দানিছ আলী, শ্ৰীনগৰ
সফলতাৰ শিখৰত উপনীত হ'বলৈ কেৱল সা-সুবিধাই নহয়, প্ৰয়োজন এক প্ৰৱল ইচ্ছাশক্তিৰ। মাৰ্ছিয়েল আৰ্টছৰ অনুশীলনতকৈ ওখ পাহাৰ আৰু অশান্ত অঞ্চল হিচাপে অধিক পৰিচিত এখন ঠাইত, এদিন এগৰাকী সৰু ছোৱালীয়ে সিদ্ধান্ত লৈছিল যে তাই যুঁজ দিব, কিন্তু ক্ষোভেৰে নহয়, বৰং গ্ল'ভছ পিন্ধিহে। কাশ্মীৰৰ দৰে ঠাইৰ পৰা ওলাই আহি এই ছোৱালীজনীয়ে সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ পৰিচয় দাঙি ধৰিছিল। তেওঁ আন কোনো নহয়, তেওঁ হৈছে বন্দীপোৰাৰ গৌৰৱ তাজামুল ইছলাম। সমাজৰ সকলো বাধা আৰু প্ৰত্যাহ্বান নেওচি গ্ল'ভছ পিন্ধি তেওঁ যি যুঁজ আৰম্ভ কৰিছিল, সেয়া আজি সমগ্ৰ বিশ্বৰ বাবে এক অনুপ্ৰেৰণা।
মেডেল লাভ কৰাৰ বহু আগতে, মানুহৰ হাতচাপৰি পোৱাৰ বহু আগতে আৰু বিদেশৰ ষ্টেডিয়ামত ত্ৰিৰংগা উৰুৱাৰ বহু আগতেই তাজামুল ইছলাম বন্দিপোৰাৰ ঠেক গলিৰে দৌৰি ফুৰা এজনী দৃঢ়মনা শিশু আছিল। যি সময়ত আন ল'ৰা-ছোৱালীয়ে সাধাৰণ খেল-ধেমালিত ব্যস্ত আছিল, সেই সময়ত এই ছোৱালীজনীয়ে কাশ্মীৰৰ চেঁচা বতাহত পাঞ্চ মৰা (ঘোচা মৰাৰ)ৰ অনুশীলন কৰিছিল। শীতত তেওঁৰ উশাহবোৰ স্পষ্টকৈ দেখা গৈছিল, কিন্তু তেওঁৰ সংকল্প আছিল অদৃশ্য অথচ অতি প্ৰবল।
শ্ৰীনগতত গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে তাজামুল ইছলাম
কিকবক্সিং কোনো সাধাৰণ পছন্দ নাছিল। ই আছিল কোলাহলপূৰ্ণ। ই আছিল আক্ৰমণাত্মক। সমাজৰ ধাৰণা আছিল যে এই খেল কেৱল ল'ৰাৰ বাবেহে। কিন্তু তাজামুল এই কথাত একমত হোৱা নাছিল।
ৰিঙত নমাৰ আগতেই এগৰাকী যুঁজাৰু
তেওঁৰ কাহিনীটো ব্যতিক্ৰম হোৱাৰ একমাত্ৰ কাৰণ এয়াই নহয় যে তেওঁ মাত্ৰ আঠ বছৰ বয়সতে বিশ্ব খিতাপ দখল কৰিছিল। ইয়াৰ মূল কাৰণটো হ'ল তেওঁ এনে এটা পথ বাছি লৈছিল যিটো পথেৰে তেওঁৰ চৌপাশৰ কোনেও আগতে খোজ দিয়া নাছিল। যিখন ঠাইত সপোনবোৰ প্ৰায়েই ব্যৱহাৰিক আৰু সাৱধানতাপূৰ্ণ হয়, তাত তাজামুলৰ সপোন আছিল অতি দুঃসাহসী।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী মেহবুবা মুফতিৰ সৈতে তাজামুল ইছলাম
প্ৰশিক্ষণৰ সুবিধা আছিল অতি সীমিত। সুযোগ পোৱাটোও আছিল ন্যূনতম। সম্পদৰ অভাৱ আছিল। তথাপি প্ৰতিদিনে পুৱা তেওঁ ওলাই আহিছিল। হাতত গ্ল'ভছ, দৃষ্টি তীক্ষ্ণ। ক'তো অকণো সন্দেহৰ অৱকাশ নাছিল। তেওঁৰ প্ৰতিটো পাঞ্চৰ আঁৰত আছিল এক নিৰৱ বাৰ্তাঃ কাশ্মীৰৰ কন্যাসকল কেতিয়াও দুৰ্বল নহয়।
