ডাঃ ফিৰদৌছ খান
কেতিয়াবা কোনো এজন ব্যক্তিৰ পৰামৰ্শই কোনো লোকৰ জীৱন সলনি কৰাই নহয়, ই সমগ্ৰ সমাজখনকে এক নতুন পথ প্ৰদৰ্শন কৰাই। হাৰিয়ানাৰ গুৰগাঁৱৰ আছলম খানৰ সৈতেও এনে এক ঘটনা সংঘটিত হৈছিল। ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ প্ৰসিদ্ধ ব্যক্তি নাছিল যদিও, সমাজসেৱাৰ ক্ষেত্ৰত তেওঁ সকলোৰে বাবে এগৰাকী আদৰ্শবান ব্যক্তি হৈ পৰিছে। আছলম খানৰ জীৱনে এই কথাই প্ৰমান কৰিছে যে, সমাজৰ বাবে কৰা আন্তৰিক প্ৰচেষ্টাই মানুহৰ হৃদয়ত স্থায়ী প্ৰভাৱ পেলায়।
আছলাম খানে নিজৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কয়, "প্ৰায় আঢ়ৈ দশক পূৰ্বে মই গুৰগাঁৱস্থিত এক ৰাষ্ট্ৰীয় দৈনিক বাতৰি কাকতৰ কাৰ্যালয়ত নিজৰ ৰাজনৈতিক দলৰ প্ৰেছ নোট লৈ গৈছিলো। বেছিভাগ সময়তে ই প্ৰকাশিত হোৱা নাছিল। এইটো দেখি মোৰ এনেকুৱা লাগিছিল যে হয়তো মোৰ কামেই অসাৰ আছিল। কিন্তু মই ধাৰাবাহিকভাৱে প্ৰেছ নোট লৈ গৈ আছিলোঁ। এদিন অফিচত কাম কৰা এজন সাংবাদিকে মোক কৈছিল যে, আপোনাক ইয়াত কোনেও গুৰুত্বসহকাৰে নলয়। মই তেওঁক ইয়াৰ কাৰণ কি সুধিছিলো আৰু তেওঁ উত্তৰত কৈছিল যে, আপোনাৰ সৈতে কোনো শক্তিশালী জনসমাগম নাই। ইয়াৰ উপৰিও তেওঁ মোক এক পৰামৰ্শ দিছিল যে, যদি মই প্ৰকৃততে সমাজত পৰিচয় গঢ়িব বিচাৰো, তেন্তে মই এটা ট্ৰাষ্ট গঠন কৰিব লাগে আৰু তাৰ জৰিয়তে সমাজসেৱাৰ কামত ব্ৰতী হব লাগে। তেওঁ লগতে মোক কৈছিল যে, যিসকলে আনৰ কল্যাণৰ বাবে কাম কৰে, সেই লোকসকলকহে মানুহে গুৰুত্ব দিয়ে। মই তাত্ক্ষণিকভাৱে এই কথালৈ মনোযোগ দিলো আৰু মই ঈদ মিলাদ-ঊন-নবী উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। য'ত বহু দূৰ্গম অঞ্চলৰ পৰা বহু লোক আহে। তেওঁলোকক অনুষ্ঠানত খোৱা-বোৱাৰো ব্যৱস্থা কৰিছিলো। জনসমাগম দেখি মোৰ উৎসাহ আৰু বৃদ্ধি পাইছিল আৰু মই বিশ্বাস কৰিছিলো যে, মই সঠিক দিশতে আগবাঢ়িছো।
এই অনুপ্ৰেৰণা আৰু নিৰ্দেশনাৰ পিছত আছলম খানে হাৰিয়ানা অঞ্জুমান দাতব্য ন্যাস প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ন্যাসৰ অধ্যক্ষ আছলম খানে কয়, "ট্ৰাষ্টৰ আৰম্ভণি আমাৰ ডিছপেন্সাৰীৰ পৰা হৈছিল। ইয়াৰ আঁৰৰ কাহিনী হ'ল যে, ২০০০ চনত মোৰ মা কেন্সাৰ ৰোগত আক্ৰান্ত হৈছিল। তেওঁৰ উন্নত চিকিৎসাৰ বাবে বহু চিকিৎসালয়লৈ যাবলগীয়া হৈছিল। এই সময়ছোৱাত মই এনে বহু লোকক দেখিছিলোঁ, যিসকলৰ ওচৰত চিকিৎসাৰ বাবে ধন নাছিল। তেওঁলোকৰ অসুবিধা দেখি মই অনুভৱ কৰিছিলোঁ যে, আৰ্তজনৰ বাবে কিবা এটা কৰা উচিত। এই ভাৱনাৰেই আমি গুৰগাঁৱত