পহলগামৰ বীৰ শ্বহীদ আদিল হুছেইন শ্বাহলৈ চৰকাৰৰ বিৰল সন্মান; শ্বহীদগৰাকীৰ নামত শিক্ষানুষ্ঠানৰ নামকৰণ

Story by  atv | Posted by  Munni Begum • 7 h ago
পহলগামৰ বীৰ শ্বহীদ আদিল হুছেইন শ্বাহলৈ চৰকাৰৰ বিৰল সন্মান
পহলগামৰ বীৰ শ্বহীদ আদিল হুছেইন শ্বাহলৈ চৰকাৰৰ বিৰল সন্মান
 
আৱাজ - দ্য ভইচ ব্যুৰ’ / গুৱাহাটী
 
কাশ্মীৰক পৃথিৱীৰ ভূস্বৰ্গ বুলি কোৱা হয়। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই যেনেদৰে প্ৰতিগৰাকী মানুহৰ মন মুহি নিয়ে, ঠিক তেনেদৰেই কেতিয়াবা সন্ত্ৰাসবাদৰ ক'লা ধোঁৱাই এই উপত্যকাক ছানি ধৰে। কিন্তু এনে পৰিৱেশৰ মাজতো কেতিয়াবা এনে কিছুমান ঘটনা পোহৰলৈ আহে, যিয়ে সমগ্ৰ বিশ্ববাসীক পোহৰৰ বাট দেখুৱায়। তেনে এক অম্লান পোহৰৰ উৎস হৈছে কাশ্মীৰৰ পহলগামৰ এজন সাধাৰণ ঘোঁৰাচালক (পনীৱালা) আদিল হুছেইন শ্বাহ। যোৱা বছৰ ২৬ জন নিৰীহ ভাৰতীয়ৰ প্ৰাণ কাঢ়ি নিয়া সেই ক’লা দিনটোত নিজৰ প্ৰাণৰ মায়া নেওচি পৰ্যটকসকলক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা এজন সাধাৰণ পনীৱালা আদিল হুছেইন শ্বাহ আজি কেৱল চৰকাৰী নথিপত্ৰৰ এটা নাম হৈ থকা নাই। তেওঁৰ সেই অতুলনীয় সাহস আৰু সৰ্বোচ্চ ত্যাগক চিৰস্মৰণীয় কৰি ৰাখিবলৈ জম্মু-কাশ্মীৰ চৰকাৰে দক্ষিণ কাশ্মীৰৰ এখন চৰকাৰী বিদ্যালয় এইগৰাকী বীৰ শ্বহীদৰ নামেৰে নামকৰণ কৰি তেওঁলৈ যাচিছে শ্ৰদ্ধাৰ্ঘ্য।
 
পূৰ্বতে 'হাপাটনাৰ হাইস্কুল' নামেৰে পৰিচিত এই শিক্ষানুষ্ঠানখন এতিয়া আনুষ্ঠানিকভাৱে 'শ্বহীদ আদিল মেম'ৰিয়েল হাইস্কুল' নামেৰে নামকৰণ কৰা হৈছে। অনন্তনাগ জিলাত শিক্ষামন্ত্ৰী ছকিনা ইটুৰ উপস্থিতিত এই নামকৰণ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণভাৱে সম্পন্ন হয়।
২০২৫ বৰ্ষৰ ২১ এপ্ৰিলৰ সময়ছোৱা আছিল পহলগামৰ ইতিহাসৰ এক ক'লা অধ্যায়। জইছ-ই-মহম্মদৰ অস্ত্ৰধাৰী সন্ত্ৰাসবাদীয়ে পহলগামৰ মনোমোহা বাইছাৰান উপত্যকাত পৰ্যটকসকলৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰি সমগ্ৰ দেশক জোকাৰি গৈছিল। ঘন পাইন গছৰ অৰণ্যৰ পৰা হঠাতে গধুৰ অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত সন্ত্ৰাসবাদীৰ দলটো ওলাই আহি নিৰস্ত্ৰ পৰ্যটকসকলৰ ওপৰত ধাৰাসাৰ গুলীবৰ্ষণ কৰিছিল। প্ৰত্যক্ষদৰ্শীৰ মতে, সন্ত্ৰাসবাদীসকলে পৰ্যটকসকলক তেওঁলোকৰ ধৰ্মৰ বিষয়ে সুধিছিল আৰু বিশেষকৈ অ-মুছলমানসকলক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই আক্ৰমণত ২৫ গৰাকী বহিঃৰাজ্যৰ পৰ্যটকৰ লগতে প্ৰাণ হেৰুৱাইছিল ২৮ বছৰীয়া আদিল হুছেইন শ্বাহে।
 
