আমিৰ সুহেইল ৱানী
ভাৰতীয় উপমহাদেশৰ সাংস্কৃতিক আৰু আধ্যাত্মিক ইতিহাসৰ পাত লুটিয়ালে যিকেইটা নাম আটাইতকৈ উজ্জ্বল নক্ষত্ৰৰ দৰে জিলিকি উঠে, তাৰ ভিতৰত আমিৰ খুশ্ৰু অন্যতম। ১২৫৩ খ্ৰীষ্টাব্দত পাটিয়ালা (বৰ্তমানৰ উত্তৰ প্ৰদেশ)ত জন্মগ্ৰহণ কৰা খুশ্ৰু আছিল এগৰাকী তুৰ্কী পিতৃ আৰু এগৰাকী ভাৰতীয় মাতৃৰ সন্তান। জন্মসূত্ৰে লাভ কৰা এই মিশ্ৰিত পৰিচয়েই যেন আগলি বতৰা দিছিল তেওঁৰ ভৱিষ্যতৰ বিশাল বহুমুখী ব্যক্তিত্বৰ। সৰুৰে পৰাই বিভিন্ন ভাষা, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাৰ সান্নিধ্যলৈ অহাৰ ফলত তেওঁৰ মনটো হৈ পৰিছিল অসাধাৰণভাৱে গ্ৰহণশীল আৰু উদাৰ।
এক অসাধাৰণ প্ৰতিভাৰ গৰাকী খুশ্ৰুৱে অতি কম বয়সতে ৰাজদৰবাৰত প্ৰৱেশ কৰিছিল আৰু দিল্লীৰ কেইবাজনো চুলতানৰ সেৱা কৰিছিল। তথাপি তেওঁৰ অন্তৰৰ গভীৰতম আনুগত্য ক্ষমতাৰ প্ৰতি নাছিল, আছিল আধ্যাত্মিকতাৰ প্ৰতিহে। মহান চিস্তী চুফী সাধক নিজামুদ্দিন আউলিয়াৰ সান্নিধ্যত তেওঁৰ এই আধ্যাত্মিক যাত্ৰাই এক সুদৃঢ় ভেটি লাভ কৰিছিল। তেওঁৰ মাৰ্গদৰ্শনতেই খশ্ৰুৰ কাব্যিক প্ৰতিভা আৰু ৰহস্যবাদী চেতনাই পূৰ্ণতা লাভ কৰিছিল। যদিও তেওঁ ৰাজদৰবাৰ আৰু ৰাজকীয় পৰিৱেশৰ মাজত দিন অতিবাহিত কৰিছিল, তেওঁৰ আত্মাৰ প্ৰকৃত ঠিকনা আছিল 'খানকাহ' (চুফী সাধকৰ আশ্ৰম)। এইখনেই আছিল সেই পৱিত্ৰ স্থান য'ত প্ৰেম, ভক্তি আৰু নিজকে ঈশ্বৰৰ লগত বিলীন কৰি দিয়াই আছিল সৰ্বোচ্চ সাধনা।
খুশ্ৰুৰ ৰহস্যবাদী চিন্তাধাৰাক কেৱল নিৰাকাৰ বা তাত্ত্বিক আধ্যাত্মিকতা বুলি ক'লে ভুল হ'ব; তেওঁ ইয়াক দৈনন্দিন জীৱনৰ অভিজ্ঞতাত অনুভৱ কৰিছিল, গাইছিল আৰু জীৱনৰ প্ৰতিটো পলতে ইয়াক গাঁথি লৈছিল। চিস্তী চুফী পৰম্পৰাৰ গভীৰ প্ৰভাৱ পুষ্ট তেওঁৰ ৰহস্যবাদী দৃষ্টিকোণে 'ইছক্' (ঈশ্বৰীয় প্ৰেম), 'ফানা' (অহংকাৰৰ বিনাশ) আৰু প্ৰিয়-প্ৰিয়জন (ভক্ত আৰু ভগৱান)ৰ নিবিড় মিলনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। আন কঠোৰ দাৰ্শনিক পৰম্পৰাৰ বিপৰীতে খুশ্ৰুৰ আধ্যাত্মিকতা আছিল আৱেগিক, সংগীতাত্মক আৰু গভীৰভাৱে মানৱীয়।