ট্ৰাষ্টৰ জৰিয়তে দৰিদ্ৰসকলৰ বিনামূলীয়া চিকিৎসা কৰাৰ পৰিকল্পনা কৰিছিলো। আমাৰ সাংবাদিক বন্ধুসকলেও আমাৰ সৈতে থিয় হৈ এই কামত আমাক নিৰন্তৰ সহায়-সহযোগিতা আগবঢ়াই আহিছে। বহু লোকক আমাৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰা হৈছিল আৰু লাহে লাহে বহু লোক এই কামত জড়িত হ'বলৈ ধৰিছিল। এইদৰেই হাৰিয়ানা অঞ্জুমন চাৰিয়েটেবল ট্ৰাষ্ট গঠন কৰা হৈছিল আৰু ২০০৩ চনত ইয়াৰ পঞ্জীয়ন কৰা হৈছিল। এই ট্ৰাষ্টৰ মুখ্য উদ্দেশ্য হৈছে দৰিদ্ৰ আৰু অনাথসকলৰ সেৱা আগবঢ়োৱা।
এই ট্ৰাষ্টে গুৰগাঁৱৰ চেক্টৰ ২৮ত অৱস্থিত চক্কৰপুৰ গাঁৱত দৰিদ্ৰ আৰু আৰ্তজনৰ বাবে এখন ঔষধালয় মুকলি কৰা হৈছে। আছলম খানে কয়, "আমি জ্যেষ্ঠ চিকিৎসকৰ সৈতে যোগাযোগ কৰিছিলো, যিসকলে বিনামূলীয়া সেৱা আগবঢ়াবলৈ সাজু আছিল। ইয়াত লোকসকলৰ বিনামূলীয়া চিকিৎসা কৰা হয় আৰু তেওঁলোকক প্ৰয়োজনীয় ঔষধো বিনামূলীয়াকৈ যোগান ধৰা হয়। ধীৰে ধীৰে এই ডিছপেনছাৰীৰ খ্যাতি দূৰ-দূৰণিলৈকে বিয়পি গৈছিল। ট্ৰাষ্টে জনসাধাৰণৰ পৰা সহযোগিতা বিচাৰি আহিছে আৰু জনসাধাৰণেও মুকলি মনেৰে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। ইয়াৰ পিছত এখন এম্বুলেন্স ক্ৰয় কৰা হৈছিল। যাৰদ্বাৰা গুৰুতৰ ৰোগীৰ পৰিবহণৰ লগতে মৃতদেহ কঢ়িয়াই নিয়াৰো কাম কৰা হয়। তদুপৰি, এই ট্ৰাষ্টে সময়ে সময়ে বিনামূলীয়া চিকিৎসা শিবিৰো আয়োজন কৰি আহিছে, য'ত ডায়েবেটিছ পৰীক্ষা আৰু অন্যান্য সেৱা প্ৰদান কৰা হয়।
আছলম খানৰ এন জি অ'ৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়
শীতকালত ট্ৰাষ্টে দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত গৰম কাপোৰ, কম্বল আৰু তুলি আদি বিতৰণ কৰি আহিছে। আছলম খানে কয় যে, এই সকলোবোৰ কাম অনুদানৰ বাবেহে সম্ভৱ হৈ উঠিছে। মানুহে আমাক সহায় কৰে, যাৰ ফলত আমি এই সেৱা অব্যাহত ৰাখিব পাৰিছো।
এই ট্ৰাষ্টে গুৰগাঁৱত মুছলমান সম্প্ৰদায়ৰ বাবে নতুন কবৰস্থানো নিৰ্মাণ কৰিছে। আছলম খানে কয়, "নতুন গুৰগাঁৱত মুছলমানসকলৰ মৃতদেহ সৎকাৰৰ কোনো সুবিধা নাছিল। লোকসকলে বহু দূৰলৈ গৈ তেওঁলোকৰ মৃতকসকলক কবৰস্থ কৰিছিল। যিটো এক কঠিন কাম আছিল। আমি হুডাৰ ওচৰত আবেদন জনাইছিলো আৰু ছেক্টৰ ৫৬/৫৮ত কবৰস্থানৰ বাবে ভূমি আৱণ্টন লাভ কৰিছিলোঁ। আমি এই স্থানত বিদ্যুৎ, পানী আৰু সীমাৰ দেৱালসহ সম্পূৰ্ণ সুবিধা নিশ্চিত কৰিছিলো। আমাৰ এই ট্ৰাষ্টে মৃতদেহসমূহ কবৰস্থৰ কামো কৰি আহিছে। পৰম্পৰাগত চুন্নত পদ্ধতি অনুসৰি মৃতদেহসমূহক গা ধোৱা, কফন কৰা আৰু কবৰস্থ কৰা হয়। দুৰ্ঘটনাত কটা অংগসমূহো ইয়াত কবৰস্থ কৰা হয়।
