ৰত্না জি চোট্ৰানী
"প্ৰতিগৰাকী সাধাৰণ শিশুৱে এজন অসাধাৰণ শিক্ষক পোৱাৰ অধিকাৰী", হায়দৰাবাদৰ হুছেইনী আলমত আৱাৰ স্কুল ১২থ এভেনিউ নামৰ এখন ব্যতিক্ৰমী বিদ্যালয় আছে। এই স্কুলখনৰ মূল উদ্দেশ্যই হৈছে সকলোকে সমান অধিকাৰ দিয়া। ইয়াত এজন মাংস বিক্ৰেতাৰ পুত্ৰ, এজন পাণ বিক্রেতাৰ কন্যা, কাণৰে কমকৈ শুনা শিশু, মানসিক বিকাশ লেহেমীয়া হোৱা শিশু আৰু ডাক্তৰ-ইঞ্জিনীয়াৰৰ ল’ৰা-ছোৱালী সকলোৱে একেলগে একেখন বেঞ্চতে বহে, একেলগে কিতাপ পঢ়ে আৰু টিফিন ভগাই খায়।
স্কুলখনৰ মুৰব্বী ৰুবিনা মজিদে বহু বছৰ আগতেই সিদ্ধান্ত লৈছিল যে তেওঁ চোকা ছাত্ৰ-ছাত্ৰীতকৈ সাধাৰণ আৰু পঢ়া-শুনাত পিছপৰা ল’ৰা-ছোৱালীবোৰকহে বেছি গুৰুত্ব দিব।
ৰুবিনা মজিদৰ সৈতে তেওঁৰ স্কুলৰ এগৰাকী ছাত্ৰ
ৰুবিনাৰ জন্ম হৈছিল হায়দৰাবাদত আৰু ডাঙৰ হৈছিল কাশ্মীৰত। তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ব্যৱসায় পৰিচালনাৰ উচ্চ ডিগ্ৰী (এমবিএ) লৈছিল। বিয়াৰ পিছত তেওঁ স্বামীৰ সৈতে ছৌদি আৰৱৰ জেড্ডা চহৰলৈ যায়। তেওঁৰ স্বামী তাত বিমান অভিযন্তা আছিল। তেওঁলোকৰ জীৱন বৰ সুখে-সন্তোষে পাৰ হৈ আছিল।
এদিন তেওঁলোকৰ চুবুৰীয়া এজনে আহি ক’লে যে ওচৰৰে এখন স্কুলত শিক্ষকৰ অভাৱ হৈছে, ৰুবিনাই এসপ্তাহৰ বাবে তাত পঢ়ুৱাব পাৰিবনে? ৰুবিনাই ‘হয়’ বুলি ক’লে। সেই এসপ্তাহৰ কামটোৱেই তেওঁৰ জীৱন সলনি কৰি দিলে। তেওঁ অনুভৱ কৰিলে যে কোম্পানীত চাকৰি কৰাতকৈ ল’ৰা-ছোৱালীক পঢ়ুৱাই তেওঁ বেছি আনন্দ পায়। ইয়াৰ পিছত তেওঁ ইংৰাজী শিক্ষণৰ ওপৰত মাষ্টাৰ্ছ ডিগ্ৰী ল’লে আৰু জেড্ডাৰ আমেৰিকান দূতাবাসৰ স্কুলত বহু বছৰ ধৰি সৰু ল’ৰা-ছোৱালীক ইংৰাজী, বিজ্ঞান আৰু ইতিহাস পঢ়ুৱাবলৈ ধৰিলে। তেওঁ বুজি পালে যে পৰীক্ষাৰ নম্বৰতকৈ শিশু এটাৰ চকুহাল চালেহে তাৰ মনৰ কথা বেছি ভালকৈ বুজিব পাৰি।
হায়দৰাবাদলৈ প্ৰত্যাৱৰ্তন আৰু নতুন স্কুলৰ প্ৰতিষ্ঠা
