ত্ৰিপুৰাৰ বক্সনগৰত উথপথপ ঈদৰ পশুধনৰ বজাৰঃ উদ্ভাসিত হ’ল সাম্প্ৰদায়িক সম্প্ৰীতি

Story by  atv | Posted by  Nikunja Nath • 1 h ago
ত্ৰিপুৰাৰ বক্সনগৰত উথপথপ ঈদৰ পশুধনৰ বজাৰঃ উদ্ভাসিত হ’ল সাম্প্ৰদায়িক সম্প্ৰীতি
ত্ৰিপুৰাৰ বক্সনগৰত উথপথপ ঈদৰ পশুধনৰ বজাৰঃ উদ্ভাসিত হ’ল সাম্প্ৰদায়িক সম্প্ৰীতি
 
নুৰুল হক / আগৰতলা
 
পৱিত্ৰ ঈদ-উজ-জোহা বা কুৰবানীৰ ঈদলৈ মাজত মাত্ৰ কেইটামান দিন। অহা ২৮ মে’ত সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিব এই পৱিত্ৰ উৎসৱ। সাধাৰণতে ঈদৰ সময়ত পশুধন কুৰবানী দিয়াক লৈ দেশৰ বিভিন্ন প্ৰান্তত নানান চৰ্চা বা সমালোচনা হোৱা দেখা যায়। কিন্তু এই সকলোবোৰৰ বিপৰীতে ত্ৰিপুৰাৰ বক্সনগৰত দেখা গ’ল এক সম্পূৰ্ণ সুকীয়া তথা হৃদয়স্পৰ্শী দৃশ্য। সাম্প্ৰদায়িক সম্প্ৰীতি আৰু মানৱতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰি বক্সনগৰত এতিয়া হিন্দু-মুছলিমৰ মিলনৰ মাজেৰে চলিছে ঈদৰ পশুধনৰ বেচা-কিনা।
 
মুছলমান অধ্যুষিত এলেকাসমূহত বিশেষ পশুধনৰ বজাৰ আয়োজনৰ জৰিয়তে ঈদৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। এই ঈদৰ বজাৰসমূহত কেৱল মুছলমান সম্প্ৰদায়ৰ লোকেই নহয়, হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টানৰ লগতে আন সকলো জাতি-জনজাতিৰ ক্রেতা-বিক্রেতা একাকাৰ হৈ পৰিছে।

দেওবাৰে বক্সনগৰত তেনে এখন পশুধনৰ বজাৰেই দেখিবলৈ পোৱা গ’ল। বিজেপি বিধায়ক তোফাজ্জল হুছেইনৰ বিশেষ উদ্যোগত ঈদৰ চাৰি দিনৰ আগতেই এই বজাৰখনত ব্যাপক উথপথপ পৰিৱেশৰ সৃষ্টি হয়। আটাইতকৈ লক্ষণীয় কথাটো হ'ল, বজাৰ পৰিচালনা সমিতিত মুছলমান লোকতকৈ হিন্দু সম্প্ৰদায়ৰ লোকৰ সংখ্যা বেছি আছিল। একেদৰে ৰাজ্যখনৰ সকলো জাতি-জনজাতিৰ লোকে অতি উৎসাহেৰে এই পশুধনৰ বজাৰত অংশগ্ৰহণ কৰে।
 
দেওবাৰে পুৱা ৭ বজাৰ পৰাই বক্সনগৰ দ্বাদশ শ্ৰেণী বিদ্যালয়ৰ খেলপথাৰত ত্ৰিপুৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিক্ৰেতাসকলে কুৰবানীৰ পশুধন লৈ উপস্থিত হয়। হিন্দু, মুছলমানৰ লগতে সকলো জাতি-জনজাতিৰ বিক্ৰেতাই কুৰবানীৰ বজাৰত গৰু আৰু ছাগলী বিক্ৰী কৰিবলৈ আহে।
 
ত্ৰিপুৰাৰ বক্সনগৰৰ ঈদৰ পশুধনৰ বজাৰৰ দৃশ্য
 
খেলপথাৰখনৰ দক্ষিণ প্ৰান্তত পশুধন বজাৰ পৰিচালনা সমিতিৰ বাবে এটা কাৰ্যালয় কক্ষ নিৰ্মাণ কৰা হয়। বিশাল পথাৰখনৰ সন্মুখত পশুধন বান্ধিবলৈ বাঁহৰ শাৰী আৰু খুঁটা পুতি দিয়া হয়। ক্ৰেতা আৰু বিক্ৰেতাৰ সুবিধাৰ্থে খোৱাপানীৰ সুন্দৰ ব্যৱস্থাও কৰা হয়। সমগ্ৰ খেলপথাৰখন বিভিন্ন ৰঙৰ পতাকাৰে সজাই তোলা হয়। পুৱা দহ বজাৰ ভিতৰতেই বজাৰখন লোকে লোকাৰণ্য হৈ পৰে আৰু হাজাৰ হাজাৰ ক্ৰেতা-বিক্ৰেতাৰ ভিৰ দেখিবলৈ পোৱা যায়।
 
ক্ৰেতা-বিক্ৰেতাৰ উপৰি ঈদৰ এই পশুধনৰ বজাৰখন চাবলৈ বহু উৎসাহী লোকেও ভিৰ কৰে। জানিব পৰা মতে, সেইদিনা বজাৰখনত ৪০ হাজাৰৰ পৰা ৭০-৮০ হাজাৰ টকাৰ ভিতৰৰ গৰু আটাইতকৈ বেছি বিক্ৰী হৈছে। অৱশ্যে সৰ্বোচ্চ ২ লাখ টকা পৰ্যন্ত মূল্যৰ কুৰবানীৰ পশুও সেইদিনা বিক্ৰী হয়।
 
ত্ৰিপুৰাৰ বক্সনগৰৰ ঈদৰ পশুধনৰ বজাৰৰ দৃশ্য
 
এই বজাৰখন সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক তোফাজ্জল হুছেইনে কয় যে, ঈদ-উজ-জোহা উপলক্ষে ধৰ্মপ্ৰাণ মুছলমানসকলে আল্লাৰ নামত কুৰবানী দিয়ে। এই কুৰবানী কেৱল এটা পশুৰ নহয়, মানুহৰ মনত থকা পশুত্বৰহে কুৰবানী। সেই পশুত্বক মনৰ মৰম-ভালপোৱাৰে জয় কৰিব লাগিব। বিধায়কগৰাকীয়ে লগতে কয় যে ত্ৰিপুৰা তথা আমাৰ দেশৰ জনসাধাৰণৰ মাজত সেই মৰম আৰু ভালপোৱা এতিয়াও অটুট আছে।
 
উৎসৱ যিয়েই নহওক কিয়, মানুহে যেতিয়া ইজনে সিজনৰ আনন্দত সমানে ভাগ লয় আৰু আনৰ ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হয়, তেতিয়াই সমাজত প্ৰকৃত শান্তি প্ৰতিষ্ঠা হয়। বক্সনগৰৰ এই ঈদৰ বজাৰখন কেৱল এখন বজাৰ হৈ থকা নাই, ই ৰাজ্যবাসীৰ গভীৰ ভ্ৰাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক জীৱন্ত দলিললৈ ৰূপান্তৰিত হৈছে বুলি বিধায়কগৰাকীয়ে দাবী কৰে। এদিনীয়া এই বজাৰখনক ঐতিহাসিক বুলি দাবী কৰি বজাৰখনত উপস্থিত হৈ তেওঁ ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে।