ভাৰতত ৱাকফ বোৰ্ডক নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা দাৰাখশ্বান আন্দ্ৰাবি

Story by  atv | Posted by  Munni Begum • 4 h ago
কাশ্মীৰত ভাবুকিৰ মাজত এক সাহসী জাতীয় কণ্ঠ দাৰাখশ্বান আন্দ্ৰাবি
কাশ্মীৰত ভাবুকিৰ মাজত এক সাহসী জাতীয় কণ্ঠ দাৰাখশ্বান আন্দ্ৰাবি
 
এহছান ফাজিলি / শ্ৰীনগৰ
 
এগৰাকী ৰাজনীতিবিদ হিচাপে মই মোৰ প্ৰাণৰ সংশয়লৈ ভ্ৰূক্ষেপ নকৰি কাশ্মীৰত দেশৰ হৈ সদায় নিৰ্ভীকভাৱে মাত মাতি আহিছোঁ৷- এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা জম্মু-কাশ্মীৰ ৱাকফ ব'ৰ্ডৰ একমাত্ৰ মহিলা অধ্যক্ষ ড০ দাৰাখশ্বান আন্দ্ৰাবিৰ, যিয়ে যোৱা চাৰি বছৰ ধৰি এই পদত অধিষ্ঠিত হৈ আছে। যোৱা তিনিটা দশক ধৰি ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ত বিজেপিৰ বিভিন্ন পদবীত অধিষ্ঠিত এগৰাকী ৰাজনৈতিক নেত্ৰী হিচাপেই কেৱল তেওঁ পৰিচিত নহয়, বৰং ২০২২ চনৰ ১৬ মাৰ্চত জম্মু-কাশ্মীৰ ৱাকফ ব'ৰ্ডৰ অধ্যক্ষা (ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা) হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ড০ দাৰাখশ্বান আন্দ্ৰাবি অধিক চৰ্চালৈ আহে। ২০১৯ চনৰ ৫ আগষ্টৰ পিছত কেন্দ্ৰীয় ৱাকফ ব'ৰ্ডৰ অধীনত গঠিত হোৱা এইটোৱেই আছিল প্ৰথম এনে নিযুক্তি, যেতিয়া জম্মু-কাশ্মীৰ ৰাজ্যৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰা হৈছিল আৰু ইয়াক জম্মু-কাশ্মীৰ আৰু লাডাখ নামৰ দুখন কেন্দ্ৰীয় শাসিত অঞ্চলত বিভক্ত কৰা হৈছিল।
 
ড০ ছৈয়দ দাৰাখশ্বান আন্দ্ৰাবি ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ এগৰাকী ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সদস্য হোৱাৰ লগতে জম্মু-কাশ্মীৰৰ দলটোৰ 'ক'ৰ গ্ৰুপ'ৰ (Core Group) সদস্য। সেয়েহে তেওঁ কাশ্মীৰ উপত্যকাৰ মুছলমান সংখ্যাগৰিষ্ঠতাৰ মাজৰ পৰা অহা একমাত্ৰ নেত্ৰী। তেওঁ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ, ৰাজ্যিক সম্পাদক আৰু ৰাজ্যিক উপ-সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। বিজেপিত যোগদান কৰাৰ পূৰ্বে তেওঁ জম্মু-কাশ্মীৰ ৰাজ্যত 'ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক পাৰ্টি' নামৰ "ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তি"ক নেতৃত্ব দিছিল আৰু বছৰ বছৰ ধৰি কাশ্মীৰৰ ৰাজনীতিবিদসকলৰ বিচ্ছিন্নতাবাদী মতাদৰ্শৰ বিৰুদ্ধে নিৰ্ভীকভাৱে যুঁজ দিছিল।
 
