বানপানীত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি; ১৩ খন জিলাত ১.৫৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

Story by  atv | Posted by  [email protected] • 1 h ago
বানপানীত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
বানপানীত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
 
গুৱাহাটী
 
ৰাজ্যত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ লৈ বৃদ্ধি পাইছে আৰু ১৩খন জিলাৰ ১.৫৫ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে৷ গোলাঘাট জিলাৰ গোলাঘাট চহৰ আৰু নুমলীগড়ত ধনশিৰি নদী আৰু শ্ৰীভূমি জিলাত কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈছে।
 
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দৈনিক বান সম্বন্ধীয় বুলেটিনৰ শেহতীয়া তথ্য অনুসৰি চৰাইদেউ জিলাৰ মাহমৰাত শুকুৰবাৰে এটা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ আনহাতে শিৱসাগৰ, গোলাঘাট, নগাঁও, হোজাই, শোণিতপুৰ, ধেমাজি, দৰং, বিশ্বনাথ, কামৰূপ (মেট্ৰ’), লখিমপুৰ, ওদালগুৰি, যোৰহাট আৰু চৰাইদেউ জিলাৰ ৩৩টা ৰাজহ চক্ৰ আৰু ৪৬৪খন গাঁও বৰ্তমানো বানৰ কৱলত আছে৷
 
বানত ১,৫৫,৮৪৯ জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ১০,৭৪৮.৬৪ হেক্টৰ শস্য ভূমি ডুব গৈ আছে । গোলাঘাট জিলাত সৰ্বাধিক ৫৮,৭৫০ জন লোক বানত আক্ৰান্ত হোৱাৰ বিপৰীতে শিৱসাগৰত ৪৮,২৮৬ জন আৰু যোৰহাটত ২৫,২৫৯ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে
 
বানাক্ৰান্ত লোকক সকাহ দিয়াৰ বাবে প্ৰশাসনে স্থাপন কৰা ৫৫টা সাহায্য শিবিৰত ১০,৩২৬ গৰাকী স্থানচ্যুত লোকে আশ্ৰয় লৈছে। একেদৰে ১৮টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ৬,৮৮১ জন লোকক সাহাৰ্য বিতৰণ কৰা হৈছে৷ বানত ৪৭৮৭৯ টা পোহনীয়া জীৱ-জন্তু ক্ষতিগ্ৰস্ত হৈছে।
 
উল্লেখযোগ্য যে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা অনুসৰি ক্ষতিগ্ৰস্ত জিলাসমূহৰ পথ, দলং, ঘৰ আদি বিভিন্ন আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতিসাধন হৈছে । ইফালে ধনশিৰি আৰু কুশিয়াৰা নদীৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে নৈপৰীয়া ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিয়াৰ লগতে সকলোকে নদীৰ পৰা আঁতৰত থকাৰ আহ্বান জনাইছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।