জুবিন বিহীন প্ৰথমটো ব’হাগঃ উৰুঙা উৰুঙা, নিস্তব্ধ-নিথৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
জুবিন বিহীন প্ৰথমটো ব’হাগঃ উৰুঙা উৰুঙা, নিস্তব্ধ-নিথৰ
জুবিন বিহীন প্ৰথমটো ব’হাগঃ উৰুঙা উৰুঙা, নিস্তব্ধ-নিথৰ
 
নিকুঞ্জ নাথ
 
প্ৰকৃতিৰ বুকুলৈ পুনৰ ঘূৰি আহিছে ঋতুৰাজ বসন্ত। কুলি-কেতেকীৰ সুমধুৰ মাত, কপৌফুলৰ সুবাস আৰু ঢোল-পেঁপাৰ গুমগুমনিৰে চৌদিশ মুখৰিত হৈ পৰিছে। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু এতিয়া পদূলিমুখত। কিন্তু, এইবেলিৰ বিহুত পূৰ্বৰ দৰে সেই উন্মাদনা আৰু স্বতঃস্ফূৰ্ত আনন্দ নাই। উছাহৰ বিপৰীতে সমগ্ৰ ৰাজ্যতে বিৰাজ কৰিছে এক গভীৰ বিষাদ আৰু শূন্যতাৰ প্ৰচ্ছায়া। কাৰণ, এইবেলিৰ ব'হাগ বিহুত নাই অসমীয়াৰ প্ৰাণৰ শিল্পী, যুৱপ্ৰজন্মৰ হৃৎস্পন্দন জুবিন গাৰ্গ।
 

বুকুত এবুকু যন্ত্ৰণা কঢ়িয়াই আজিও যেন প্ৰতিগৰাকী অসমীয়াই বিশ্বাস কৰিবলৈ টান পাইছে সেই চিৰন্তন অথচ নিষ্ঠুৰ সত্যক। যোৱা বৰ্ষৰ ১৯ ছেপ্টেম্বৰত অসমৰ জাতীয় জীৱনৰ পৰা অকালতে হেৰাই যোৱা এইগৰাকী মহান শিল্পীৰ অনুপস্থিতি আজি প্ৰতিটো পলতে অনুভৱ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে। জুবিন গাৰ্গ বিহীন বিহু অসমীয়াৰ বাবে এক মানিব নোৱাৰা, আনকি কল্পনাৰো অগোচৰ পৰিঘটনা। কি স’তেনো আজি অসমে এই বিহু উদযাপন কৰিব? যিগৰাকী ব্যক্তিয়ে অসম আৰু অসমীয়াক প্ৰাণতকৈও অধিক ভাল পাইছিল, যাৰ কণ্ঠৰ যাদুত নিশাৰ পিছত নিশা বিহুৰ মঞ্চসমূহ জীপাল হৈ পৰিছিল, তেওঁৰ অবিহনে হেঁপাহৰ বিহু আজি সঁচাকৈয়ে উৰুঙা, নিস্তব্ধ-নিথৰ।
 
'ৰকষ্টাৰ' জুবিন গাৰ্গ
 
জুবিন গাৰ্গ কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, তেওঁ নিজেই এক বৃহৎ অনুষ্ঠান। অসমৰ শিল্প-সংস্কৃতিৰ বিশাল ক্ষেত্ৰখন তেওঁৰ অবিহনে আজি সঁচাকৈয়ে অসম্পূৰ্ণ। প্ৰতিখন ৰঙালী বিহুৰ মঞ্চত তেওঁৰ উপস্থিতি আছিল উন্মাদনাৰ আকৰ। তেওঁৰ এটি গীতৰ কলি শুনাৰ হেঁপাহত লাখ লাখ অনুৰাগীয়ে উজাগৰে নিশা পাৰ কৰিছিল।
 
