বিদুশী গৌৰ
হানা মহছিন খান ভাৰতৰ ৩৪ গৰাকী মুছলমান মহিলা পাইলটৰ ভিতৰত অন্যতম আৰু ছ’চিয়েল মিডিয়াত তেওঁৰ সক্ৰিয় উপস্থিতিৰ বাবে সম্ভৱতঃ তেৱেঁই আটাইতকৈ বেছি পৰিচিত।
হানাৰ এই উত্থান সহজ নাছিল; সাংবাদিকতা আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী চলোৱাৰ পিছতহে তেওঁ এই পৰ্যায়ত উপনীত হৈছে। এগৰাকী মুছলমান মহিলা হিচাপে ডাঙৰ-দীঘল হোৱা হানাই সমাজ আৰু পৰিয়ালৰ প্ৰত্যাশাৰ বোজাৰ লগতে বিভিন্ন সামাজিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল।
তেওঁ ছৌদি আৰৱত স্কুলীয়া শিক্ষা সমাপ্ত কৰে আৰু পিছলৈ কলেজীয়া শিক্ষা গ্ৰহণৰ বাবে উত্তৰ প্ৰদেশৰ মীৰাট চহৰৰ নিজৰ গৃহভূমিলৈ আহে। ছৌদি আৰৱত থকাৰ সময়ত তেওঁ এনে এখন সমাজত বাস কৰিছিল য'ত মহিলাসকলক পুৰুষৰ সমকক্ষ বুলি গণ্য কৰা হোৱা নাছিল; আনহাতে নিজৰ গৃহভূমিলৈ উভতি অহাৰ পিছত মুছলমান সমাজখনত তেওঁক এগৰাকী "ফাষ্ট গাৰ্ল" (fast girl) বুলি আখ্যা দিয়া হৈছিল।
ইয়াৰ ফলতেই তেওঁ কলেজীয়া শিক্ষাৰ বাবে দিল্লীলৈ যাবলৈ বাধ্য হৈছিল।
বিমান পৰিবহণ ক্ষেত্ৰলৈ হানাৰ আগমন আছিল আকস্মিক। তেওঁ জানিবলৈ দিয়া মতে, ২০১৪ চনত ত্ৰিবান্দ্ৰমত কেইগৰাকীমান পাইলটক লগ পোৱাৰ সময়তেই তেওঁ জীৱনৰ প্ৰকৃত লক্ষ্য উপলব্ধি কৰিছিল আৰু তেওঁলোকৰ সৈতে কথা পাতি থকাৰ মাজতেই তেওঁ আকাশত উৰা মৰাৰ সিদ্ধান্ত লৈছিল।
পাইলটৰ প্ৰশিক্ষণৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ হানাই যথেষ্ট পৰিশ্ৰম কৰিছিল। অতি সুন্দৰভাৱে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তিনিটাকৈ উৰণ পৰীক্ষাত (flying tests) উত্তীৰ্ণ হৈ তেওঁ বাণিজ্যিক উৰণৰ অনুজ্ঞাপত্ৰ (commercial flying license) লাভ কৰে। পৰৱৰ্তী সময়ত, তেওঁ উৰণৰ প্ৰশিক্ষণৰ বাবে আমেৰিকাৰ ফ্ল’ৰিডালৈ আৰু এয়াৰবাছ উৰুৱাত বিশেষ দক্ষতা অৰ্জন কৰিবলৈ গ্ৰীচলৈ যায়।
ককপিটত হানা মহছিন খান
