ফিটনেছ প্ৰশিক্ষকৰ পৰা বলিউডৰ অভিনেতালৈঃ 'ধুৰন্ধৰ-২'ত চমক সৃষ্টি কৰা মুস্তাফা আহমেদৰ অনুপ্ৰেৰণাদায়ক যাত্ৰা
আমনা ফাৰুক / নতুন দিল্লী
চলচ্চিত্ৰ জগতৰ চিকমিকনিৰ আঁৰত প্ৰায়ে লুকাই থাকে বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ অলেখ কাহিনী। আৰু যেতিয়া কোনো উল্লেখযোগ্য পটভূমি নোহোৱাকৈ কোনোবাই এই জগতখনত প্ৰৱেশ কৰি নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তোলে, তেতিয়া তেওঁৰ কাহিনী আৰু অধিক বিশেষ হৈ পৰে। এই কাহিনী ডিছলেক্সিয়াৰ সৈতে যুঁজি, স্কুলীয়া শিক্ষা আধৰুৱা কৰি এদিন এছিয়াৰ এক নম্বৰ চেলিব্ৰিটি ফিটনেছ প্ৰশিক্ষক হিচাপে পৰিগণিত হোৱা এগৰাকী অভিনেতাৰ। ঋত্বিক ৰোশন, ৰণবীৰ সিং, বিকি কৌশলৰ দৰে তাৰকাক প্ৰশিক্ষণ দিয়া এইগৰাকী অভিনেতা শেহতীয়াকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
পৰিচালক আদিত্য ধৰৰ ছবি 'ধুৰন্ধৰঃ দ্য ৰিভেঞ্জ'-এ বক্স অফিচত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ছবিখনত ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে, কিন্তু এইবাৰ কেৱল নায়কেই নহয়, পাৰ্শ্ব চৰিত্ৰসমূহেও সমানে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তাৰেই মাজৰ এজন হ'ল মুস্তাফা আহমেদ। এজন ফিটনেছ প্ৰশিক্ষকৰ পৰা অভিনেতা হোৱালৈকে তেওঁ এক আশ্চৰ্যজনক যাত্ৰা অতিক্ৰম কৰিছে আৰু এতিয়া তেওঁ 'ধুৰন্ধৰঃ দ্য ৰিভেঞ্জ' ছবিত নিজৰ অভিনয়েৰে সকলোকে আপ্লুত কৰিছে। ছবিখনত মুস্তাফা আহমেদে গোপন এজেণ্ট "ৰিজৱান"ৰ চৰিত্ৰত অভিনয় কৰিছে, যি পাকিস্তানত হামজা মাজাৰিৰ অভিযানৰ এটা অংশ।
তেওঁৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিছে, কিন্তু তেওঁৰ প্ৰকৃত কাহিনী তাতোকৈ বহুত বেছি আকৰ্ষণীয় তথা অনুপ্ৰেৰণাদায়ক। চলচ্চিত্ৰ জগতত মুস্তাফাৰ প্ৰৱেশ আছিল আকস্মিক। তেওঁ এজন প্ৰশিক্ষক আছিল, যিয়ে ৰণবীৰ সিং, বিকি কৌশল আৰু য়ামি গৌতমৰ দৰে ডাঙৰ তাৰকাক প্ৰশিক্ষণ দিছিল।
আফগান মূলৰ মুস্তাফা আহমেদৰ শৈশৱ ইমান সহজ নাছিল। তেওঁ ডিছলেক্সিয়া ৰোগত আক্ৰান্ত আছিল, যাৰ বাবে তেওঁৰ পঢ়া-শুনাত অসুবিধা হৈছিল। বেয়া ফলাফলৰ বাবে তেওঁ আধাতে স্কুল এৰিবলগীয়া হৈছিল। কিন্তু তেওঁৰ শাৰীৰিক সক্ষমতা আছিল অসাধাৰণ। খেল-ধেমালি আৰু নৃত্যত তেওঁ সদায় পাৰদৰ্শিতা দেখুৱাইছিল।
২১ বছৰ বয়সত তেওঁ এটা কল চেণ্টাৰত কাম কৰিবলৈ আৰম্ভ কৰে আৰু অতি সোনকালেই আটাইতকৈ কম বয়সীয়া টীম লীডাৰ হৈ পৰে। ভাল উপাৰ্জন কৰা স্বত্ত্বেও, তেওঁৰ জীৱনৰ প্ৰকৃত পৰিৱৰ্তন তেতিয়া আহিছিল যেতিয়া তেওঁ জিমত এগৰাকী মহিলাক সহায় কৰিছিল। মহিলাগৰাকীয়ে এটা বাৰ্তাত লিখিছিল যে জিমৰ বাবেই তেওঁৰ জীৱনলৈ পুনৰ সুখ ঘূৰি আহিছে। এই মুহূৰ্তটোৱেই মুস্তাফাৰ চকু মুকলি কৰি দিছিল। তেওঁ সিদ্ধান্ত ল'লে যে ফিটনেছেই তেওঁৰ প্ৰকৃত লক্ষ্য।
মুস্তাফাই চাকৰি এৰি দিছিল, কিন্তু পৰিয়ালে তেওঁৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছিল। আনকি তেওঁৰ মাতৃয়েও তেওঁৰ সৈতে কথা পতা বন্ধ কৰি দিছিল। কিন্তু তেওঁ হাৰ মানি যোৱা নাছিল। তেওঁ দিল্লীৰ জনকপুৰীৰ এখন জিমত মাহে মাত্ৰ ১০,০০০ টকা দৰমহাত কাম কৰিবলৈ আৰম্ভ কৰে। তেওঁ পুৱা ৪ বজাত শুই উঠি জিম খুলিছিল আৰু দিনটো কঠোৰ পৰিশ্ৰম কৰিছিল। কেতিয়াবা তেওঁ মাহত ৪০০ ঘণ্টা কাম কৰিছিল আৰু দিনটোত ১৪টাকৈ ছেছন দিছিল।
নিজৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বলত মুস্তাফা অতি সোনকালেই এছিয়াৰ ১ নম্বৰ প্ৰশিক্ষক হৈ পৰে। তেওঁৰ প্ৰথমগৰাকী চেলিব্ৰিটি ক্লায়েণ্ট আছিল ঋত্বিক ৰোশন, যাৰ পিছত তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। তেওঁ 'পদ্মাৱত' ছবিৰ বাবে ৰণবীৰ সিঙক, 'চৰ্দাৰ উধাম'ৰ বাবে বিকি কৌশলক প্ৰশিক্ষণ দিছিল আৰু 'আৰ্টিকেল ৩৭০'ৰ সময়ত য়ামি গৌতমৰ লগতো কাম কৰিছিল। তেওঁ ঋত্বিক ৰোশনৰ ফিজিঅ'থেৰাপিষ্ট হিচাপেও কাম কৰিছিল।
আদিত্য ধৰৰ সৈতে থকা সুসম্পৰ্কৰ বাবেই মুস্তাফাই চলচ্চিত্ৰত সুযোগ লাভ কৰে। ২০২৫ চনত তেওঁ 'ধুম ধাম' ছবিৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে, য'ত য়ামি গৌতমেও অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁক 'ধুৰন্ধৰ' ছবিত দেখা গৈছিল আৰু এতিয়া তেওঁ 'ধুৰন্ধৰ ২'ত এটা ডাঙৰ আৰু প্ৰভাৱশালী চৰিত্ৰৰে উভতি আহিছে।