প্ৰতিনিধিত্বমূলক ছবি
তেওঁৰ কবিতাই প্ৰায়ে পাৰ্থিৱ প্ৰেম আৰু ঈশ্বৰীয় প্ৰেমৰ মাজৰ সীমাৰেখাডাল ধূসৰ কৰি পেলায়। ফলত পাঠকে এজন প্ৰিয়জনৰ প্ৰতি থকা অনুৰাগ আৰু ঈশ্বৰপ্ৰাপ্তিৰ হেঁপাহৰ মাজত অনায়াসে বিচৰণ কৰিব পাৰে। এই অস্পষ্টতা কোনো ধৰণৰ বিভ্ৰান্তি নহয়, বৰঞ্চ ই এক সুচিন্তিত ৰহস্যবাদী কৌশল, যাৰ জৰিয়তে তেওঁ বুজাব বিচাৰিছিল যে সকলো প্ৰেমেই (ইয়াৰ বিশুদ্ধ ৰূপত) কেৱল ঈশ্বৰৰেই এক প্ৰতিচ্ছবি। 'হিন্দৱী' আৰু ফাৰ্চী ভাষাত ৰচিত তেওঁৰ ছন্দসমূহত এক অদ্ভুত আৱেগিক সজীৱতা আৰু আত্মীয়তা বিৰাজমান, যিয়ে গভীৰ আধ্যাত্মিক সত্যকো সাধাৰণ মানুহৰ বাবে সহজবোধ্য কৰি তোলে। তেওঁৰ বিখ্যাত সাঁথৰ, গীত আৰু দোহাসমূহত এজন ৰহস্যবাদী সাধকৰ বাণী সাধাৰণ জনতাৰ কথিত ভাষাৰে নিগৰি আহিছে, যিয়ে অভিজাত শ্ৰেণী আৰু লোক-সংস্কৃতিৰ মাজৰ ব্যৱধান নাইকিয়া কৰি পেলাইছে।
সাহিত্যৰ জগতখনত খুশ্ৰু এনে এক অগ্ৰণী ব্যক্তি হিচাপে জিলিকি আছে, যিজনে ভিন্ন ভাষিক জগতৰ মাজত এখন সাঁকো গঢ়ি তুলিছিল। সেই সময়ৰ দৰবাৰী ভাষা ফাৰ্চীত ব্যাপকভাৱে চৰ্চা কৰাৰ সমান্তৰালকৈ তেওঁ 'হিন্দৱী' ভাষাতো সাহিত্য ৰচনা কৰিছিল। এনেদৰে তেওঁ স্থানীয় পৰম্পৰাক এক সুকীয়া স্বীকৃতি আৰু সমৃদ্ধি প্ৰদান কৰিছিল, যি পৰৱৰ্তী সময়ত আধুনিক হিন্দী আৰু উৰ্দু ভাষা হিচাপে বিকশিত হৈছিল। তেওঁৰ সাহিত্যিক ভঁৰালত মছনৱী, গজল, সাঁথৰ আৰু ঐতিহাসিক বিৱৰণ আদি অন্তৰ্ভুক্ত; যিবোৰৰ প্ৰতিটোৱেই তেওঁৰ বহুমুখী প্ৰতিভা আৰু সৃষ্টিশীলতাৰ গভীৰতা প্ৰমাণ কৰে।
তেওঁ ফাৰ্চী সাহিত্যৰ শৈলীত ভাৰতীয় প্ৰতীক, ৰূপক আৰু আৱেগৰ সুন্দৰ সংমিশ্ৰণ ঘটাইছিল। ইয়াৰ ফলত এনে এক মিশ্ৰিত সৌন্দৰ্য-চেতনাৰ জন্ম হৈছিল যিয়ে সমগ্ৰ উপমহাদেশখনৰ সাংস্কৃতিক সমন্বয়ক প্ৰতিফলিত কৰিছিল। তেওঁৰ ধেমেলীয়া ৰচনাসমূহ, যেনে সাঁথৰ আৰু মুকৰী (মুকৰ্নী)-এ এনে এক মনৰ পৰিচয় দিয়ে যিয়ে ভাষাৰ পৰীক্ষা-নিৰীক্ষা আৰু সাধাৰণ মানুহৰ সৈতে জড়িত হৈ থকা এটা মনৰ উন্মেষ ঘটায়। এই সমন্বয়ৰ জৰিয়তে খশ্ৰুৱে কেৱল ভাষাৰ অভিব্যক্তিৰ সম্ভাৱনীয়তাই বৃদ্ধি কৰা নাছিল, বৰং এক উমৈহতীয়া সাহিত্যিক ঐতিহ্যৰো ভেটি স্থাপন কৰিছিল যি ধৰ্মীয় আৰু সাংস্কৃতিক সীমাৱদ্ধতাৰ বহু ঊৰ্ধ্বত আছিল।