২০২০ চনত হানাই নিজৰ প্ৰথমখন বাণিজ্যিক বিমান উৰুৱাইছিল। "মই এটা সুন্দৰ লেণ্ডিঙৰ (অৱতৰণ) বাবে প্ৰাৰ্থনা কৰিছিলো আৰু সেয়া সঁচাকৈয়ে সুন্দৰ আছিল। মোক এই সুযোগ দিয়াৰ বাবে মই এই বিশ্বব্ৰহ্মাণ্ড আৰু পৃথিৱীখনৰ প্ৰতি অত্যন্ত কৃতজ্ঞ অনুভৱ কৰিছিলো। মই ভাবিছিলো যে যদি আজি মোৰ মৃত্যুও হয়, তথাপি মোৰ কোনো আক্ষেপ নাথাকিব।"
তেওঁ অনুভৱ কৰে যে মহিলাসকলে ইগৰাকীয়ে সিগৰাকীক সহায় কৰা উচিত। "আমাক যিমান পাৰি সিমান সহায়ৰ প্ৰয়োজন। ইমানবোৰ কষ্টৰ মাজেৰে পাৰ হৈ অহাৰ পিছত বিশেষকৈ ভাৰতৰ সকলো মহিলাক সহায়ৰ প্ৰয়োজন। আমি আমাৰ নিজৰ বিষয়ে এনে বহু কথা শুনো যিবোৰ সঁচা নহয়, আমাক ৰাস্তাত জোকোৱা হয়, হাৰাশাস্তি কৰা হয়, তথাপি আমি যুঁজ দিওঁ, আমি যুঁজিবলৈ শিকো।"
তেওঁৰ মতে, প্ৰতিবাদ কৰাটো এক পৰ্যায়ক্ৰমিক প্ৰক্ৰিয়া যিটো ভয়ৰ পৰা আৰম্ভ হয় আৰু লাহে লাহে খংলৈ ৰূপান্তৰিত হৈ পিছলৈ কাৰ্যত পৰিণত হয়। "কল্পনা কৰকচোন আমাৰ কিমান শক্তি আছে! বলিয়া নোহোৱাকৈ, ঠিকে থাকি, কাম কৰি, সাধাৰণ মানুহৰ দৰে আচৰণ কৰি, আনৰ প্ৰতি সহানুভূতিশীল হৈ নিজৰ পৰিয়াল আৰু সমাজৰ যত্ন লোৱাটো এবাৰ কল্পনা কৰি চাওক..."
হানা মহছিন খান
হানাই কয়, "মই চুটি স্কাৰ্ট পিন্ধিছোঁ নে নিজকে মূৰৰ পৰা ভৰিলৈকে ঢাকি ৰাখিছোঁ, তাৰ ওপৰত ভিত্তি কৰি মোৰ বিচাৰ কৰা উচিত নহয়; ইয়াৰ কোনো এটাও বিকল্প মোৰ ওপৰত জাপি দিব নোৱাৰি।" তেওঁ লগতে কয়, "মই হিজাব নিপিন্ধিলে মই কম মুছলমান হৈ নাযাওঁ। এগৰাকী মহিলা হিচাপে আমি আগৰ পৰাই বহু কঠিন পৰিস্থিতিৰ সন্মুখীন হওঁ। তাৰ পিছত আমাক মুছলমান মহিলা হিচাপে শ্ৰেণীভুক্ত কৰা হয় আৰু আন কিছুমান বাহ্যিক কাৰকেও মুছলমান হোৱাটো আৰু কঠিন কৰি তোলে। গতিকে ইয়াত বহুত জটিলতা আছে।"
লিংগ বৈষম্যৰ বিষয়ে বুজাবলৈ হানাই এটা আমোদজনক ঘটনাৰ বৰ্ণনা কৰিছে। এবাৰ হানাই জামা মছজিদত অযু কৰি আছিল, তেতিয়াই এজন মানুহ তেওঁৰ ওচৰলৈ আহি ক'লে যে তেওঁ ভুলকৈ অযু কৰিছে, কাৰণ পানীয়ে তেওঁৰ কিলাকুটিৰ আগটো স্পৰ্শ কৰা নাই। তেওঁ লগে লগে উত্তৰ দিলে, "আপোনাৰ অযুও অসাৰ হৈ গ'ল কাৰণ আপুনি অযু কৰাৰ সলনি মোক চোৱাতহে ব্যস্ত আছিল"।
