ৰত্না জি চোত্ৰানী
ফেশ্বনৰ পৃথিৱীখনত প্ৰতিদিনে নতুন ধাৰাৰ সৃষ্টি হয়, কিন্তু কিছুমান ব্ৰেণ্ড কেৱল পোছাকতেই সীমাবদ্ধ নাথাকি মানুহৰ আৱেগ আৰু প্ৰয়োজনীয়তাৰ সৈতে একাত্ম হৈ পৰে। তেনে এক অভিনৱ ধাৰা সৃষ্টিৰে সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে Urbano নামৰ ডেনিম ব্ৰেণ্ডটোৱে।
পশ্চিম হায়দৰাবাদৰ ব্যস্ত পথবোৰৰ মাজত গঢ় লৈ উঠিছে এই ডেনিমৰ এক সুন্দৰ কাহিনী। এই কাহিনীটো 'আৰ্বানো' ব্ৰেণ্ডৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নাহিদ মুকীয়াতোল্লা আৰু তেওঁৰ ভাতৃসকলৰ, যিসকলে নিজৰ পাৰিবাৰিক সম্পৰ্কক এক ব্যৱসায়িক অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিছে। নাহিদৰ এই যাত্ৰাত প্ৰতিটো খোজতে নীৰৱে শক্তি হৈ থিয় দিছে তেওঁৰ স্বামী সমীৰ মাছৰথ। য'ত নাহিদে ডিজাইন আৰু ব্ৰেণ্ডৰ দৃষ্টিভংগীৰ নেতৃত্ব দিছে, তাত সমীৰে নেপথ্যত থাকি ব্যৱসায়িক পৰিচালনা, ৰণনীতি আৰু সম্প্ৰসাৰণৰ দিশটো চম্ভালিছে।
নাহিদ মুকীয়াতোল্লা
ভাৰতৰ সন্মানীয় ফেশ্বন জগতখন দক্ষ কাৰিকৰ বা মাষ্টাৰজীসকলৰ দ্বাৰা পৰিচালিত হ'লেও, নাহিদ আৰু তেওঁৰ ভাতৃসকলে আমাৰ ফেশ্বনৰ নীতিবোৰ পুনৰীক্ষণ কৰি নিজৰ সপক্ষে এক নতুন মাত্ৰা প্ৰদান কৰিছে। নাহিদ সমসাময়িক ভাৰতীয় ফেশ্বনৰ জগতখনত নিশ্চিতভাৱে এগৰাকী পথপ্ৰদৰ্শক। তেওঁ ব্ৰেণ্ডৰ মূল ভেটিত বহনক্ষমতা আৰু নৈতিক মূল্যবোধ অটুট ৰাখি পৰম্পৰাগত কাৰুকাৰ্যৰ সৈতে আধুনিক ডিজাইনৰ নিপুণ সংমিশ্ৰণ ঘটোৱাৰ বাবে পৰিচিত। হায়দৰাবাদৰ এক ব্যৱসায়িক পৰিয়ালত জন্মগ্ৰহণ কৰা আৰু ডাঙৰ-দীঘল হোৱা এইগৰাকী সফল উদ্যোগীয়ে হায়দৰাবাদৰ দৰে এক প্ৰযুক্তি-বিশ্বমানৰ চহৰত নিজৰ সৃজনীশীল শিপাডাল বিচাৰি পাইছিল।
সৰুতেই পাৰিবাৰিক ব্যৱসায়ৰ প্ৰতি থকা ধাউতি আৰু ঘৰৰ প্ৰগতিশীল পৰিৱেশে নাহিদৰ যাত্ৰাক গঢ় দিয়া এক আৱেগৰ সৃষ্টি কৰিছিল। এই আৱেগে আজিও ভাৰতীয় ফেশ্বনক গঢ় দি আছে আৰু এনে কিছুমান ডিজাইনৰ ধাৰণা বিকশিত কৰিছে যিবোৰ কেৱল ট্ৰেণ্ডীয়েই নহয়, বৰং GenZ আৰু তৰুণ মিলেনিয়েলসকলৰ পছন্দৰ হোৱাৰ লগতে লিংগ আৰু পৰিৱেশৰ মাজৰ ব্যৱধানো দূৰ কৰিবলৈ সক্ষম। তেওঁলোকৰ বস্ত্ৰ আৰু ফেশ্বন কেৱল GenZ-ৰ বাবেই নহয়, বৰং এনে এক প্ৰজন্মৰ বাবে যিয়ে বিচাৰে যে তেওঁলোকৰ ডেনিমযোৰেও তেওঁলোকৰ সমানেই কঠোৰ পৰিশ্ৰম কৰক - লিংকডইনত স্মাৰ্ট, ইনষ্টাগ্ৰামত আকৰ্ষণীয় আৰু আন সকলো ঠাইতে আৰামদায়ক।
