জ্ঞানক সেৱা আৰু সৱলীকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কেইগৰাকীমান সমাজ পৰিবৰ্তনৰ নিৰৱ মহিলা স্থপতি

Story by  atv | Posted by  Munni Begum • 1 h ago
জ্ঞানক সেৱা আৰু সৱলীকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কেইগৰাকীমান সমাজ পৰিবৰ্তনৰ নিৰৱ মহিলা
জ্ঞানক সেৱা আৰু সৱলীকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কেইগৰাকীমান সমাজ পৰিবৰ্তনৰ নিৰৱ মহিলা
 
নতুন দিল্লী 
 
শিক্ষা কেৱল পুথিগত জ্ঞানৰ মাজতে আবদ্ধ নহয় বৰং ই হৈছে সমাজ গঢ়া, চিন্তাধাৰা পৰিবৰ্তন আৰু নতুন যুগৰ পথ প্ৰদৰ্শন এক শক্তিশালী মাধ্যম। ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান আৰু সামাজিক মঞ্চত এদল দূৰদৰ্শী মহিলা শিক্ষাবিদে নিজৰ মেধা, অধ্যৱসায় আৰু সামাজিক দায়বদ্ধতাৰ জৰিয়তে এই সত্যক নতুন ৰূপ প্ৰদান কৰিছে। 
 
এই মহিলাসকলৰ জীৱন সংগ্ৰাম আৰু কৃতিত্বই এই কথাকে প্ৰমাণ কৰিছে যে, শিক্ষা মানে কেৱল ব্যক্তিগত সফলতা নহয়, বৰং সমাজৰ পিছপৰা অংশক আগবঢ়াই নিয়া, নাৰীৰ কণ্ঠ শক্তিশালী কৰা আৰু নতুন প্ৰজন্মৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰা। সাহিত্য, বিজ্ঞান, মনোবিজ্ঞান, সামাজিক সংস্কাৰ, কূটনীতি আৰু নেতৃত্বৰ ক্ষেত্ৰত তেওঁলোকৰ অবদান আজিৰ ভাৰতীয় শিক্ষাজগতৰ এক উজ্জ্বল অধ্যায়। এই মহিলাসকল কেৱল শিক্ষাবিদ নহয় বৰং তেওঁলোক হৈছে সমাজ পৰিবৰ্তনৰ নিৰৱ স্থপতি, যিসকলে জ্ঞানক সেৱা আৰু সৱলীকৰণৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে।
 
আৰ্জুমন্দ আৰা
 
আৰ্জুমন্দ আৰা হৈছে এগৰাকী ভাষা, সাহিত্য আৰু নাৰীবাদী চিন্তাৰ বিশিষ্ট পণ্ডিত। দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা হিচাপে তেওঁ বিশখনতকৈও অধিক প্ৰধান সাহিত্যিক গ্ৰন্থ অনুবাদ কৰিছে আৰু ২০২১ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা লাভ কৰিছে। তেওঁৰ বৃত্তিৰ জৰিয়তে তেওঁ সাহিত্য ঐতিহ্য সংৰক্ষণ আৰু মহিলাৰ কণ্ঠক বৃদ্ধি কৰাৰ লগতে উৰ্দু আৰু হিন্দীৰ মাজত স্থায়ী সেতু নিৰ্মাণ কৰিছে। 
 
ছৈয়দ তনবীৰ নাছৰিন
 
বিৰল পাৰদৰ্শিতাৰে পাণ্ডিত্য, কূটনীতি আৰু সামাজিক সক্ৰিয়তাক একত্ৰিত কৰিছে ছৈয়দ তনবীৰ নাছৰিনে। বৰ্ডৱান বিশ্ববিদ্যালয়ত সেৱা আগবঢ়োৱা তনবীৰ নাছৰিনে মালেত থকা সময়ছোৱাত মালদ্বীপৰ সৈতে ভাৰতৰ সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে মহিলাৰ অধিকাৰ, সংখ্যালঘু পৰিচয় আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ ওপৰত সন্মানীয় কণ্ঠ হিচাপে আত্মপ্ৰকাশ কৰিছিল।
 
আবেদা ইনামদাৰ
 
আবেদা ইনামদাৰে নিৰাপত্তাৰ সলনি সেৱাকে বাছি লৈছিল। কিয়নো তেওঁ এক সন্মানীয় চৰকাৰী ত্যাগ কৰি শিক্ষাৰ প্ৰতি নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মহাৰাষ্ট্ৰ কছমোপলিটান এডুকেশ্যন ছ'চাইটি আৰু বিখ্যাত আজম কেম্পাছৰ জৰিয়তে তেওঁ হাজাৰ হাজাৰ যুৱতী আৰু প্ৰান্তীয় ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক সুযোগ ৰূপান্তৰিত কৰি প্ৰজন্মক উন্নীত কৰি ৰখাৰ প্ৰতিষ্ঠানৰ সৃষ্টি কৰিছে।  
 