এইবেলিও বিহুৰ মঞ্চসমূহ আটকধুনীয়াকৈ সজাই তোলা হ'ব, বিহুৱা-বিহুৱতীয়ে কঁকাল ভাঙি নাচিব, কিন্তু মঞ্চৰ পৰা ভাহি নাহিব সেই চিৰপৰিচিত, উন্মাদনাময় কণ্ঠস্বৰ— 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা...'। ''ঐ নাহৰ ফুলাৰ বতৰ...", "জানমণি ঐ আকাশখন ধুনীয়া...", "মায়া, মায়া মাথোঁ মায়া...", ''মায়াবিনী ৰাতিৰ বুকুত’’, ''কাৰ পৰশ, কাৰ সুবাস’’ বা ''সোণৰে সজা পঁজা...’’ৰ দৰে কালজয়ী গীতসমূহ তেওঁৰ স্বকীয় কণ্ঠত মঞ্চত আৰু কেতিয়াও শুনিবলৈ পোৱা নাযাব। ব’হাগৰ এজাক বৰষুণৰ মাজত মঞ্চৰ পৰা তেওঁ গোৱা ''এজাক বৰষুণে মোক ধুই থৈ গ’ল’’ গীতৰ তালে তালে অনুৰাগীৰ মাজত সৃষ্টি হোৱা সেই উন্মাদনা আৰু উল্লাস এইবেলি চিৰদিনৰ বাবে স্তব্ধ হৈ ৰ'ব। তেওঁৰ অবৰ্তমানত বিহুৰ মণ্ডপসমূহত বিৰাজ কৰিব কেৱল এক নীৰৱ শূন্যতাই। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁ যিদৰে বিহুৰ আনন্দ বিলাই ফুৰিছিল, সেই মধুৰ স্মৃতিয়ে আজি প্ৰতিগৰাকী অসমীয়াৰ দুচকুত চকুলো নমাই আনিছে।
 
এনেদৰে অনুষ্ঠানৰ সূচীলৈ বিহু মঞ্চত গীত পৰিৱেশন কৰিবলৈ আৰু নাহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
 
অসমীয়াৰ বাবে বিহু মানেই আছিল জুবিন গাৰ্গ। কিন্তু সেই বিহুৰ সম্ৰাটজনেই আজি নাই। সেয়েহে এইবেলি বিহু যেন বিহু হৈ থকা নাই, ই পৰিণত হৈছে বৰ বিহত। তেওঁৰ অবিহনে আজিৰ ব'হাগ উৰুঙা-নিথৰ। প্ৰকৃতিক ঈৰ্ষণীয়ভাৱে ভালপোৱা, মানৱদৰদী, পৰোপকাৰী প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি ইতিমধ্যে ৰাজ্যৰ কেইবাখনো ৰঙালী বিহু সন্মিলনীয়ে এইবেলি অনুষ্টুপীয়াকৈ বিহু আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহু বিহু সমিতিয়ে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনাই তেওঁৰ নামত সমগ্ৰ মঞ্চ উছৰ্গা কৰিছে। প্ৰতিখন বিহু সমিতিয়ে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ফটো সম্বলিত হৰ্ডিং-পোষ্টাৰেৰে মঞ্চ সজাইছে। 
 
জুবিন বিহীন এই প্ৰথমটো ব’হাগ কিদৰে উদযাপন কৰিব অসমীয়াই? শিল্পীগৰাকীৰ ঘনিষ্ঠ বন্ধু তথা বাদ্যযন্ত্ৰী পাৰ্থপ্ৰতিম গোস্বামীয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "জুবিন গাৰ্গে সদায় এটা কথা কৈছিল- Life should go on। পৃথিৱীখন কাৰো বাবেই কেতিয়াও ৰৈ নাথাকে। জুবিনে সদায় বিচাৰিছিল সাংস্কৃতিক অনুষ্ঠানসমূহ অব্যাহত থাকক। নিজৰ দুখ, নিজৰ আৱেগ- এইবোৰ প্ৰত্যেকৰে ব্যক্তিগত অনুভৱ; ইয়াক কোনেও কাকো বুজাব নোৱাৰে। অসমৰ প্ৰতিজন মানুহ আজি গভীৰ দুখত ম্ৰিয়মাণ। কিন্তু এই দুখৰ মাজেৰেই আমি আমাৰ কৰ্মৰে আগবাঢ়ি যাব লাগিব। জুবিনে ভালপোৱা কামখিনি আমি সযতনে আগবঢ়াই লৈ যাব লাগিব।"
 
অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
 
একেদৰে, জুবিনৰ প্ৰধান বাদ্যযন্ত্ৰী ৰাজা বৰুৱাই আৱেগিক হৈ কয়, "জুবিন যদিও আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, মই কিন্তু এই কথাটো মানি ল'ব নোখোজোঁ। তেওঁ যেন এতিয়াও মোৰ লগতেই আছে, তেনেকুৱাই লাগে। কিন্তু যেতিয়া মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিবলৈ উঠোঁ, তেতিয়া তেওঁৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰোঁ। জুবিন গাৰ্গ প্ৰকৃততে এজন 'ৰকষ্টাৰ' আছিল, যিটো কথা হয়তো কেতিয়াও আলোচনা কৰা নহ’ল। তেওঁ সদায় নতুনত্ব বিচাৰিছিল, নতুন নতুন কথা কৈছিল আৰু মানুহৰ লগত মন খুলি ৰং-ধেমালি কৰিছিল।"

জুবিন গাৰ্গ অভিনীত অন্তিমখন জনপ্ৰিয় ছবি 'ৰৈ ৰৈ বিনালে’ৰ সহ-অভিনেতা জয় কাশ্যপেও ব’হাগৰ এটি আবেলি প্ৰাণৰ শিল্পীগৰাকীক সুঁৱৰি সামাজিক মাধ্যমত এটি আৱেগিক ভিডিঅ’ শ্বেয়াৰ কৰিছে। বুকুত বেদনাৰ গধুৰ বোজা লৈ তেওঁ কৈছে, "আজি বৰ বিবৰ্ণ যেন লাগিছে এই বসন্তৰ আবেলিটো। বৰ নিতাল-নিস্তব্ধ হৈ পৰিছে তেওঁৰ গাঁৱৰ বিহুতলি। তেওঁ নাই... তেওঁ আজি আমাৰ মাজত নাই। অথচ প্ৰতিবাৰৰ দৰেই চৌদিশে ফুলবোৰ লহপহকৈ ফুলি উঠিছে। মোক পাহৰণিৰ গৰ্ভলৈ ঠেলি দি তেওঁ কি পালে বা নাপালে মই নাজানো। অথচ মই তেওঁক চিৰদিনৰ বাবে হেৰুৱালোঁ। যিগৰাকী ব্যক্তিয়ে এদিন প্ৰতিশ্ৰুতি দিছিল- প্ৰতিটো বসন্তৰ প্ৰথমজাক বৰষুণত আমি একেলগে তিতিম, আজি তেৱেঁই আমাৰ কাষত নাই। জুবিন দা বিহীন এই প্ৰথমটো ব’হাগ কেনেকৈ পাৰ কৰিম, আমি নাজানো। আজি মই যি যন্ত্ৰণা অনুভৱ কৰি আছোঁ, হয়তো আপোনালোকেও তেনেকুৱাই অনুভৱ কৰিছে। তেওঁলৈ বৰকৈ মনত পৰে, বিশেষকৈ চিনেমাখনৰ দৃশ্যগ্ৰহণৰ সেই সময়খিনি বৰকৈ আমনি কৰে... আমি তেওঁক কেতিয়াও হেৰুৱাব নোৱাৰোঁ। যেতিয়ালৈকে আমাৰ জীৱন আছে, তেতিয়ালৈকে জুবিন দা আমাৰ মাজত জীয়াই থাকিব।"
 
জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী, ঘনিষ্ঠ বন্ধু ৰাজা বৰুৱা আৰু পাৰ্থপ্ৰতীম গোস্বামী
 
ইপিনে, জুবিন গাৰ্গ বিহীন এই প্ৰথমটো ব'হাগত প্ৰিয় শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়াই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এইবেলি বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ বিনিময়ত শিল্পীগৰাকীয়ে কোনো ধৰণৰ মাননি গ্ৰহণ নকৰে। এই সন্দৰ্ভত তেওঁ কয়, "ব’হাগ মানেই জুবিন গাৰ্গ, বিহু বুলিলেই জুবিন গাৰ্গ। সেয়েহে এইবাৰ বিহুৰ মঞ্চত কেৱল বাদ্যযন্ত্ৰীসকলৰ পাৰিশ্ৰমিকখিনিৰ বাহিৰে মই মোৰ নিজৰ প্ৰাপ্য পাৰিশ্ৰমিক গ্ৰহণ নকৰোঁ।"
 
এই বিষাদগধুৰ পৰিৱেশত শোকত ভাগি পৰিছে শিল্পীগৰাকী সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গ। সামাজিক মাধ্যমত আৱেগিক হৈ তেওঁ লিখিছে- 'নিথৰ ব’হাগ, শূন্য ব’হাগ। মঙলবাৰে বিহুৰ দিনাখন জুবিনৰ শেষ শয়নস্থলী 'সোণাপুৰৰ জুবিন ক্ষেত্ৰ’ত উপস্থিত হয় গৰিমা শইকীয়া গাৰ্গসহ ভগ্নী পালমী বৰঠাকুৰ। মৰমৰ মানুহজনক বিহুৰ পিঠা-পনা আগবঢ়োৱাৰ লগতে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আৱেগক ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰে গৰিমা শইকীয়া গাৰ্গ। যি দৃশ্য সঁচাকৈয়ে বৰ্ণনাতীত।

মৰমৰ গ'ল্ডী দাক সুঁৱৰি আৱেগিক হৈ পৰে ভগ্নী পালমী বৰঠাকুৰেও। সংবাদমাধ্যমৰ আগত তেওঁ কয়, '' এনেয়ে প্ৰতিটো ব’হাগত বিশেষকৈ আজিৰ দিনটোত ঘৰখনত এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰে আৰু ১৫ এপ্ৰিলৰ পৰা দাদাৰ অনু্ষ্ঠান আৰম্ভ হয়। গতিকে দাদা-বৌ ব্যস্ত থাকে- কি পিন্ধিব, কি নিপিন্ধিব এইবোৰক লৈ। মোৰ চাকৰিৰ ব্যস্ততা থাকে, সেয়ে তেওঁৰ অনুষ্ঠানসমূহত যাব নোৱাৰো। কিন্তু গুৱাহাটীত তেওঁৰ এটা অনুষ্ঠানত সদায় উপস্থিত থাকো। দাদাই মোক গুৱাহাটীত কোনখন অনুষ্ঠান চাবলৈ যাম সদায় পৰামৰ্শ দিয়ে। তেওঁ কয় অমুক বিহুতলীলৈ নাযাবি, তাত যথেষ্ট ভিৰ থাকে, অমুকত যাবি তাত বেছি ভিৰ-ভাৰ নাথাকে। এই পৰিস্থিতিৰ সলনি আজি আমি যিটো পৰিস্থিতিৰ সন্মুখীন হৈছো, এই পৰিস্থিতিৰ কাৰণে যিকেইটা কালপ্ৰিট, সেই কালপ্ৰিটকেইটা কোনোপধ্যে সাৰি যাব নালাগে। কালপ্ৰিটকেইটাই চূড়ান্ত শাস্তি পাব লাগে। যিহেতু আদালতক প্ৰমাণ লাগে, তেওঁলোকে সেইমতে ন্যায় প্ৰদান কৰিব। কিন্তু আমাৰ মনত, আমিতো দেখিছো-বুজিছো তাৰ পৰা আমি গম পাইছো কোন কোন কালপ্ৰিট। সেয়ে মনৰ পৰা তেওঁলোকক উচিত শাস্তি পোৱাটোৱে আমি কামনা কৰি আছো।’’ 
 