সংগীতৰ ক্ষেত্ৰত খুশ্ৰুৰ অৱদান সম্ভৱতঃ তাতোকৈ বেছি যুগান্তকাৰী, যিয়ে তেওঁক ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ বিকাশৰ এগৰাকী প্ৰতিষ্ঠাপক ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিছে। পৰম্পৰাগতভাৱে তেওঁক বহুতো উদ্ভাৱনৰ কৃতিত্ব দিয়া হয়, যেনে চুফী ভক্তি সংগীতৰ এক সুশৃংখলিত ৰূপ হিচাপে 'কাৱালী'ৰ বিকাশ; চেতাৰ আৰু তবলাৰ দৰে বাদ্যযন্ত্ৰৰ প্ৰচলন বা পৰিৱৰ্ধন (যদিয়ো এই লৈ ঐতিহাসিকভাৱে মতভেদ আছে); আৰু নতুন ৰাগ তথা লয়-তালৰ সৃষ্টি। এই সকলোবোৰ দাবী ঐতিহাসিকভাৱে প্ৰমাণিত হওক বা নহওক, হিন্দুস্তানী সংগীতৰ ওপৰত তেওঁৰ প্ৰভাৱ যে অত্যন্ত গভীৰ সেই কথাত কোনো সন্দেহ নাই।
প্ৰতিনিধিত্বমূলক ছবি
ফাৰ্চী সংগীতৰ মধুৰতাৰ সৈতে ভাৰতীয় ৰাগৰ সংমিশ্ৰণ ঘটাই তেওঁ এনে এক সাংগীতিক ভাষাৰ সৃষ্টি কৰিছিল যি ভক্তিৰসেৰে পৰিপূৰ্ণ হোৱাৰ লগতে নান্দনিকতাৰে ভৰা আছিল আৰু যি গভীৰতম আধ্যাত্মিক অনুভৱ প্ৰকাশ কৰিবলৈ সক্ষম হৈছিল। 'চামা' (চুফী সংগীতৰ এক আধ্যাত্মিক সভা) অনুষ্ঠানত, সংগীত হৈ পৰিছিল আধ্যাত্মিক উত্তৰণৰ এক অন্যতম মাধ্যম, নিজৰ অহংকাৰ ত্যাগ কৰি ঈশ্বৰৰ সান্নিধ্য অনুভৱ কৰাৰ এক পথ। খুশ্ৰুৰ ৰচনাসমূহ- যিবোৰ আজিও দৰগাহ আৰু সংগীত-সভাত গোৱা হয়, সিবোৰে নিৰন্তৰভাৱে একতা, ভক্তি আৰু পৰমানন্দৰ ভাব জগাই তোলে।
সাহিত্য আৰু সংগীতৰ পৰিসৰ অতিক্ৰম কৰি চালে দেখা যায় যে, খুশ্ৰুৰ জীৱন আৰু কৰ্মৰাজি ভাৰতৰ বহুত্ববাদী আৰু মিশ্ৰিত সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন- যাক প্ৰায়ে 'গংগা-যমুনা তহজীব' (গংগা-যমুনীয়া সংস্কৃতি) বুলি জনা যায়। তেওঁ এনে এক সময়ত জীৱন নিৰ্বাহ কৰিছিল যিটো আছিল ৰাজনৈতিক অস্থিৰতা আৰু বিভিন্ন সংস্কৃতিৰ মহামিলনৰ যুগ; তথাপি তেওঁ এই পৰিস্থিতিৰ সন্মুখীন কোনো বৰ্জন