কণ কণ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত চিকিৎসা শিবিৰ
আছলম খানে নামাজৰ বাবে মুছলমানসকলৰ সুবিধাসমূহৰো নিশ্চিত কৰিছিল। এই ট্ৰাষ্টে গুৰগাঁৱৰ চেক্টৰ ৫৭ত ভূমি অধিগ্ৰহণ কৰি মছজিদ নিৰ্মাণ কৰিছিল। ইয়াৰ নাম অঞ্জুমন জামা মছজিদ ৰখা হৈছিল। ইয়াত নিয়মিত নামাজ পঢ়া হয় আৰু শুকুৰবাৰে জুম্মা নামাজৰ বাবে ইয়াত বহু সংখ্যক লোক উপস্থিত হয়। ৰমজান মাহত মছজিদত ইফতাৰৰ বিশেষ ব্যৱস্থা কৰা হয়। মছজিদটোৰ ৰক্ষণাবেক্ষণৰ সম্পূৰ্ণ দায়িত্ব ট্ৰাষ্টৰ। বিদ্যুতৰ সমস্যা সমাধানৰ বাবে ২৫ কেভিএৰ চাইলেণ্ট জেনেৰেটৰো স্থাপন কৰা হৈছিল।
অঞ্জুমন জামা মছজিদ ট্ৰাষ্টে দৰিদ্ৰ আৰু গৃহহীন শিশুৰ বাবে বিনামূলীয়া সাক্ষৰতা কেন্দ্ৰও আৰম্ভ কৰিছে। আছলম খানৰ মতে, এই কেন্দ্ৰটোত শিশুসকলক উৰ্দু, আৰবী আৰু হিন্দী, ইংৰাজী, গণিত আৰু বিজ্ঞান শিকোৱা হয়। শিশুৰ ব্যক্তিত্বৰ সৰ্বাংগীণ বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। তেওঁলোকক অনুশাসন আৰু নৈতিক মূল্যবোধ শিকোৱা হয়। স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়, য'ত স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগক স্মৰণ কৰা হয়। শিশুৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিনামূলীয়া চিকিৎসা পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয়। ঈদ উপলক্ষে শিশুসকলক নতুন কাপোৰ আৰু জোতা প্ৰদান কৰা হয়, যাতে তেওঁলোকে আনন্দ-উল্লাসেৰে উৎসৱ পালন কৰিব পাৰে।
পিছপৰা শিশুসকলৰ সৈতে আছলম খান
ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আছলম খানে কয়, "আমাৰ উদ্দেশ্য হৈছে সংকটজনক ৰোগীৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা থকা এখন বৃহৎ চিকিৎসালয় মুকলি কৰা। ইয়াৰ বাহিৰেও আমি এখন বৃহৎ শিক্ষানুষ্ঠান খুলিব বিচাৰো, য'ত শিশুসকলে দৈনন্দিন আৰু বিশ্বজনীন উভয় ধৰণৰ শিক্ষা লাভ কৰিব পাৰে, যাতে তেওঁলোকে সময়ৰ সৈতে খোজ মিলাব পাৰে। তেওঁৰ সৈতে তেওঁৰ পুত্ৰ ডাঃ. আৰিফ খান সমাজসেৱাৰ কামত সক্ৰিয়ভাৱে জড়িত হৈ আছে।
হাৰিয়ানা অঞ্জুমন চেৰিটেবল ট্ৰাষ্টে নিজৰ সকলো কামৰ বাবে জনসাধাৰণৰ আৰ্থিক সহায়ৰ ওপৰত নিৰ্ভৰশীল। যিসকলে এই কামত সহযোগিতা কৰিব বিচাৰে তেওঁলোকে ট্ৰাষ্টৰ মুখ্য কাৰ্যালয়ৰ নম্বৰ ৯৩৫০১৮৪১১৯ ৰ সৈতে যোগাযোগ কৰিব পাৰে। আছলম খান আৰু তেওঁৰ ট্ৰাষ্টে প্ৰমাণ কৰিছে যে, সততা, ধৈৰ্য আৰু সত্য উদ্দেশ্যৰে সমাজত স্থায়ী পৰিৱৰ্তন আনিব পাৰি।