জাকাৰিয়া ষ্ট্ৰীটৰ উছাহঃ কলকাতাত ৰমজানৰ উদযাপন আৰু সোৱাদৰ মেহফিল

Story by  atv | Posted by  [email protected] • 15 h ago
জাকাৰিয়া ষ্ট্ৰীটৰ উছাহ
জাকাৰিয়া ষ্ট্ৰীটৰ উছাহ
 
জাভেদ আখতাৰ | কলকাতা
 
২০২৬ চনৰ চলিত পৱিত্ৰ ৰমজান মাহত কলকাতাৰ আলি-পদূলি, বজাৰ আৰু মহল্লাসমূহ ইতিমধ্যে এই পৱিত্ৰ মাহত উদ্ভাসিত হৈ উঠিছে। বিশেষকৈ চহৰখনৰ মুছলমান অধ্যুষিত এলেকাত দোকানীবোৰে ৰমজানৰ বজাৰৰ বাবে নিজৰ দোকানসমূহ সামগ্ৰীৰে ভৰাই পেলাইছে। কিন্তু এইবাৰৰ ৰমজান কেৱল বজাৰৰ মাজতেই সীমাবদ্ধ নহয়। ‘চিটি অফ জয়’ৰ এই মাহটো প্ৰতিটো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকক একগোট কৰাৰ এক প্ৰতীক হৈ পৰিছে।
 
কলকাতাত জাকাৰিয়া ষ্ট্ৰীট, নিউ মাৰ্কেট, কলু টোলা, পাৰ্ক চাৰ্কাছ, ৰাজা বজাৰ আৰু মেটিয়া ব্ৰুজৰ দৰে অঞ্চলত ৰমজানৰ সময়ত দিন-ৰাতিৰ পৰিৱেশ অনন্য হৈ পৰে। দিনটো ইবাদত আৰু সজাগ প্ৰস্তুতিত পাৰ হয়, আনহাতে নিশা হ’লে মানুহে বজাৰ কৰা আৰু বিভিন্ন খাদ্যৰ সোৱাদ লোৱাত ব্যস্ত হৈ পৰে। বিশেষকৈ জাকাৰিয়া ষ্ট্ৰীট, যাক চহৰখনৰ ‘ফুড পেৰাডাইজ’ বুলি কোৱা হয়, এই পৱিত্ৰ মাহটোত সম্পূৰ্ণৰূপে প্ৰাণৱন্ত হৈ উঠে।
 
ইছলামিক টুপীৰ বিপনী
 
জাকাৰিয়া ষ্ট্ৰীটৰ আটাইতকৈ ডাঙৰ পৰিচয় হ’ল ইয়াত থকা ঐতিহাসিক নাখুদা মছজিদ। ৰঙা পাথৰেৰে নিৰ্মিত এই বিশাল মছজিদটোৰ স্থাপত্যই মোগল যুগৰ শৈলীৰ কথা মনত পেলাই দিয়ে আৰু ৰমজানত ইয়াত সামূহিক ইফতাৰৰ দৃশ্য সঁচাকৈয়ে উপভোগ্য। হাজাৰ হাজাৰ লোক একেলগে দস্তৰখ্ৱানত (খোৱা মেজ বা কাপোৰ) বহে আৰু এই দৃশ্য চহৰখনৰ ‘গংগা-যমুনা সংস্কৃতি’ আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ আটাইতকৈ ডাঙৰ প্ৰমাণ হৈ পৰে।
 
ৰমজানৰ সময়ত জাকাৰিয়া ষ্ট্ৰীট ধোঁৱা আৰু সুগন্ধিৰ সাগৰত ডুব যায়। সন্ধিয়াৰ সময়ত ইয়াৰ কাবাব, হালিম, মিঠাই আৰু ইফতাৰৰ ব্যঞ্জনবোৰ কেৱল স্থানীয় লোকৰ বাবে নহয়, পৰ্যটক আৰু ফুড ব্লগাৰসকলৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।

বিখ্যাত হোটেলসমূহৰ ভিতৰত ‘আদম কাবাব শ্বপ’ৰ সুতলী কাবাব, ‘ছুফিয়া’ৰ হালিম আৰু তাফতান, ‘দিল্লী ৬’ৰ আফগানী চিকেন, ‘হাজী আলাউদ্দিন’ৰ শ্বাহী টুকুৰা আৰু গণ্ড লাডু সমগ্ৰ বংগতে বিখ্যাত। এই খাদ্যসমূহৰ বিশেষত্ব হ’ল ইয়াৰ পৰম্পৰাগত সোৱাদ আৰু প্ৰস্তুত কৰাৰ অনন্য পদ্ধতি।
 
উদাহৰণস্বৰূপে, ‘আদমৰ সুতলী কাবাব’ কেঁচা অমিতা আৰু গুপ্ত মচলাৰ সৈতে ইমানেই কোমলকৈ প্ৰস্তুত কৰা হয় যে ইয়াক শিকত (কাঁটাত) ধৰি ৰাখিব পৰা নাযায়। সেইবোৰ খহি পৰাৰ পৰা ৰক্ষা কৰিবলৈ মিহি সূতা অৰ্থাৎ সুতলীৰে বান্ধি থোৱা হয়। ইয়াৰ প্ৰথমটো গৰাহ লওঁতেই সোৱাদৰ এক পৃথক জগতত উপনীত হোৱাৰ দৰে অনুভৱ হয়।
 