২০০৮ চনত স্বামীয়ে অৱসৰ লোৱাৰ পিছত তেওঁলোক ভাৰতলৈ উভতি আহে। হায়দৰাবাদত বহুত স্কুল আছিল, কিন্তু পিছপৰা ছাত্ৰ-ছাত্ৰীক মৰমেৰে আগুৱাই লৈ যোৱা স্কুলৰ অভাৱ আছিল। সেয়েহে তেওঁ চহৰৰ এটা পুৰণি এলেকাত ‘আৱাৰ স্কুল’ ১২থ এভেনিউ নামৰ বিদ্যালয়খন প্ৰতিষ্ঠা কৰে।
স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰুবিনা মজিদ
ৰুবিনাই তেওঁৰ স্কুলৰ শিক্ষকসকলক সদায় কয়; "আমি ইয়াত কেৱল পৰীক্ষাত প্ৰথম-দ্বিতীয় হোৱা ছাত্ৰ-ছাত্ৰী প্ৰস্তুত কৰিবলৈ অহা নাই। আমাৰ কাম হৈছে তেওঁলোকক এজন ভাল মানুহ হিচাপে গঢ়ি তোলা। ভাল মানুহ হ’লে নম্বৰ নিজে নিজেই ভাল হ’ব।"
শিক্ষকৰ প্ৰশিক্ষণ আৰু স্কুলৰ নিয়ম:
ভাল মানুহ গঢ়িবলৈ হ’লে শিক্ষকসকলো ভাল হ’ব লাগিব। এই স্কুলত কেৱল ডাঙৰ ডিগ্ৰী দেখিলেই চাকৰি দিয়া নহয়। প্ৰতিগৰাকী শিক্ষকে চাকৰিত যোগ দিয়াৰ আগতে চাৰে চাৰি মাহৰ প্ৰশিক্ষণ ল’ব লাগে। তেওঁলোকক শিকোৱা হয় যে পঢ়া-শুনাত দুৰ্বল ছাত্ৰসকল কোনো সমস্যা নহয়, আচলতে আমাৰ পঢ়ুওৱা পদ্ধতিটোহে ভুল হ’ব পাৰে।
এই স্কুলখনত ১০% আসন বিশেষভাৱে সক্ষম শিশুৰ বাবে ৰখা হৈছে। তেওঁলোকৰ বাবে কোনো সুকীয়া শ্ৰেণী নাই, সকলোৱে একেলগে পঢ়ে। স্কুলখন সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ আৰু সকলো জাতি-ধৰ্মৰ ল’ৰা-ছোৱালী ইয়ালৈ আহে। স্কুলৰ মাছুল একেবাৰেই নূন্যতম। ৰুবিনাই কয়, "যদি এজন পাণদোকানীৰ সন্তানে আমাৰ স্কুলত পঢ়াৰ খৰচ দিব নোৱাৰে, তেন্তে আমাৰ স্কুলখনেই ব্যৰ্থ।"
শ্ৰেণীকোঠাত ৰুবিনা মজিদ
মহিলাসকলক স্বাৱলম্বী কৰা আৰু সমাজসেৱা:
ৰুবিনাই কেৱল নিজৰ স্কুলতে কাম কৰি ক্ষান্ত থকা নাই। তেওঁ সমগ্ৰ অন্ধ্ৰপ্ৰদেশৰ চৰকাৰী আৰু পিছপৰা অঞ্চলৰ শিক্ষকসকলকো প্ৰশিক্ষণ দিয়ে। ইয়াৰ উপৰি, যিবোৰ যুৱতী পঢ়া-শুনা কৰিও ঘৰতে বহি আছিল, তেওঁলোকক আনি শিক্ষকতাৰ প্ৰশিক্ষণ দি চাকৰিৰ সুযোগ দিছে। এতিয়ালৈকে প্ৰায় ৩০০ গৰাকী মহিলাই তেওঁৰ অধীনত প্ৰশিক্ষণ লৈ শিক্ষক হৈছে। ৰুবিনাই বিশ্বাস কৰে যে এগৰাকী মহিলাক শিক্ষিত কৰিলে গোটেই পৰিয়ালটোৰ চিন্তা-চৰ্চা সলনি হৈ যায়।