যেতিয়া নাহিদে হায়দৰাবাদ আৰু আন ৰাজ্যৰ দোকানবোৰলৈ গৈছিল, তেতিয়া তেওঁ সকলোতে একেটা বস্তুৱেই দেখিছিলঃ সাধাৰণ ডেনিম। নেভী ব্লু ৰঙৰ সাধাৰণ চিনো, বেচিক ষ্টন ৱাছৰ চাৰ্ট আৰু গতানুগতিক ড্ৰেছ দেখি তেওঁ উপলব্ধি কৰিছিল যে অনলাইন বজাৰখনত ডেনিমৰ বাবে এটা ডাঙৰ 'খালী স্থান' আছে। সেই খালী স্থানটো বাস্তৱিক আছিল। দোকানৰ ৰেকবোৰ কাপোৰেৰে ভৰি আছিল সঁচা, কিন্তু তাত কোনো কল্পনা নাছিল। তেওঁৰ মতে, ভাৰতত ডেনিম আছিল যদিও তাত মানুহৰ আকাংক্ষা বা হেঁপাহ নাছিল আৰু ঠিক সেই খালী ঠাইখিনিয়েই পূৰণ কৰিলে 'আৰ্বানো'ৱে। আজি তেওঁলোকৰ কাপোৰৰ ৰঙে নিজৰ ভাষা কয়। সোমবাৰে কফী খাবলৈ যোৱাৰ বাবে "ক'ল্ড ব্ৰিউ ফেড", ভিণ্টেজ ৱাছ, বা ষ্টন ৱাছ। অলিভ গ্ৰীন, ব্ৰাউন আৰু এক্ৰু আদি ৰঙৰ ডেনিম। 'মুনছুন গ্ৰে' – সূক্ষ্ম আঁচ থকা এক ডাৱৰীয়া চাৰক'ল ৰং, 'ফিল্টাৰ কফী' নামৰ ক'ল্ড-ব্ৰিউ ব্ৰাউন ৰঙৰ প্ৰতিটো আৰ্হিয়েই প্ৰয়োজন অনুসৰি একেবাৰে নিখুঁত।
নাহিদ মুকীয়াতোল্লা
বেংগালুৰুৰ পৰা IIMA ৰ উদ্যোগীকৰণ পাঠ্যক্ৰম গ্ৰহণ কৰা আৰু কেইবাটাও বঁটা লাভ কৰা যুৱতী নাহিদে হাতত থকা মাত্ৰ কেইলাখমান টকাৰ সঞ্চয় আৰু মাৰ্চেণ্ডাইজিং চাকৰিৰ প্ৰতি শূন্য আগ্ৰহেৰে আৰম্ভ কৰিছিল 'আৰ্বানো'। আজি তেওঁলোকৰ ব্ৰেণ্ডটো অনলাইন জগতত আটাইতকৈ বেছি বিক্ৰী হোৱা ডেনিম লাইফষ্টাইল ব্ৰেণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। আদিত্য বিৰলাৰ নেতৃত্বাধীন TMRW গোটৰ সমৰ্থনত কোম্পানীটোৱে কেইবাগুণো বিকাশ লাভ কৰিছে।
