আৱাজ-দ্য ভইচ অসম ব্যুৰো
নাজাকত আলী, এগৰাকী কাশ্মীৰি শ্ব'ল ব্যৱসায়ী। যিয়ে প্ৰতি বছৰে এগৰাকী বিক্ৰেতা হিচাপে শীতকালত দক্ষিণ কাশ্মীৰৰ পৰা ছত্তীশগড়ৰৰ চিৰমিৰীলৈ গৰম কাপোৰৰ মেটমৰা সম্ভাৰ লৈ আহে। কিন্তু এইবেলি তেওঁক চিৰমিৰীবাসীয়ে ফটকা ফুতুৱাই, ফুলৰ মালা পিন্ধাই এগৰাকী নায়কৰ দৰে আদৰণি জনাইছে। কিন্তু এগৰাকী সাধাৰণ শ্ব'ল ব্যৱসায়ীক কিয় ইমান সন্মান জনোৱা হ'ল? কিহৰ বাবে তেওঁ চিৰমিৰীবাসীৰ নয়নৰ মণি হৈ পৰিল জানো আহঁক।
কাশ্মীৰি শ্ব'ল ব্যৱসায়ী, নাজাকত আলীয়ে নিজৰ বুদ্ধিমত্তা আৰু সাহস ব্যৱহাৰ কৰি শেহতীয়া জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা ১১জনকৈ পৰ্যটকৰ প্ৰাণ ৰক্ষা কৰিছিল। দক্ষিণ কাশ্মীৰৰ বাসিন্দা নাজাকতে অভিসপ্ত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সেই দিনটোতে নিজৰ একাংশ গ্ৰাহকৰ সৈতে ‘মিনি ছুইজাৰলেণ্ড’ খ্যাত কাশ্মীৰৰ বৈছাৰণ উপত্যকালৈ ফুৰিবলৈ গৈছিল। য'ত ২৬ জনকৈ পৰ্যটকৰ তেজেৰে ফাকু খেলিছিল সন্ত্ৰাসবাদীয়ে।
ছত্তীশগড়ৰৰ চিৰমিৰীবাসীয়ে ফুলৰ মালা পিন্ধাই নায়কৰ দৰে আদৰিছে কাশ্মীৰি শ্ব'ল ব্যৱসায়ী নাজাকত আলীক
পৰ্যটকৰ ওপৰত নিৰ্বিচাৰে গুলীবৰ্ষণ কৰা সন্ত্ৰাসবাদীৰ মাজৰ পৰাই নাজাকাতে ৪ টা পৰিয়ালৰ শিশুসহ ১১ জন লোকক উদ্ধাৰ কৰিছিল। তেওঁ শিশু কেইটাক নিজৰ পিঠিত তুলি লৈ নিজৰ জীৱনকো তুচ্ছ্য জ্ঞান কৰি নিৰাপদ ঠাইলৈ দৌৰি লৈ গৈছিল। তেওঁ উদ্ধাৰ কৰা সকলৰ ভিতৰত স্থানীয় বিজেপি নেতা অমিত আগৰৱালাৰ সন্তানো আছিল।
নিজৰ বুদ্ধিমত্তা আৰু সাহসেৰে নিজৰ জীৱনকো তুচ্ছ্য জ্ঞান কৰি কৰা এনে অসাধাৰন কাৰ্যৰ বাবে এইবাৰ যেতিয়া নাজাকাত চিৰমিৰীলৈ আহিছিল, তেতিয়া অমিত আগৰৱালে স্থানীয় ৰাইজৰ নেতৃত্বত তেওঁক এগৰাকী নায়কৰ দৰে উষ্ম আদৰণি জনায়।
এক্সত পোষ্ট কৰা ভিডিঅ'ত নাজাকাতে কয় যে, "চিৰমিৰীবাসীয়ে মোক দিয়া এই সন্মান আৰু মৰমে মোৰ অন্তৰক চুই গৈছে। লাকী ভাইয়া, ৰাজু ভাইয়া, হেপি ভাইয়া, টিটু ভাইয়াক আকৌ এবাৰ চাবলৈ পাই মোৰ বৰ ভাল লাগিছে। তেওঁলোকৰ সৈতে পুনৰ দেখা হ’বলৈ পাই মোৰ বৰ ভাল লাগিছে। মোৰ বাবে তেওঁলোক খুবেই বিশেষ, কিয়নো তেওঁলোক মোৰ বাবে ভাতৃ সদৃশ হয়।"
নাজাকাতে কয় যে, তেওঁ লাকী ভাইয়াক এবাৰ মাত্ৰ ফোন কৰি চিৰমিৰীলৈ উভতি অহাৰ কথা জনাইছিল।
