দিল্লীৰ জীৱনক সমৃদ্ধ কৰা ১০গৰাকী ব্যতিক্ৰমী ব্যক্তি

Story by  atv | Posted by  Munni Begum • 2 h ago
দিল্লীৰ ১০গৰাকী ব্যতিক্ৰমী ব্যক্তি
দিল্লীৰ ১০গৰাকী ব্যতিক্ৰমী ব্যক্তি
 
নতুন দিল্লী 
 
দিল্লী হৈছে উদ্যমী লোকসকলৰ চহৰ, য'ত বহু সৰু চহৰ আৰু মহানগৰীৰ পৰা প্ৰব্ৰজনকাৰী লোকৰ সমাগম ঘটে। বহুতে জীৱিকা, ব্যৱসায় আৰু বৃত্তিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰে। কিন্তু তেওঁলোকৰ ভিতৰত কিছুমানে আকৌ সফলতাৰ সীমাও অতিক্ৰম কৰে।
 
তেওঁলোক হৈছে একো একোগৰাকী পথ প্ৰদৰ্শক, যিসকলে আনৰ জীৱনলৈ অনুপ্ৰেৰণা যোগাই আহিছে। ইয়াত আমি দিল্লীৰ দহজন তেনে ব্যক্তিৰ বিষয়ে আলোচনা কৰিম, যিসকলৰ কাম-কাজে তেওঁলোকক অসাধাৰণ আৰু পৰিৱৰ্তনকাৰী কৰি গঢ়ি তুলিছে।
 
চিৰাজুদ্দিন কুৰেইশ্বী  
 
চিৰাজুদ্দিন কুৰেইশ্বী ভাৰতৰ মাংস উদ্যোগ আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ আধাৰশিলা স্থাপন কৰা এজন প্ৰখ্যাত উদ্যোগপতি। তদুপৰি, তেওঁ দিল্লীৰ ইণ্ডিয়া ইছলামিক কালচাৰেল চেণ্টাৰৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত অন্যতম। তেওঁ হিন্দ গ্ৰুপৰ অধীনত মাংস আৰু খাদ্য সংসাধন উদ্যোগৰ আধুনিকীকৰণ আৰু স্কেলিংত অগ্ৰণী ভূমিকা পালন কৰিছে। তেওঁ প্ৰথম আধুনিক কছাইখানা স্থাপন কৰিছিল আৰু ৫০ খন দেশলৈ নিজৰ খাদ্য ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল।   
 
চিৰাজুদ্দিন কুৰেইশ্বী
 
অৱশ্যে, সমাজলৈ তেওঁৰ দীৰ্ঘস্থায়ী অৱদান হৈছে কুৰেইশ্বী বংশৰ মাজত শিক্ষাৰ প্ৰসাৰৰ বাবে কৰা তেওঁৰ নিৰলস অভিযান, যিসকল ক্ষুদ্ৰ মাংস বিক্ৰেতা আৰু ব্যৱসায়ী আছিল। তেওঁ নিজৰ সম্প্ৰদায়ৰ লোকসকলক কন্যা আৰু মহিলাসকলৰ শিক্ষাৰ প্ৰসাৰ, সহজ বিয়াৰ পথ বাছি লোৱা আৰু যুৱক-যুৱতীসকলক পেছাত যোগদান কৰিবলৈ উৎসাহিত কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ বুজাইছিল। তেওঁৰ এই সামাজিক অভিযান ইমানেই সফল হৈছিল যে, আজি কুৰেইশ্বী পুৰুষৰ মাত্ৰ ২০ শতাংশহে মাংস বিক্ৰেতা আৰু মহিলাসকলৰ শিক্ষাৰ মানদণ্ডও উচ্চ। 
 
