অসমৰ বানপানী; ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৩ কোটি টকা

Story by  atv | Posted by  [email protected] • 13 h ago
অসমৰ বানপানী; ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৩ কোটি টকা
অসমৰ বানপানী; ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে ৩ কোটি টকা
 
গুৱাহাটী
 
অসমৰ পৰিৱৰ্তিত বান পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যৰ লগতে বহিঃৰাজ্যৰো বহু ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাহায্য আগবঢ়াইছে। মুখ্যমন্ত্ৰীয়ে এই সকলো ব্যক্তিবিশেষৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ নামসমূহ সামাজিক মাধ্যমত প্ৰকাশ কৰি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে৷
 
অসমৰ এই বিধ্বংসী বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে ঝাৰখণ্ড চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সহায়ৰ হাত আগবঢ়াইছে৷ ঝাৰখণ্ডৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ সাহায্য আগবঢ়ায়। যোৱা ৫ আগষ্টত মুখ্যমন্ত্ৰী ছোৰেণে এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰি বানাক্ৰান্ত লোকসকলৰ বাবে দুখ প্ৰকাশ কৰে৷
 
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণে অসমৰ পৰিস্থিতি সম্পৰ্কে এনেদৰে কয়, ‘‘অসমৰ ভয়াৱহ বানৰ ফলত উদ্ভৱ হোৱা সংকটত মোক গভীৰভাৱে দুঃখিত ৷ এই দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ঝাৰখণ্ডবাসীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছো। সংকটৰ এই সময়ত ঝাৰখণ্ড চৰকাৰ তথা ৰাজ্যবাসীয়ে অসমৰ সৈতে দৃঢ়তাৰে থিয় হৈছে । বানপীড়িত লোকসকলৰ সাহায্য আৰু পুনৰ্বাসনৰ প্ৰচেষ্টা চলাই থকা অসম চৰকাৰৰ সৈতে সহযোগিতাৰ আগবঢ়োৱাৰ মনোভাৱেৰে ঝাৰখণ্ড চৰকাৰে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকা আগবঢ়াইছে । লগতে ঝাৰখণ্ডৰ প্ৰতিগৰাকী সুস্থ নাগৰিক আৰু সংগঠনক এই বিপদৰ সময়ত আগুৱাই আহি অসমৰ বানপীড়িত লোকসকলক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ আহ্বান জনালোঁ ।’’
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘এই সংকটৰ সময়ত ইজনে আনজনৰ কাষত থিয় দিয়াটোৱেই আমাৰ আটাইতকৈ ডাঙৰ দায়িত্ব । অসমৰ ৰাইজে দেখুওৱা ধৈৰ্য, সাহস, সেৱাৰ মনোভাৱক প্ৰণাম জনাইছো । কামাখ্যা দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে অসম এই প্ৰাকৃতিক দুৰ্যোগৰ পৰা ক্ষীপ্ৰতাৰে ৰক্ষা পৰে আৰু মানুহৰ জীৱনলৈ পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি আহে । মোৰ সম্পূৰ্ণ বিশ্বাস যে সামূহিক প্ৰচেষ্টাৰ জৰিয়তে অসমে অতি সোনকালে এই সংকট দূৰ কৰিব । প্ৰয়োজন সাপেক্ষে সকলো ধৰণৰ সহায় আগবঢ়াবলৈ ঝাৰখণ্ড সাজু হৈ আছে । ঝাৰখণ্ডবাসীৰ হৈ অসমৰ সকলো ক্ষতিগ্ৰস্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।’’
 
আনহাতে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই বদান্যতাক অসমৰ মুখ্যমন্ত্ৰীয়ে ধন্যবাদ আৰু কৃতজ্ঞতাৰে উপচাই পেলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেমন্ত ছোৰেণক সামাজিক মাধ্যমৰ জৰিয়তে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া পোষ্টটো এনেধৰণৰ, ‘‘অসম আৰু ঝাৰখণ্ডৰ মাজত বছৰ বছৰ ধৰি গভীৰ আৰু আন্তৰিক সম্পৰ্ক ৰক্ষা হৈ আহিছে। দুয়োখন ৰাজ্যৰ জনসাধাৰণে সুখ-দুখৰ বহু মুহূৰ্তৰ মাজেৰে ইজনে আনজনৰ কাষত থিয় দিছে। আজি আমি আকৌ এবাৰ সেই একে মনোভাৱৰ সাক্ষী হৈছো।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘মাননীয় মুখ্যমন্ত্ৰী হেমন্ত ছোৰেণ ডাঙৰীয়াই অসমৰ ভয়াৱহ বানৰ ফলত হোৱা প্ৰাণ আৰু সম্পত্তিৰ ক্ষতিৰ সন্দৰ্ভত শোকপ্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৩ কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ৷ এই সহায়ৰ বাবে মই গভীৰভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো। সংকটৰ এই সময়ত আৰ্থিক সাহায্য নিশ্চিতভাৱে উল্লেখযোগ্য যদিও আমি অকলশৰীয়া নহয় বুলি আশ্বাস দিয়াটোৱে যথেষ্ঠ আবেগিক আৰু অধিক গুৰুত্বপূৰ্ণ।"