অসম বিধানসভা নিৰ্বাচনত আটাইতকৈ বৃহৎ ব্যৱধানত জয়ী হোৱা প্ৰাৰ্থীসকল কোন কোন?

Story by  atv | Posted by  [email protected] • 4 d ago
আব্দুছ চোবাহান আলী সৰকাৰ, জুবেইৰ আনম মজুমদাৰ আৰু আফতাব উদ্দিন মোল্লা
আব্দুছ চোবাহান আলী সৰকাৰ, জুবেইৰ আনম মজুমদাৰ আৰু আফতাব উদ্দিন মোল্লা
 
আৰিফুল ইছলাম / গুৱাহাটী
 
২০২৪ চনৰ লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰকিবুল হুছেইনে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হৈছিল। এইবাৰ অসম বিধানসভা নিৰ্বাচনতো একেই ঘটনা দেখা গৈছে ধুবুৰী লোকসভা সমষ্টিটোৰ ভিতৰত। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গৌৰীপুৰ বিধানসভা সমষ্টিত আব্দুছ চোবাহান আলী সৰকাৰে সমগ্ৰ অসমৰ ভিতৰত আটাইতকৈ বেছি ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ১,১৯,০৯৭ টা ভোটৰ ব্যৱধানত জয়ী হৈছে। একেটা লোকসভা সমষ্টিৰ ভিতৰতে আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জয়ী হোৱাৰ ভিতৰত তিনি নম্বৰত আছে জলেশ্বৰ সমষ্টিৰ আফতাব উদ্দিন মোল্লা। ১,০৯,৬৮৮ টা ভোটৰ ব্যৱধানত জয়ী হয় কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী মোল্লাই।
 
এইবাৰ বিধানসভা নিৰ্বাচনত বৃহৎ ব্যৱধানত নিৰ্বাচিত হোৱা প্ৰথম ১১ গৰাকী প্ৰাৰ্থী হ'ল-
 
আব্দুছ চোবাহান আলী সৰকাৰ
সমষ্টি- গৌৰীপুৰ
দল- কংগ্ৰেছ
ভোট লাভ- ১,৮২,৯৭১
ব্যৱধান- ১,১৯,০৯৭
 
জুবেইৰ আনম মজুমদাৰ
সমষ্টি- আলগাপুৰ-কাটলিছেৰা
দল-কংগ্ৰেছ
ভোট লাভ- ১,৪৫,৬৬১
ব্যৱধান- ১,০৫,৪৪৮
 
আফতাব উদ্দিন মোল্লা
সমষ্টি-জলেশ্বৰ 
দল- কংগ্ৰেছ 
ভোট লাভ- ১,৬২,১৭৪
ব্যৱধান- ১,০৯,৬৮৮
 
তাঞ্জিল হুছেইন আৰু আব্দুৰ ৰহিম আহমেদ
 
 
তাঞ্জিল হুছেইন
সমষ্টি- চামগুৰি
দল-কংগ্ৰেছ
ভোট লাভ- ১,৪৫,২১২
ব্যৱধান- ১,০৮,৩১০
 
আব্দুৰ ৰহিম আহমেদ
সমষ্টি- চেঙা
দল- কংগ্ৰেছ
ভোট লাভ- ১,৩৯,১৬৭
ব্যৱধান- ৮৭,৩৪৯
 
পীযুষ হাজৰিকা আৰু ড০ হিমন্ত বিশ্ব শৰ্মা
 
 
পীযুষ হাজৰিকা
সমষ্টি- জাগীৰোড 
দল- বিজেপি
ভোট লাভ- ১,৫৫,১২৯
ব্যৱধান-  ৯৩,৫৮৪
 
ড০ হিমন্ত বিশ্ব শৰ্মা
সমষ্টি- জালুকবাৰী
দল- বিজেপি
ভোট লাভ- ১,২৭,১৫১
ব্যৱধান- ৮৯,৪৩৪
 
ভুৱন পেগু আৰু আমিনুৰ ৰছিদ চৌধুৰী
 
ভুৱন পেগু
সমষ্টি- জোনাই
দল- বিজেপি
ভোট লাভ- ১,২৮,৯৪০
ব্যৱধান- ৮০,১২৪
 
আমিনুৰ ৰছিদ চৌধুৰী
সমষ্টি- দক্ষিণ কৰিমগঞ্জ
দল- কংগ্ৰেছ
ভোট লাভ- ১,৩৭,২৫৭
ব্যৱধান- ৮৬,৬৩২
 