যিদিনা সমগ্ৰ বিশ্বই তেওঁৰ নাম শুনিছিল
২০১৬ চনত ইটালীৰ 'ৱৰ্ল্ড কিকবক্সিং চেম্পিয়নশ্বিপ'ত সমগ্ৰ বিশ্বই সেই কথাটো প্ৰত্যক্ষ কৰিলে, যিটো বন্দিপোৰাই আগতেই জানিছিল যে এই ছোৱালীজনী আনতকৈ সম্পূৰ্ণ বেলেগ। যেতিয়া তেওঁ সোণৰ পদকটো দাঙি ধৰিছিল, সেয়া কেৱল এখন খেলৰ বিজয়তকৈ বহুত বেছি আছিল। সেয়া আছিল এক সাংস্কৃতিক মুহূৰ্ত।
উত্তৰ কাশ্মীৰৰ এখন সৰু চহৰৰ এগৰাকী সৰু ছোৱালীয়ে আন্তঃৰাষ্ট্ৰীয় মঞ্চত থিয় দি দৃঢ়তাৰে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন তুলি ধৰিছিল। গোটেই খেলপথাৰখন হাতচাপৰিৰে ৰজন্জনাই গৈছিল। আনহাতে, ঘৰত সমগ্ৰ উপত্যকা গৌৰৱত জিলিকি উঠিছিল।
ভাৰতীয় পতাকা লৈ তাজামুল ইছলামে নিজৰ জয় উদযাপন কৰিছে
মেডেলতকৈয়ো অধিক
কিন্তু তাজামুলৰ প্ৰকৃত বিজয় ট্ৰফীৰ মাজত সীমাবদ্ধ নহয়। তেওঁ মানুহৰ ঘৰৰ ড্ৰয়িং ৰুমৰ আলোচনাৰ ধাৰণাই সলনি কৰি পেলাইছিল। শ্ৰেণীকোঠাৰ মানসিকতাৰ পৰিৱৰ্তন ঘটাইছিল। পিতৃসকলক নিজৰ কন্যাৰ সপোনৰ ওপৰত বিশ্বাস ৰাখিবলৈ তেওঁ অনুপ্ৰাণিত কৰিছিল। তেওঁৰ যাত্ৰাই এক নিৰৱ বিপ্লৱৰ প্ৰতিফলন ঘটায়- য'ত সবলীকৰণে শ্ল'গান নিদিয়ে, বৰঞ্চ ৰিঙৰ ভিতৰত শৃংখলাবদ্ধভাৱে পাঞ্চ মাৰে।
এক সুকীয়া চেম্পিয়ন
আজিৰ তাৰিখত তাজামুল ইছলাম কেৱল ক্ৰীড়াৰ উৎকৃষ্টতাৰেই প্ৰতীক নহয়। তেওঁ হৈছে সম্ভাৱনাৰ প্ৰতীক। প্ৰতিটো প্ৰশিক্ষণ শিবিৰত তেওঁ কেৱল শক্তিৰেই সঞ্চাৰ কৰা নাই, তেওঁ এই বাৰ্তাও বিলাইছে যে কাশ্মীৰৰ যুৱপ্ৰজন্মই ভৌগোলিক অৱস্থান, সমাজৰ পুৰণি ধাৰণা আৰু পৰিস্থিতিৰ ঊৰ্ধ্বলৈ গৈ সফলতা অৰ্জন কৰিব পাৰে। তেওঁৰ কাহিনী কোলাহলপূৰ্ণ নহয়। ই হৈছে স্থিতিস্থাপক। ই নাটকীয় নহয়। কিন্তু ই দৃঢ়তাপূৰ্ণ।
পদক আৰু বঁটাৰ সৈতে তাজামুল ইছলাম
বন্দিপোৰাৰ বৰফেৰে আবৃত সীমাৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় খেলপথাৰৰ উজ্জ্বল পোহৰলৈকে, তাজামুল ইছলামৰ যাত্ৰাই আমাক এটা সাধাৰণ সত্য সোঁৱৰাই দিয়েঃ চেম্পিয়নসকলৰ কেতিয়াও ষ্টেডিয়ামত জন্ম নহয়। তেওঁলোক নীৰৱতাৰ মাজত গঢ় লৈ উঠে, সংগ্ৰামৰ মাজেৰে ৰূপ পায় আৰু সঠিক সময়ত নিজৰ পৰিচয় দাঙি ধৰে।