তেওঁ অনুভৱ কৰে যে বিমান বন্দৰ আৰু বিমানবোৰত ধুনীয়া, মানৱীয় কাহিনীৰ সৃষ্টি হয়। "সিদিনা মই এজন মানুহক তেওঁৰ পত্নীক ভিডিঅ' কল কৰি বিমানখনৰ ভিতৰভাগ দেখুৱাই থকা দেখিছিলো। মই তেওঁৰ কাষেৰেই খোজকাঢ়ি গৈছিলো আৰু দেখিছিলো যে তেওঁলোক কিমান সুখী আছিল।"
ভগ্নীসকলৰ সৈতে হানা মহছিন খান
এদিন এগৰাকী চি আই এছ এফ (CISF) মহিলা বিষয়াই হানাক প্ৰশংসা কৰি ক'লে, "মেডাম, আপোনাক ইউনিফৰ্মত বৰ ধুনীয়া লাগিছে।" হানাই উত্তৰ দিলে, "আপোনাকো আপোনাৰ ইউনিফৰ্মত সুন্দৰ লাগিছে, ইউনিফৰ্ম সকলো মহিলাক শুৱায়।" হানাৰ আটাইতকৈ প্ৰিয় মুহূৰ্তটো আছিল: এবাৰ এজনী ৫ বছৰীয়া ছোৱালীয়ে হানাক ইউনিফৰ্মত দেখি মাকক সুধিলে, "ছোৱালীও পাইলট হ'ব পাৰে নেকি?" তাইৰ মাকে মোৰ ফালে চাই ক'লে, 'নিশ্চয় পাৰে।' হানাই ছোৱালীজনীৰ গাত হাত ফুৰাই মৰমেৰে ক'লে, "মাজনী, মই যদি পাৰো, তুমিয়ো পাৰিবা।"
ভৱিষ্যতে বিমান পৰিবহণ ক্ষেত্ৰলৈ আহিব বিচৰা লোকসকলক সহায় কৰিবলৈ হানাই ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰ কৰে। তেওঁৰ এটা ইনষ্টাগ্ৰাম ষ্ট'ৰীত তেওঁ উৰণ আৰু এভিয়েচন কেৰিয়াৰৰ বিষয়ে প্ৰায় ১,০০০ প্ৰশ্নৰ উত্তৰ দিছিল।
বিমান চলোৱাৰ উপৰি তেওঁ এগৰাকী আগ্ৰহী পাঠক, খাদ্যপ্ৰেমী, পোহনীয়া জীৱ-জন্তুৰ মাতৃ (pet mom) আৰু এগৰাকী অংশকালীন লেখিকা। তেওঁ অনুভৱ কৰে, "বয়স মাত্ৰ এটা সংখ্যাহে। যদি আপুনি কিবা এটা কৰিব বিচাৰে, তেন্তে মোক বিশ্বাস কৰক, মাথোঁ আগবাঢ়ি যাওক, দেখিব সকলোবোৰ আপোনা-আপুনি ঠিক হৈ যাব।"
আন পাইলটসকলৰ সৈতে হানা মহছিন খান
ছ'চিয়েল মিডিয়াত তেওঁ আপলোড কৰা বিমান উৰুৱাৰ অভিজ্ঞতাৰ আন এটা কাহিনী হৈছে এগৰাকী হাৰিয়ানাৰ বৃদ্ধা মহিলাৰ প্ৰতিক্ৰিয়া। দিল্লী-গয়া অভিমুখী বিমানখন চলাই থকাৰ সময়ত বৃদ্ধাগৰাকীয়ে হানাক ককপিটত দেখিছিল।
"এগৰাকী বৃদ্ধ মহিলাই ককপিটৰ ভিতৰলৈ চাব বিচাৰিছিল আৰু যেতিয়া তেওঁ মোক দেখিলে, তেওঁ হাৰিয়ানৱী সুৰত আচৰিত হৈ কৈ উঠিল, 'অ'ই ইয়াহাঁ তো ছোৰী বৈঠী!' (অ', ইয়াত দেখোন এজনী ছোৱালী বহি আছে)।"
এক্স (X)-ৰ এটা পোষ্টত তেওঁ লিখিছে, "মই নিজৰ হাঁহি ৰখাব পৰা নাছিলো।"