স অফিচত অসংখ্য সফলতা প্ৰদানৰ বাবে পৰিচিত তেওঁৰ ছবিসমূহে কেৱল তামিলনাডুতে নহয়, বিশ্বজুৰিও এক বৃহৎ অনুৰাগী লাভ কৰিছে আৰু অ’টিটি প্লেটফৰ্মৰ উত্থানে তেওঁৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি কৰিছে।  
আনকি হিন্দী ছবি দৰ্শকৰ মাজতো তেওঁ তেওঁৰ অভিনীত মাষ্টাৰ, চৰকাৰ, বিষ্ট, হলিডে আদি চিনেমাৰ জৰিয়তে পৰিচিত। ১৯৮৪ চনৰ "ভেট্ৰি" ছবিখনত শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ ১৮ বছৰ বয়সতে "নালায়্যা থিৰপু"ত প্ৰথম মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। বছৰ বছৰ ধৰি তেওঁ কেইবাখনো ব্লকবাষ্টাৰ ছবি প্ৰদৰ্শন কৰি তামিল চিনেমাৰ অন্যতম বিশ্বাসযোগ্য তাৰকা হিচাপে নিজৰ এক সুকীয়া স্থান দৃঢ় কৰি তুলিছে।  
 
লয়লা কলেজত শিক্ষা গ্ৰহণ কৰি বিজয়ে ভিজুৱেল কমিউনিকেশ্বন প্ৰগ্ৰেমত নামভৰ্তি কৰিছিল, যদিও তেওঁ সম্পূৰ্ণৰূপে অভিনয় কেৰিয়াৰত মনোনিৱেশ কৰিবলৈ নিজৰ শিক্ষা আধাতে এৰি দিছিল। এই সিদ্ধান্তই শেষত চিনেমাৰ জগতখনত তেওঁৰ অপৰিসীম সফলতাৰ পথ প্ৰশস্ত কৰিছিল।
 
আজি তেওঁ সম্ভাৱ্য ঐতিহাসিক নিৰ্বাচনী সফলতাৰ দুৱাৰমুখত থিয় হৈ থকাৰ সময়তে বিজয়ৰ এই যাত্ৰাই চিনেমাৰ প্ৰভাৱ আৰু ৰাজনৈতিক উচ্চাকাংক্ষাৰ ইচ্ছাকৃত মিশ্ৰণ প্ৰদৰ্শন কৰিছে। তেওঁ ক্ষমতা লাভ কৰক বা নকৰক, তেওঁৰ উত্থানে ইতিমধ্যে তামিলনাডুৰ ৰাজনৈতিক পৰিৱেশক নতুন ৰূপ দিবলৈ সাজু হৈছে।