ভাৰতত মুকলি হ’ল বিশ্বৰ প্ৰথম আৰু একমাত্ৰ সাপ্তাহিক ইনচুলিন

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
ডেনমাৰ্কৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠান ‘নভ’ নৰ্ডিস্কে’ বুধবাৰে ‘আৱিক্লি’ বা ‘ইনচুলিন আইকডেক’ মুকলি কৰিছে। এইটো টাইপ ১ আৰু টাইপ ২ ডায়েবেটিছ থকা প্ৰাপ্তবয়স্কসকলৰ বাবে বিশ্বৰ প্ৰথমটো সপ্তাহত এবাৰ ল’বলগীয়া ‘বেচল ইনচুলিন’। এই ইনচুলিনটো ডায়েবেটিছৰ চিকিৎসাত এক ডাঙৰ পৰিৱৰ্তন আনিব, কিয়নো ইয়াৰ ফলত বছৰত ৩৬৫ বাৰ ইনচুলিন বেজী ল’বলগীয়া ঠাইত মাত্ৰ ৫২ বাৰ ল’লেই হ’ব।
 
ইনচুলিন হ’ল এবিধ হৰমন, যিয়ে তেজৰ প্ৰবাহৰ পৰা গ্লুক’জ কোষবোৰলৈ লৈ যোৱাত সহায় কৰে, যাতে ই তেজত জমা হৈ নাথাকে। টাইপ ১ ডায়েবেটিছ বা অতি বেছি পৰিমাণে হোৱা টাইপ ২ ডায়েবেটিছৰ ৰোগীসকলে তেওঁলোকৰ তেজৰ চেনিৰ মাত্ৰা সঠিক পৰিসৰত ৰাখিবলৈ সাধাৰণতে দিনত এবাৰ আৰু কেতিয়াবা দিনটোত একাধিকবাৰ ইনচুলিন ল’বলগীয়া হয়।
 
ডায়েবেটিছ আৰু মেদবহুলতাৰ বিখ্যাত ঔষধ ‘চেমাগ্লুটাইড’ তৈয়াৰ কৰা এই প্ৰতিষ্ঠানটোৱে জানিবলৈ দিছে যে এই নতুন চিকিৎসা পদ্ধতিটো ভাৰতত ইনচুলিন গ্ৰহণ কৰাৰ আটাইতকৈ ডাঙৰ বাধা। অৰ্থাৎ দৈনিক বেজী লোৱাৰ ভয় দূৰ কৰিবলৈ তৈয়াৰ কৰা হৈছে। এই ভয়ৰ বাবেই ভাৰতত ইনচুলিন লোৱা আৰম্ভ কৰোঁতে গড়ে সাতৰ পৰা ন বছৰ পলম হয়।
 
আৱিক্লি’ বা ‘ইনচুলিন আইকডেক
 
ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানটোৱে জনোৱা মতে, ৭০০ ইউনিট থকা ‘আৱিক্লি’ৰ এটা পেকেটৰ দাম হ’ব ২৬১১ টকা, যাৰ অৰ্থ হ’ল প্ৰতি ইউনিটৰ মূল্য ৩.৭৩ টকা। এই মূল্য বৰ্তমান উপলব্ধ দৈনিক ইনচুলিনৰ খৰচতকৈ প্ৰায় ৩০ ৰ পৰা ৪০ শতাংশ কম।
 
বহু ৰোগীক ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে ইনচুলিন চিকিৎসা আৰম্ভ কৰাৰ সময়ত দৈনিক ১০ ইউনিট পৰ্যন্ত ইনচুলিনৰ প্ৰয়োজন হয়। তেনে ৰোগীক এসপ্তাহত ৭০ ইউনিট ইনচুলিনৰ প্ৰয়োজন হ’ব, যাৰ বাবে এসপ্তাহত প্ৰায় ২৬১ টকা খৰচ হ’ব।
 
বহু চিকিৎসকৰ বাবে এই মূল্য এক ডাঙৰ আশ্বৰ্য আছিল।
 
মুম্বাইৰ বিপাকীয় ৰোগ বিশেষজ্ঞ আৰু ডায়েবেটিছ বিশেষজ্ঞ ডাঃ ৰাজীৱ কভিলে কয়, "আটাইতকৈ ডাঙৰ আশ্বৰ্যৰ কথাটো হ’ল ‘আৱিক্লি’ অতি প্ৰতিযোগিতামূলক মূল্যত মুকলি কৰা হৈছে, যিটো বৰ্তমানৰ দৈনিক বেচল ইনচুলিনৰ মূল্যৰ অতি ওচৰা-উচৰি। ই এই নতুন উদ্ভাৱনটোক কেৱল ধনী লোকৰ মাজতে সীমাবদ্ধ কৰি নাৰাখি সকলোৰে বাবে সহজলভ্য কৰি তুলিছে।"
 
