কংক্ৰিটৰ চহৰ চেন্নাইলৈ ঘৰচিৰিকাক কেনেকৈ ঘূৰাই আনিলে হাফিজ খানে

Story by  atv | Posted by  Munni Begum • 2 h ago
হাফিজ খান
হাফিজ খান
 
অনিকা মাহেশ্বৰী / নতুন দিল্লী
 
চহৰৰ ব্যস্ত জীৱন, বিশাল অট্টালিকা আৰু আধুনিকতাৰ মাজত আজি যেন নিঃশব্দে হেৰাই গৈছে ঘৰচিৰিকাৰ মিঠা চিঞৰ। কিন্তু এই নীৰৱতাৰ মাজতেই চেন্নাইত এজন ব্যক্তিয়ে আৰম্ভ কৰিছিল এক সৰু অথচ শক্তিশালী অভিযান। হাফিজ খান নামৰ এই ব্যক্তিগৰাকীয়ে আজি ৪,০০০ৰো অধিক কৃত্ৰিম বাহ, লক্ষ্যাধিক গছপুলি আৰু নগৰীয়া বনাঞ্চল সৃষ্টিৰ জৰিয়তে ঘৰচিৰিকাক পুনৰ ঘূৰাই আনিবলৈ সফল হৈছে। তেওঁৰ এই প্ৰচেষ্টাই প্ৰমাণ কৰি দেখুৱাইছে যে, প্ৰকৃতিৰ প্ৰতি ভালপোৱা থাকিলে এজন মানুহেও এখন চহৰৰ ভাগ্য সলনি কৰিব পাৰে। তেওঁৰ এই প্ৰচেষ্টাই মানুহ আৰু প্ৰকৃতিৰ মাজৰ হেৰাই যোৱা সম্পৰ্ককো পুনৰ জীয়াই তুলিছে।
 
যোৱা ২০ বছৰ ধৰি চেন্নাইত বাস কৰা হাফিজ খানৰ কাহিনীটো সেইখন চহৰৰ কাহিনীৰ সৈতে জড়িত যিখন চহৰ দ্ৰুতগতিত সম্প্ৰসাৰিত হৈ আহিছে। কিন্তু অতি পৰিতাপৰ কথা যে, চহৰখনে নিজৰ সম্প্ৰসাৰণৰ লগতে ইয়াৰ ক্ষুদ্ৰ, সুক্ষ্ম আৰু বহুমূলীয়া বাসিন্দা ঘৰচিৰিকা আৰু পখিলাবোৰক হেৰুৱাই পেলাইছে।
 
 
হাফিজে চেন্নাইলৈ আহি দেখিছিল যে, চহৰখন ঠিকে সম্প্ৰসাৰিত হৈছে, নতুন নতুন অট্টালিকা গঢ়ি উঠিছে, কিন্তু গছ-গছনিবোৰ সংকুচিত হৈ আহিছে, চৰাইৰ বাসস্থান প্ৰায়ে নাইকিয়া হৈ গৈছে। হাফিজে কয়, "চহৰখন বৃদ্ধি হৈ আহিছিল, কিন্তু ইয়াত চৰাই, পখিলা, গছবোৰ নোহোৱা হৈ গৈছিল। মই ভাবিছিলো যে, আমি কিবা এটা নকৰিলে এই জীৱবোৰে আমাৰ চহৰখন চিৰদিনৰ বাবে এৰি গুচি যাব। এইয়া কেৱল চৰাইৰ কথা নাছিল; আমাৰ জীৱন আৰু চহৰৰ মাজৰ ভাৰসাম্য ৰক্ষাৰ কৰাৰো কথা আছিল।"
 
চহৰখনত ঘৰচিৰিকাৰ সংখ্যা কমি আহিছিল, কিন্তু হাফিজ খানে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছিল আৰু ৪,০০০ ৰো অধিক কৃত্ৰিম বাহ (নেষ্ট বক্স)ৰ জৰিয়তে তেওঁলোকক সুৰক্ষিত বাসস্থান প্ৰদান কৰিছিল। হাফিজ, যাক চেন্নাইৰ 'স্পেৰো মেন' বুলি কোৱা হয়, তেওঁ কমিউনিট্ৰীৰ প্ৰতিষ্ঠাপক হোৱাৰ লগতে নগৰীয়া পৰিবেশ সংৰক্ষণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আহিছে। হাফিজে ক'ডুগল ট্ৰাষ্টৰ সহযোগত ২০২২ চনত এই কাৰ্যসূচী আৰম্ভ কৰিছিল। 'কুডুগল' শব্দৰ অৰ্থ হ'ল বাহ আৰু এই প্ৰকল্পৰ উদ্দেশ্য আছিল চহৰৰ আৱাসিক এলেকাত ঘৰচিৰিকাবোৰ পুনৰ ঘূৰাই অনাৰ বাবে সুৰক্ষিত বাহৰ স্থান নিৰ্মাণ কৰা। তেওঁৰ প্ৰচেষ্টাৰ ফলত এই অঞ্চলসমূহত ঘৰচিৰিকাৰ সংখ্যা বৃদ্ধি পাইছে।
 