আজ্ৰা নাকভি  
 
আজ্ৰা নাকভিয়ে একাধিক ভূমিকাধাৰী এগৰাকী ব্যক্তি, যদিও তেওঁৰ আবেগ সদায় উৰ্দুৰ সৈতে সংযুক্ত হৈ থাকে। কিয়নো এই ভাষাৰে তেওঁ উশাহ লয়, চিন্তা কৰে আৰু তেওঁৰ শিৰে শিৰে প্ৰবাহমান হৈ আছে। তেওঁৰ স্বামীৰ সৈতে তেওঁ বিভিন্ন দেশত জীৱন অতিবাহিত কৰা, বিভিন্ন বৃত্তি আৰু ভূমিকাত অৱতীৰ্ণ হোৱা সত্ত্বেও, তেওঁৰ হৃদয়ে সদায়েই তেওঁৰ প্ৰিয় ভাষাৰ বাবে আকাংক্ষিত হৈ আছিল। সেয়ে, যেতিয়া তেওঁ ৰেখতা ফাউণ্ডেচনৰ সৈতে পৰামৰ্শদাতা সম্পাদক হিচাপে কাম কৰাৰ সুযোগ পাইছিল, তেওঁ এই সুযোগৰ সদ্ব্যৱহাৰ কৰিছিল।  
 
আজ্ৰা নাকভি
 
ৰেখতাত উৰ্দুৰ প্ৰতি থকা তেওঁৰ আবেগ পূৰণ কৰাৰ উপৰিও, আজ্ৰা নাকভিয়ে তেওঁৰ ম'বাইলত হোৱাটছএপ এপ্লিকেচনৰ এক উদ্ভাৱনীমূলক ব্যৱহাৰ সন্ধান পাইছিল। প্ৰথমে তেওঁ ২০০ জন উৰ্দু মহিলা লেখকক সংযোগ কৰি 'বাইনালকৱামী নিছাই আডাবী তানজিম' (BANAT) নামৰ এটা প্ৰথম ধৰণৰ সাহিত্য সংগঠন স্থাপন কৰিছিল। বেনেটে উৰ্দু সাহিত্যিকসকলৰ মাজত এক ভগ্নিত্বৰ সৃষ্টি কৰিছিল। এতিয়ালৈকে বেনেটে হোৱাটছএপ যোগাযোগৰ ওপৰত ভিত্তি কৰি দুটা সংকলন প্ৰকাশ কৰিছে, আনহাতে তৃতীয়খন প্ৰকাশৰ প্ৰক্ৰিয়া চলি আছে। আজ্ৰা নাকভিয়ে হোৱাটছএপ গ্ৰুপৰ সহায়তে ৪০ গৰাকী মহিলা লেখিকাৰ বিষয়ভিত্তিক লেখা সংগ্ৰহ কৰিছিল। 
 
ছিৰাজ খান
 
‘হয়, আমি কৰিব পাৰো’ শ্ল'গানটোৱে এই কথা স্মৰণ কৰাই আহিছে যে, ঐক্য আৰু সুযোগে জীৱন পৰিৱৰ্তন কৰিব পাৰে। এই অলাভজনক সংস্থাটো সম্প্ৰদায়ক সবলীকৰণ, যুৱ শক্তিৰ বিকাশ আৰু বিকাশৰ বাবে সুৰক্ষিত স্থান সৃষ্টিৰ বাবে উৎসৰ্গিত। এই আন্দোলনৰ কেন্দ্ৰত আছে ছিৰাজ খান। তেওঁ পুৰণি দিল্লীৰ এজন পৰিৱৰ্তন সৃষ্টিকাৰী, তেওঁৰ আত্ম-আৱিষ্কাৰ আৰু স্থিতিস্থাপকতাৰ যাত্ৰাই 'হয় আমি কৰিব পাৰো'ৰ আদৰ্শ গঢ়ি তুলিছে। ২০১৫ চনত 'হয়, আমি কৰিব পাৰো'ৰ বীজ ৰোপণ কৰা হৈছিল। ছিৰাজ খান আৰু তেওঁৰ সহ-প্ৰতিষ্ঠাপক নন্দীশৰ বাবে মহামাৰী কেৱল সংকট নাছিল; ই এক জাগৰণৰ কণ্ঠ আছিল। তেওঁলোকে বুজি উঠিছিল যে, মানুহক কেৱল আৰ্থিক সহায়ৰ প্ৰয়োজন নহয়, অনুপ্ৰেৰণা, পথ-নিৰ্দেশনা আৰু সমাজৰ সহায়ৰো প্ৰয়োজন।   
 