তেওঁ লগতে কয় যে ক্লিনিকেল ট্ৰায়েল বা পৰীক্ষামূলক প্ৰয়োগত দেখা গৈছে যে উপযুক্ত পালি নিৰ্ধাৰণ কৰিলে, এই ইনচুলিনে বহু ক্ষেত্ৰত দৈনিক বেচল ইনচুলিনৰ সমানেই বা তাতকৈ ভালদৰে তেজৰ চেনি নিয়ন্ত্ৰণ কৰিব পাৰে।
 
ভাৰতত প্ৰায় ১০.১ কোটি ডায়েবেটিছ ৰোগী আছে আৰু প্ৰায় ১৩.৬ কোটি লোক প্ৰি-ডায়েবেটিছত আক্ৰান্ত। দেশখনত টাইপ ১ ডায়েবেটিছত আক্ৰান্ত ৰোগীৰ সংখ্যাও ৯ লাখতকৈ অধিক। এইটো এটা অটোইমিউন অৱস্থা (শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ কোষকে আক্ৰমণ কৰা অৱস্থা), য’ত চিকিৎসাৰ মূল ভিত্তি হ’ল ইনচুলিন।
 
টাইপ ২ ডায়েবেটিছত আক্ৰান্ত লোকসকলৰো প্ৰায় ১০ শতাংশক ইনচুলিনৰ প্ৰয়োজন হয়। এই টাইপ ২ ডায়েবেটিছ সাধাৰণতে বিপাকীয় কাৰণত হয়, য’ত শৰীৰে ইনচুলিন সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰতত আটাইতকৈ বেছি বিক্ৰী হোৱা পাঁচটা ইনচুলিন ব্ৰেণ্ডৰ ভিতৰত চাৰিটা  বৰ্তমান ‘নভ’ নৰ্ডিস্কে’ প্ৰস্তুত কৰে। এই ঔষধ প্ৰস্তুতকাৰী কোম্পানীটোৱে দেশখনত এই চিকিৎসা পদ্ধতিসমূহ যোগান ধৰিবৰ বাবে ‘এবট’ কোম্পানীৰ সৈতে বুজাবুজি কৰিছে।
 
‘আৱিক্লি’ নামৰ এই ইনচুলিনবিধ সপ্তাহত এবাৰ ‘ফ্লেক্সটাচ’ নামৰ এটা পেন সদৃশ যন্ত্ৰৰ জৰিয়তে ল’ব লাগিব। কোম্পানীটোৱে কয় যে এই সৰল নিয়মৰ বাবে ৰোগীয়ে সঠিকভাৱে চিকিৎসা গ্ৰহণ কৰিব পাৰিব আৰু যিসকল ৰোগীয়ে ইনচুলিন ল’বলৈ কুণ্ঠাবোধ কৰে, তেওঁলোককো সোনকালে চিকিৎসা আৰম্ভ কৰিবলৈ উৎসাহিত কৰিব।
 
ভাৰত যিহেতু বিশ্বৰ ভিতৰতে ডায়েবেটিছৰ অন্যতম বৃহৎ বোজাৰ সন্মুখীন হৈছে, গতিকে এই ইনচুলিন মুকলি হোৱাটো অতি গুৰুত্বপূৰ্ণ। শেহতীয়া ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা-৬ ৰ তথ্যয়ো চহৰ আৰু গাঁও উভয় অঞ্চলৰ জনসংখ্যাৰ মাজত তেজত চেনিৰ মাত্ৰা তীব্ৰ গতিত বৃদ্ধি পোৱাৰ দিশটো আঙুলিয়াই দিছে।
 
‘অনৱাৰ্ডছ-১’ কাৰ্যসূচীৰ ক্লিনিকেল তথ্যই দেখুৱাইছে যে দিনত এবাৰ ল’বলগীয়া ‘ইনচুলিন গ্লাৰ্জিন ইউ১০০’ ৰ তুলনাত ‘আৱিক্লি’য়ে তেজত এইচ.বি.এ.১.চি অধিক উন্নতভাৱে হ্ৰাস কৰে আৰু তেজৰ চেনি নিয়ন্ত্ৰিত পৰিসৰত ৰখাত সহায় কৰে। একে সময়তে ইয়াৰ সুৰক্ষাজনিত দিশবোৰো সমানেই নিখুঁত আছিল।
 