হাফিজ খান
 
হাফিজে কয় যে, যেতিয়া মানুহে নিজে আগবাঢ়ি আহে তেতিয়াহে পৰিৱৰ্তন আহে। সেয়েহে তেওঁ বিদ্যালয়সমূহৰ সৈতে 'স্পেৰো এম্বেছেডৰ'সকলক সংযুক্ত কৰি সিহঁতক বাহ নিৰ্মাণ আৰু স্থাপনৰ কামত জড়িত কৰিছিল। এই নাগৰিক-আধাৰিত আৰ্হিৰ জৰিয়তে শিশুসকলৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতাও বৃদ্ধি পাইছে। ইয়াৰোপৰি হাফিজে চহৰৰ বনাঞ্চল আৰু সেউজীয়া পৰিৱেশৰ বাবে কাম কৰি আহিছে। তেওঁ কংক্ৰিটৰ চহৰসমূহক সেউজীয়া স্থানলৈ ৰূপান্তৰিত কৰিবলৈ বহু প্ৰকল্প ৰূপায়ণ কৰিছে। 
 
২০২০ চনত ৰেডিঅ' চিটীয়ে হাফিজ খানক চেন্নাইৰ নক্ষত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। হাফিজৰ কাহিনীয়ে এইটো প্ৰমাণ কৰে যে, এজন ব্যক্তিৰ নিষ্ঠা আৰু সমৰ্পণে চহৰৰ জীৱন আৰু প্ৰকৃতি পুনৰ ঘূৰাই আনিব পাৰে। আৰম্ভণিতে হাফিজে সাগৰ তীৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু গছপুলি ৰোপণৰ কাম আৰম্ভ কৰিছিল। তেওঁ ভাবিছিল যে, চহৰখন যদি সেউজীয়া হয়, চৰাইবোৰ উভতি আহিব। কিন্তু আশ্চৰ্যজনকভাৱে, ঘৰচিৰিকাবোৰ ঘূৰি অহা নাছিল। হাফিজে অনুভৱ কৰিলে যে, সমস্যাটো কেৱল গছ-গছনিৰ অভাৱ নহয়। ঘৰচিৰিকাৰ বাবে আটাইতকৈ ডাঙৰ অভাৱ আছিল তেওঁলোকৰ ঘৰ অৰ্থাৎ বাহ আৰু স্নান কৰিবৰ বাবে থকা পানীৰ ঘাটি।  
 
২০২২ চনত হাফিজে নিজৰ প্ৰচেষ্টাত এক নতুন ৰূপ প্ৰদান কৰিছিল। তেওঁ ঘৰচিৰিকাৰ বাবে ঘৰ বনাবলৈ আৰম্ভ কৰিলে। এয়া এক সাধাৰণ কিন্তু বিপ্লৱী পদক্ষেপ আছিল। হাফিজে এক কৰ্মশালাৰ আয়োজন কৰিছিল, য'ত সাধাৰণ কাৰ্ডব'ৰ্ডৰ পৰা কেনেকৈ ঘৰচিৰিকাৰ বাহ তৈয়াৰ কৰিব পাৰি, সেই বিষয়ে জনসাধাৰণক শিকোৱা হৈছিল। চেন্নাইৰ মৎস্যজীৱী গাঁৱত এই বাহসমূহ স্থাপন কৰা হৈছিল। আশ্চৰ্যজনকভাৱে স্থানীয় জনসাধাৰণে ইয়াক আদৰিও লৈছিল। 
 
স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে হাতত চৰাইৰ বাহ লৈ থকা অৱস্থাত
 
হাফিজে বিশ্বাস কৰে যে, যেতিয়া মানুহ নিজে সংযুক্ত হয় তেতিয়াহে পৰিৱৰ্তন আহে। সেয়েহে তেওঁ বিদ্যালয়লৈ গৈ শিশুসকলক 'স্পেৰো এম্বেছেডৰ' হিচাপে গঢ়ি তুলিছিল। শিশুসকলে এতিয়া নিজৰ ঘৰ আৰু বিদ্যালয়ত ঘৰচিৰিকাৰ বাবে বাহ সাজে, তেওঁলোকৰ বাবে পানী যোগান ধৰে আৰু চৰাইৰ প্ৰতি সজাগ হৈছে। লাহে লাহে চহৰখনৰ বিভিন্ন প্ৰান্তত ঘৰচিৰিকাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। আজি হাফিজে ৪,০০০তকৈও অধিক ঘৰচিৰিকাৰ বাহ স্থাপন কৰিছে আৰু কিছুমান অঞ্চলত তেওঁলোকৰ সংখ্যা প্ৰায় দুগুণ বৃদ্ধি হৈছে। কিন্তু হাফিজৰ অৱদান কেৱল চৰাইতেই সীমাবদ্ধ নহয়। তেওঁ ভাৰতত ১.৬ মিলিয়ন গছপুলি ৰোপণ কৰিছে আৰু ১৯৮ টা নগৰীয়া বনাঞ্চল প্ৰস্তুত কৰিছে, যাৰ ফলত নগৰসমূহত সেউজীয়া পৰিৱেশ আৰু জীৱন ঘূৰি আহিছে। চেন্নাইত হাফিজৰ প্ৰচেষ্টাই কেৱল চৰাইৰ সংখ্যা বৃদ্ধি কৰাই নহয়, চহৰখনত ঘৰচিৰিকাৰ সংখ্যাও বৃদ্ধি কৰিছে। 
 
