চৰকাৰী চাকৰি এৰি কবিতাৰ মাজেৰে সমাজৰ বাস্তৱ ছবি দাঙি ধৰা ব্যতিক্ৰমী আৰিফুৰ ৰহমান

Story by  Ariful Islam | Posted by  [email protected] • 1 Months ago
কবি আৰিফুৰ ৰহমান
কবি আৰিফুৰ ৰহমান
 
আৰিফুল ইছলাম/গুৱাহাটী
 
যিসময়ত চৰকাৰী চাকৰিৰ বাবে নিবনুৱা যুৱক-যুৱতীয়ে হাবাথুৰি খাই ফুৰিছে, তেনে সময়তে এগৰাকী কবিয়ে চৰকাৰী চাকৰি ত্যাগ কৰিছে। নিজৰ নৈতিক আদৰ্শক প্ৰাধান্য দিয়া এই কবিগৰাকীয়ে থলুৱা অসমীয়া ভাষাত বাস্তৱ ঘটনাবোৰক কবিতাৰ ৰূপ দি চৰ্চা লাভ কৰিছে। এই যুৱ কবিগৰাকী হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ আৰিফুৰ ৰহমান।
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কবি আৰিফুৰ ৰহমানে ৰচনা কৰা 'সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ' নামৰ কবিতাটোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছিল। কবিতাটোত তেওঁ জুবিন গাৰ্গৰ সমাধিৰ কাষেৰে পাৰ হৈ যোৱা গাড়ীবোৰক মায়াবিনী গান বজাই যাবলৈ আহ্বান জনাইছিল। সেই আহ্বানক এতিয়া দায়িত্ব হিচাপে লৈছে সমগ্ৰ অসমবাসীয়ে।

ছাত্ৰ অৱস্থাৰ পৰাই কবিতা চৰ্চা কৰি অহা কৰি আৰিফুৰ ৰহমান পেছাত এগৰাকী ফাৰ্মাছিষ্ট। ১৯৮৭ চনত কামৰূপ জিলাৰ ২নং ধূহি গাঁৱত জন্ম লাভ কৰা আৰিফুৰ ৰহমানৰ পিতৃ আতাউৰ ৰহমান প্রাথমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক আৰু মাতৃ আৰবজান বেগম এগৰাকী গৃহিনী। বর্তমান কবি ৰহমান সহধৰ্মিনী ৰোজলিন চুলতানা, দুটি সন্তান (মিছবাহ আৰু নাডিৰা) আৰু পিতৃ-মাতৃৰ স'তে ৰঙিয়াত বসবাস কৰে।
 
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কবি আৰিফুৰ ৰহমানে কয়; "মই মোৰ কবিতাত প্ৰজাৰ কথা লিখোঁ। মই যি দেখিছোঁ, সেই দেখা কথাবোৰক শব্দৰ ৰূপ দিওঁ। মই ভাবোঁ, মানুহৰ মৃত্যুত কন্দা প্ৰতিগৰাকী মানুহেই একো-একোগৰাকী কবি। ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজত মই ফাৰ্মাছিষ্টৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থকাৰ সময়ত এটা কবিতা লিখিছিলো আৰু তেতিয়া শ্ৰেষ্ঠ কবিৰ সন্মান লাভ কৰিছিলোঁ। তেনেকৈয়ে কবিতা লিখাৰ প্ৰতি আগ্ৰহ আৰু অনুপ্ৰেৰণা পাইছিলোঁ। মোৰ জীৱনত বহু মানুহৰ প্ৰভাৱ আছে। মোৰ শ্ৰদ্ধাৰ মুকুল বেজবৰুৱা ছাৰ, কবি প্ৰণৱ দা, হিমাংশু প্ৰসাদ দাস দা আদিয়ে মোক যথেষ্ট অনুপ্ৰেৰণা দিছিল। মই 'আমাৰ চলিৰ কি হ'ব এ মাষ্টাৰ' বুলি এটা কবিতা লিখিছিলোঁ আৰু সেই কবিতাটোত হিমাংশু দায়ে মোক যথেষ্ট উৎসাহিত কৰি নিজেই সামাজিক মাধ্যমত এৰি দিছিল।"
 
