নূৰুল হক / আগৰতলা
১৮ কোটি টকীয়া ব্যইবহুল চিকিৎসা। এই চিকিৎসাৰ আশাতে দিন গণিছে ত্ৰিপুৰাৰ এগৰাকী শিশুৱে। শিশুগৰাকীৰ নাম মনশ্ৰী চৌধুৰীয়ে। মাত্ৰ ২২ মাহ বয়সতে মনশ্ৰী এছ.এম.এ. (Spinal Muscular Atrophy) নামৰ এক কঠিন ৰোগত আক্ৰান্ত হৈছে। এই শিশুটিৰ জীৱন বচাবলৈ যিটো বেজীৰ প্ৰয়োজন, সেই বেজিটো আমাৰ দেশত খুব কমেই পোৱা যায়। বিদেশৰ পৰা আনিবলগীয়া এই দৰবটোৰ বাবে বহুত টকাৰ প্ৰয়োজন, যিটো শিশুগৰাকীৰ দৰিদ্ৰ পৰিয়ালটোৰ পক্ষে যোগাৰ কৰাটো অসম্ভৱ।
কিন্তু এই বিপদৰ সময়ত প্ৰমাণ হ’ল যে মানৱতাৰ কোনো ধৰ্ম বা জাতি নাই। মনশ্ৰীৰ মুখত হাঁহি ফুটাবলৈ আজি ত্ৰিপুৰাৰ সকলো সম্প্ৰদায়ৰ লোক একত্ৰিত হৈ থিয় হৈছে। বিভিন্ন ব্যক্তি, সামাজিক সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান, মন্দিৰ আৰু মছজিদৰ লগতে মাদ্ৰাছাবোৰো সহায়ৰ বাবে আগবাঢ়ি আহিছে।
এই মানৱীয় কামৰ এক ডাঙৰ উদাহৰণ দিছে বিশালগড় জামিয়া মাদানীয়া দাৰুল উলুম মাদ্ৰাছাই। এই মাদ্ৰাছাখনে চৰকাৰৰ পৰা কোনো পুঁজি বা অনুদান নাপায়, কেৱল ৰাইজৰ দান-বৰঙণিৰ সহায়তহে মাদ্ৰাছা পৰিচালিত হয়। মাদ্ৰাছাখনত বহু ছাত্ৰ দৰিদ্ৰ পৰিয়ালৰ আৰু বহুতো মাউৰা (পিতৃ-মাতৃহীন) শিশু অধ্যয়ন কৰি আছে।
তথাপিও নিজৰ অভাৱৰ কথা পাহৰি শিক্ষক আৰু ছাত্ৰসকলে মনশ্ৰীৰ চিকিৎসাৰ বাবে প্ৰায় ১১ হাজাৰ টকা গোটায় আৰু অনলাইনৰ (Online payment) জৰিয়তে সেই পইচা শিশুটিৰ পৰিয়াললৈ পঠিয়াই দিয়ে।
শিশু মনশ্ৰী চৌধুৰী
মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা আব্দুৰ ৰহমানে কয় যে ইছলাম ধৰ্মত এজন মানুহৰ জীৱন ৰক্ষা কৰাটো সমগ্ৰ মানৱজাতিৰ জীৱন বচোৱাৰ সমান বুলি কোৱা হৈছে। সেই শিক্ষাৰেই অনুপ্ৰাণিত হৈ শিক্ষক আৰু ছাত্ৰসকলে নিজৰ সাধ্যানুসৰি সহায় কৰিছে। তেওঁ মনশ্ৰীৰ আশু আৰোগ্য কামনা কৰি আল্লাহৰ ওচৰত প্ৰাৰ্থনাও কৰে।
আটাইতকৈ আবেগিক কথাটো হ’ল, যিবোৰ ছাত্ৰই নিজে কষ্ট কৰি পঢ়া-শুনা কৰি আছে, তেওঁলোকে নিজৰ খোৱা খৰচৰ পৰা পইচা বচাই আন এটা শিশুক বচাবলৈ আগবাঢ়ি আহিছে। এই সৰু সৰু ত্যাগবোৰেই মানৱতাৰ আটাইতকৈ ডাঙৰ পৰিচয়।
জামিয়া মদনিয়া দাৰুল উলুম মাদ্ৰাছাৰ পৰা মানশ্ৰীৰ বাবে ধন সংগ্ৰহ কৰা কিছু মুহূৰ্ত
মনশ্ৰীৰ বাবে লোৱা এই পদক্ষেপ কেৱল অলপ পইচাৰ সহায় নহয়; এয়া মানুহৰ প্ৰতি মানুহৰ মৰম, দয়া আৰু একতাৰ এক অনন্য নিদৰ্শন। এনে কামে সমাজৰ প্ৰতিজন মানুহকে সোঁৱৰাই দিয়ে যে কাৰোবাৰ জীৱন বচাবলৈ বহুত ধনী হোৱাৰ প্ৰয়োজন নাই, কেৱল এখন চাফা অন্তৰৰহে প্ৰয়োজন।
আজি মনশ্ৰী কেৱল এটা পৰিয়ালৰ সন্তান হৈ থকা নাই, শিশুটি সমগ্ৰ ত্ৰিপুৰাৰ সন্তান হৈ পৰিছে। আৰু তেওঁৰ বাবে মানুহৰ এই ঐক্যবদ্ধ মৰম আৰু সহায়ে নতুন আশাৰ পোহৰ কঢ়িয়াই আনিব।