কেশৰ, কয়লা আৰু স্মৃতিৰ সুগন্ধ: মালিহা বেইগৰ পাকঘৰত নিজামৰ ঐতিহ্য

Story by  atv | Posted by  Nikunja Nath • 2 h ago
কেশৰ, কয়লা আৰু স্মৃতিৰ সুগন্ধ: মালিহা বেইগৰ পাকঘৰত নিজামৰ ঐতিহ্য
কেশৰ, কয়লা আৰু স্মৃতিৰ সুগন্ধ: মালিহা বেইগৰ পাকঘৰত নিজামৰ ঐতিহ্য
 
ৰত্না জি চত্ৰানী 
 
হায়দৰাবাদৰ ব্যস্ত নগৰীয়া জীৱনত আজিও এনে বহু ঠাই আছে, য'ত খাদ্য কেৱল উদৰ পুৰোৱাৰ এক উপায় নহয়, বৰঞ্চ ই হৈছে ইতিহাস, সংস্কৃতি আৰু স্মৃতিৰ এক জীৱন্ত প্ৰকাশ। বাঞ্জাৰা হিলছৰ এটি নিস্তব্ধ গলিত তেনে এখন ৰান্ধনিঘৰ অৱস্থিত, য'ত কেশৰৰ সুগন্ধ, কয়লাৰ ধোঁৱা আৰু পুৰণি ৰন্ধন প্ৰণালীৰ মাজেৰে জীৱন্ত হৈ উঠে নিজাম যুগৰ খাদ্যৰ ঐতিহ্য। এই ৰান্ধনিঘৰৰ অন্তৰালত আছে মালিহা বেইগ। যি এগৰাকী হোম চেফ, যিয়ে নিজৰ আবেগ, নিষ্ঠা আৰু পৰম্পৰাগত জ্ঞানৰ জৰিয়তে এক বিশেষ পৰিচয় গঢ়ি তুলিছে।  
 
মালিহা বেইগ কোনো আনুষ্ঠানিক ৰন্ধন প্ৰশিক্ষণ বা দীৰ্ঘ পেছাদাৰী অভিজ্ঞতাৰে পুষ্ট নহয়। তথাপিও তেওঁৰ ওচৰত আছে সেই অমূল্য সম্পদ, যাৰ সন্ধান বহু নামী-দামী হোটেল আৰু ৰেষ্টুৰেণ্টেও কৰে , যি হৈছে পূৰ্বপুৰুষৰ পৰা আহৰণ কৰা গোপন ৰেচিপি, পৰম্পৰাগত ৰন্ধন কৌশল আৰু খাদ্যৰ জৰিয়তে ইতিহাস ক'ব পৰা এক বিশেষ দক্ষতা। যাৰ বাবেই আজি তেওঁৰ ক্লাউড কিটচেন  হায়দৰাবাদৰ খাদ্যপ্ৰেমীসকলৰ মাজত এক বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। 
 
মালিহা বেইগ
 
সাম্প্ৰতিক বছৰবোৰত ভাৰতৰ খাদ্য সংস্কৃতিত এক উল্লেখযোগ্য পৰিৱৰ্তন আহিছে। এসময়ৰ সাধাৰণ ঘৰুৱা ৰান্ধনিঘৰবোৰ আজি সৃষ্টিশীলতা, উদ্যমিতা আৰু স্বকীয় পৰিচয়ৰ কেন্দ্ৰত পৰিণত হৈছে। বিশেষকৈ ক'ভিড মহামাৰীৰ পিছত "হোম চেফ"সকলৰ উত্থানে ভাৰতৰ নগৰীয়া সমাজৰ খাদ্য গ্ৰহণ, উদযাপন আৰু সামাজিক সম্পৰ্ক গঢ়ি তোলাৰ ধৰণক নতুন ৰূপ প্ৰদান কৰিছে। এই নতুন ধাৰাৰ এক উজ্জ্বল উদাহৰণ হৈছে মালিহা বেইগ। 
 