তেওঁ ছাত্ৰ-ছাত্ৰীৰ বুজি পোৱা স্তৰ অনুযায়ী সহজ পাঠ্যপুথিও তৈয়াৰ কৰে। ধৰক, পঞ্চম শ্ৰেণীৰ এটা ল’ৰাই যদি দ্বিতীয় শ্ৰেণীৰ কিতাপহে পঢ়িব পাৰে, তেওঁ ৰঙা চিয়াহীৰ ক্ৰছ চিন নিদিয়ে। বৰঞ্চ ছাত্ৰ-ছাত্ৰীক মৰমেৰে, অলপ সময় দি, সৰু দলত বহুৱাই আখৰ জোঁটাই পঢ়িবলৈ শিকাই। তেওঁলোকৰ নীতি হ’ল চোকা ল’ৰা-ছোৱালীবোৰে নিজেই দৌৰিব পাৰিব, কিন্তু যিসকলৰ খোজ দিওঁতেই সমস্যা হয়, স্কুলখনে তেওঁলোকৰ হাতত ধৰি খোজ দিয়া শিকাব লাগিব।
স্কুলৰ ভিতৰৰ পৰিৱেশ:
দুপৰীয়া সময়ত এই স্কুলখনত কোনো নিটাল-নিস্তব্ধ পৰিৱেশ নাথাকে। তাত এক সুন্দৰ কোলাহলহে শুনিবলৈ পোৱা যায়। কাণৰে নুশুনা ছাত্ৰ এজনে বিজ্ঞানৰ প্ৰজেক্ট বুজাই থাকে, শিক্ষকে মাটিত বহি ছাত্ৰ-ছাত্ৰীক কিতাপৰ অৰ্থ বুজাই দিয়ে, সৰু ল’ৰা-ছোৱালীবোৰে শান্তিপূৰ্ণভাৱে ইজনে সিজনৰ লগত আলোচনা কৰে। এয়াই হৈছে আচল শিক্ষা।
ৰুবিনা মজিদ তেওঁৰ স্কুলৰ শিক্ষকৰ সৈতে
ৰুবিনাই নিজৰ জীৱনত বুজি পাইছে যে আমাৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাই কেৱল ওপৰৰ চোকা ছাত্ৰ কেইজনকহে গুৰুত্ব দিয়ে, মাধ্যম বা নিম্ন ছাত্ৰসকলক পাহৰি যায়। কিন্তু তেওঁ সেই মাজৰ ছাত্ৰসকলক বাচি ল’লে। তেওঁ এতিয়াও প্ৰতিদিনে শ্ৰেণীকোঠালৈ যায়, ল’ৰা-ছোৱালীৰ ভুল উচ্চাৰণ শুধৰাই দিয়ে আৰু শিক্ষকসকলক সোধে "আজি আমাৰ ক্লাছৰ আটাইতকৈ শান্ত আৰু মনে মনে থকা শিশুটিক তোমালোকে মন কৰিলা নহয় ?"
পৰীক্ষাৰ ৰিপৰ্ট কাৰ্ডৰ নম্বৰবোৰ এদিন ম্লান হৈ যাব। কিন্তু কাণৰে নুশুনা শিশু এটাই যেতিয়া হাঁহি মুখেৰে কবিতা আবৃত্তি কৰিব, বা পঢ়িব নোৱাৰা ল’ৰা এটাই যেতিয়া ডাঙৰ পেৰেগ্ৰাফ এটা পঢ়িব পাৰিব, সেই আনন্দ চিৰদিন থাকি যাব। যেতিয়া আপুনি শ্ৰেণীকোঠাৰ মাজৰ বা পিছৰ বেঞ্চৰ ছাত্ৰজনক ভালদৰে পঢ়ুৱাব, তেতিয়া গোটেই ক্লাছটোৰে উন্নতি হ’ব। এজন সাধাৰণ শিশুক যদি এজন অসাধাৰণ শিক্ষকে মৰম আৰু মনোযোগ দিয়ে, সি জীৱনৰ আটাইতকৈ ডাঙৰ আৰু সফল মানুহ হৈ পৰে। জীৱনত আচলতে কেৱল এইটো স্থান বা ৰেংকহে আটাইতকৈ গুৰুত্বপূৰ্ণ।