 
সামাজিক আৰু ৰাজনৈতিক জীৱনৰ উপৰি দাৰাখশ্বান আন্দ্ৰাবি সাধাৰণতে এগৰাকী কবি, লেখিকা, সমালোচক আৰু গৱেষক হিচাপে পৰিচিত। তেওঁ কাশ্মীৰী আৰু উৰ্দু ভাষাত কবিতা, চুটিগল্প, সমালোচনামূলক আৰু গৱেষণাভিত্তিক সাহিত্য প্ৰবন্ধ আৰু গৱেষণা পত্ৰ আদি ৰচনা কৰে। এগৰাকী লেখিকা হিচাপে তেওঁ এই ভাষাসমূহৰ সাহিত্যলৈ যথেষ্ট অৱদান আগবঢ়াইছে আৰু শিল্প সমালোচকসকলে তেওঁক এগৰাকী "অনন্য লেখিকা" হিচাপে স্বীকৃতি দিছে। ভাৰতৰ আগশাৰীৰ পত্ৰ-পত্ৰিকা আৰু আলোচনীত প্ৰকাশিত তেওঁৰ স্তম্ভলেখাসমূহৰ জৰিয়তে এগৰাকী সাহিত্য সমালোচক আৰু প্ৰচাৰক হিচাপে তেওঁ নিজৰ স্বাক্ষৰ বহন কৰি গৈছে। ড০ দাৰাখশ্বান আন্দ্ৰাবিয়ে কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু ভাষাত স্নাতকোত্তৰ (M.A) আৰু বি.এড (B.Ed) ডিগ্ৰী লাভ কৰাৰ পিছত অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা উৰ্দু বিষয়ত পিএইচডি (Ph.D) ডিগ্ৰী অৰ্জন কৰে।
 
অধ্যক্ষা হিচাপে দায়িত্ব পালন কৰি ড০ আন্দ্ৰাবিয়ে "জম্মু আৰু কাশ্মীৰ ৱাকফ ব'ৰ্ডৰ ৰূপান্তৰ সাধন কৰে, যিখন ব'ৰ্ড দশক দশক ধৰি পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা শাসকীয় আঞ্চলিক দলসমূহৰ দীৰ্ঘদিনীয়া লুণ্ঠন আৰু অপশাসনৰ ফলত অতি দুৰৱস্থাত আছিল"। ২০০৩ চনত প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালত ইয়াক জম্মু আৰু কাশ্মীৰ ৱাকফ ব'ৰ্ডলৈ ৰূপান্তৰিত কৰিছিল।
 
তেওঁ কয়, "মই এবছৰৰ ভিতৰতে ইয়াক এটা স্বনিৰ্ভৰশীল সংস্থালৈ পৰিণত কৰিলোঁ আৰু ব'ৰ্ডৰ অধীনত থকা দৰগাহ আৰু অন্যান্য সম্পত্তিসমূহৰ উন্নয়নৰ কাম আৰম্ভ কৰিলোঁ। পাৰিবাৰিক ৰাজনীতি কৰাসকলৰ পৰা অহা তীব্ৰ ভাবুকি আৰু বিৰোধিতাৰ মাজতো মই সংস্কাৰমূলক কাম-কাজ চলাই গৈছিলোঁ। এতিয়া পুঁজি আৰু ব্যয়ৰ সঠিক তথ্যৰ সৈতে ৱাকফৰ সকলো সম্পত্তি ডিজিটেলাইজড কৰা হৈছে। মই কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিলোঁ, নতুন বিভাগ আৰু সা-সম্পত্তি সৃষ্টি কৰিলোঁ। সংসদত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীয়ে এই কামৰ শলাগ লয়। তেওঁ জম্মু-কাশ্মীৰ ৱাকফ ব'ৰ্ডৰ কাম-কাজক সমগ্ৰ দেশৰ বাবে এক আদৰ্শ (role model) বুলি অভিহিত কৰে। উন্নয়নমূলক কাম-কাজবোৰ পূৰ্ণ গতিত চলি আছে।"
 
