জুবিন উদ্যানত গৰিমা শইকীয়া গাৰ্গ আৰু কণ্ঠশিল্পী জুবলী বৰুৱাৰ লগতে যন্ত্ৰ বেণ্ডৰ সদস্যসকল
গুৱাহাটী
হাৰ্টথ্ৰব জুবিন গাৰ্গ আমাৰ মাজত কায়িকভাৱে নথকা প্ৰায় ৮ মাহ পাৰ হ’ল। তেওঁৰ স্মৃতিতে নগাঁৱৰ কলঙৰ পাৰত নিৰ্মান কৰা হয় জুবিন উদ্যানত গৰিমা শইকীয়া গাৰ্গ আৰু কণ্ঠশিল্পী জুবলী বৰুৱাৰ লগতে যন্ত্ৰ বেণ্ডৰ সদস্যসকলৰ সৈতে উপস্থিত হয়। গৰিমা শইকীয়া গাৰ্গে উদ্যানত থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৰিমা শইকীয়া গাৰ্গে কয়, "জুবিন গাৰ্গৰ সৃষ্টি যুগ যুগান্তৰলৈ জীয়াই থাকক। মোৰ স্বামী বুলি নহয় এগৰাকী শিল্পী হিচাবে জুবিন ক্ষেত্ৰ সুন্দৰকৈ নিৰ্মাণ কৰা আৰু সুন্দৰকৈ ৰখাটো চৰকাৰৰ লগতে সকলোৰে দায়িত্ব বুলি ভাবো।"
তেওঁ লগতে কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ আমি জানিব লাগিব৷ যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়া হ'লে কোনে ন্যায় পাব? যদি তেওঁৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰা নহয়, তেন্তে “আমাৰ অভিধানৰ পৰা ‘ন্যায়’ শব্দটো সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো ভাল হ’ব”।
দীৰ্ঘদিনীয়া বেণ্ডমেট তথা অসমীয়া মিউজিক আইকনৰ ঘনিষ্ঠ সহযোগী পাৰ্থ প্ৰতিম গোস্বামীয়ে কয় যে, যিদিনা কন্ঠশিল্পীগৰাকীয়ে ন্যায় লাভ কৰিব, সেইদিনাহে প্ৰতিমূৰ্তিটো সঁচা অৰ্থত জীৱন্ত হৈ উঠিব। আৰু সেইদিনা মই তেওঁৰ সন্মানত ইয়াত চাকি জ্বলোৱা প্ৰথমজন ব্যক্তি হ’ম।"
অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে কন্ঠশিল্পী গৰাকীক সন্মান জনোৱাৰ পদক্ষেপৰ শলাগ লৈ তেওঁৰ বাবে ন্যায় বিচাৰি পুনৰ আহ্বান জনায়। শিল্পীগৰাকীৰ সৈতে প্ৰশংসক আৰু সমৰ্থকসকলে একত্ৰিত হোৱাৰ লগে লগে আৱেগিক দৃশ্যৰ সাক্ষী হৈ পৰে এই সমাৱেশ।
উল্লেখযোগ্য যে, যন্ত্ৰ বেণ্ডটো হৈছে জুবিন গাৰ্গৰ দীৰ্ঘদিনীয়া সহ-শিল্পী আৰু মূল সংগীতজ্ঞসকলে গঠন কৰা এটা সংগীত শ্ৰদ্ধাঞ্জলিমূলক বেণ্ড।