বা আঁতৰি থকাৰ মানসিকতাৰে নহয়, বৰং এক সমন্বয়ৰ মনোভাৱেৰেহে কৰিছিল। তেওঁৰ পৰিচয় কোনো এক সংকীৰ্ণ পৰিসৰত আবদ্ধ নাছিল, বৰং ই আছিল বিভিন্নতাৰ মাজেৰে সমৃদ্ধ, তেওঁ একেধাৰে তুৰ্কীও আছিল আৰু ভাৰতীয়ও; দৰবাৰীও আছিল আৰু চুফী সন্তও; ফাৰ্চী কবিও আছিল আৰু হিন্দৱী গায়কো।
আমিৰ খুশ্ৰু
তেওঁৰ ৰচনাসমূহত ভাৰতীয় ঋতু, উৎসৱ-পাৰ্বন আৰু প্ৰাকৃতিক দৃশ্যৰ প্ৰতি এক গভীৰ স্নেহপূৰ্ণ টান দেখিবলৈ পোৱা যায়; লগতে স্থানীয় ৰীতি-নীতি আৰু পৰম্পৰাৰ প্ৰতিও তেওঁৰ অমল শ্ৰদ্ধা প্ৰতিফলিত হয়। নিজৰ গুৰুৰ মাজাৰ (দৰগাহ)ত উদযাপন কৰা তেওঁৰ বিখ্যাত বসন্ত উৎসৱ ইয়াৰ এক সুন্দৰ উদাহৰণ যে কেনেকৈ তেওঁ স্থানীয় সাংস্কৃতিক ৰীতি-নীতিক আঁকোৱালি লৈ তাক আধ্যাত্মিক আনন্দ প্ৰকাশৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। খুশ্ৰুৰ মাজত আমি সভ্যতাৰ সংঘাত নহয়, বৰঞ্চ ইয়াৰ সৃষ্টিশীল সংগমহে দেখিবলৈ পাওঁ- এনে এক সংগম য'ত পাৰ্থক্যবোৰ মচি পেলোৱা নহয়, বৰং তাৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰা হয়।
সমন্বয়ৰ এই অসাধাৰণ ক্ষমতাই খুশ্ৰুক আধুনিক সময়তো ইমানেই প্ৰাসংগিক কৰি তুলিছে। যি সময়ত সময়ত মেৰুকৰণ, পৰিচয়ৰ সংঘাত আৰু সাংস্কৃতিক সংকীৰ্ণতা ক্ৰমাৎ বৃদ্ধি পাইছে, তেনে সময়ত তেওঁৰ জীৱনাদৰ্শই এক সুদৃঢ় বিকল্প দৃষ্টিভংগী দাঙি ধৰে- যিয়ে দৃষ্টিভংগী, পাৰস্পৰিক বাৰ্তালাপ, সৃষ্টিশীলতা আৰু উমৈহতীয়া মানৱতাক প্ৰতিনিধিত্ব কৰে। খুশ্ৰুক পুনৰুজ্জীৱিত কৰাৰ অৰ্থ কেৱল কোনো ঐতিহাসিক ব্যক্তিৰ গুণানুকীৰ্তন কৰাই নহয়, বৰং জীৱন ধাৰণৰ সেই শৈলীক পুনৰ আকোঁৱালি লোৱা যিয়ে বিভাজনৰ পৰিৱৰ্তে সম্পৰ্ক গঢ়াত অধিক গুৰুত্ব দিয়ে।
অস্তিত্বৰ মূল আধাৰ হিচাপে প্ৰেমৰ ওপৰত তেওঁ যি গুৰুত্ব আৰোপ কৰিছিল, সেয়া ধৰ্মান্ধতাৰ কঠোৰতাক প্ৰত্যাহ্বান জনায় আৰু বিশ্বাস তথা সংস্কৃতিৰ এক অন্তৰ্ভুক্তিমূলক বোধগম্যতাৰ দিশত আগবঢ়াই নিয়ে। গভীৰ সত্যসমূহ প্ৰকাশ কৰিবলৈ স্থানীয় ভাষাৰ প্ৰয়োগে আমাক যোগাযোগৰ ক্ষেত্ৰত সহজলভ্যতা আৰু সহানুভূতিৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে। তেওঁৰ সংগীতে- যিয়ে শিল্পী আৰু শ্ৰোতা, পৱিত্ৰ আৰু পাৰ্থিৱৰ মাজৰ সীমাৰেখা মচি পেলায় আৰু সাংস্কৃতিক প্ৰকাশৰ এনে এক আদৰ্শ দাঙি ধৰে যি নিজৰ শিপাৰ সৈতে সংযুক্ত হৈয়ো সম্পূৰ্ণ মুক্ত।