দাৰাখশ্বান আন্দ্ৰাবি তেওঁৰ কাৰ্যালয়ত
 
বৰ্তমানৰ পদবী আৰু দায়িত্বৰ পূৰ্বে, জম্মু-কাশ্মীৰ ৱাকফৰ অধ্যক্ষগৰাকীয়ে "ঐতিহাসিক গুৰুত্বসম্পন্ন বহুতো কাৰ্যসূচী আয়োজন কৰিছে আৰু কাশ্মীৰৰ সৈতে জড়িত সমস্যা আৰু পৰিস্থিতি সন্দৰ্ভত শান্তি আৰু বিষয়বস্তুৰ ওপৰত আলোচনা চক্ৰ আৰু সমদল পৰিচালনা কৰিছে"। ড০ দাৰাখশ্বান আন্দ্ৰাবিয়ে "ভোট ফৰ ইণ্ডিয়া" (ভাৰতৰ বাবে ভোট) আৰু "ৰিফাৰেন্দাম ফৰ পিচ" (শান্তিৰ বাবে গণভোট) নামৰ ঐতিহাসিক অভিযানৰ আয়োজন কৰিছিল, যিয়ে "জম্মু-কাশ্মীৰৰ এক বৃহৎ সংখ্যক জনসাধাৰণৰ মানসিকতা সলনি কৰাত সহায় কৰিছে আৰু কাশ্মীৰৰ ৰাজনৈতিক চিন্তাধাৰাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। এই অভিযানসমূহে কাশ্মীৰৰ সন্দৰ্ভত বিচ্ছিন্নতাবাদীসকলক আৰু তেওঁলোকৰ ভিত্তিহীন অপপ্ৰচাৰক উদঙাই দিয়াত সহায় কৰিছে"। স্থানীয় শাসকসকলৰ দ্বাৰা বিচ্ছিন্নতাবাদীসকলক তোষণ কৰাৰ বিৰুদ্ধে স্পষ্ট ভাষাত কথা কোৱা "কঠোৰ সন্ত্ৰাসবাদৰ দিনবোৰত স্থানীয় মূলসুঁতিৰ ৰাজনীতিবিদসকলৰ অৰ্ধ-বিচ্ছিন্নতাবাদী কণ্ঠৰ মাজত" তেওঁ "ভইচ অৱ ইণ্ডিয়া" (ভাৰতৰ কণ্ঠ) হিচাপে থকাৰ বাবেও পৰিচিত।
 
তেওঁ ধাৰাবাহিকভাৱে সমাজ সেৱা, অশান্ত কাশ্মীৰত শান্তি প্ৰতিষ্ঠা, উগ্ৰপন্থীৰ দ্বাৰা আক্ৰান্ত লোকসকলক আৰু প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য প্ৰদান, সমাজ কল্যাণ আৰু স্বাস্থ্য খণ্ড, শিক্ষা আৰু নিযুক্তি আৰু নাগৰিক কাৰ্যসূচীত সহায় কৰাৰ দৰে কামত নিয়োজিত হৈ আছে। যোৱা এক দশকত দুৰ্নীতিৰ বিৰুদ্ধে তেওঁ চলোৱা অভিযানক সমগ্ৰ ৰাজ্য আৰু দেশৰ বহুতো সংস্থাই সমৰ্থন কৰিছে। তেওঁ লগতে অশান্ত উপত্যকাটোত বহুতো মহিলা কল্যাণ আৰু সৱলীকৰণ কাৰ্যসূচী আৰম্ভ কৰিছে, য'ত উগ্ৰপন্থী সম্পৰ্কীয় ঘটনাবোৰৰ বাবে মহিলাসকলে যথেষ্ট কষ্ট ভুগিছে।
 
দাৰাখশ্বান আন্দ্ৰাবিয়ে ইয়াৰ পূৰ্বে বিভিন্ন চৰকাৰী পদবীত অধিষ্ঠিত হৈছিল, যাৰ ভিতৰত আছে ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ ৱাকফ উন্নয়ন সমিতিৰ অধ্যক্ষ হিচাপে তিনি বছৰৰ কাৰ্যকাল। তেওঁ ছবছৰ ধৰি ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৱাকফ পৰিষদৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল; এবছৰৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ শিক্ষা আৰু মহিলা কল্যাণ সমিতিৰ অধ্যক্ষ আৰু ছবছৰৰ বাবে সদস্যা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; আৰু তিনি বছৰৰ বাবে মৌলানা আজাদ নেচনেল ছ'চাইটি ফৰ এডুকেশ্বনৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ অন্যান্য দায়িত্বসমূহৰ ভিতৰত আছিল জম্মু-কাশ্মীৰ ৰাজ্যিক সমাজ কল্যাণ পৰামৰ্শদাতা ব'ৰ্ডৰ (জম্মু-কাশ্মীৰ চৰকাৰ) সদস্য আৰু ছবছৰৰ বাবে সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৱাকফ পৰিষদৰ সদস্য।
 