মঞ্চত কবিতা আবৃত্তি কৰি থকা মুহূৰ্তত আৰিফুৰ ৰহমান
 
প্ৰতিটো কবিতা লিখাৰ সময়ত কবি আৰিফুৰ ৰহমানে কি চিন্তা কৰে বুলি সোধাত তেওঁ কয়, "মই যিহেতু স্বাস্থ্য সেৱাৰ লগত জড়িত এগৰাকী ব্যক্তি, গতিকে স্বাস্থ্যৰ লগত জড়িত মানুহৰ বহু সমস্যা মই একেবাৰে ওচৰৰ পৰা দেখা পাওঁ, সেই কথাবোৰেই মই কবিতাত লিখোঁ। মই মোৰ কবিতাত নিজৰ মনৰ ভাব ব্যক্ত কৰোঁ বা মানুহৰ সমস্যাৰ কথা চৰকাৰক আহ্বান কৰোঁ। মই এগৰাকী নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ। মই পুঁজিপতিও নহ'লোঁ বা হিতাধিকাৰীও নহ'লোঁ। আমাৰ দৰে নিম্ন মধ্যবিত্ত মানুহখিনিয়ে  ছিলিণ্ডাৰৰ দামটো অলপ বাঢ়িলেও অসুবিধা পাওঁ। ঔষধৰ দামবোৰৰ বাবে মানুহে হাৰাশাস্তি খাই। গতিকে এই কথাবোৰেই মই মোৰ কবিতাত প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। সেই কথা ভাবিয়েই মই এটা কবিতা লিখিছিলোঁ 'বেমাৰ হোৱাতকৈ মৃত্যু হোৱাই ভাল আছিল'।"
 
কবি আৰিফুৰ ৰহমানে কামৰূপ জিলাৰ বালিসত্ৰ শিশু বিদ্যালয়ৰ পৰা শিক্ষাৰ পাতনি মেলি নলবাৰী জিলাৰ পশ্চিম বড়িগোগ ধীৰ দত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হয়। ইয়াৰ পিছত ৰঙিয়া মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীর্ণ হৈ অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ পৰা ফাৰ্মাছিষ্ট ডিপ্লমা গ্ৰহণ কৰে আৰু তাৰ পৰৱৰ্তী সময়ত বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক হয়।
 
কবি ৰহমান যিহেতু মেডিকেল সেৱাৰ লগত জড়িত এগৰাকী ব্যক্তি, সেয়ে তেওঁ বিভিন্ন সময়ত বিভিন্ন মানুহৰ সুখ-দুখ, হাঁহি-কান্দোন আদি ওচৰৰ পৰা জুমি চোৱাৰ সুযোগ লাভ কৰে। এই কথাবোৰেই কবিগৰাকীৰ কবিতাত বহিঃপ্ৰকাশ ঘটে।
 
হিমাংশু প্ৰসাদ দাসৰ সৈতে আৰিফুৰ ৰহমান
 
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত লিখা তেওঁৰ 'সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ' শীৰ্ষক কবিতাটো কি ভাবি লিখিছিল বুলি সোধাত তেওঁ কয়; "জুবিন গাৰ্গক আমি সৰুৰে পৰা দেখিছোঁ। শিশুকালত ৰেডিঅ'ত 'পাখি পাখি এই মন' শুনাৰে পৰা শৈশৱত 'হিয়া দিয়া নিয়া' আৰু এতিয়া 'ৰৈ ৰৈ বিনালে' লৈকে জুবিন দাক আমি দেখি আহিছোঁ। তেওঁ এগৰাকী প্রকৃত শিল্পী। তেওঁৰ শিশুসুলভ কথাবোৰে এতিয়া আমাক সকলোকে আমনি কৰে। তেওঁ গান হিন্দু-মুছলমান প্ৰতিঘৰ অসমীয়াৰ ঘৰতে বাজে, সৰু সৰু শিশুবোৰে 'জনি জনি য়েছ পাপা'ৰ পৰিৱৰ্তে 'মায়াবিনী' গায় আজিকালি। মই এগৰাকী অনুভৱী মানুহ, গতিকে কবিতাটো লিখাৰ সময়ত মই ভাবিছিলোঁ, যে জুবিন গাৰ্গৰ আত্মাই কি ক'ব বিচাৰে। তেনেকৈয়ে কবিতাটো হৈ উঠিছিল। মই ডিব্ৰুগড়ত পঢ়িছিলোঁ। নৈশ বাছত উঠি উজনিলৈ যোৱাৰ অভিজ্ঞতা মোৰ আছে। পূৰ্বতে যেতিয়া উজনিলৈ গৈছিলোঁ, তেতিয়া টোপনি মাৰিয়ে সোণাপুৰ পাৰ হৈছিলোঁ। কিন্তু এতিয়া মানুহে সোণাপুৰ পাৰ নোহোৱালৈকে টোপনি নামাৰে। কিয়নো তাত সংগীতৰ অমৰ ভগৱান শুই আছে। যেন জুবিন দাই আমাক ক'ব, মোৰ ওচৰৰে গ'লে গান এটা বজাই হ'লেও মোক মাত দি যাবি। আমি এনেকৈয়ে কিন্তু জুবিন দাক অনন্ত কাললৈ জীয়াই ৰাখিব পাৰোঁ।"
 
উল্লেখযোগ্য যে, কবি আৰিফুৰ ৰহমানক মানুহে পূৰ্বতে চিনি পাইছিল যদিও, 'সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ' শীৰ্ষক কবিতাটোৰ পৰা মানুহে বেছিকৈ চিনি পোৱা হৈছে। কিছুমান অনুষ্ঠানত মানুহে তেওঁক সোণাপুৰৰ দাদাজন বুলিও সম্বোধন কৰে।
 