ছিৰাজ খান
 
তৃণমূলৰ সজাগতা অভিযানৰ পৰা যুৱ নেতৃত্বাধীন গোটৰ সৈতে সহযোগিতালৈকে, "হয়, আমি কৰিব পাৰোঁ" দ্ৰুতগতিত এক স্থানলৈ বিকশিত হৈছিল, য'ত সম্ভাৱনা কাৰ্যৰ সৈতে মিলি গৈছে। ছিৰাজে প্ৰায়ে কয় যে, সংগঠনটোৱে নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে স্থিতিস্থাপকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে। 
 
ছাহাৰ হাছমী
 
ভাৰতত মানসিক স্বাস্থ্য এতিয়াও এটা নিষিদ্ধ বিষয়; বিষণ্ণতা, উদ্বেগ বা ব্যক্তিত্বৰ ব্যাধিৰ দৰে শব্দবোৰক হয় হাঁহিৰ আৱৰ্তত পেলোৱা হয় বা লাজৰ বিষয় হিচাপে গণ্য কৰা হয়। তেনে প্ৰেক্ষাপটত এই নিস্তব্ধতা ভংগ কৰিছে দিল্লীৰ ২৯ বছৰীয়া ছাহাৰ হাছমীয়ে। তেওঁ কেৱল নিজৰ মানসিক ৰোগৰ পৰা পৰিত্ৰাণ পোৱা নাই, বৰং নীৰৱে ভুগি থকা আন লোকসকলৰ বাবেও আশাৰ বন্তি হৈ পৰিছে।
 
ছাহাৰ হাছমী
 
এপ্ৰিল ২০২৫ত ছাহাৰে 'ব্রেকিং স্টিগমাঃ ৱান মাইল এ টাইম' নামৰ এক অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অংশ হিচাপে তেওঁ দিল্লীৰ পৰা কাশ্মীৰলৈ ২,৭৭৯ কিলোমিটাৰ চাইকেল চলাই যাত্ৰা কৰিছিল। এই যাত্ৰা কেৱল ভৌগোলিক সীমাৰেখাৰ অতিক্ৰমৰ বাবে নহয়, মানসিক স্বাস্থ্যৰ ওপৰত সমাজৰ কলঙ্ক আৰু নীৰৱতাৰ বিৰুদ্ধে এক আৱেগিক যাত্ৰা আছিল। 

আছগৰ আলী
 
দিল্লীস্থিত শিল্পী আছগৰ আলীয়ে তেওঁৰ শিল্পৰ জৰিয়তে সমাজত গংগা-জামুনি তেহজিব (সমন্বিত ভাৰতীয় সংস্কৃতি) ৰ বাৰ্তা প্ৰচাৰ কৰিছে। মুছলমান ধৰ্মালম্বী ব্যক্তি হয়ওঁ আছগৰ আলীয়ে কৃষ্ণ আৰু তেওঁৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত ৫০ ৰো অধিক চিত্ৰ অংকন কৰিছে।
 
আছগৰ আলীয়ে কয় যে, শৈশৱৰে পৰা তেওঁ শ্ৰীকৃষ্ণৰ ৰং, তেওঁৰ ময়ূৰৰ পাখি আৰু বাঁহীৰ দ্বাৰা আকৰ্ষিত আৰু প্ৰভাৱিত হৈছিল। শ্ৰীকৃষ্ণ (বাল কৃষ্ণ) ৰ শৈশৱ কালৰ ৰূপ, তেওঁৰ যৌৱন কাল, মহাভাৰতৰ যুদ্ধত তেওঁৰ উদ্দেশ্য আৰু লীলা (কাহিনী) ৰ ওপৰত তেওঁৰ প্ৰধান কাম কৰিছে।
 
আছগৰ আলী
 
হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শেহতীয়াকৈ সামৰণি পৰা আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱত আছগৰ আলীয়ে তেওঁৰ কৃষ্ণ বিষয়ক ছবিৰ প্ৰদৰ্শনীও আয়োজন কৰিছিল। য’ত ৰাইজে তেওঁৰ শিল্পকৰ্মৰ শলাগ লৈছিল।
 