দাৰাখশ্বান আন্দ্ৰাবিয়ে গছপুলি ৰোপণ কৰাৰ এক দৃশ্য
 
ভাষা আৰু সাহিত্য
 
কাশ্মীৰী, উৰ্দু, হিন্দী আৰু ইংৰাজী ভাষাত কথা কোৱা, পঢ়া আৰু লিখাত দখল থকা দাৰাখশ্বান আন্দ্ৰাবিয়ে কবিতা, চুটিগল্প, সমালোচনা, গৱেষণা, অনুবাদ আৰু স্তম্ভলেখা লিখি আহিছে। তেওঁ উৰ্দু আৰু কাশ্মীৰী কবিতাৰ পাঁচখন সংকলন প্ৰকাশ কৰিছে, যাৰ ভিতৰত আছে 'দিল হী কাফিৰ হো গয়া' (উৰ্দু) আৰু 'এহছাচান হিন্দে ছীছে খানে' (কাশ্মীৰী)। ইয়াৰ উপৰি, তেওঁৰ নামত সমালোচনা আৰু অনুবাদৰ ওপৰত প্ৰকাশিত পাঁচখন গ্ৰন্থ আছে, লগতে ইংৰাজী, উৰ্দু আৰু কাশ্মীৰীত প্ৰায় দুই ডজনৰো অধিক প্ৰবন্ধ আছে। অন্যান্য প্ৰকাশনসমূহৰ ভিতৰত আছে ভাৰতৰ বহুতো পত্ৰ-পত্ৰিকা আৰু আলোচনীত প্ৰকাশিত গৱেষণা পত্ৰ, ৰচনা, পৰ্যালোচনা, সাক্ষাৎকাৰ আৰু সমালোচনামূলক টোকা।
 
তেওঁ জম্মু-কাশ্মীৰ কলা, সংস্কৃতি আৰু ভাষা একাডেমীৰ দ্বি-মাসিক উৰ্দু আলোচনী 'শ্বীৰাজা'ৰ সম্পাদক হিচাপেও কাম কৰিছে, যিয়ে সাহিত্যিক সাংবাদিকতাত নতুন বস্তুনিষ্ঠ ধাৰা সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। লগতে শ্ৰীনগৰৰ পৰা প্ৰকাশিত দৈনিক বাতৰিকাকত 'দ্য থাৰ্ড আই'ৰ (The Third Eye) সন্মানীয় কাৰ্যবাহী সম্পাদক হিচাপেও কাম কৰিছিল। সামাজিক, ৰাজনৈতিক আৰু সাম্প্ৰতিক অৰ্থনৈতিক বিষয়ৰ ওপৰত তেওঁৰ প্ৰতিবেদনসমূহ বিভিন্ন স্থানীয় আৰু ৰাষ্ট্ৰীয় মুখপত্ৰ, সাময়িকী, টেবলয়ড কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।
 
তেওঁৰ লিখিত কৰ্মৰ স্বীকৃতিস্বৰূপে দাৰাখশ্বান আন্দ্ৰাবিয়ে কেইবাটাও বঁটা লাভ কৰিছে, যাৰ ভিতৰত আছে ২০১৮ চনত সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক বঁটা আৰু ২০১৬ চনত জম্মু-কাশ্মীৰ কলা, সংস্কৃতি আৰু ভাষা একাডেমীৰ দ্বাৰা ৰাজ্যিক অনুবাদ বঁটা।