শতানন্দ ভট্টাচাৰ্য
দেশপ্ৰেম বা দেশসেৱা কেৱল এক আৱেগ নহয়; ই হৈছে এক কঠোৰ জীৱনশৈলী আৰু সৰ্বোচ্চ ত্যাগৰ প্ৰতীক। মাতৃভূমিৰ প্ৰতি দায়বদ্ধ এজন নাগৰিকে নিজৰ কৰ্মৰে দেশৰ সুৰক্ষা আৰু প্ৰগতিত যি বৰঙণি আগবঢ়ায়, সেয়া সঁচাকৈয়ে অতুলনীয়। এই কথাষাৰকেই আখৰে আখৰে সঁচা প্ৰমাণিত কৰিছে অসমৰ শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ) জিলাৰ এটি সাধাৰণ পৰিয়ালে। বৰ্তমান এই পৰিয়ালটোৰ এক অসাধাৰণ কাহিনীয়ে সমগ্ৰ ৰাজ্য তথা দেশবাসীৰে অন্তৰ চুই যোৱাৰ লগতে নৱপ্ৰজন্মৰ বাবে দেশপ্ৰেমৰ এক নতুন জোৱাৰ কঢ়িয়াই আনিছে।
শ্ৰীভূমি জিলাৰ ৰামকৃষ্ণনগৰৰ সমীপৱৰ্তী ধলিবিল গাঁৱৰ বাসিন্দা তাছিৰ আলী। বাহ্যিক দৃষ্টিত তেওঁ এজন সাধাৰণ লোক আৰু ৰামকৃষ্ণনগৰ সদৰতে এখন সৰু কাপোৰৰ দোকান চলাই পৰিয়াল পোহপাল দি আহিছে। কিন্তু তেওঁৰ পৰিচয় ইমানতে সীমাবদ্ধ নহয়। তাছিৰ আলীৰ সাতগৰাকী সন্তানৰ ভিতৰত চাৰিজনে বৰ্তমান ভাৰতীয় সেনা বাহিনীত আৰু এজনে অসম আৰক্ষীত নিষ্ঠাৰে সেৱা আগবঢ়াই আছে। পিতৃ হিচাপে নিজৰ সন্তানক দেশৰক্ষাত নিয়োজিত হোৱা দেখি তাছিৰ আলী আজি অতিকৈ গৌৰৱান্বিত।
পৰিয়ালটোৰ কৰ্মৰত সদস্যসকলৰ অৱস্থানৰ বিষয়ে জানিবলৈ পোৱা মতে, সেনা বাহিনীত কৰ্মৰত চাৰিজন পুত্ৰৰ ভিতৰত দুজন বৰ্তমান অস্থিৰতাপূৰ্ণ কাশ্মীৰ উপত্যকাত, এজন পঞ্জাৱত আৰু আনজন অসমৰ উত্তৰ লখিমপুৰত নিৰাপত্তাৰক্ষী হিচাপে অতন্দ্ৰ প্ৰহৰীত কৰ্তব্যৰত হৈ আছে। আনহাতে, অসম আৰক্ষীত কৰ্মৰত পুত্ৰজন চুবুৰীয়া জিলা হাইলাকান্দিত নিজৰ দায়িত্ব পালন কৰি আছে। তাছিৰ আলীৰ আন এজন পুত্ৰ বৰ্তমান অধ্যয়নৰত হৈ থকাৰ লগতে তেওঁৰ একমাত্ৰ কন্যাক ইতিমধ্যে বিয়া দিয়া হৈছে। দুখৰ বিষয় যে, পুত্ৰসকলৰ এই গৌৰৱময় সাফল্য আৰু দেশৰ প্ৰতি থকা অৱদানৰ সাক্ষী হ'বলৈ তেওঁলোকৰ মৰমৰ মাতৃ বৰ্তমান ইহজগতত নাই। মাতৃৰ অবিহনেও পিতৃৰ আদৰ্শৰে ডাঙৰ-দীঘল হোৱা এই সন্তানসকলে নিজৰ গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