আমনা মিৰ্জা
 
আমনা মিৰ্জা এগৰাকী পথ প্ৰদৰ্শক শিক্ষক। যিগৰাকীয়ে দিল্লীৰ বিভিন্ন স্থানত বিয়পি থকা ইতিহাসৰ টুকুৰাবোৰৰ ওপৰত শ্ৰেণীকোঠাৰ বাহিৰত বক্তৃতা প্ৰদান কৰি ভাল পায়। তেওঁ শিক্ষাদানক কেৱল আকৰ্ষণীয় কৰি তোলা নাই, বৰঞ্চ ঐতিহ্য আৰু আধুনিকতাৰ একত্ৰীকৰণতো সহায় কৰিছে। আধুনিক বিশ্বৰ এই দৌৰ প্ৰতিযোগিতাত ড০ আমনা মিৰ্জাই এজন শিক্ষয়িত্ৰী হিচাপে মানুহৰ মানসিকতাত গভীৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
 
আমনা মিৰ্জা
 
দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক ড০ মিৰ্জাৰ এই যাত্ৰাই একাডেমিক জগতৰ সৈতে জড়িত থকা কঠোৰতাৰ প্ৰতি প্ৰত্যাহ্বান জনায় আহিছে। শিক্ষাবিদ, সমাজকৰ্মী, সাংস্কৃতিক ৰক্ষাকৰ্তা আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল এগৰাকী গৌৰৱৱান্বিত দিল্লীবাসী, যিগৰাকীয়ে নিজৰ লোক আৰু বহুত্ববাদৰ জৰিয়তে ৰাষ্ট্ৰৰ আত্মাক লালন-পালন কৰাত বিশ্বাসী হয়।
 
মহঃ মেৰাজ ৰায়েন
 
মুছলমান জনসংখ্যাৰ প্ৰায় ৮০ শতাংশ লোকক সামৰি থকা পাছমাণ্ডা মুছলমানসকলৰ পৰিস্থিতি উন্নত কৰাৰ বাবে মেৰাজ ৰায়েনৰ অন্তৰ্ভুক্তিমূলক অভিযানে সামাজলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে।
 
ৰায়নে কয়, "কেৱল ৰাজনীতিয়ে সকলো সমস্যাৰ সমাধান কৰিব নোৱাৰে।" এই ভাৱনাৰ আধাৰত তেওঁ এবছৰ পূৰ্বে 'পাছমাণ্ডা বিকাশ ফাউণ্ডেশ্যন' প্ৰতিষ্ঠা কৰিছিল। সংস্থাটোৱে মানুহৰ জীৱন পৰিৱৰ্তন কৰিবলৈ আৰু সমাজৰ মাজত নতুন আশা আৰু আত্মবিশ্বাসৰ সঞ্চাৰ কৰিবলৈ যথেষ্ট কাম কৰিছে।
 
মহঃ মেৰাজ ৰায়েন
 
তেওঁৰ এই ফাউণ্ডেচনে কেৱল মাত্ৰ ৰাজনৈতিক মঞ্চত পাছমাণ্ডা মুছলমানৰ অধিকাৰৰ সপক্ষে মাত নামাতে, বৰং ই শিক্ষা, স্বাস্থ্য, অৰ্থনৈতিক সৱলীকৰণ আৰু সামাজিক ন্যায়ৰ দৰে বিষয়বোৰো সামৰি লয়। মেৰাজ ৰায়েনে বিশ্বাস কৰে যে, পাছমাণ্ডাৰ বিকাশ সম্প্ৰদায়ৰ সদস্যসকলৰ সজাগতা আৰু সহযোগিতাৰ জৰিয়তেহে সম্ভৱ হব। আনহাতে, সমগ্ৰ মুছলিম সমাজ বিশেষকৈ আশ্ৰাফ শ্ৰেণীৰ সহযোগিতাৰ দ্বাৰাও বিকাশ সম্ভৱপৰ।
 
উৱেইছ আলী খান
 
উৱেইছ আলী খান এগৰাকী সফল চাৰ্টাৰ্ড একাউণ্টেণ্ট আৰু পৰিৱৰ্তনকামী ব্যক্তি। যিগৰাকীৰ যাত্ৰাই সমাজৰ প্ৰতি সংকল্প আৰু সেৱাৰ এক প্ৰতীক হিচাপে প্ৰতিফলিত হৈছে। 
 
