হোলী আৰু ৰমজানৰ সমন্বয়ে গুৱাহাটী মহানগৰীত সৃষ্টি কৰিছে ভাতৃত্ববোধৰ পৰিবেশ

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
হোলী আৰু ৰমজানৰ সমন্বয়ৰ এক দৃশ্য (ছবি- কৃত্ৰিমবুদ্ধিমত্তা)
হোলী আৰু ৰমজানৰ সমন্বয়ৰ এক দৃশ্য (ছবি- কৃত্ৰিমবুদ্ধিমত্তা)
 
মুন্নী বেগম / গুৱাহাটী 
 
ৰঙৰ উচ্ছাহ আৰু উপবাসৰ নীৰৱতা উভয়ে একেখন আকাশৰ তলত একেলগে থকা সম্ভৱ নেকি? হয় ভাৰতত এইয়া সম্ভৱ। কিয়নো ভাৰতত উৎসৱ মানে কেৱল আনন্দ-উল্লাস নহয়। ই সমাজৰ মানসিকতা আৰু সহনশীলতাৰ এক পৰীক্ষাও। কাৰণ এই দেশৰ প্ৰকৃত পৰিচয়ে হৈছে সহাৱস্থান, য'ত এইবাৰ পবিত্ৰ ৰমজান মাহ আৰু ৰঙৰ উৎসৱ হোলী একেলগে আহি আমাৰ সহাৱস্থানৰ চেতনাক পুনৰ এবাৰ উদ্ভাসিত কৰি তুলিছে। বৈচিত্ৰ্যৰে গঢ়ি উঠা এই দেশত হোলীৰ আবিৰ আৰু ৰমজানৰ প্ৰাৰ্থনা একে সময়তে অধিক সুন্দৰকৈ একত্ৰিত হৈ পৰিছে। 
 
এই সহাৱস্থানৰ এক জীৱন্ত উদাহৰণ দেখা যায় গুৱাহাটী মহানগৰীত। গুৱাহাটীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফেঞ্চি বজাৰত অনুষ্ঠিত হোলী উৎসৱ অতি জনপ্ৰিয়। মাছখোৱা, লাখটকীয়া, আঠগাঁও, কুমাৰপাৰা, কমাৰপট্টী আদি অঞ্চলত আজিও সকলোৱে মিলি এই উৎসৱ উদযাপন কৰি আহিছে। বিশেষকৈ লাখটকীয়াৰ পৰা ফেঞ্চি বজাৰত বহু মুছলমান ব্যৱসায়ীয়ে আবিৰৰ বিপনী দি আহিছে। এই দৃশ্য কেৱল ব্যৱসায়ৰ নহয়; ই ভাতৃত্ববোধ আৰু সমন্বয়ৰ এক অনন্য ছবি দাঙি ধৰে।
 
গুৱাহাটীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফেঞ্চি বজাৰৰ এখন আবিৰৰ বিপণি
 
লাখটকীয়া মাৰ্ছ এণ্ড এছ'চিয়েছন (লাখটকীয়া বেপাৰী সন্থা)ৰ সাধাৰণ সম্পাদক নেকিব শইকীয়াই কয়, "হিন্দু সম্প্ৰদায়ৰ লোকসকলৰ বাবে ৰঙৰ উৎসৱ হোলী হৈছে আনন্দ, ভাতৃত্ববোধ আৰু অশুভৰ ওপৰত শুভৰ বিজয়ৰ প্ৰতীক। ৰাজপথত হাঁহিৰ খিলখিলনি, হাতত আবিৰ, পুৰণি ক্ষোভ বা সংঘাতবোৰ ৰঙা-নীলা-সেউজীয়া আবিৰেৰে ধুই পেলোৱা দৃশ্য ইত্যাদিবোৰেই হোলীৰ পৰিচয়। আনহাতে, ৰমজান মাহ মুছলমানসকলৰ বাবে উপবাস, ধৈৰ্য, সংযম আৰু আধ্যাত্মিক অনুশাসনৰ মাহ। পুৱা ছেহৰীৰ পৰা সন্ধিয়াৰ ইফতাৰলৈকে, ই হৈছে আত্ম-নিয়ন্ত্ৰণ আৰু অন্তৰ্নিহিত শুদ্ধিকৰণৰ সময়। প্ৰথম দৃষ্টিত এই দুয়োটা উৎসৱ বিপৰীতমুখী যেন লাগিব পাৰে, কিয়নো এটাত বাহ্যিক উল্লাস আৰু আনটোত অন্তৰ্নিহিত হৈ আছে ভক্তি। কিন্তু গভীৰভাৱে চালে দুয়োটা উৎসৱেই নৱীকৰণৰ কথাকে কয়। হোলী বসন্তৰ আগমনৰ সৈতে নতুন আৰম্ভণিৰ প্ৰতীক, আৰু  ৰমজান হৈছে বিশ্বাস আৰু আত্মাৰ পুনৰ জাগৰণ।" 
 