কৌশিক ৰায় আৰু বিজয় মালাকাৰ
 
কৌশিক ৰায়
সমষ্টি- লক্ষীপুৰ
দল- বিজেপি
ভোট লাভ- ১,২৫,৩০২
ব্যৱধান- ৯৯,৪০১
 
বিজয় মালাকাৰ
সমষ্টি- ৰামকৃষ্ণ নগৰ
দল- বিজেপি
ভোট লাভ- ১,৩৪,০১৩
ব্যৱধান- ৮৩,৭৬৫
 
উল্লেখযোগ্য যে, এসময়ত এআইইউডিএফৰ দুৰ্গ বুলি খ্যাত ধুবুৰী জিলাত এইবাৰ বিধানসভা নিৰ্বাচনত দলটোৱে শোচনীয় পৰাজয়বৰণ কৰিছে। জিলাখনৰ গৌৰীপুৰ বিধানসভা সমষ্টিত দুবাৰকৈ বিধায়ক হিচাপে নির্বাচিত হোৱা এআইইউডিএফ দলৰ প্ৰাৰ্থী নিজানুৰ ৰহমান কংগ্ৰেছ প্রার্থী আব্দুছ ছোবাহান আলী সৰকাৰৰ হাতত শোচনীয়ভাৱে পৰাজিত হয়। আব্দুছ ছোবাহানে ১,৮২,০০৪ টা ভোেট লাভ কৰাৰ বিপৰীতে এআইইউডিএফৰ নিজানুৰ ৰহমানে লাভ কৰে ৬৩,৫৫৭ টা ভোট।

আনহাতে, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোৱালপাৰা জিলাৰ জলেশ্বৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লাই অভিলেখসংখ্যক ১,০৯,৬৮৮ টা ভোটৰ ব্যৱধানত বিজয়ী হয়। সদ্যঘোষিত বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি জলেশ্বৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আফতাব উদ্দিন মোল্লাই ১,৬২,১৭৪ টা ভোট লাভ কৰি বিজয়ী হয়। ইয়াৰ বিপৰীতে এআইইউডিএফৰ প্রার্থী শ্বেখ শ্বাহ আলমে লাভ কৰে ৫২,৪৮৬ টা ভোট।
 
একেৰাহে ষষ্ঠবাৰলৈ অসম বিধানসভালৈ নির্বাচিত হয় মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মা। ২০০১ চনৰ পৰা একেৰাহে জালুকবাৰী সমষ্টিক প্রতিনিধিত্ব কৰি অহা শর্মা এইবাৰ বিজয়ী হয় ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত। উল্লেখ্য যে ২০০১ চনত প্ৰথমবাৰৰ বাবে কংগ্ৰেছ প্রার্থীৰূপে জালুকবাৰী সমষ্টিৰ পৰা বিজয়ী হৈছিল হিমন্তবিশ্ব শৰ্মা। পৰৱৰ্তী সময়ত ২০০৬ আৰু ২০১১ চনৰ বিধানসভা নির্বাচনতো কংগ্ৰেছ প্রার্থীৰূপে জালুকবাৰীৰ পৰা তেওঁ বিজয়ী হয়। ২০১৫ চনত শর্মাই যোগদান, কৰে বিজেপিত। তাৰ পিছত ২০১৬ আৰু ২০২১ৰ লগতে এইবাৰৰ বিধানসভা নির্বাচনন্ত তেওঁ বিজেপি প্রার্থীৰূপে বিজয়ী হয় জালুকবাৰীৰ পৰা। ২০২১ চনত ৰাজ্যৰ মুখ্যমন্ত্রী পদত অধিষ্ঠিত হয় হিমন্তবিশ্ব শর্মা। এইবাৰ ষষ্ঠবাৰৰ বাবে তেওঁ বিধানসভালৈ নির্বাচিত হৈ কংগ্রেছ প্রার্থী বিদিশা নেওগক ৮৯,৪৩৪ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। শৰ্মাই এইবাৰ ১.২৭,১৫১ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্রার্থীগৰাকীয়ে লাভ কৰে ৩৭,৭১৭ টা ভোট।