আন পনীৱালাসকলৰ দৰেই পৰ্যটকসকলক উপত্যকাটোৰ পাহাৰীয়া অঞ্চলত ঘোঁৰাৰে ফুৰোৱাৰ কাম কৰা আদিলে এই ভয়ংকৰ পৰিস্থিতিত নিজৰ প্ৰাণ বচাবলৈ পলাই যোৱা নাছিল। বৰং তেওঁ পৰ্যটকসকলক সুৰক্ষিত স্থান বিচাৰি পোৱাত সহায় কৰিছিল। তেওঁ সন্ত্ৰাসবাদীসকলক নিৰীহ পৰ্যটকসকলক কোনো ক্ষতি নকৰিবলৈ কাকূতি-মিনতি কৰিছিল আৰু সোঁৱৰাই দিছিল যে এই দৰ্শনাৰ্থীসকল কাশ্মীৰীসকলৰ সন্মানীয় অতিথি। কিন্তু পাষাণহৃদয়ৰ সন্ত্ৰাসবাদীয়ে তেওঁৰ কথা নুশুনিলে। ইয়াৰ পিছতো হাৰ নামানি আদিলে এজন আক্ৰমণকাৰীৰ পৰা বন্দুক কাঢ়ি ল’বলৈ বীৰৰ দৰে জঁপিয়াই পৰিছিল। ইয়াৰ পৰিণতিত সন্ত্ৰাসবাদীৰ কেইবাটাও গুলী তেওঁৰ বুকুত আৰু ডিঙি ভেদ কৰে আৰু তেওঁৰ মৃত্যু হয়।
 
আনৰ জীৱন বচাবলৈ চেষ্টা কৰি নিজৰ প্ৰাণ বিসৰ্জন দিয়া ২৮ বছৰীয়া আদিল আছিল ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী। ঘৰত আছিল তেওঁৰ অসুস্থ বৃদ্ধ পিতৃ-মাতৃ। আদিলে ঘোঁৰা চলাই দিনে মাত্ৰ ৩০০ টকাকৈ উপাৰ্জন কৰিছিল আৰু সেই সামান্য উপাৰ্জনেৰেই পৰিয়ালটো চলাৰ লগতে পিতৃ-মাতৃৰ বাবে ঔষধ কিনি আনিছিল। তেওঁ আছিল পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ। এই শোকাৱহ ঘটনাৰ পিছত আনৰ জীৱন ৰক্ষাৰ বাবে নিজক বলিদান দিয়া আদিলৰ পিতৃ হায়দৰ শ্বাহে চকুলো টুকি নিজৰ পুত্ৰক এজন 'শ্বহীদ' বুলি সগৌৰৱে অভিহিত কৰে। বিপদৰ সময়তো মানৱতাৰ হকে থিয় দিয়া তেওঁৰ এই কাৰ্যই সমগ্ৰ দেশবাসীৰ হৃদয় জিনিলে। বহুতেই তেওঁক কাশ্মীৰৰ আতিথ্য আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক জীৱন্ত প্ৰতীক হিচাপে আখ্যা দিছে।
 
 
শিক্ষানুষ্ঠানৰ নামকৰণ অনুষ্ঠানত সমবেত ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰি শিক্ষামন্ত্ৰী ছকিনা ইটুৱে কয় যে আদিলৰ সাহস আৰু ত্যাগ সদায় স্মৰণীয় হৈ ৰ'ব। নিৰীহ পৰ্যটকক বচাবলৈ নিজৰ জীৱন বিপন্ন কৰাৰ তেওঁৰ এই সিদ্ধান্তক মন্ত্ৰীগৰাকীয়ে বীৰত্ব আৰু মানৱতাৰ এক অসাধাৰণ নিদৰ্শন বুলি অভিহিত কৰে। সেই ভয়ংকৰ নিশা আক্ৰমণৰ স্থানলৈ যোৱাৰ কথা সুঁৱৰি মন্ত্ৰীগৰাকীয়ে কয় যে সেই শোকাৱহ ঘটনাই সকলোৰে মনত গভীৰ ৰেখাপাত কৰিছিল। তেওঁ লগতে কয় যে বিদ্যালয়খনৰ নাম সলনি কৰাৰ মূল উদ্দেশ্য হৈছে আদিলৰ আত্মবলিদানক সন্মান জনোৱা আৰু ভৱিষ্যত প্ৰজন্মই যাতে তেওঁৰ এই মহান ত্যাগক সদায় মনত ৰাখে সেয়া সুনিশ্চিত কৰা।
 