যেতিয়া ২২ এপ্ৰিলত পহলগামৰ বৈছাৰণ উপত্যকা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল আৰু সন্ত্ৰাসবাদীৰ বন্দুকৰ শব্দ শুনিছিল, তেতিয়া নাজাকতৰ চিৰমিৰীৰ ৪ বন্ধু কুলদীপ স্থাফক, শিৱংশ জৈন, হেপী বধৱন আৰু অৰবিন্দ আগৰৱাল আৰু তেওঁলোকৰ পৰিয়ালে এই দুৰ্গম উপত্যকাৰ শীতল জলবায়ু আৰু সৌন্দৰ্য্য উপভোগ কৰাত ব্যস্ত হৈ আছিল। প্ৰথমতে কোনেও বুজিব পৰা নাছিল যে, আচলতে কি হৈছে, কিন্তু কিছু সময়ৰ পিছত যেতিয়া সকলো দিশৰ পৰা বন্দুকৰ গুলীৰ শব্দ ভাঁহি আহিছিল, তেতিয়া তেওঁলোকে উপলব্ধি কৰিছিল যে, এয়া অন্য একো নহয় সন্ত্ৰাসবাদীৰ আক্ৰমণহে।
বিজেপি নেতা অমিত আগৰৱালাই ফেচবুকত কৰা এক পোষ্ট
হঠাতে বৈছাৰণ উপত্যকাত বিশৃংখল পৰিবেশৰ সৃষ্টি হৈছিল আৰু পৰ্যটকসকলে প্ৰাণ ৰক্ষাৰ বাবে যেনি-তেনি দৌৰিবলৈ আৰম্ভ কৰিছিল। বহুতে লক্ষ্য কৰিছিল যে, তেওঁলোক পথৰ দুয়োকাষে আৱদ্ধ হৈ আছে। নাজাকাতে কয় যে, "মই মোৰ লগত থকা পৰ্যটকসকলক মাটি শুই পৰিবলৈ কৈছিল। লগতে মইও শুই পৰিছিলোঁ। কিছু সময়ৰ পিছত আমি বেৰ পাৰ হৈ ১১ জন লোকক নিৰাপদে উদ্ধাৰ কৰিছিলোঁ। সেই সময়ৰ দৃশ্যটো অতি ভয়ংকৰ আছিল, যদিও মোৰ সৈতে থকা এই ১১ জন পৰ্যটকৰ জীৱন ৰক্ষা কৰাটো মোৰ দায়িত্ব আছিল।"
স্থানীয় ব্যৱসায়ী নাজাকাত আলীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ অহাৰ সময়ত হত্যাকাৰীৰ সন্মুখৰ পৰা তেওঁলোকক কোনটো পথেৰে বাহিৰলৈ উলিয়াই আনিব সেয়া কোনেও নিশ্চিত নাছিল। কিন্তু পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি নিজৰ উপস্থিত বুদ্ধিমত্তাৰে নজাকতে দায়িত্ব ল'লে আৰু পৰ্যটকসকলক নিৰাপদ ঠাইলৈ লৈ গ'ল। নাজাকাতে অতি দুখ প্ৰকাশ কৰি কয় যে, পহলগামৰ সেই আক্ৰমণত নিহত হোৱা ২৬ জন লোকৰ ভিতৰত মোৰ মামাৰ পুত্ৰও আছিল।
পহলগামত সমত্ৰাসবাদীয়ে কৰা আক্ৰমণৰ পিছৰ এক দৃশ্য
সকলোৱে নিজৰ জীৱন ৰক্ষাৰ বাবে সংগ্ৰাম কৰি থকাৰ সময়তে নাজাকাত আলীয়ে ধৈৰ্য্য, উপস্থিত বুদ্ধিমত্তা আৰু সাহসৰ পৰিচয় দিলে। তেওঁ এজন এজনকৈ মুঠ ১১ জন পৰ্যটকক বিদশংকুল ঠাই ডোখৰৰ পৰা আঁতৰাই নিৰাপদে লজলৈ লৈ গৈছিল। কেৱল এয়াই নহয় আক্ৰমণৰ লগে লগে তেওঁ সেনাৰ সহায়ত আন কেইবাগৰাকীও পৰ্যটকসকলক উদ্ধাৰ কৰিছিল এখন নিৰাপদ হোটেললৈ লৈ গৈছিল।
যিহেতু বিগত কেইবাবছৰ ধৰি নাজাকাতে ছত্তীশগড়ৰ কোৰিয়া জিলাৰ চিৰমিৰীৰ ৰাজ্যখনত গৰম কাপোৰ বিক্ৰী কৰি আহিছে, সেয়েহে এই স্থানৰ স্থানীয় লোকৰ সৈতে তেওঁৰ এক অত্মিক সম্পৰ্ক গঢ় লৈ উঠিছে। নজাকতে কয়, "মই যোৱা ১১ বছৰ ধৰি চিৰমিৰী আৰু চুৰগুজালৈ শ্ব'ল বিক্ৰী কৰিবলৈ আহি আছো। মোৰ পূৰ্বে মোৰ দেউতাইও ২৪ বছৰ ধৰি সুৰগুজাত ব্যৱসায় কৰিছিল।"