ৰং-তুলিকাৰে মানসিক নিৰাময়ৰ পথ দেখুওৱা জনপ্ৰিয় মনোৰোগ বিশেষজ্ঞ ছেহেৰ আলী

Story by  atv | Posted by  Munni Begum • 50 m ago
ছেহেৰ আলী
ছেহেৰ আলী
 
ৰত্না জি চত্ৰানী
 
বৰ্তমানৰ দ্ৰুত আৰু প্ৰত্যাহ্বানমূলক জীৱনশৈলীয়ে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে। ইয়াৰ ফলস্বৰূপে আমাৰ মাজৰ বহুতেই পেছাদাৰী সহায় বিচাৰিবলৈ বাধ্য হৈছে- সেয়া লাগিলে পৰামৰ্শদাতা, থেৰাপিষ্ট, মনোবিজ্ঞানী বা মনোৰোগ বিশেষজ্ঞৰ পৰাই নহওক কিয়। কিন্তু এনে সহায় বিচৰাৰ পৰৱৰ্তী পদক্ষেপটোৱেই হৈছে তেওঁলোকৰ যোগ্যতা নিৰূপণ কৰা। সাধাৰণতে এগৰাকী থেৰাপিষ্টৰ ন্যূনতম অৰ্হতা হৈছে স্নাতকোত্তৰ ডিগ্ৰী, কিন্তু সঁচাকৈয়ে কিমানজন প্ৰকৃততে যোগ্য?
 
এইক্ষেত্ৰত এক সুন্দৰ ব্যতিক্ৰম হৈছে পেছাত এগৰাকী 'হলিষ্টিক চাইক'লজিষ্ট' অৰ্থাৎ সামগ্ৰিক মনোবিজ্ঞানী ছেহেৰ আলী। তেওঁ পৰামৰ্শদানৰ জগতখনত এনে এক পথ অতিক্ৰম কৰিছে যি স্পষ্টতা, উদ্দেশ্য, এক শান্ত-স্থিৰ ক্ৰমবিকাশ আৰু এক সুন্দৰ বুজাবুজিৰ দ্বাৰা গঢ় লৈ উঠিছে। তেওঁ গভীৰভাৱে বিশ্বাস কৰে যে, তেওঁৰ কৰ্মত তেওঁৰ ব্যক্তিগত উপস্থিতি, সহানুভূতি আৰু আনৰ বাবে এক সুৰক্ষিত, পৰিৱৰ্তনশীল পৰিৱেশ সৃষ্টি কৰাৰ ক্ষমতা নিহিত হৈ আছে।
 
ছেহেৰ আলী মহিলাসকলৰ সৈতে
 
M.Sc ডিগ্ৰী আৰু মানসিক স্বাস্থ্যৰ প্ৰতি থকা এক সম্পূৰ্ণ নতুন দৃষ্টিভংগীৰ সৈতে তেওঁ নিৰাময়ৰ প্ৰক্ৰিয়াক এক নতুন মাত্ৰা প্ৰদান কৰিছে। ছেহেৰ আলী, এগৰাকী জনপ্ৰিয় মানসিক চিকিৎসক যি বিশ্বাস কৰে যে, "শান্তিৰে জীয়াই থাকিবলৈ মানুহে নিজৰ অন্তৰ্নিহিত আৰু বাহ্যিক পৰিৱেশৰ মাজত ভাৰসাম্য বজাই ৰাখিব লাগিব।" এই কথা অস্বীকাৰ কৰিব নোৱাৰি যে সকলো মানুহৰেই কোনোবা নহয় কোনোবা সময়ত মানসিক স্বাস্থ্যৰ পৰীক্ষা বা যতনৰ প্ৰয়োজন হয়। এনে বহু ব্যক্তিৰ বাবে কলা বা শিল্পৰ জৰিয়তে কৰা থেৰাপিয়েই হৈছে মানসিক শান্তিৰ মূল চাবিকাঠি। ছেহেৰ আলীৰ দ্বাৰা প্ৰতিষ্ঠিত 'টোটামছ ষ্টুডিঅ’'ত এবাৰ ভুমুকি মাৰিলে দেখা যায় য'ত মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ আৰু আত্ম-সহানুভূতি গঢ়ি তুলিবলৈ কলাক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়।
 
ছেহেৰ আলীৰ মতে শিল্পৰ কোনো ভৌগোলিক সীমা নাই আৰু ই আপোনাক কাগজৰ লগতে বাস্তৱ জীৱনতো নিজৰ অধিকাৰ বা নিয়ন্ত্ৰণ পুনৰ ঘূৰাই পোৱাত সহায় কৰিব পাৰে। নিজৰ কৰ্মপদ্ধতিৰ এগৰাকী পথপ্ৰদৰ্শক ছেহেৰ আলী এক সামৰিক পৰিয়ালৰ পৰা অহা। য'ত তেওঁ লাভ কৰিছে যত্ন আৰু মৰমৰ এক সুন্দৰ ঐতিহ্য। পিতৃ-মাতৃৰ উৎসাহজনক আদান-প্ৰদানৰ সেই সুন্দৰ অভিজ্ঞতাবোৰক তেওঁ নিজৰ প্ৰশিক্ষণত ব্যৱহাৰ কৰিছে।
 