সাম্প্ৰতিক সময়ত খুশ্ৰুক পুনৰুজ্জীৱিত কৰাৰ অৰ্থ হ'ব- শৈক্ষিক পাঠ্যক্ৰমত তেওঁৰ ৰচনাসমূহ পুনৰ অন্তৰ্ভুক্ত কৰা, তেওঁৰ সংগীত পৰম্পৰাক প্ৰসাৰিত কৰা আৰু এনে এক পৰিৱেশ গঢ়ি তোলা য'ত সাংস্কৃতিক সমন্বয়ে বিস্তাৰ লাভ কৰিব পাৰে। ইয়াৰ অৰ্থ হ'ব তেওঁৰ জীৱন-দৰ্শনক অন্তৰ্ভুক্ত কৰাঃ বৈচিত্ৰক কোনো ভাবুকি হিচাপে নহয়, বৰং সমৃদ্ধিৰ এক উৎস হিচাপে গ্ৰহণ কৰা; পাৰ্থক্যবোৰক ভয়ৰ সলনি কৌতূহলৰ দৃষ্টিৰে চোৱা; আৰু মানৱীয় অনুভৱৰ মাজত নিহিত হৈ থকা একতাক অনুধাৱন কৰা। খুশ্ৰুৰ পৃথিৱীখনত 'মেহবুব' (প্ৰিয়জন) মানৱীয়ও হ'ব পাৰে আৰু ঈশ্বৰীয়ও; ভাষা অভিজাত শ্ৰেণীৰো হ'ব পাৰে আৰু সাধাৰণ জনতাৰো; আৰু পৰিচয় নিৰ্দিষ্টও হ'ব পাৰে আৰু সাৰ্বজনীনো। এই প্ৰবাহমানতা কোনো দুৰ্বলতা নহয়, বৰং ই এক গভীৰ শক্তি- এনে এক শক্তি যিয়ে তেওঁক এনে এক ঐতিহ্য ৰচনা কৰিবলৈ সক্ষম কৰিছিল, যাৰ অনুৰণন শতিকাৰ পিছত শতিকাজুৰি প্ৰতিধ্বনিত হয়।
শেষত, আমিৰ খুশ্ৰু ভাৰতীয় মিশ্ৰিত সংস্কৃতিৰ এক কালজয়ী প্ৰতীক হিচাপে আমাৰ সন্মুখত থিয় দিছে- এনে এক সংস্কৃতি যি পাৰস্পৰিক আদান-প্ৰদান, খাপ-খোৱা মনোভাৱ আৰু পাৰস্পৰিক সন্মানৰ ওপৰত প্ৰতিষ্ঠিত। তেওঁৰ জীৱনে আমাক সোঁৱৰাই দিয়ে যে সেইবোৰ সভ্যতাই আটাইতকৈ বেছি সমৃদ্ধিশালী যিয়ে বৈচিত্ৰ্যক আঁকোৱালি লয়- যিয়ে বিভিন্ন সুৰক একেলগে জীয়াই থকাৰ আৰু ইটোৱে সিটোক সমৃদ্ধ কৰাৰ সুযোগ প্ৰদান কৰে। খুশ্ৰুক স্মৰণ কৰা আৰু তেওঁৰ আদৰ্শক পুনৰুজ্জীৱিত কৰাৰ জৰিয়তে আমি কেৱল অতীতৰ স্মৃতিতেই হেৰাই যোৱা নাই, বৰং আশাৰে ভৱিষ্যতৰ ফালে চাইছোঁ- আমি অতীতৰ পৰা সেই চিৰন্তন পাঠ গ্ৰহণ কৰিছোঁ, যিয়ে এখন অধিক সমন্বয়পূৰ্ণ আৰু অন্তৰ্ভুক্ত ভৱিষ্যত নিৰ্মাণত সহায় কৰিব।