অমৰাৱতী মহিলা চিকিৎসালয়ৰ NICUত ভয়ংকৰ অগ্নিকাণ্ড; তিনিটা নৱজাতকৰ মৃত্যু

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী 
 
মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলা মহিলা চিকিৎসালয়ৰ বিশেষ নৱজাতক যতন কক্ষত (এন আই চি ইউ)ত সোমবাৰে পুৱা সংঘটিত এক ভয়াবহ অগ্নিকাণ্ডত তিনিটা নৱজাতকৰ মৃত্যু হয়।
 
পুৱা প্ৰায় ৩:৩০ বজাত এন আই চি ইউত অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত এন আই চি ইউত ৯টা শিশুৰ চিকিৎসাধীন অৱস্থাত আছিল। কৰ্তব্যৰত মহিলা কৰ্মচাৰীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰিছিল যদিও সমগ্ৰ ৱাৰ্ডতে জুইৰ লেলিহান শিখা দ্ৰুতগতিত বিয়পি পৰে।
 
অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে চিকিৎসালয়ত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ দল উপস্থিত হয় আৰু অগ্নিনিৰ্বাপনৰ চেষ্টা চলায়।
 
চিকিৎসালয়ৰ কৰ্মচাৰীয়ে এন আই চি ইউৰ পৰা ছটা শিশুক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত তিনিটা নৱজাতক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ মৃত্যু হয় বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
 
এই অগ্নিকাণ্ডৰ ঘটনাই চিকিৎসালয়ৰ কৰ্মচাৰী আৰু ৰোগীৰ আত্মীয়ৰ মাজত আতংকৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ সংশ্লিষ্ট কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।