সন্তানসকলে ভাৰতীয় সেনা আৰু আৰক্ষী বাহিনীত যোগদান কৰা বিষয়টোক লৈ পিতৃ তাছিৰ আলী অত্যন্ত গৌৰৱান্বিত আৰু আৱেগিক। তেওঁৰ দৃঢ় বিশ্বাস যে, তেওঁৰ পুত্ৰসকলক দেখি আন নিবনুৱা যুৱকসকলো অনুপ্ৰাণিত হ'ব আৰু সেনা বাহিনীত যোগদান কৰি দেশ সেৱাত নিজকে নিয়োজিত কৰিবলৈ আগ্ৰহী হৈ পৰিব। আটাইতকৈ আচৰিত কথাটো হ'ল, পুত্ৰসকলক সেনা বা আৰক্ষীৰ চাকৰিত যোগদান কৰাবলৈ তেওঁ বিশেষ কোনো উন্নত প্ৰশিক্ষণ বা প্ৰস্তুতি চলোৱা নাছিল। সৰুতে তেওঁলোকে অতি সাধাৰণভাৱেই স্থানীয় বিদ্যালয়ত পঢ়া-শুনা কৰিছিল। কিন্তু নিজৰ একাগ্ৰতা, উৎসাহ আৰু নিৰলস প্ৰচেষ্টাৰ ফলতেই তেওঁলোকে এজন এজনকৈ সেনা আৰু আৰক্ষীৰ কঠোৰ পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতাৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে।
সেনা আৰু আৰক্ষীত নিয়োজিত তাছিৰ আলীৰ পৰিয়ালৰ ৫ সন্তান
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি তেওঁ কয়, ‘‘মোৰ ল’ৰা-ছোৱালীসকলে সৰুৰে পৰাই সাধাৰণভাৱে পঢ়ি আছিল। মোৰ সাতগৰাকী ল’ৰা-ছোৱালী। ইয়াৰ ভিতৰত চাৰিজন ভাৰতীয় সেনা বাহিনীত আছে আৰু এজন অসম পুলিচত আছে, ছোৱালীক বিয়া দিছো। মই আশাবাদী যে মোৰ ল’ৰাকেইটাৰ দেশপ্ৰেম আৰু দেশ সেৱাৰ কাম-কাজ চাই আন আন ল’ৰাও উৎসাহিত হ’ব আৰু দেশ সেৱাৰ বাবে আগুৱাই আহিব। মোৰ অন্তৰত সদাই এটা কথা আছিল যে মোৰ ল’ৰাকেইটাই ডাঙৰ হৈ কিবা এটা ভাল কাম কৰিব।’’
ইপিনে, একেটা পৰিয়ালৰে ইমানকেইজন সদস্যই দেশৰ প্ৰতিৰক্ষা আৰু আৰক্ষী বাহিনীত সফলতাৰে যোগদান কৰাটো এক বিৰল আৰু অতুলনীয় ঘটনা বুলিয়েই ধলিবিল গাঁৱৰ লোকসকলে গণ্য কৰিছে। গাঁৱৰ ৰাইজে মত প্ৰকাশ কৰিছে যে, তেওঁলোকৰ এই অৱদানে অঞ্চলটোৰ নৱপ্ৰজন্মক বিপথে যোৱাৰ পৰা ৰক্ষা কৰিব আৰু দেশ সেৱাৰ মহান ব্ৰতত ব্ৰতী হ'বলৈ উদ্বুদ্ধ কৰিব।
সেনা আৰু আৰক্ষীত নিয়োজিত তাছিৰ আলীৰ সন্তান
বৰ্তমান সময়ত সামাজিক মাধ্যমত এই অনুপ্ৰেৰণাদায়ক খবৰটো বিয়পি পৰাৰ লগে লগে সৰ্বত্ৰে এক ইতিবাচক চৰ্চা আৰম্ভ হৈছে। বিভিন্ন শ্ৰেণীৰ লোকে দেশপ্ৰেম আৰু আত্মত্যাগৰ এই অনন্য নিদৰ্শনক ভূয়সী প্ৰশংসা কৰাৰ লগতে তাছিৰ আলীৰ দৰে এজন আদৰ্শ পিতৃক অভিবাদন জনাইছে।
প্ৰকৃত অৰ্থত, তাছিৰ আলীৰ পৰিয়ালটো কেৱল শ্ৰীভূমি জিলাৰ বাবেই নহয়, সমগ্ৰ অসম তথা দেশৰ বাবে এক শক্তিশালী অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে। এন্ধাৰ ফালি পোহৰলৈ অহা এই পৰিয়ালটোৰ কাহিনীয়ে প্ৰতিপন্ন কৰে যে ইচ্ছা শক্তি আৰু দেশৰ প্ৰতি থকা ভালপোৱা থাকিলে কোনো বাধাই মানুহক নিজৰ লক্ষ্যত উপনীত হোৱাত বাধা দিব নোৱাৰে।