কিন্তু এইবাৰৰ ৰমজানৰ প্ৰস্তুতিত মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে। ফল-মূল, খেজুৰ, কল, তৰমুজ আৰু আপেলৰ দাম যোৱা বছৰৰ তুলনাত ৩০ ৰ পৰা ৪০ শতাংশ বৃদ্ধি পাইছে। খোৱা তেল, দাইল, মচলা আৰু মাংসৰ বৰ্ধিত দামে মধ্যবিত্ত আৰু নিম্নবিত্ত পৰিয়ালসমূহৰ ককাল ভাঙি পেলাইছে। ইয়াৰ ফলত মানুহে নিজৰ পছন্দৰ খাদ্যৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে। যি হালিম আৰু কাবাব এসময়ত সকলোৰে সাধ্যৰ ভিতৰত আছিল, এতিয়া সেইবোৰ কেৱল নিৰ্ধাৰিত বাজেট থকাসকলৰ মাজতেই সীমাবদ্ধ হৈ পৰিছে।
 
নখোদা মছজিদৰ বাহিৰৰ দৃশ্য
 
এই মূল্যবৃদ্ধিৰ পাছতো জাকাৰিয়া ষ্ট্ৰীটৰ গলি আৰু হোটেলসমূহৰ ভিৰ হ্ৰাস পোৱা নাই। দোকানীসকল ষ্টক পূৰণ আৰু গ্ৰাহকক আকৰ্ষিত কৰাৰ বাবে ব্যস্ত হৈ আছে, ইয়াৰ বিপৰীতে ক্ৰেতাসকলে সস্তা আৰু ভাল সামগ্ৰীৰ সন্ধানত বজাৰ আৰু অনলাইন প্লেটফৰ্মৰ সহায় লৈছে। ৰমজানৰ ১৫ তাৰিখলৈকে পাইকাৰী বিক্ৰেতাসকলৰ যোগান তুংগত থাকে, তাৰ পিছত বাকী থকা সামগ্ৰীসমূহ ৰমজানৰ মাজভাগলৈকে যোগান ধৰা হয়।
 
কলকাতাৰ ৰমজানৰ এই পৰিৱেশ কেৱল বজাৰ আৰু খাদ্যৰ মাজতেই সীমাবদ্ধ নহয়। ই চহৰখনৰ আধ্যাত্মিক পৰিচয় আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰে। নুৰ-এ-বচিৰত আৰু ৰহমতৰ এই মাহটোত আলি-পদূলিবোৰ ইবাদতৰ সুগন্ধি আৰু ইফতাৰৰ সোৱাদেৰে মলমলাই থাকে।
 
জাকাৰিয়া ষ্ট্ৰীট আৰু নাখুদা মছজিদৰ আশে-পাশে থকা অঞ্চলটো এই পৱিত্ৰ মাহত এক বিশাল মেলালৈ ৰূপান্তৰিত হয়। ইয়াত কাপোৰ, আতৰ, টুপী আৰু জোতাৰ শ শ অস্থায়ী ষ্টল বহে আৰু মানুহক চেহৰীলৈকে বজাৰ কৰা দেখা যায়।
 
জাকাৰিয়া ষ্ট্ৰীটৰ সন্ধিয়াৰ দৃশ্য
 
ৰমজান কেৱল মুছলমানসকলৰ উৎসৱ নহয়। জাকাৰিয়া ষ্ট্ৰীটত সন্ধিয়া হোৱাৰ লগে লগে প্ৰতিটো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোক— সেয়া বঙালী হিন্দুৱেই হওক, মাৰোৱাৰী হওক বা এংলো-ইণ্ডিয়ান— সকলোৱে আনন্দৰে ইফতাৰৰ খাদ্যৰ জুতি ল’বলৈ আহে। এইটোৱেই কলকাতাৰ বিশ্বজনীন সংস্কৃতি আৰু ‘গংগা-যমুনা সংস্কৃতি’ৰ জীৱন্ত প্ৰমাণ। মানুহে নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে খাদ্য ভগাই খায় আৰু ইজনে সিজনৰ সৈতে হাঁহি আৰু ভাতৃত্ববোধৰ মনোভাৱ অটুট ৰাখে।
 
স্থানীয় প্ৰশাসন আৰু চৰকাৰৰ বাবেও এয়া প্ৰয়োজনীয় যে তেওঁলোকে বজাৰৰ দাম নিয়ন্ত্ৰণত ৰাখিব লাগে। মজুতদাৰ আৰু মুনাফাখোৰসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে এই পৱিত্ৰ মাহৰ আনন্দ সমাজৰ প্ৰতিটো শ্ৰেণীৰ ওচৰলৈ আৰ্থিক বোজা নোহোৱাকৈ উপনীত হ’ব পাৰে।
 
কলকাতাৰ ৰমজান বজাৰ, বিশেষকৈ জাকাৰিয়া ষ্ট্ৰীটৰ ঐতিহাসিক গলিসমূহ প্ৰতিবছৰে এই আশাৰে উজলি উঠে যে ইয়ালৈ অহা প্ৰতিজন ব্যক্তিয়ে তৃপ্তি আৰু হাঁহি মুখেৰে ঘৰলৈ উভতি যাব। মূল্যবৃদ্ধিয়ে কোঙা কৰিলেও মানুহৰ আস্থা, ভাতৃত্ববোধ আৰু সমাজসেৱাৰ মনোভাৱ হ্ৰাস পোৱা নাই। ৰমজানৰ এই পৱিত্ৰ মাহত জাকাৰিয়া ষ্ট্ৰীট চহৰৰ আত্মাৰ প্ৰতীক হৈ সকলোৰে হৃদয়ত ৰং সানি দিয়ে।