পুৰুষ আৰু শিশুৰ বাবে চাৰ্ট, চিনো, টি-চাৰ্ট, জেকেট, হুডী হওক বা এচিড ৱাছৰ ক'অৰ্ড হওক, সকলো কাপোৰেই প্ৰথমে মানুহৰ মনোভাৱ বা 'মুড'ৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হয়। যদিও ভাই-ভনীকেইজনৰ কাৰো ফেশ্বন মাৰ্কেটিং আৰু ব্ৰেণ্ডিঙৰ ক্ষেত্ৰত কাম কৰাৰ অভিজ্ঞতা নাছিল, তথাপি গ্ৰাহকে কি বিচাৰিব পাৰে সেয়া আগতীয়াকৈ অনুমান কৰি ট্ৰেণ্ড আৰু ষ্টাইল চিনাক্ত কৰাত তেওঁলোকৰ স্পষ্ট দক্ষতা আছে। তেওঁলোকৰ ষ্টাইলসমূহ অধিক আকৰ্ষণীয়, বহুলভাৱে সমাদৃত আৰু সুকীয়া পৰিচয় বহন কৰা। নাহিদৰ এই অহৰহ প্ৰয়াসৰ আঁৰত থিয় দি আছে নিজে এজন উদ্যোগী হোৱা সমীৰ মছাৰথ, যিয়ে আৰ্বানোৰ বিকাশৰ কাহিনীত পৰিচালনাৰ কঠোৰতা আৰু আৰ্থিক বিচক্ষণতা কঢ়িয়াই আনিছে।
তেওঁ বেকএণ্ড অৰ্থাৎ যোগান শৃংখল, বিক্ৰেতাৰ অংশীদাৰিত্ব আৰু সম্প্ৰসাৰণৰ ৰণনীতি পৰিচালনা কৰে, যাৰ ফলত নাহিদে সামগ্ৰী আৰু ব্ৰেণ্ডৰ ওপৰত গুৰুত্ব দিবলৈ সম্পূৰ্ণ স্বাধীনতা পায়। বন্ধু-বান্ধৱীসকলে সমীৰক কেপচুল ড্ৰপৰ পৰা আৰম্ভ কৰি ফাণ্ডিঙৰ কথাবতৰালৈকে প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে নাহিদৰ 'পৰামৰ্শদাতা আৰু পৰীক্ষক' বুলি অভিহিত কৰে। তেওঁৰ নীৰৱ উপস্থিতিয়ে নাহিদৰ সন্মুখৰ শাৰীৰ ভূমিকাক ভাৰসাম্য প্ৰদান কৰে আৰু প্ৰমাণ কৰে যে প্ৰতিগৰাকী সাহসী প্ৰতিষ্ঠাপকৰ আঁৰত প্ৰায়ে দুৰ্গ ৰক্ষা কৰা এজন সংগী থাকে। একেলগে এই দলটোৱে সকলো লিংগৰ মানুহৰ পচন্দ হোৱাকৈ ডিজাইনসমূহ গঢ়ি তোলে।
আজি Urbano-এ হাজাৰ হাজাৰ পিন কোডলৈ সামগ্ৰী প্ৰেৰণ কৰে। তেওঁলোকৰ আটাইতকৈ বেছি বিক্ৰী হোৱা সামগ্ৰী কেৱল জিনছেই নহয়, বৰং তেওঁলোকৰ সকলো সামগ্ৰীয়েই কৰ্পৰেট ব'ৰ্ডৰুমত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপকে পিন্ধিব পাৰে, ষ্টাইলিষ্টসকলে পিন্ধিব পাৰে অথবা প্ৰশাসনিক বিষয়ায়ো কোলাপুৰী চেণ্ডেলৰ সৈতে ইয়াক পিন্ধিব পাৰে। Gen Z সকলৰ বাবে এই ষ্টাইল ইমানেই আমোদজনক যে তেওঁলোকে কাপোৰ সলনি নকৰাকৈয়ে কেফেৰ পৰা ককটেল পাৰ্টীলৈ যাব পাৰে- এইবোৰ হৈছে "সেই ডেনিম যি আপোনাৰ পদোন্নতিৰ লগতে আগুৱাই যায়"। আৰ্বানোৰ দেৱালত লিখা আছে, "আমি নীলা ৰং বিক্ৰী নকৰোঁ। আমি মুড বিক্ৰী কৰোঁ।" আৰু যিখন বজাৰত সকলো বস্তুৱেই কেৱল সাধাৰণ আছিল, তাত অৱশেষত এই 'মুড'টোৱেই গ্ৰাহকৰ মন জয় কৰি এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।