আৱাজ-দ্য ভইচ অসম ব্যুৰ'
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ সৈতে জৰিত চলিত তদন্ত আৰু আদালতৰ শুনানিত কেতবোৰ নতুন তথা চাঞ্চল্যৰ সৃষ্টি কৰা তথ্য পোহৰলৈ আহিছে।আদালতৰ কাৰ্যসূচীৰ সময়ত দাখিল কৰা ভাষ্য অনুসৰি, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কণ্ঠশিল্পীগৰাকীৰ উপাৰ্জনৰ ধন অন্যায়ভাৱে আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
দাবী কৰা হৈছে যে জুবিন গাৰ্গৰ বেংক একাউণ্টত বৰ্তমান মাত্ৰ প্ৰায় ৯ লাখ টকাহে অৱশিষ্ট আছে, আনহাতে ইয়াৰ বিপৰীতে সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জৰিত একাউণ্টবোৰত কোটি কোটি টকাৰ লেনদেন হোৱা বুলি ধৰা পৰিছে।
অধিক অভিযোগত প্ৰকাশ পাইছে যে সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ সংগীতানুষ্ঠানৰ বাবদ বিভিন্ন বিহু সমিতি আৰু অনুষ্ঠানৰ আয়োজকসকলে পৰিশোধ কৰা ধন হৰলুকি কৰিছিল। অভিযোগ কৰা হৈছে যে যোৱা এটা বছৰত বিহু সমিতিসমূহৰ পৰা লাভ কৰা প্ৰায় ৩২ লাখ টকা কণ্ঠশিল্পীগৰাকীৰ একাউণ্টত জমা হোৱা নাছিল আৰু ইয়াৰ পৰিৱৰ্তে সেই ধন অবৈধভাৱে আত্মসাৎ কৰা হৈছিল।
জুবিনৰ সৈতে মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা
সূত্ৰসমূহে প্ৰকাশ কৰা মতে, সিদ্ধাৰ্থ শৰ্মাই ইতিমধ্যে তেওঁৰ গোচৰৰ সৈতে জৰিত আইনী প্ৰক্ৰিয়াসমূহ অসমৰ বাহিৰলৈ স্থানান্তৰ কৰাৰ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে।
ইফালে, গুৱাহাটী উচ্চ ন্যায়ালয়ে সোমবাৰে প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পত্নী গৰিমা গাৰ্গক জুবিন গাৰ্গৰ ফ্ৰিজ হৈ থকা বেংক একাউণ্টত থকা ধন উলিওৱাৰ আৰু ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে।
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ অন্যতম সাতগৰাকী অভিযুক্তৰ ভিতৰত এজন সন্দীপন গাৰ্গৰ জামিন আবেদনখন মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে পুনৰবাৰ নাকচ কৰে।
এই গোচৰৰ শেহতীয়া অগ্ৰগতি অনুসৰি, আদালতে নিম্ন আদালতৰ পৰা প্ৰয়োজনীয় সকলো তথ্য-পাতি অহা ১৫ জুলাইৰ ভিতৰত ইয়াৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ এজলাছত আজি এই শুনানি গ্ৰহণ কৰা হয়। শুনানিত ন্যায়াধীশে অভিযুক্ত পক্ষৰ অধিবক্তাই ডাঙি ধৰা যুক্তি আৰু বক্তব্যসমূহ পৰ্যালোচনা কৰে।
আদালতে লগতে কয় যে পৰৱৰ্তী শুনানিতে চৰকাৰী অধিবক্তাই সন্দীপন গাৰ্গৰ এই জামিন আবেদনৰ বিৰোধিতা কৰি নিজৰ যুক্তি প্ৰদৰ্শন কৰিব। এই সমগ্ৰ বিষয়টোৰ পৰৱৰ্তী শুনানি অহা ১৫ জুলাইত হ'ব বুলি দিন ধাৰ্য কৰা হৈছে।
তাৰোপৰি, সোণাপুৰত থকা 'জুবিন ক্ষেত্ৰ' তিনিদিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশনা দিয়া হৈছে। চলি থকা অম্বুবাচী মহাযোগৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।