জুবিন গাৰ্গৰ কেইখনমান জনপ্ৰিয় অসমীয়া অডিঅ‘ কেচেটৰ প্ৰচ্ছদ
 
কথাখিনি কৈ থাকোঁতে তেওঁৰ চকু চলচলীয়া হৈ পৰে। সেমেকা দুচকুৰে তেওঁ পুনৰ কয়, ''ইমান দিনে জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিল। যিকোনো পৰিস্থিতি, সমস্যাৰ সময়ত জুবিন গাৰ্গ ৰাইজৰ কণ্ঠ হৈ আছিল। এইটো ব’হাগ য’ত আজিৰ পৰা আৰু আমি জুবিন গাৰ্গক নাপাম। মই ভাবো এতিয়াৰ পৰা ৰাইজ জুবিন গাৰ্গৰ কণ্ঠ হওক। এই সংকল্প সকলোৱে লওক। এই সংকল্পটো খুবেই জৰুৰী। ন্যায় প্ৰতিষ্ঠা হ’বলৈও এয়া জৰুৰী আৰু সমাজখন সুস্থভাৱে চলিবলৈও এয়া জৰুৰী।’’
 
হাজাৰ হাজাৰ গীত পৰিৱেশনেৰে জুবিন গাৰ্গে কেৱল অভিলেখ সৃষ্টি কৰাই নহয়, নিজৰ অসাধাৰণ প্ৰতিভা আৰু অমূল্য সৃষ্টিৰাজিৰে অসমীয়া সংগীত জগতখনক যি অনন্য উচ্চতালৈ লৈ গৈছে, সেয়া ইতিহাসৰ পাতত সদায় সোণোৱালী আখৰেৰে জিলিকি ৰ'ব। তেওঁৰ গীত-মাত অবিহনে অসমীয়াৰ বিহু যে চিৰদিনৰ বাবে আধৰুৱা হৈ ৰ'ব, সেই কথা আজি তেওঁৰ অবৰ্তমানত প্ৰতিগৰাকী অসমীয়াই মৰ্মে মৰ্মে উপলব্ধি কৰিছে।
 
হাৰ্টথ্ৰৱ জুবিন গাৰ্গ
 
কায়িকভাৱে জুবিন গাৰ্গ আজি এই ধৰাত নাই যদিও, তেওঁৰ অমৰ সৃষ্টিৰাজি চিৰযুগমীয়া হৈ ৰ'ব। ব'হাগৰ প্ৰতিটো ক্ষণত, ঢোলৰ প্ৰতিটো চাপৰত আৰু পেঁপাৰ প্ৰতিটো লহৰত জুবিন গাৰ্গ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত সদায় জীয়াই থাকিব। তেওঁ দি যোৱা অলেখ বিহু গীতে আগন্তুক প্ৰতিটো প্ৰজন্মক বিহুৰ প্ৰকৃত আমেজ আৰু উন্মাদনা উপহাৰ দি যাব। জুবিন বিহীন এই প্ৰথমটো ৰঙালী বিহুত তেওঁৰ অমৰ সৃষ্টিৰাজিক সুঁৱৰি, চকুলোৰে সিক্ত নয়নেৰে সমগ্ৰ অসমে তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। কাৰণ, জুবিন গাৰ্গ কেৱল এজন ব্যক্তি নহয়, তেওঁ অসমীয়াৰ এক চিৰন্তন আৱেগ; আৰু এই আৱেগৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে, মৃত্যু নহয়!