তেওঁ আৱেগিক হৈ কয়, "পিতৃ-মাতৃৰ বাবে এই শোক অসহনীয়; ইয়াৰ কোনো বিকল্প নাই। আপুনি তেওঁলোকক চাকৰি দিব পাৰে বা এখন বিদ্যালয়ৰ নাম সলনি কৰিব পাৰে, কিন্তু তেওঁলোকে যি দুখৰ মাজেৰে দিন পাৰ কৰিছে, কোনেও সেই দুখ পাতলাব নোৱাৰে।" তেওঁ জানিবলৈ দিয়ে যে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাহৰ প্ৰতিশ্ৰুতি মৰ্মেই এই নামকৰণ কৰা হৈছে। তেওঁ কয়, "মুখ্যমন্ত্ৰীয়ে যেতিয়া পৰিয়ালটোক সাক্ষাৎ কৰিছিল, তেতিয়া তেওঁ প্ৰতিশ্ৰুতি দিছিল যে ওচৰৰ বিদ্যালয়খন আদিলৰ নামত নামকৰণ কৰা হ'ব। মানুহৰ জীৱন বচাবলৈ তেওঁ এক সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰি গ'ল।"
 
উল্লেখ্য যে শিক্ষামন্ত্ৰী ছকিনা ইটু নিজেও সন্ত্ৰাসবাদৰ বলি হোৱা এটা পৰিয়ালৰ সদস্য। ১৯৯০-ৰ দশকত সন্ত্ৰাসবাদীয়ে তেওঁৰ বিধায়ক পিতৃক হত্যা কৰিছিল, যাৰ ফলত তেওঁ চিকিৎসা বিজ্ঞানৰ অধ্যয়ন আধাতে সামৰি ঘৰলৈ উভতি আহি পিতৃৰ ৰাজনৈতিক উত্তৰাধিকাৰ আগবঢ়াই নিবলৈ বাধ্য হৈছিল। আনহাতে, সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি প্ৰাণ আহুতি দিয়া শ্বহীদৰ নামত শিক্ষানুষ্ঠানৰ নামকৰণ কৰাৰ প্ৰথা ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ৰাজ্যপালৰ শাসনকালত আৰম্ভ হৈছিল যদিও, ওমৰ আব্দুল্লাহৰ নিৰ্বাচিত চৰকাৰৰ এইটোৱেই হৈছে এনে ধৰণৰ প্ৰথমটো নিৰ্দেশ।
 
মন্ত্ৰীসভাৰ বৈঠকত অনুমোদিত এই সিদ্ধান্ত কেৱল এখন বিদ্যালয়ৰ নাম সলনি কৰাৰ গতানুগতিক চৰকাৰী প্ৰক্ৰিয়াতেই আৱদ্ধ নাথাকিল; ই হৈ পৰিল ইতিহাসৰ বুকুত সোণালী আখৰেৰে লিখি ৰখা এক অম্লান স্বাক্ষৰ। আদিল কেৱল এজন ঘোঁৰাচালক নাছিল, তেওঁ আছিল কাশ্মীৰী আতিথ্য আৰু মানৱীয় প্ৰমূল্যবোধৰ এক জীৱন্ত প্ৰতীক। 
 
আদিল শ্বাহৰ এই অতুলনীয় বীৰত্বক সন্মান জনাই মহাৰাষ্ট্ৰ চৰকাৰেও পূৰ্বে তেওঁৰ পৰিয়ালৰ বাবে এটা ঘৰ নিৰ্মাণ কৰি দিছিল। এই বৰ্ষৰ ২১ এপ্ৰিলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজত তেওঁৰ বাসগৃহটো উদ্বোধন কৰা হয়। অৰ্থাৎ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্ষপূৰ্তিৰ দিনাই আধুনিক সা-সুবিধাসম্পন্ন এই নতুন ঘৰটো মুকলি কৰা হয়। দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ পহেলগাম পৰ্যটন এলেকাত এই উপলক্ষে এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত মহাৰাষ্ট্ৰৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকে। 
 
কাশ্মীৰৰ সেউজ উপত্যকাত যেতিয়াই বতাহে হেন্দোলনি তুলিব, তেতিয়াই 'শ্বহীদ আদিল মেম'ৰিয়েল হাইস্কুল'ৰ প্ৰতিটো ইটা, প্ৰতিটো কোঠাই যেন নিৰৱে গাই যাব এজন সাধাৰণ যুৱকৰ অসাধাৰণ বীৰত্বৰ গাঁথা। আদিল হুছেইন শ্বাহৰ এই সৰ্বোচ্চ ত্যাগে যুগে যুগে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ হৃদয়ত মানৱতা, নিস্বাৰ্থ সেৱা আৰু ভাতৃত্ববোধৰ এক অনিৰ্বাণ শিখা নিৰন্তৰভাৱে জ্বলাই ৰাখিব।