ছেহেৰ আলীয়ে বাংগালুৰুৰ মণ্টফৰ্ট কলেজৰ পৰা তেওঁৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল। ইয়াতেই তেওঁ ৰেইকি, আকুপ্ৰেছাৰ, প্ৰাণিক হিলিং আৰু হোমিঅ’পেথীৰ দৰে বিকল্প নিৰাময় পদ্ধতিৰ বিষয়েও জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। এই ভেটিয়ে তেওঁক মানসিক স্বাস্থ্য বুজি পোৱাৰ ক্ষেত্ৰত এক বহুমাত্রিক দৃষ্টিভংগী প্ৰদান কৰে।
 
ছেহেৰ আলী
 
তেতিয়াৰ পৰাই ছেহেৰৰ কৰ্মজীৱন বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈছে। শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি ব্যক্তিগত চেম্বাৰলৈকে, বেচৰকাৰী সংস্থা আৰু কৰ্পোৰেট জগতলৈকে, তেওঁৰ কামৰ প্ৰতিটো অধ্যায়ে মানৱীয় অভিজ্ঞতাক বুজি পোৱাত গভীৰতা কঢ়িয়াই আনিছে। পৰিৱেশে কেনেকৈ আৱেগিক স্বাস্থ্য গঢ় দিয়ে আৰু কেনেকৈ নিৰাময় জাপি দিয়াৰ পৰিৱৰ্তে আদৰি ল'ব পাৰি, সেয়া তেওঁ গভীৰভাৱে উপলব্ধি কৰিছে। তেওঁ কয় যে কলা বা শিল্প এতিয়া কেৱল ষ্টুডিঅ’ৰ ভিতৰতে আৱদ্ধ হৈ থকা নাই, ই সঁচাকৈয়ে আজৰি সময়ত অৰ্জন কৰা স্বতঃস্ফূৰ্ততা আৰু সৃষ্টিশীলতাৰ এক ফচল।
 
ছেহেৰ আলীয়ে কলাৰ ব্যৱহাৰেৰে মানসিকভাৱে আঘাতপ্ৰাপ্ত লোকসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থানৰ সৃষ্টি কৰে। ছেহেৰে কয় যে, তেওঁৰ থেৰাপিয়ে কেনভাছক এনে এক নিৰাপদ স্থান হিচাপে ব্যৱহাৰ কৰাত সহায় কৰে য'ত এজনে নিজৰ আৱেগিক আৰু মানসিক বোজা বা অনুভূতিবোৰ মুকলি কৰিব পাৰে। তেওঁৰ এই থেৰাপিৰ জৰিয়তে, মানসিক স্বাস্থ্যৰ অৱনতি ঘটা লোকসকলৰ মাজত পৰিৱৰ্তনৰ এক নতুন বতাহ বলা দেখিবলৈ পোৱা গৈছে। বাটৰুৱাৰ ঘৃণা আৰু ঠাট্টা-মস্কৰাৰ স্থান এতিয়া কৌতূহল আৰু বিস্ময়ে দখল কৰিছে।
 
কিছুমান ক্ষেত্ৰত ৰোগীসকলেও যেতিয়া নিজৰ হাতত ৰং-তুলিকা তুলি লৈ উকা কেনভাছক এক ধুনীয়া শিল্পলৈ ৰূপান্তৰিত কৰে, তেতিয়া তেওঁলোককো সেই শিল্পকৰ্মত নিজকে উজাৰি দিয়া দেখা যায়। বৰ্তমান ছেহেৰৰ কাৰ্যসূচীসমূহ এনেদৰে প্ৰস্তুত কৰা হৈছে যিয়ে ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী ব্যক্তি, উভয়ৰে সুস্থতাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে। ইয়াৰ উপৰি এই কাৰ্যসূচীসমূহে মানসিক চাপ পৰিচালনা আৰু মানসিক স্বাস্থ্য পৰিচালনাৰ দৰে বিষয়ত বিশেষ প্ৰশিক্ষণ আগবঢ়ায়। ছেহেৰে ইয়াক নিজৰ জীৱনৰ প্ৰকৃত আহ্বান বুলি বৰ্ণনা কৰে। সৃষ্টিশীল আৰু বাস্তৱিক মানসিক নিৰাময়ৰ জৰিয়তে আনক সবলীকৰণ কৰাৰ এক দুৰন্ত নিচায়েই তেওঁক এই যাত্ৰাত আগুৱাই লৈ গৈছে।
 
ছবি অঁকা এক দৃশ্য
 
ৰং আৰু তুলিকাৰ মাজেৰে ছেহেৰ আলীয়ে কেৱল ছবি অঁকা নাই, তেওঁ আঁকিছে ভাগৰি পৰা মনবোৰৰ বাবে নতুন আশাৰ ৰেঙনি। তেওঁ প্ৰমাণ কৰিছে যে কেতিয়াবা ঔষধৰ পেছাদাৰী প্ৰেছক্ৰিপচনতকৈয়ো ৰং, বোকা মাটি আৰু সৃষ্টিশীলতাই মানুহৰ মনক বহুগুণে সজীৱ আৰু আৰোগ্য কৰিব পাৰে।