প্ৰতিদিনে ৰাতিপুৱা মোৰ চোতাললৈ এটা ঘৰচিৰিকা আহে।
চিঞৰি চিঞৰি, জপিয়াই জপিয়াই,
নিজৰ ৰাগ শুনে। শস্য পৰি থকা দেখিলে,
তাকে তুলি খায়। মৰম লগা,
কনমাণি, মনক বহুত জীপাল কৰে।
 
এজন মানুহৰ নিষ্ঠা আৰু সংকল্পই চহৰলৈ জীৱন ঘূৰাই আনিব পাৰে। আৰু এই কাহিনীটো ইয়াৰ বাবেও বিশেষ কাৰণ হ'ল হাফিজ এজন মুছলমান ব্যক্তি, যিয়ে তেওঁৰ সৎ উদ্দেশ্য আৰু প্ৰেমৰ বাবে প্ৰকৃতি আৰু জীৱ-জন্তুৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। বিগত কেইবছৰমানৰ পৰা ঘৰচিৰিকাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে আৰু এতিয়া চহৰ আৰু ঘৰৰ আশে-পাশে এই চৰাইবোৰ কম দেখা পোৱা যায়। ২০২৬ চনৰ প্ৰতিবেদন অনুসৰি, এই সমস্যা অতি গুৰুতৰ হৈ পৰিছে।  
 
ইয়াৰ বিলুপ্তিৰ প্ৰধান কাৰণবোৰ হ'ল নগৰীকৰণ আৰু আধুনিক গৃহ, কিয়নো কংক্ৰিটৰ অৰণ্য আৰু আধুনিক ভৱনবোৰত ঘৰচিৰিকাৰ বাহ বনোৱাৰ স্থান নাই। ইয়াৰ উপৰিও চহৰসমূহত বৃদ্ধি পোৱা প্ৰদূষণ আৰু ম'বাইল টাৱাৰসমূহৰ পৰা নিৰ্গত হোৱা ৰেডিয়েশ্যনেও এই সৰু-সুৰা চৰাইবোৰৰ বাবে বিপদজনক হৈ পৰিছে। কৃষিকাৰ্যত কীটনাশক ঔষধৰ অত্যধিক ব্যৱহাৰৰ বাবে তেওঁলোকৰ প্ৰাকৃতিক আহাৰ উপলব্ধ নহয় আৰু জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবে ঘৰৰ চৌহদত দানা-পানী নথকাৰ বাবেও এই চৰাইবোৰ দূৰলৈ গুচি গৈছে। 
 
হাফিজ খান স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে
 
তদুপৰি, পাৰ চৰাইৰ সংখ্যা বৃদ্ধি পোৱাত আৰু অন্যান্য চিকাৰী পক্ষীৰ প্ৰতিযোগিতাৰ ফলত ঘৰচিৰিকাৰ সংখ্যাও হ্ৰাস কৰিছে। এনে পৰিস্থিতিত পৰিৱেশবিদসকলে এই কণমানি চৰাইবোৰক ৰক্ষা কৰাৰ বাবে আৰু পুনৰ উভতাই আনিবলৈ লোকসকলক তেওঁলোকৰ ঘৰ, ছাদ আৰু বাৰান্দাসমূহত দানা-পানী ৰাখিবলৈ আৰু  পঠিওৱাৰ বাবে কৃত্ৰিম বাহ (নেষ্ট বক্স) স্থাপনৰ বাবে উৎসাহিত কৰি আহিছে। 
 
হাফিজ খানৰ কাহিনী কেৱল চৰাইৰ ঘৰ ঘূৰাই দিয়াৰ কাহিনী নহয়, বৰং এইটো সেই বিশ্বাসৰ কাহিনী যে, যদি মানুহে নিজৰ জীৱনত অলপ সততা আৰু নিষ্ঠা যোগায়, তেন্তে চহৰ আৰু প্ৰকৃতি দুয়োটাই পুনৰ সহাৱস্থান আৰু ভাৰসাম্যৰে জীয়াই থাকিব পাৰে। চেন্নাইত হাফিজৰ প্ৰচেষ্টাই এইটো প্ৰমাণ কৰিলে যে, ভাল আৰু সৎ উদ্দেশ্য কোনো ধৰ্ম, জাতি বা সম্প্ৰদায়ৰ বশৱৰ্তী নহয়।