ইছলাম ধৰ্মালম্বী লোকসকলে ৰমজানত ইফটাৰ কৰাৰ এক দৃশ্য (ছবি- কৃত্ৰিমবুদ্ধিমত্তা)
 
শইকীয়াই কয়, "গুৱাহাটীৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ ফেঞ্চি বজাৰত অনুষ্ঠিত হৈ অহা হোলী উৎসৱ অতি জনপ্ৰিয়। মাছখোৱা, লাখটকীয়া, আঠগাঁও, কুমাৰপাৰা, কমাৰপট্টী আদি অঞ্চলত আজিও সমন্বয়ৰ মাজেৰে হোলী উদযাপন কৰা হয়। বিশেষকৈ লাখটকীয়াৰ পৰা ফেঞ্চি বজাৰলৈ দেশৰ বিভিন্ন প্ৰান্ত ক্ৰমে, বিহাৰ, লক্ষ্ণৌ আদিৰ পৰা বহু মুছলমান ব্যৱসায়ীয়ে হোলী উপলক্ষে আবিৰৰ বিপনী দিয়ে। ৰমজানৰ সময়তো ইয়াত একে ছবি দেখিবলৈ পোৱা যায়। ইয়াত হিন্দু লোকসকলে ভক্তিৰ ভাৱেৰে হোলী উদযাপন কৰে আৰু মুছলমান লোকসকলে নিজৰ ৰোজা সন্মানেৰে পালন কৰে। কোনো সম্প্ৰদায়ে আন সম্প্ৰদায়ৰ উৎসৱত বাধা আৰোপ কৰাৰ দৰে কাৰ্য নকৰে। সৰু সৰু বুজাবুজি আৰু পাৰস্পৰিক সন্মানেৰেই ইয়াত শান্তিৰে প্ৰত্যেক সম্প্ৰদায়ে নিজৰ নিজৰ উৎসৱ পালন কৰি যায়।"     
 
ফেঞ্চি বজাৰত অনুষ্ঠিত হোলীৰ এক দৃশ্য
 
সহাৱস্থান মানে ভিন্নতাক নুই কৰি পেলোৱাক নুবুজাই বৰং ই ভিন্নতাক সন্মান কৰাকহে বুজায়। যিদৰে এজন ৰোজাদাৰে ৰঙীন পানীৰে ভৰা বেলুনৰ পৰা নিজকে ৰক্ষা কৰি চলাটোৱে হোলীক অসন্মান কৰাক নুবুজাই আৰু এজন হিন্দু বন্ধুৱে উপবাস কৰি থকা মুছলমান চুবুৰীয়াৰ কথা ভাবি উৎসৱৰ ধৰণ সলনি কৰাটো পৰম্পৰাৰ পৰা আঁতৰি যোৱাক নুবুজায়। ই হৈছে ইজনৰ আন এজনৰ প্ৰতি কৰা সহানুভূতিৰ অনুশীলনহে।    
 
প্ৰতিনিধিত্বমূলক ছবি (ছবি- কৃত্ৰিমবুদ্ধিমত্তা)
 
সামাজিক মাধ্যমত প্ৰায়ে বিভাজনৰ বাতৰি দেখিবলৈ পোৱা যায়। কিন্তু বাস্তৱতা ইয়াৰ এক অন্যন্য ৰূপ আছে। ইয়াত মানুহে ইজনে-আনজনৰ সৈতে মিঠাই বিনিময় কৰে, ইফতাৰত আমন্ত্ৰণ জনায় আৰু ৰঙৰ মাজতো সন্মান অটুট ৰাখে। শিশুসকলে একেখন আকাশৰ তলতে ৰঙৰ উচ্ছাহ আৰু উপবাসৰ নীৰৱতা উভয়কে দেখি ডাঙৰ হৈছে। তেওঁলোকৰ বাবে এই সহাৱস্থান স্বাভাৱিক। 
 
 
ভাৰতৰ প্ৰকৃত ৰং কেৱল ৰঙা, নীলা বা সেউজীয়া নহয়। ই হৈছে সহাৱস্থানৰ সূক্ষ্ম, স্থিতিস্থাপক আৰু স্থায়ী ৰং। আৰু গুৱাহাটী মহানগৰীৰ  পথসমূহে প্ৰতি বছৰে সেই কথাই পুনৰ প্ৰমাণ কৰি দিয়ে যে, ঐক্য মানে এক ৰূপতা নহয়; ই হৈছে ভিন্নতাৰ মাজতো শিপাই থকা সমন্বয়।