হায়দৰাবাদৰ অভিজাত বাঞ্জাৰা হিলছ অঞ্চলত থকা তেওঁৰ বাসগৃহৰ চাৰিওফালে অসংখ্য বিলাসী ৰেষ্টুৰেণ্ট, বাৰ আৰু ক্লাব আছে। তথাপিও বহু খাদ্যৰসিকে সেই সকলো আড়ম্বৰপূৰ্ণ ঠাই এৰি তেওঁৰ ঘৰৰ নিস্তব্ধ গলিটোলৈ আহে। কাৰণ ইয়াত তেওঁলোকে লাভ কৰে সতেজ উপাদানেৰে, কৃত্ৰিম সংযোজনবিহীনভাৱে আৰু পৰম্পৰাগত পদ্ধতিত প্ৰস্তুত কৰা এক আন্তৰিক খাদ্যৰ অভিজ্ঞতা। 
 
মালিহা বেইগৰ ক্লাউড কিটচেনৰ সুস্বাদু ব্যঞ্জন
 
মালিহা বেইগৰ খাদ্য তালিকাত স্থান লাভ কৰিছে হায়দৰাবাদৰ জনপ্ৰিয় ষ্ট্ৰীট ফুড, ঘৰুৱা ৰেচিপি আৰু কিংবদন্তিসম ৰেষ্টুৰেণ্টসমূহৰ বিখ্যাত খাদ্যৰ এক মনোমোহা সংমিশ্ৰণ। মালিহাৰ মতে, ভাৰতৰ বিভিন্ন মহানগৰত হোম চেফসকলে আঞ্চলিক খাদ্যক কেন্দ্ৰ কৰি পপ-আপ অনুষ্ঠান আয়োজন কৰিছে। কিন্তু তেওঁ পৰম্পৰাগত ঘৰুৱা ৰন্ধনশৈলীক ব্যক্তিগত নৈশভোজ, পাৰ্টি আৰু বিশেষ অনুষ্ঠানৰ কেটাৰিংৰ জৰিয়তে বাণিজ্যিক ডাইনিং জগতলৈ লৈ আহিবলৈ চেষ্টা কৰিছে। 
 
তেওঁ  কয়, "হায়দৰাবাদী খাদ্য হ'ল মোগলাই, তুৰ্কী, আৰবী আৰু তেলেগু ৰন্ধন পৰম্পৰাৰ এক সুন্দৰ সংমিশ্ৰণ। এই খাদ্য ঐতিহ্যৰ ভেটি স্থাপন কৰিছিল নিজামসকলে, যিসকলে বিভিন্ন দেশৰ তুৰস্ক, আফ্ৰিকা, আৰবৰে নহয় পাৰ্চী সংস্কৃতি, মানুহ আৰু সোৱাদক এই চহৰলৈ কঢ়িয়াই আনিছিল। যিহেতু তেওঁলোক পাৰ্চী বংশৰ লোক আছিল, সেয়েহে পাৰ্চীৰ সেই ঐতিহ্য আজিও হায়দৰাবাদৰ খাদ্য সংস্কৃতিত স্পষ্টভাৱে প্ৰতিফলিত হয়।
 
মালিহা বেইগৰ ক্লাউড কিটচেনৰ সুস্বাদু ব্যঞ্জন
 
মালিহাই প্ৰথমে শিক্ষাবিদ আৰু শিক্ষক-পৰামৰ্শদাতা হিচাপে প্ৰায় ৩৫ বছৰ ধৰি শিক্ষা জগতত সফলতাৰে কাম কৰিছিল। পিছত ২০২০ চনত হোৱা দেশজোৰা লকডাউনে তেওঁৰ জীৱনত এক নতুন অধ্যায়ৰ সূচনা কৰিছিল। ঘৰত আয়োজন কৰা ব্যক্তিগত নৈশভোজসমূহে ধীৰে ধীৰে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰিছিল। পৰিয়ালৰ উৎসাহ, বিশেষকৈ জোঁৱাইৰ অনুপ্ৰেৰণাত, তেওঁৰ ক্লাউড কিটচেনৰ জন্ম হৈছিল।   
 