কবি আৰিফুৰ ৰহমান পেছাত এগৰাকী ফাৰ্মাছিষ্ট। ফাৰ্মাছিষ্টত পাঠ্যক্ৰম সম্পূৰ্ণ কৰি চাকৰি বিচাৰি হাবাথুৰি খাইছিল। কিন্তু ফাৰ্মাছিষ্টৰ চাকৰি পাবলৈ সক্ষম হোৱা নাছিল। ফাৰ্মাছিষ্টৰ চাকৰি নাপাই পিছলৈ কবি আৰিফুৰ ৰহমানে ৰঙিয়াতে জনস্বাস্থ্য কাৰিকৰী বিভাগত চাকৰি কৰিছিল। কিন্তু খুব কম সময় চাকৰি কৰি তেওঁ সেই চাকৰি এৰি দিছিল। "চাকৰি এৰোতে মোক মোৰ দেউতাই সুধিছিল যে, চাকৰি কিয় এৰিলোঁ? মই দেউতাক কৈছিলো যে দেউতা মই মোৰ আদৰ্শক হত্যা কৰিব নোৱাৰোঁ", আৰিফুৰ ৰহমানে কয়।
 
গ্ৰন্থমেলাত কবি আৰিফুৰ ৰহমান
 
কবি আৰিফুৰ ৰহমান পেছাত যিহেতু এগৰাকী ফাৰ্মাছিষ্ট। ফাৰ্মাচীসমূহৰ দুৰৱস্থাকলৈ তেওঁ যথেষ্ট শংকিত। তেওঁ কয়, "ফাৰ্মাচী এতিয়া যিকোনো মানুহে দিব পৰা এখন সাধাৰণ দোকানৰ দৰে হৈ পৰিছে। সাধাৰণ মেট্ৰিক পাছ কৰা মানুহ এজনেও ফাৰ্মাচী খুলি বহি আছে। বহু ফাৰ্মাচীত ভুল দৰৱ দিয়া ঘটনা বহুত আছে। ডাঙৰক এটা টেবলেট আৰু সৰু এফাল খাব দিয়ে ফাৰ্মাচীত থকা মানুহে, পৰিমাণৰ কথা নাজানে। বহু মানুহে চিকিৎসকৰ ওচৰলৈ নাযায়, তেনে ফাৰ্মাচীত বেমাৰৰ কথা কৈ ঔষধ খোৱাও দেখিছোঁ। যিটো সময়ত আমি মঙল গ্ৰহলৈ যোৱাৰ কথা ভাবি আছোঁ, সেই সময়ত আমাৰ ফাৰ্মাচীসমূহত ফাৰ্মাছিষ্ট নাই। ভাবিবলগীয়া কথা।"
 
কবি আৰিফুৰ ৰহমানে বাস্তৱ জীৱনৰ এনেবোৰ অভিজ্ঞতাক লৈ ৰচনা কৰা "মই ছোৱালীৰ দেউতাকে কৈছোঁ", "বেমাৰ হোৱাতকৈ মৃত্যু হোৱাই ভাল", "আমি নিম্নমধ্যবিত্ত মানুহ" আদি কবিতাই সময়ে সময়ে বিভিন্ন কাকত-আলোচনী তথা সামাজিক মাধ্যমত প্রকাশ হোৱাৰ পিছত পাঠকৰ মন আকর্ষিত কৰিবলৈ সক্ষম হৈছে। কবি ৰহমানে অসমীয়া জাতিৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্রয়াণৰ পিছত জুবিন গাৰ্গকলৈও "সোণাপুৰৰ পৰা মই জুবিন গার্গে কৈছোঁ ঐ", "জুবিন গাৰ্গৰ আত্মাৰ কথাৰে ৰৈ ৰৈ বিনালে" আদি বহুকেইটা কবিতা ৰচনা কৰিছে আৰু এই কবিতাকেইটাই পাঠকসমাজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি ৰহমানে থলুৱা ভাষাত ৰচনা কৰা কবিতাকেইটাই সৰ্বসাধাৰণ মানুহৰ অন্তৰ চুই যোৱাত ৰহমান সাধাৰণ মানুহৰ মাজতো বিশেষভাৱে পৰিচিত হৈ পৰিছে।
 
কবি আৰিফুৰ ৰহমানৰ কবিতাবোৰ সময়, সমাজ আৰু অনুভৱৰ এক যৌথ প্রতিধ্বনি। কবিতাসমূহত ব্যবহৃত শব্দবোৰ কেৱল ভাষাৰ অলংকাৰ নহয়, সেইবোৰ জীৱনৰ অভিজ্ঞতা, সুখ-দুখ, আশা-নিৰাশা আৰু মানৱীয় সংবেদনশীলতাৰ সজীৱ প্রকাশ। কবিতাবোৰে পাঠকৰ হৃদয়ত প্ৰৱেশ কৰি পাঠকক চিন্তাশীল কৰি তোলাৰ অৱকাশো নথকা নহয়।