আৱাজ-দ্য ভইচ অসম ব্যুৰ'
উজনি অসমৰ তিনি জিলাত হোৱা প্ৰলয়ংকাৰী বানে বিধ্বস্ত কৰিছিল শতাধিক গাঁও। ১৯৫০ চনত অসমত হোৱা বৰভূঁইকপৰ পিছত সম্ভৱত এইবাৰৰ উজনিৰ বানপানী আতাইতকৈ ডাঙৰ দুৰ্যোগ। এই দুৰ্যোগৰ সময়ত উজনিৰ বানপীড়িতসকলক সমগ্ৰ ভাৰতবৰ্ষৰ পৰা সাহায্য প্ৰদান কৰা হৈছে। প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে বহুতে বানসাহায্যৰ বাবে ধন সংগ্ৰহ কৰিছে আৰু বানপীড়িতসকলক সাহায্য দিছে। কিন্তু শেহতীয়াকৈ বান সাহায্যৰ নামত কিছু অসাধু লোকে অবৈধভাবে ধন সংগ্ৰহ কৰাকলৈ সামাজিক মাধ্যমত ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু এই বিষয়টো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো দৃষ্টিগোচৰ হৈছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ৰাজহুৱা পথত অবৈধভাৱে বান সাহায্য সংগ্ৰহ কৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা ঘোষণা কৰি সকিয়নী দিয়ে। লগতে কয় যে বানপীড়িতৰ নামত বলপূৰ্ভকভাৱে পইচা সংগ্ৰহ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষীৰ ব্যৱস্থা লোৱা হ'ব।
মুখ্যমন্ত্ৰীয়ে কয় যে কোনো ব্যক্তি বা সংস্থাকেই পথত দানৰ বাকচ লৈ থিয় হৈ বা চলন্ত গাড়ীৰ চালক তথা পদপথৰ যাত্ৰীসকলৰ পৰা কিউ আৰ ক'ড ব্যৱহাৰ কৰি বৰঙণি সংগ্ৰহ নকৰিব। নিজেই নিজৰ পইচা নিৰ্ভৰযোগ্য সংস্থাৰ হাতত দি সাহায্য প্ৰদান কৰক।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "বান সাহায্যৰ নামত ৰাজহুৱা পথত কোনো পইচা সংগ্ৰহ কৰিবলৈ দিয়া নহ'ব," আৰু লগতে কয় যে এই কামত লিপ্ত থকা লোকসকল আইনগত ব্যৱস্থাৰ সন্মুখীন হ'ব লাগিব।
তেওঁ কয় যে ৰাজপথৰ কাষত দানৰ বাকচ কঢ়িয়াই ফুৰা বা পুঁজি সংগ্ৰহৰ বাবে কিউ আৰ ক'ড প্ৰদৰ্শন কৰা লোকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। শৰ্মাই লগতে কয় যে সমগ্ৰ ৰাজ্যতে এনে অবৈধ পুঁজি সংগ্ৰহৰ কাৰ্য তৎক্ষণাত বন্ধ কৰিবলৈ তেওঁ অসম আৰক্ষীক দৃঢ় নিৰ্দেশনা জাৰি কৰিছে।
বানাক্ৰান্ত লোকসকলক সাহায্য প্ৰদানৰ নামত ট্ৰেফিক ক্ৰছিং আৰু ৰাজহুৱা স্থানত ব্যক্তি তথা গোটে চান্দা সংগ্ৰহ কৰাৰ খবৰ অহাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰিছে। সাহায্যখিনি যাতে সঠিক প্ৰাপকৰ হাত পায়গৈ, তাৰ বাবে চৰকাৰে কেৱল অনুমোদিত মাধ্যমসমূহৰ জৰিয়তেহে বৰঙণি আগবঢ়াবলৈ নাগৰিকসকলক পৰামৰ্শ দিছে।
ইফালে, উজনি অসমৰ বান পৰিস্থিতিৰ সুযোগ লৈ একাংশ অসাধু চক্ৰই বান সাহায্যৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বান সাহায্যৰ নামত চলা জালিয়াতিক প্ৰতিহত কৰিবলৈ শেহতীয়াকৈ অসম আৰক্ষীৰ চিআইডিয়ে এক বিশেষ দল গঠন কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
বৰ্তমান একাংশ লোকে ছ’চিয়েল মিডিয়া, কণ্টেণ্ট ক্ৰিয়েটৰ আৰু ইউটিউবাৰৰ জৰিয়তে বিভিন্ন UPI আইডি আৰু কিউআৰ ক’ড প্ৰচাৰ কৰি সাহায্যৰ নামত ধন সংগ্ৰহ কৰি আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰ্তমান তেনে সন্দেহজনক প্ৰায় ৫০টা একাউণ্ট চাইবাৰ চেলৰ বিশেষ নজৰত আছে। এই একাউণ্টসমূহৰ প্ৰতিটো লেনদেনৰ পুংখানুপুংখ তদন্ত কৰা হ’ব।
যদি কোনো ব্যক্তিয়ে সাহায্যৰ নামত জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা ধন আত্মসাৎ কৰাৰ প্ৰমাণ পোৱা যায়, তেন্তে তেওঁলোক নিশ্চিতভাৱে আৰক্ষীৰ জালত পৰিব আৰু কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰিছে অসম আৰক্ষীয়ে।
আনহাতে, অসমৰ বিধ্বংসী বান পৰিস্থিতিৰ সময়ত লণ্ডনৰ ৰাজপথত অভিনেত্ৰী তথা নৃত্যশিল্পী মেঘৰঞ্জনী মেধিয়ে কথক নৃত্য আৰু ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি বানাক্ৰান্তৰ বাবে সাহায্য সংগ্ৰহ কৰা কাৰ্যক কেন্দ্ৰ কৰি ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মেঘৰঞ্জনী মেধি, তেওঁৰ অভিনেতা স্বামী নীল দাস আৰু ছাত্ৰী ইন্দ্ৰানীয়ে লণ্ডনত এই কাৰ্যসূচী ৰূপায়ণ কৰি সামাজিক মাধ্যমযোগে সমগ্ৰ দৃশ্য সম্প্ৰচাৰ কৰিছিল।
শিল্পীগৰাকীৰ এই পদক্ষেপক লৈ সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। একাংশ নেটিজেনে এই কাৰ্যই বিশ্ববাসীৰ সমুখত অসমবাসীক লজ্জিত কৰা বুলি সমালোচনা কৰাৰ বিপৰীতে আন একাংশই তেওঁৰ প্ৰয়াসক প্রশংসা কৰা পৰিলক্ষিত হয়। বুধবাৰে এই বিষয়টো সন্দৰ্ভত প্রতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লণ্ডনত বান সাহায্য সংগ্ৰহ কৰাক লৈ অসন্তুষ্ট মুখ্যমন্ত্ৰীগৰাকী।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘মইতো দিল্লীৰ পৰা টকা খুজিবলৈয়ে দিগদাৰী পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ পক্ষপাতী নহয়। লণ্ডনটো দূৰৰ কথা। কোনোবাই উপযাচি দিলে, সেয়া বেলেগ কথা। মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা চাৰিদিনে মই বান প্ৰভাৱিত অঞ্চলসমূহ ঘূৰি আহিছোঁ। ক’তো এটাও অভিযোগ নাই। ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইবাবে আমি ৰাইজক উপযুক্তধৰণে সহায় কৰিম।’’