তেওঁ কয়, "আমাৰ হাতত বিশেষ সম্পদ নাছিল আৰু আমি বাহিৰৰ পৰাও কোনো বিনিয়োগো বিচৰা নাছিলো। এটা দল হিচাপে আমাৰ খাদ্যৰ আৰু ব্ৰেণ্ডৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল, সেয়া আমাৰ সামগ্ৰীসমূহ এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱাই হওক, সংৰক্ষণ কৰাই হওক, বা এই প্লেটফৰ্ম নিৰ্মাণ কৰাই হওক। আমাৰ বিশ্বাসেই আমাক আগুৱাই লৈ গৈছিল।"
 
মালিহা বেইগৰ ক্লাউড কিটচেনৰ সুস্বাদু ব্যঞ্জন
 
কাঠৰ জুইত দম পদ্ধতিৰে ৰন্ধা ‘কাচ্চে গোষ্ট কি বিৰিয়ানী’ তেওঁৰ অন্যতম জনপ্ৰিয় খাদ্য। ইয়াৰ উপৰিও ধীৰে ধীৰে সিজোৱা হালিম, তাছ কাবাব, শিকামপুৰ কাবাব, সুগন্ধি পুলাও, লুকমি, খট্টি দাল, ফিৰনি আৰু শুকান ফলৰ লাডু খাদ্যপ্ৰেমীসকলৰ বিশেষ পছন্দ। কিয়নো তেওঁৰ প্ৰতিবিধ খাদ্যতেই লুকাই আছে যত্ন, সময় আৰু ঐতিহ্যৰ এক অনুপম সংমিশ্ৰণ।
 
মালিহা বেইগ কেৱল এগৰাকী হোম চেফ নহয়; তেওঁ এক সাংস্কৃতিক ঐতিহ্যৰ বাহক। তেওঁৰ হাতৰ প্ৰতিবিধ খাদ্য যেন একো একোটা গল্প, যি গল্প প্ৰেম, আবেগ, স্মৃতি, ইতিহাস আৰু বন্ধুত্বৰ সংমিশ্ৰণেৰে ভৰা। যদি কোনো বংশবৃক্ষই মানুহৰ অতীতৰ বিষয়ে কথা কয়, তেন্তে তেওঁৰ খাদ্যই কয় ৰাজকীয় ঐতিহ্য আৰু পৰম্পৰাৰ কথা। 
 
মালিহা বেইগৰ ক্লাউড কিটচেনৰ সুস্বাদু খাদ্য
 
মালিহা বেইগৰ ক্লাউড কিটচেনত হয়তো কোনো নামফলক নাই, নাই কোনো চকী-মেজৰ ব্যৱস্থাও। তথাপিও বাঞ্জাৰা হিলছৰ গলিবোৰত বিয়পি থকা কেশৰ আৰু কয়লাৰ সুগন্ধেই তেওঁৰ ক্লাউড কিটচেনৰ ঠিকনাৰ পৰিচয় বহন কৰি আহিছে।
 
এসময়ত হাতত ৰঙা কলম লোৱা মাহিলাৰ হাতত আজি আছে কাবাবৰ চেপেটা ছীক। তেওঁৰ উপস্থিতি পঞ্জীৰ ঠাই লৈছে অনলাইন অৰ্ডাৰে। হায়দৰাবাদত ৰেষ্টুৰেণ্টৰ অভাৱ নাই, কিন্তু মালিহা বেইগৰ ৰান্ধনিঘৰে প্ৰতিবিধ খাদ্যৰ সৈতে এক বিশেষ শিক্ষা আগবঢ়ায় যে, নিজৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ কেতিয়াও দেৰি নহয়।