কোম্পানীটোৰ মতে, টাইপ ২ ডায়েবেটিছত আক্ৰান্ত অধিক সংখ্যক ৰোগীয়ে ‘হাইপ’গ্লাইচেমিয়া’ নোহোৱাকৈয়ে এইচ.বি.এ.১.চিৰ মাত্ৰা ৭ শতাংশতকৈ তললৈ আনিবলৈ সক্ষম হৈছে।
 
নভ’ নৰ্ডিস্ক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক বিক্ৰান্ত শ্ৰোত্ৰীয়াই কয় যে এই ইনচুলিনৰ শুভাৰম্ভ দেশখনত ডায়েবেটিছৰ চিকিৎসাৰ বাবে এটা "ঐতিহাসিক মুহূৰ্ত"। তেওঁ লগতে কয় যে সপ্তাহত এবাৰকৈ ল’বলগীয়া এই পালীয়ে ইনচুলিন চিকিৎসাৰ সৈতে জড়িত মানসিক আৰু শাৰীৰিক উভয় বাধাকে দূৰ কৰিব পাৰে।
 
ভাৰতৰ বিশেষ প্ৰয়োজন
 
নতুন দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপ’ল’ হাস্পতালৰ সৈতে জড়িত হৰমন বিশেষজ্ঞ ডাঃ এছ. কে. ৱাংনুৱে কয় যে পলমকৈ ইনচুলিন আৰম্ভ কৰা আৰু সঠিকভাৱে নিয়ম পালন নকৰাৰ বাবে ডায়েবেটিছ নিয়ন্ত্ৰণৰ ফলাফল বেয়া হৈয়েই আছে। গতিকে চিকিৎসাক সৰল কৰা এনে উদ্ভাৱনে ৰোগীৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিব পাৰে আৰু অধিক সময়োপযোগী পদক্ষেপ লোৱাত সহায় কৰিব পাৰে।
 
ভাৰতৰ দৰে এখন দেশত, য’ত চিকিৎসসকলে প্ৰায়েই ৰোগীয়ে নিয়মীয়াকৈ ঔষধ নোলোৱা চিন্তাত ভোগে আৰু আনহাতে ৰোগীসকলে বেজীৰ ভয়, বিষ আৰু চিকিৎসাৰ জটিলতাক ইনচুলিন লোৱাত পলম কৰাৰ কাৰণ হিচাপে দোহাৰে, তাত এসপ্তাহত এবাৰ ল’ব পৰা এই বিকল্পই ডায়েবেটিছ নিয়ন্ত্ৰণৰ এই দীৰ্ঘদিনীয়া নাটনি পূৰণ কৰাত সহায় কৰিব পাৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইণ্ডিয়ান কাউঞ্চিল অৱ মেডিকেল ৰিচাৰ্চৰ অৰ্থসাহায্যত আৰু মাদ্ৰাজ ডায়েবেটিছ ৰিচাৰ্চ ফাউণ্ডেচনৰ সহযোগত ২০২২ চনত প্ৰকাশ পোৱা এক দেশজোৰা অধ্যয়নত দেখা গৈছিল যে ডায়েবেটিছ থকা বুলি জনাজাত ৩ জন লোকৰ ভিতৰত মাত্ৰ ১ জনৰহে ডায়েবেটিছ নিয়ন্ত্ৰণত আছিল।
 
ইফালে, শ্ৰোত্ৰীয়াই কয় যে বৰ্তমান ভাৰতত প্ৰায় ৬০ লাখ লোকে ইনচুলিন লৈ আছে, কিন্তু ইয়াৰ অন্ততঃ দুগুণ সংখ্যক লোকক ইনচুলিনৰ প্ৰয়োজন হ’ব পাৰে।
 
তেওঁ কয়, "যদি আমি সেই সংখ্যাটো আনকি ৯০ লাখলৈকো লৈ যাব পাৰোঁ, তেন্তে সেয়া হ’ব ‘আৱিক্লি’ৰ বাবে এই বৃহৎ অভাৱ পূৰণ কৰাৰ এক ডাঙৰ সফলতা আৰু লগতে ব্যৱসায়িকভাৱেও ই এক ডাঙৰ সাফল্য হ’ব।"
 
নভ’ নৰ্ডিস্কে বৰ্তমান প্ৰায় ২০ টা বিভিন্ন প্ৰকাৰৰ ইনচুলিন যোগান ধৰে আৰু শ্ৰোত্ৰীয়াই জনোৱা মতে, ভাৰতত ইনচুলিন লোৱা প্ৰতি দ্বিতীয়জন ব্যক্তিয়েই এই ডেনিছ কোম্পানীটোৱে প্ৰস্তুত কৰা ব্ৰেণ্ড ব্যৱহাৰ কৰে।