উৱেইছ আলী খান
 
তেওঁ চাকৰি এৰি পূব দিল্লীৰ লক্ষ্মী নগৰৰ এটা সৰু এপাৰ্টমেণ্টত নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল। বন্ধুবৰ্গ আৰু বেংকৰ পৰা ঋণ লৈ তেওঁ কেৱল এটা কোম্পানী গঢ়াই নহয়, পৰিৱৰ্তনৰ বাবে এখন মঞ্চ গঢ়িবলৈ আৰম্ভ কৰিছিল। উৱেইছৰ এটা সহজ কিন্তু শক্তিশালী ধাৰণা হৈছে: এজন ব্যক্তিক মৌলিক দক্ষতা প্ৰদান কৰিলে তেওঁ এটা চাকৰি পাব পাৰে। সেই এটা সুযোগে এটা পৰিয়ালৰ জীৱন সলনি কৰিব পাৰে।
 
আদীবা আলী
 
আদীবা আলীৰ জীৱন মানৱীয় শক্তি আৰু ইচ্ছাশক্তিৰ এক জলন্ত উদাহৰণ। ১৭ বছৰীয়া এই যুৱতীগৰাকী কেৱল পেৰাছুটিং জগতৰ এগৰাকী উদীয়মান তাৰকা নহয়, বৰঞ্চ তেওঁ আত্ম-দুখ আৰু অসহায়তাত ভুগি থকা আন বহু লোকৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে। 
 
আদীবা আলী
 
পাঁচ বছৰ পূৰ্বে, আদীবাই নিজামুদ্দিনত থকা তেওঁৰ ঘৰৰ বাৰান্দাৰ পৰা পৰিছিল। চাৰি বছৰৰ পিছত তেওঁ ২০২৩ চনৰ ডিচেম্বৰত ভূপালৰ মধ্য প্ৰদেশ ৰাজ্যিক শ্বুটিং একাডেমীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক ৰাষ্ট্ৰীয় শ্বুটিং চেম্পিয়নশ্বিপত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে সকলোকে হতবাক কৰি তুলিছিল।  
 
আদীবাৰ সফলতা কেৱল দুটা পদক জয় কৰাৰ কাহিনী নহয়; ই এক অধ্যৱসায়ৰ কাহিনী, যিয়ে অক্ষমতাক বাধা হিচাপে নহয়, ইয়াক এক নতুন পৰিচয়লৈ ৰূপান্তৰিত কৰিছে। 
 
ছৈয়দ ছাহিল আঘা
 
গল্প-কথা কোৱাটো ছুফি আৰু খানকাহৰ সৈতে জড়িত; ই শান্তি আৰু প্ৰেমৰ বাৰ্তাৰ মাধ্যম যি দেশপ্রেম, একতা আৰু ধৰ্মীয় সম্প্রীতি গঢ়ি তোলে আৰু গংগা-জামুনি (সমন্বিত) সভ্যতাক পুষ্ট কৰে। এই পৰম্পৰাৰ প্ৰতি লক্ষ্য ৰাখি ছৈয়দ ছাহিল আঘাই এই কলাক পুনৰুজ্জীৱিত কৰি আধুনিক প্ৰেক্ষাপটত উপস্থাপন কৰিছে।
 
ছৈয়দ ছাহিল আঘা
 
আজি তেওঁ গল্প-কাহিনীৰ জগতৰ অন্যতম এক পৰিচিত নাম। তেওঁ কয় যে, তেওঁৰ লক্ষ্য কেৱল কাহিনী কোৱা নহয়, বৰঞ্চ ভাৰতীয় সভ্যতাক প্ৰচাৰ কৰাও। 
 
ছৈয়দ ছাহিল আঘাই ভাৰত আৰু বিদেশত গল্প-কাহিনীৰ কাৰ্যসূচী পৰিচালনা কৰি আহিছে। তেওঁ কয় যে, "মই উপলব্ধি কৰিছিলো যে, মানুহে পঢ়াতকৈ শুনিব ভাল পায়। সেয়ে মই ভাবিলোঁ যে, কাহিনীবোৰ বৰ্ণনা কৰা উচিত। যাতে জনসাধাৰণে অতীতৰ সৈতে পৰিচিত হ'ব পাৰে আৰু ইয়াৰ পৰা শিক্ষা ল'ব পাৰে।"