১৭ নৱেম্বৰত আমেৰিকাৰ হাৰ্ড ৰক বেণ্ড ‘গানছ এন ৰ’জেছ’ৰ গুৱাহাটীত অনুষ্ঠান

Story by  PTI | Posted by   Imtiaz Ahmed • 4 d ago
হাৰ্ড ৰক বেণ্ড গানছ এন ৰ’জেছ
হাৰ্ড ৰক বেণ্ড গানছ এন ৰ’জেছ
গুৱাহাটী

বিশ্ববিখ্যাত আমেৰিকাৰ হাৰ্ড ৰক বেণ্ড গানছ এন ৰ’জেছ-এ অহা ১৭ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিব। সোমবাৰে এই কথা ঘোষণা কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, যোৱা বছৰৰ ডিচেম্বৰত পোষ্ট মেলনৰ গুৱাহাটীত অনুষ্ঠিত কনচাৰ্টৰ পিছত এইখন চহৰত আয়োজিত হ’বলগীয়া দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান হ’ব।

মুখ্যমন্ত্ৰীয়ে ‘এক্স’ত এক পোষ্টযোগে কয়, “১৭ নৱেম্বৰ, ২০২৬ তাৰিখে গুৱাহাটীত কিংবদন্তী ‘গানছ এন’ ৰ’জেছ’ক স্বাগতম জনাবলৈ পাই আনন্দিত। বিশ্বৰ অন্যতম আইকনিক ৰক বেণ্ডটোক অসমলৈ আনিব পৰাটো আমাৰ বাবে গৌৰৱৰ বিষয়।”

তেওঁ লগতে কয়, “পোষ্ট মেলনৰ ঐতিহাসিকভাৱে সফল কনচাৰ্টৰ পিছত, বিশ্বমানৰ লাইভ মনোৰঞ্জনৰ গন্তব্যস্থান হিচাপে অসমৰ উত্থানে অধিক গতি লাভ কৰি আছে।” 

সৰ্মাই কয় যে, ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰো অনুৰাগীসকলে অনুষ্ঠান চাবলৈ অসমলৈ আহিব আৰু ইয়াৰ জৰিয়তে তেওঁলোকে অসমৰ আতিথ্য, সংস্কৃতি আৰু সজীৱতাক ওচৰৰে চাব পাৰিব। একে সময়তে, এই আয়োজনৰ ফলত পৰ্যটন খণ্ড আৰু স্থানীয় অৰ্থনীতিতো নতুন সুযোগৰ সৃষ্টি হ’ব।
এই কনচাৰ্ট খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব।

এইটো হ’ব গানছ এন ৰ’জেছ-ৰ ভাৰত ভ্ৰমণৰ তৃতীয়টো অধ্যায়। ইয়াৰ পূৰ্বে বেণ্ডটোৱে যোৱা বছৰ মুম্বাইত অনুষ্ঠান পৰিবেশন কৰিছিল। তাৰ আগতে ২০১২ চনত মুম্বাই আৰু বেংগালুৰুতো সংগীতানুষ্ঠান অনুষ্ঠিত কৰিছিল।

গুৱাহাটীৰ উপৰি, বেণ্ডটোৱে চলিত বিশ্বভ্ৰমণৰ এছিয়া পৰ্যায়ৰ অংশ হিচাপে ১৪ নৱেম্বৰত বেংগালুৰুতো অনুষ্ঠান পৰিবেশন কৰিব।

উল্লেখযোগ্য যে, অসম চৰকাৰে যোৱা বছৰৰ মে’ মাহত ‘কনচাৰ্ট টুৰিজম’ক উৎসাহিত কৰাৰ উদ্দেশ্যে এক নতুন নীতি অনুমোদন কৰিছিল। এই নীতি অনুসৰি গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ধৰা হৈছে। লগতে, অনলাইন টিকট বিক্ৰী মঞ্চ https://in.bookmyshow.com পৰিচালনা কৰা Bigtree Entertainment (https://www.bigtree.in)-ৰ সৈতে অংশীদাৰিত্ব কৰি ৰাজ্যখনত বিভিন্ন জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগীতানুষ্ঠান আয়োজনৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।



শেহতীয়া খবৰ