বেনজিৰ তাম্বোলি
 
ব্যক্তিগত প্ৰতিকূলতাক সৱলীকৰণ আৰু ন্যায়ৰ জীৱনজোৰা অভিযানলৈ ৰূপান্তৰিত কৰিছিল বেনজিৰ তাম্বোলিয়ে। মুছলমান সত্যশোধক মণ্ডল আৰু শিক্ষানুষ্ঠানৰ সৈতে কৰা কামৰ জৰিয়তে তেওঁ মুছলমান নাৰী, সাংবিধানিক অধিকাৰ, প্ৰগতিশীল সমাজ সংস্কাৰৰ নিৰ্ভীক সমৰ্থক হিচাপে আত্মপ্ৰকাশ কৰিছে। 
 
নাইমা খাতুন
 
২০২৪ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা উপাচাৰ্য হৈ ইতিহাস ৰচনা কৰিছিল নাইমা খাতুনে। এগৰাকী প্ৰখ্যাত মনোবিজ্ঞানী, লেখিকা আৰু শৈক্ষিক নেত্ৰী হিচাপে তেওঁ ভাৰতৰ অন্যতম চিনাকি বিশ্ববিদ্যালয়খনক আধুনিকীকৰণ কৰাৰ লগতে প্ৰতিষ্ঠানিক সংস্কাৰ, গৱেষণাৰ উৎকৃষ্টতা আৰু মহিলা সৱলীকৰণৰ দিশত পৰিচালনা কৰি আছে। 
 
নাজমা আখতাৰ
 
জামিয়া মিলিয়া ইছলামিয়াৰ প্ৰথমগৰাকী মহিলা উপাচাৰ্য হিচাপে আন এক খ্যাতি অৰ্জন কৰিছে নাজমা আখতাৰে। পদ্মশ্ৰী বঁটা লাভ কৰা আখতাৰে পৰিৱৰ্তনশীল সংস্কাৰৰ প্ৰৱৰ্তন কৰিছিল, পেছাদাৰী শিক্ষাৰ সম্প্ৰসাৰণ কৰিছিল আৰু জামিয়াক বিশ্বব্যাপী সন্মানীয় শৈক্ষিক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলাত সহায় কৰিছিল। 
 
নিলোফাৰ খান
 
কাশ্মীৰ বিশ্ববিদ্যালয়ৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে নিলোফাৰ খান। যি অঞ্চলটোৰ উচ্চ শিক্ষাৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে পৰিগণিত হৈছে। প্ৰায় চাৰি দশকৰ শৈক্ষিক সেৱা আৰু এশৰো অধিক গৱেষণামূলক প্ৰকাশনৰ সৈতে তেওঁ মহিলাসকলক শৈক্ষিক ক্ষেত্ৰত নেতৃত্বৰ আকাংক্ষাৰ বাবে অনুপ্ৰাণিত কৰি আহিছে।   
 
শ্বাহিদা মুৰ্তাজা
 
শ্বাহিদা মুৰ্তাজাই তিনি দশকৰো অধিক সময় সমগ্ৰ দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তত অৱহেলিত মহিলাসকলৰ বাস্তৱিকতাৰ তথ্য সংগ্ৰহ কৰি আহিছে। মৌলানা আজাদ ৰাষ্ট্ৰীয় উৰ্দু বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ডীন হিচাপে তেওঁ নৃতাত্ত্বিক গৱেষণাক লিংগ ন্যায়, সজাগতা আৰু তৃণমূল পৰ্যায়ৰ সৱলীকৰণৰ বাবে এক শক্তিশালী অভিযানলৈ ৰূপান্তৰিত কৰিছে।  
 
ছফিয়া বানু
 
বৈজ্ঞানিক উদ্ভাৱনত মহিলাৰ ক্ৰমবৰ্ধমান শক্তিক প্ৰতিনিধিত্ব কৰি আহিছে ছফিয়া বানুৱে।  গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা হিচাপে জৈৱ প্ৰযুক্তি, জৈৱ বৈচিত্ৰ্য আৰু কৃষি বহনক্ষমতাৰ ক্ষেত্ৰত তেওঁৰ যুগান্তকাৰী কামে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ যুৱ বিজ্ঞানীসকলক অনুপ্ৰাণিত কৰাৰ লগতে বাস্তৱ জগতত প্ৰভাৱ সৃষ্টি কৰিছে।
 
ছৈয়দ মুবিন জেহৰা
 
ছৈয়দ মুবিন জেহৰাই নিজকে এগৰাকী আগশাৰীৰ পণ্ডিত, লেখক, আৰু ৰাজহুৱা বুদ্ধিজীৱী হিচাপে প্ৰতিষ্ঠা কৰিছে। আত্মা ৰাম সনাতন ধৰ্ম মহাবিদ্যালয়ত সেৱা আগবঢ়োৱাই তেওঁ বৃত্তি, পৰামৰ্শদাতা আৰু বিশ্বব্যাপী শৈক্ষিক সংযোগৰ জৰিয়তে লিংগ সমতা, শিক্ষা আৰু সামাজিক সম্প্ৰীতিৰ ওপৰত ৰাষ্ট্ৰীয় আলোচনাচক্ৰ গঢ়ি তুলিছে।